অধ্যয়নপুষ্ট, সৎ মনৰ গৰাকী হʼলেহে কবিতা সৃষ্টি হʼব পাৰে

অনুপম দাস

অনুপম দাস
এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?
কবিতা ভাষাৰ কালিকা। সত্য আৰু সুন্দৰৰ মাজৰ যি সম্পৰ্ক কবিতা আৰু জীৱন, মোৰ বাবে তেনে ধৰণৰেই এক অনুভৱ। খুব কম সংখ্যক কবিতাহে মই পঢ়িছোঁ। চীনা কবিতা, জাপানী কবিতা আৰু কৃষ্ণাংগ কবিৰ কবিতাৰ সৈতে পৰিচিত হৈছোঁ। হীৰুদাৰ কবিতাই যৌৱনত আমাক মোহাচ্ছন্ন কৰি ৰাখিছিল। পৰৱৰ্তী কালত নীলমণি ফুকনৰ কবিতাত পৰিমিতিবোধ, গভীৰ জীৱন দৰ্শনৰ সন্ধান পাইছিলোঁ।


আপুনি কবিতা কিয় পঢ়ে?
ভাষাৰ মাধুৰ্য, ভাব-ব্যঞ্জনা আৰু কবিৰ মননশীল চিন্তাই আকৰ্ষিত কৰিব পৰা কবিতা মই পঢ়োঁ। সৰুতেই অৰ্থ নুবুজাকৈ চিঞৰি-চিঞৰি পঢ়া পদ্যবোৰেই হয়তো কবিতাৰ প্ৰতি আগ্ৰহ জন্মাইছিল। অলপ বুজন হোৱাৰ পাছত আগতে কোৱাৰ দৰে কবিতাৰ মাজত ভাষাৰ কালিকা বিচাৰি পাইছিলোঁ। কবিতাই মানুহৰ মনলৈ এক গভীৰ প্ৰশান্তি কঢ়িয়াই আনিব পাৰে। হয়তো সেইবাবেই মই কবিতা পঢ়িবলৈ শিকিছোঁ।


কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?
জীৱন সম্বন্ধে চিন্তাৰ খোৰাক যোগাব পৰা কবিতাই মোক মানসিক তৃপ্তি দিয়ে। বহুজন জ্যেষ্ঠ কবিৰ কবিতাই যেতিয়া নিৰাশ কৰে নিভাঁজ শব্দ চয়ন, চিত্ৰকল্প, পৰিমিতিবোধ আৰু গভীৰ জীৱন দৰ্শনৰ সন্ধানেৰে কনিষ্ঠ কবিৰ কবিতাই মনত আশাৰ সঞ্চাৰ কৰে।


সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?
মুষ্টিমেয় কেইজনমান কবিৰ কবিতাৰ বাহিৰে পঢ়িব পৰা অসমীয়া কবিতাৰ অভাৱ অনুভৱ কৰিছোঁ। বৰ্তমান কবিতা অৰ্থাৎ কবিৰ সংখ্যা বাঢ়িলেও মানবিশিষ্ট কবিতাৰ অভাৱ অনুভৱ কৰিছোঁ। গভীৰ অধ্যয়ন, মানুহৰ প্ৰতি অকপট প্ৰেম আৰু দায়বদ্ধতা নাথাকিলে কবিতাত হাত নিদিয়াই ভাল বুলি ভাব হʼয়। এজন পঢ়ুৱৈ হিচাপে সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে মোৰ খুব এটা উচ্চ ধাৰণা নাই। আশা কৰোঁ সোনকালেই মোৰ এই ধাৰণা ভুল বুলি প্ৰমাণিত হʼব।


কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?
কবিতা এক সাধনা। অধ্যয়নপুষ্ট, সৎ মনৰ গৰাকী হʼলেহে কবিতা সৃষ্টি হʼব পাৰে। জোৰকৈ নিশ্চয় কবিতা লিখিব নোৱাৰি। হীৰুদাই কোৱাৰ দৰে 'কবিতা লিখা নাযায়, ওলায়।' কবিসকলে এই কথা মনত ৰখা ভাল। জ্যেষ্ঠসকলৰ প্ৰভাৱৰ পৰা মুক্ত হʼলেহে অনুজসকল সফল হʼব বুলি মোৰ ধাৰণা হয়। পৃথিৱীৰ প্ৰথম কবিতা সেই 'মা নিষাদ...'ৰ পৰা আজিলৈকে বহু কবিতা সৃষ্টি হʼল। প্ৰতিটোৱেই একক আৰু অনন্য। কোনোটোকেই সূত্ৰৰে বান্ধি ৰাখিব নোৱাৰি। কবিসকলৰ প্ৰতি অনুৰোধ সম্পৰীক্ষা চলিব, চলাওক, কিন্তু কবিতাৰ আত্মাটোক আত্মা হৈ থাকিবলৈ দিয়ক।

অনুপম দাস এগৰাকী কবি আৰু শিৱসাগৰ জিলা আইনসেৱা প্ৰাধিকাৰীৰ এগৰাকী প্ৰগ্ৰেম ক’অৰ্ডিনেটৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *