কবি আৰু কবিতাৰ একোটা উদ্দেশ্য থকা উচিত

প্ৰাগজ্যোতি গগৈ

প্ৰাগজ্যোতি গগৈ
এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?
কবিতা মাজে-মাজে পঢ়া হয় যদিওবা আজিকালি কবিতা, গল্প বা কাহিনীধৰ্মী সাহিত্যতকৈ প্ৰবন্ধ-নিবন্ধ বা বিষয়ভিত্তিক সাহিত্যৰ প্ৰতিহে অধিক আগ্ৰহী। শিক্ষিত ব্যক্তি হিচাপে কবিতাৰে সম্পৰ্ক বোলা কথাটো অলপ দকৈ চালে বেলেগ এটা বিষয়ৰ বাট ওলায়গৈ, যিয়ে কবিতাক শিক্ষিত চামৰ মাজতে ৰাখি কবিক এলিট আসন এখন পাৰি দিয়াৰ অনুৰূপ কামেই কৰে। অৱশ্যে যিমান যি নক'লেও সাহিত্যকে আদি কৰি বৌদ্ধিক দিশটোৰ স'তে জড়িতসকল অৱশ্যেই শিক্ষিত হ'ব লাগিব, কিন্তু লগতে ইয়াত মধ্যবিত্তীয় গোন্ধ এটা থাকেই, যিসকলে সাহিত্যক এলিট কনছট্ৰাকচনৰ ভিতৰতে ৰাখিব খোজেঁ। মোৰ বিবেচনাৰে ক'ব লগা এয়াই যে কলাৰ সৃষ্টিত শিক্ষিতই অৰিহণা যোগাওক, কিন্তু সেই কলাই শিক্ষিত, সম্ভ্ৰান্ত শ্ৰেণীৰ কথাই নকওক বা কলা শিক্ষিত, সম্ভ্ৰান্ত শ্ৰেণীৰ মাজতে সীমাৱদ্ধ হৈ নাথাকি সৰ্বসাধাৰণৰ কাষ চাপক, সমুদায় জনসাধাৰণৰ কথা কওক, সকলোৰে বাবে হওক।


আপুনি কবিতা কিয় পঢ়ে?
সাময়িক তৃপ্তি বা সাহিত্যৰ জুতি প্ৰদানৰ উপৰি মই ভাবোঁ কবি আৰু কবিতাৰ একোটা উদ্দেশ্য থকা উচিত। সমাজৰ অংগ হিচাপে কবিৰ একধৰণৰ দায়ৱদ্ধতা থকা উচিত (অৱশ্যেই আমি দাবী কৰিব নোৱাৰোঁ, কিন্তু বিচাৰোঁ) যিহেতু কবি-সাহিত্যিকসকলে একোটা বৌদ্ধিক শ্ৰেণীক প্ৰতিনিধিত্ব কৰে, বহুতে তেওঁলোকক অনুকৰণ কৰে, গতিকেই তেওঁলোকৰ ৰাজনৈতিকভাৱে শুদ্ধ হোৱা উচিত আৰু তেওঁলোকৰ লেখাৰ মাজেৰে তেওঁলোকৰ তেনে সত্তা প্ৰতিভাত হোৱা উচিত। তেওঁলোকৰ কবিতাই ৰাজনৈতিক বিষয়বস্তু নুচুলেও লিংগ-বৈষম্য, জাতি-বৈষম্য, পুৰুষতান্ত্ৰিকতা, ইত্যাদি সমস্যাজনক ৰক্ষণশীল উপাদানসমূহ যাতে নাথাকে, তালৈ মন দিয়া উচিত। বৌদ্ধিক-মানসিক তৃপ্তিৰ বাবেই কবিতা পঢ়া যায়, লগতে সাম্প্ৰতিক অসমীয়া কবিতা কোন স্তৰত আছে, কবিয়ে যুগৰ স'তে তাল মিলাই কিমানদূৰ আগবাঢ়িছে, ৰোমাণ্টিকতাক অতিক্ৰম কৰিব পাৰিছেনে নাই ইত্যাদি দিশবোৰ বিবেচনাৰ বাবেই অসমীয়া কবিতা পঢ়া হয়।


কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?
মোৰ বিবেচনাৰে কবিতা শব্দৰ সমষ্টি। সৰল বা জটিল শব্দ যিয়ে নহওক কবিতা এটা নিৰ্মাণৰ বাবে শব্দৰ সুশৃংখল প্ৰয়োগ জানিব লাগিব। কিন্তু কুশলতাৰে শব্দ নিৰ্মাণৰ কায়দা জনাৰ লগতে কবিৰ দস্তুৰমত এক উদ্দেশ্য থকা উচিত যে কবিতাই কি ক'ব। যিসমূহ কবিতাই ক'ব লগা কথাবোৰ কোনো সন্দেহৰ ৰেশ নজগোৱাকৈ ক'ব পাৰে, য'ত স্ব-বিৰোধী কাৰ্যকলাপ নাথাকে, য'ত কবিৰ আদৰ্শগত স্থিতি পৰিস্ফুট হৈ উঠে তেনে কবিতাই মোৰ প্ৰিয়। অৱশ্যেই তেনে কবিতাৰো এক মান থকাটো জৰুৰী। ব্যক্তিগতভাৱে  সাধাৰণতে ৰাজনৈতিক কবিতা মোৰ প্ৰিয়।


সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?
সাম্প্ৰতিক অসমীয়া কবিতাৰ কথা ক'বলৈ ল'লেই আমি প্ৰথম কবিৰ কথা ক'ব লাগিব যিহেতু কবিয়েহে কবিতাৰ নিৰ্মাণ কৰে। সাম্প্ৰতিক অসমীয়া কবিৰ ক্ষেত্ৰত সমস্যা দেধাৰ আছে। অসমীয়া কবিয়ে এতিয়াও ৰোমাণ্টিকতাৰ ভ্ৰান্তিৰপৰা ওলাবই পৰা নাই, সেই ৰোমাণ্টিকতাৰ Source আহে আকৌ মধ্যবিত্তীয় ৰোমাণ্টিচিজিমৰ পৰা। প্ৰেমৰ কথা ক'বলৈ গ'লে কবিয়ে যেনেধৰণৰ প্ৰেমিকাৰ কল্পনা কৰে বা সি এক আদৰ্শ নাৰীকেই প্ৰতিনিধিত্ব কৰে যি আদৰ্শ নাৰীৰ ধাৰণাটো পুৰুষতন্ত্ৰই কঢ়িয়াই লৈ ফুৰে। অসমীয়া কবিয়ে প্ৰেমৰ কথা ক'বলৈ গ'লে প্ৰথম সমস্যাই আহে এইটো। দ্বিতীয় সমস্যাটো হ'ল অসমীয়া কবিয়ে নাৰীৰ বৰ্ণনা কৰোতে দস্তুৰমত ধুনীয়া নাৰীয়েই আগস্থান পায় বা ধুনীয়াৰ একোটা সজীৱ বৰ্ণনা কবিতাত থাকেই থাকে। ই সেইফালেও এক সমস্যা যে ধুনীয়াৰ বিপৰীতে কুৰূপাৰ এক দ্বি-বিভাজনমূলক বৈপৰীত্য স্বয়ংক্ৰিয়ভাৱে দাঙি ধৰে, য'ত ধুনীয়া নোহোৱা নাৰীয়ে কবিতাত স্থান নাপায়। অসমীয়া কবিৰ ক্ষেত্ৰত দেখা পোৱা আন এটা সমস্যা হ'ল ৰক্ষণশীলতা। কবিতাত পিতৃতান্ত্ৰিক প্ৰবৃত্তিবোৰ সাম্প্ৰতিক প্ৰেক্ষাপটতো দেখা যায়, তদুপৰি কবি হিচাপে সুকীয়া আসন পোৱাৰ পাছত এক গোড়ামি জন্মে, যি ৰক্ষণশীলতাৰ জন্ম দিয়ে বা এলিট কনচট্ৰাকচন এটাত নিজকে চেপি-কুচি সুমুৱাই সেই এলিট জ'নৰপৰাই সাহিত্য-চৰ্চাত আত্মনিয়োগ কৰে। কবিসকলৰ ক্ষেত্ৰত দেখা পোৱা আন এটা সমস্যা হ'ল ৰাজনৈতিক চেতনাৰ ৰোমাণ্টিকতা। বহুতৰ ক্ষেত্ৰত ৰাজনৈতিক স্থিতি বোলা বস্তুটো নায়েই বা যিসকলৰ অলপ আছে বা দেখুৱাব খোজেঁ সিও প্ৰায়ক্ষেত্ৰতে স্বাৰ্থজনিত। কথাটো এনেকুৱা হ'ব নিশ্চয়কৈ নালাগে যে কাৰোবাক দেখুৱাবৰ বাবেহে কোনোবা ৰাজনৈতিকভাৱে শুদ্ধ হোৱা উচিত। সেই স্থিতি হৃদয়ৰপৰা অহা উচিত, বিবেকৰদ্বাৰা পৰিচালিত হোৱা উচিত। এই বিবেকৰদ্বাৰা পৰিচালিত নহৈ বহুতেই এবাৰ ইটো এবাৰ আনটো ধৰেগৈ। সেইটোৱেই তেওঁলোকৰ ৰাজনৈতিক চেতনাৰ ৰোমাণ্টিকতা। এক সুস্পষ্ট মত, আদৰ্শ, স্থিতিৰ অভাৱ। এই সকলোবোৰ কবিৰ লগতে একেহাতে কবিতাৰো উপাদান। কবিতাতো এই গোটেই ৰোমাণ্টিকতাৰ দিশবোৰ পৰিস্ফুট। যুগৰ স'তে তাল মিলাই প্ৰগতিশীল উপাদানবোৰো কবিতাই সাঙুৰি লোৱা পৰিলক্ষিত নহয়। তদুপৰি বিষয়বস্তুৰো মৌলিকতা দেখা নাযায়, কবিতাত দৰ্শনৰো অভাৱ, ইত্যাদি বহুকেইটা দিশেই পৰিস্ফুট হয়।


কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?
কবিসকলৰ কবিতা লিখাৰ একোটা উদ্দেশ্য থাকক। কি কাৰণে কবিতা লিখে, কবি কিয় হ'ব খোজে, কবিতাৰে কি কৰিব খোজে সিবোৰৰ এক উদ্দেশ্য থাকক। অৱশ্যেই এই উদ্দেশ্যৰদ্বাৰা তেওঁলোকৰ মৌলিকতাক আৱদ্ধ কৰাৰ কথা কোৱা নাই, কিন্তু উদ্দেশ্য থকাটো ভাল। দ্বিতীয়তে কবিসকল বাস্তৱমুখী হওঁক, সাতামপুৰুষীয়া ৰক্ষণশীলতা, ৰোমাণ্টিকতা বৰ্জন কৰি আধুনিক মনৰ হওক। ইয়াতেই আকৌ আধুনিক বুলিলেই এক বেলেগ দৃষ্টিৰে চোৱাৰ মানসিকতাও আছে। এই মানসিকতাই সমস্যা, সমস্যা এইবাবেই যে ই নিজেই ৰক্ষণশীল। কবিসকল প্ৰগতিশীল হওক। দেশ-দুনীয়াৰ কবিতাৰ গতি-প্ৰকৃতি, বিষয়বস্তু সম্পৰ্কে সচেতন হওক। কোনো সাতামপুৰুষীয়া সমস্যাজনক ৰক্ষণশীল ট্ৰিটমেণ্টৰ কণ্টেণ্টক ৰক্ষণশীল দৃষ্টিৰেই নিৰ্বাচন কৰি এক্সপেৰিমেণ্ট কৰিব খোজাৰ প্ৰবৃত্তিক নতুন কাম, নতুন ট্ৰিটমেণ্ট বুলি দোহাই দিয়াৰ বিৰক্তিবোৰৰ পৰা ৰেহাই দিয়ক।

প্ৰাগজ্যোতি গগৈ এগৰাকী কলা-সাহিত্যৰ অনুৰাগী যুৱক। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাস বিষয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী গগৈ শিৱসাগৰৰ বাসিন্দা।

Leave a Reply

Your email address will not be published. Required fields are marked *