শ্বেইক্সপীয়েৰক লৈতো কবিতা লিখা নাযায়
হাত ধোৱাটো যদি অৱছেছন হৈ নুঠে লেডী মেকবেথে টোপনিতে হাত ধোৱাৰ দৰে শ্বেইক্সপীয়েৰক লৈতো আৰু কবিতা লিখা নাযায় বিদ্ৰোহী অৰণ্যখন যদি বগুৱা বাই আগবাঢ়ি নাহে তিনিজনী ডাইনীয়ে পূৰ্বাভাস দিয়াৰ দৰে শ্বেইক্সপীয়েৰক লৈতো আৰু কবিতা লিখা নাযায় আৰু অস্বাভাৱিক সেই পৃথিৱীৰ সন্তান যদি বাস্তৱ হৈ নুঠে মেকডাফৰ দৰে শ্বেইক্সপীয়েৰক লৈতো আৰু কবিতা লিখা নাযায়
মোৰ কেমেৰাটোৰে
মোৰ কেমেৰাটোৰ সন্মুখত মানুহজন ৰৈ আছিল নিৰুদ্বেগ তেওঁক অশান্ত কৰিবলৈকে মই এটা বুদ্ধি পাঙিলোঁ আৰু ক'লোঁ, আহক মোৰ কেমেৰাৰ লেন্সেৰে চাওক এখন বিচিত্ৰ জগত ভিউ ফাইণ্ডাৰেৰে মই তেওঁক চাবলৈ ক'লোঁ আৰু মই লেন্সৰ ফ'কাছ সলালোঁ এবাৰ ওচৰত, এবাৰ দূৰৈত কেমেৰাত মোৰ পটু হাত মই সুধিলোঁ তেওঁক কেনে পালে এই দৃষ্টিৰ ব্যাপ্তিৰ খেল তেওঁ ক'লে- ক'ত সেই বৈচিত্ৰ্য মোৰ পোহৰহীন দুচকুৰ
ড. কল্যাণ ভূঞা সাম্প্ৰতিক সময়ৰ এগৰাকী অসমীয়া কবি। তেওঁৰ প্ৰকাশিত কবিতা-সংকলন এখন।