বিজিতা শৰ্মাৰ কবিতা

আলোৰ কবৰ

নিজৰ কবৰ খান্দি থাকোঁতে
কেতিয়া ধুমুহাজাক আহিল 
উমানেই নাপালোঁ 
যেতিয়া চেতনা আহিল 
হাতত ভেকুৰ আৰু শিমলু গছৰ
উৱঁলি যোৱা শিপাখিনি ৰৈ গ’ল ৷



ভ্রান্তি

সপোন নহয়
কিন্তু
সঁচা যেনো লগা নাই৷
দুৱাৰখন ভাঙি পেলালে 
কিন্তু দেৱালকেইখনত 
এটাও দাগ নালাগিল,
সোনকালে ওলাই আহ বাহিৰত 
ভিতৰত সেই উগ্ৰ গোন্ধটোত 
নিজৰ ঘৰটোও 
উন্মাদ হৈ গৈছে 
কেতিয়া গচকি দিয়ে
তৰ্কিবই নোৱাৰিবি৷

বিজিতা শৰ্মা হাইদৰাবাদ নিবাসী এগৰাকী কবি।

An English translation of the Poems.