ড° কৰবী ডেকা হাজৰিকা
মনত আছে, কবিতাটো লিখাৰ সময়ত মোক শোকে খুন্দা মাৰি ধৰিছিল। আজিও কবিতাটো মন দি এবাৰ চালে মোৰ মনলৈ সেই শোক ঘূৰি আহে।
বহুতে সোধে, এই কবিতাটো ৰচনাৰ কাৰণ কি? কবিতাটো মোৰ সকলোতকৈ প্ৰিয় কবিতা নেকি? কাৰণটো পিছত ভাবি চাম। প্ৰথমতে অলপ অস্বস্তিৰে জনাবলৈ বিচাৰিছোঁ যে এইটো মোৰ সবাতোকৈ প্ৰিয় কবিতা নহয়। মোৰ নিজৰ ভাল লগা কবিতাকেইটাৰ ভিতৰত আছে ‘নীল জোনাকী’, ‘ভগৱান আৰু এজনী নাৰী’, ‘জন্ম নোহোৱা ছোৱালীজনী’, ‘বুকু জুৰাই আহে’ আৰু ‘পৰীৰ বাঁহী’। এটা দীঘল কবিতা ‘জলকুঁৱৰীৰ ছাঁ’ আৰু কেইটামান দুই-চাৰিশৰীয়া কবিতাকো মোৰ মৰম লাগে। পিছে ‘চুলি নাবান্ধিবা যাজ্ঞসেনী’ৰ কথা অলপ বেলেগ। পাঠকে ভাল পায় কাৰণেই মই কবিতাটো ভাল পাওঁ।
এইটো মোৰ নিজৰ মতেৰে মোৰ প্ৰথম শ্ৰেণীৰ কবিতা নহয়। কাৰণ কবিতাটোত ‘কবিতা’ নাই। মই নিজে কবিতাত যি কোমলতা আৰু বুদ্ধিদীপ্ততা বিচাৰোঁ, কলাসুলভতা বিচাৰোঁ আৰু ভাবৰ লুকা-ভাকু বিচাৰি পালে ভাল পাওঁ, সেইবোৰ কলা-কৌশল ইয়াত নাই। তথাপি পাঠক-সমাজে কবিতাটো আদৰি লোৱাৰ কাৰণ মোৰ মতেৰে দুটা। প্ৰথমটো হ’ল সমাজলৈ এক বাৰ্তা। দ্বিতীয়টো হ’ল অনিয়মিত ছন্দ আৰু অন্ত্যমিলৰ প্ৰয়োগ। কবিতাত সমাজলৈ বাৰ্তা দিব পাৰিলে ভাল, সেই কথা সত্য। কবিতা যদিও নিজৰ প্ৰাণৰ পৰা নিজৰ তাগিদাত ওলাই আহে (অন্ততঃ মোৰ ক্ষেত্ৰত) তাৰ মাজত আনৰ বাবেও কিছু বক্তব্য থাকিলে ভাল। মই কেতিয়াও আগতে বিষয় ঠিক কৰি পিছত কবিতা লিখিব নোৱৰোঁ। অনুভূতিয়ে টানি নিয়াৰ পথেৰেহে কবিতাই ‘বিষয়’ বাছি লয়। দোষেই হওক বা গুণেই হওক হোমেন বৰগোহাঞিয়ে মোক ‘অন্তৰ্জীৱনৰ কবি’ বুলি কৈ গৈছে। মন্তব্যটোৰ আধা অংশ সঁচা। নিজৰ ভিতৰত প্ৰকাশৰ বাট বিচাৰি থকা বিমূৰ্ত যিখিনি অনুভৱ গদ্যৰে প্ৰকাশ কৰিব নোৱাৰোঁ সেইখিনিহে মোৰ কবিতাৰ মাজেৰে নিগৰি আহে। ব্যতিক্ৰম এই বিশেষ কবিতাটো। দ্ৰৌপদী মোৰ বাবে এটি আকৰ্ষণীয় চৰিত্ৰ। দ্ৰৌপদীক লৈ মোৰ যিমানখিনি কথা ক’বলৈ মন যায় সেইখিনি ক’বলৈ মই বাট বিচাৰি পোৱা নাছিলোঁ আৰু সমগ্ৰ নিপীড়িতা নাৰীৰ মাজত যে দ্ৰৌপদীৰ ছাঁ আছে সেই কথা গদ্যৰে লিখিও মই শান্তি পোৱা নাছিলোঁ। কথাখিনি পূৰ্ণভাৱে প্ৰকাশ কৰিব পৰা নাছিলোঁ। গতিকে নিপীড়িতা নাৰীৰ প্ৰতিনিধি স্বৰূপে দ্ৰৌপদীক বিষয় ৰূপে লৈ এই কবিতাটো মই প্ৰথমে আঁচনি কৰি পিছত কবিতাৰ ৰূপ দিছিলোঁ। কবিতাটো লিখি উঠি শান্তি পাইছিলোঁ।
কবিতাটোত ছন্দৰ প্ৰয়োগ পৰীক্ষামূলক আছিল। মোৰ বহুতো কবিতাৰ সামৰণিৰ ফালে একোটা অন্ত্যমিল আহি পৰে (যেনে, “এজাপ দুজাপ পাহি আঁতৰাই কেতেকীৰ বুকু খুলি, শেষ সঁফুৰাত কি পালে বতাহে, এমুঠি শুকান ধূলি)। এইটো কবিতাত মোৰ ভাব আৰু বিষয়ে ছন্দবন্ধন আৰু অন্ত্যমিলৰ দাবী কৰিছিল। সেই মিল মই কোনো মতে বাদ দিব পৰা নাছিলোঁ। গতিকে কবিতাটো পৌৰাণিক ৰীতিৰ আৰু অমিত্ৰাক্ষৰ ছন্দৰ দৰে হ’বগৈ বুলি আশংকা কৰিছিলোঁ। পিছত দেখা গ’ল যে ছন্দৰীতি কবিতাটোৰ আকৰ্ষণতহে পৰিণত হ’লগৈ। পাঠকে মনত ৰাখিবলৈ সহজ পালে আৰু আবৃত্তিৰ বাবে জনপ্ৰিয় হৈ পৰিল। গতিকে আধুনিক কবিতাত ছন্দ যে অনায়াসে ব্যৱহাৰ কৰিব পাৰি সেই কথা এই কবিতাই প্ৰমাণ কৰিলে।
কবিতাটোৰ লগত জড়িত আৰু দুটা কথা আছে। প্ৰথমটো হ’ল প্ৰথম সংস্কৰণত থকা ছপাৰ ভুল, যাৰ বাবে এতিয়াও বহুতো আবৃত্তিত সেই ভুল উচ্চাৰিত হৈ থাকে। শুদ্ধ ৰূপটো হ’ল– “আমাৰ বুকুৰে বগাই আহিছে”। ছপাৰ ভুলত হ’ল, “আমাৰ বুকুৰে বগাই বগাই আহিছে”; এটা ‘বগাই’ বেছিকৈ ছপা হ’ল। ফলত কবিতাটোৰ প্ৰৱাহত আৰু ছন্দৰ স্বচ্ছন্দতাত বাধা আহি পৰিল। এই কথাই মোক বৰ কষ্ট দিয়ে। দ্বিতীয় কথাটো হ’ল ‘অগ্নিসম্ভৱা’ শব্দৰ ভুল অৰ্থ আৰু ভুল ব্যাখ্যা। পৌৰাণিক কাহিনী মতে দ্ৰৌপদীৰ জন্ম হৈছিল যজ্ঞৰ অগ্নিৰ পৰা ((সেয়ে তেওঁৰ নাম যাজ্ঞসেনী)। অগ্নিৰ পৰা উদ্ভৱ হয় যি নাৰীৰ, তেওঁ হ’ল অগ্নিসম্ভৱা। প্ৰখ্যাত মহাবিদ্যালয়ে প্ৰকাশ কৰা আৰু ছাত্ৰসমাজৰ মাজত জনপ্ৰিয় হোৱা গ্ৰন্থত এগৰাকী বিদ্বানে শব্দটোৰ অৰ্থ ভুলকৈ লিখা কাৰ্য মোৰ বাবে বেদনাদায়ক। ইয়াৰ দ্বাৰা কবিতাটোৰ এটা অংগ বিকল হৈ পৰিছে। অৱশ্যে কবিতা এটা ৰচনা কৰাৰ পিছত ই পাঠক আৰু সমালোচকৰ সম্পত্তি হৈ পৰে, কবিগৰাকীৰ তাত হাত নাথাকে। তথাপি অৰ্থবোৰ শুদ্ধ ৰূপত থকা ভাল। তেতিয়া কবিতা ৰূপে তাৰ নানা ব্যাখ্যা সম্ভৱপৰ হয়।
লগতে পঢ়ক– শোণিত বিজয় দাসৰ এগৰাকী কবিৰ কথাৰে
কবিতাটো নাৰীবাদৰ তত্ত্বৰ আধাৰত ৰচিত হোৱা নাই যদিও বহুতে ইয়াক নাৰীবাদী কবিতা আখ্যা দিয়ে। হয়তো নাৰীবাদী দৃষ্টি কিছু বিচাৰি পাব পাৰি। কবিতাটো ৰচনা কৰাৰ সময়ত মই নাৰীবাদ পঢ়া নাছিলোঁ। মানৱতাবাদী দৃষ্টিৰে সমগ্ৰ পৃথিৱীৰ নাৰীসমাজৰ ওপৰত চলা শোষণ আৰু নিপীড়নৰ কথা মনলৈ আহিছিল। হয়তো তাতেই সোমাই আছিল নাৰীবাদী চিন্তাৰ বীজ। সাধাৰণতে বিদ্ৰোহ, ক্ষোভ, প্ৰতিবাদ আদি ভাবৰ প্ৰকাশৰ বাবে মই গদ্যত ৰচনা কৰিহে ভাল পাওঁ। ব্যতিক্ৰম এই কবিতাটি– ‘চুলি নাবান্ধিবা যাজ্ঞসেনী’। এই কবিতাটো ওঠৰটা ভাৰতীয় ভাষালৈ অনূদিত হৈছে। ‘চুলি নাবান্ধিবা যাজ্ঞসেনী’ৰ মাজত পৌৰাণিক কাহিনীৰ পুনৰ নিৰ্মাণ কৰা হৈছে। যাজ্ঞসেনী, অন্ধৰজা, দুঃশাসন, বৃহন্নলা আদি প্ৰতীকি চৰিত্ৰৰ মাজেৰে কাহিনী এটিৰ আভাস ফুটি উঠিছে। কবিতাটোৰ নিহিত অৰ্থ বুজিবৰ বাবে সৰু সৰু চিত্ৰবোৰৰ [পাঞ্চজন্য, দেৱদত্তৰ মাত, ৰাজহাউলিৰ পাশাখেল, কৌৰৱসেনাৰ কিৰিলি আদিৰ লগত পৰিচয় থাকিব লাগিব। এই কাহিনী হাজাৰ বছৰ ধৰি প্ৰাসংগিক হৈ আছে। সেয়েহে দ্ৰৌপদীক ইয়াত যাজ্ঞসেনী নামেৰেহে বুজোৱা হৈছে; পবিত্ৰ যজ্ঞৰ অগ্নিৰপৰা আবিৰ্ভাব হোৱা অপাৰ্থিৱ মানৱীৰ ওপৰতো শোষণ সম্ভৱ হৈছে তেওঁ নাৰী হোৱা বাবেই। তেওঁৰ অপমান সকলো নাৰীৰ বাবেই অসহনীয়। মনত আছে, কবিতাটো লিখাৰ সময়ত মোক শোকে খুন্দা মাৰি ধৰিছিল। আজিও কবিতাটো মন দি এবাৰ চালে মোৰ মনলৈ সেই শোক ঘূৰি আহে।
চুলি নাবান্ধিবা যাজ্ঞসেনী ড০ কৰবী ডেকা হাজৰিকা চুলি নাবান্ধিবা, যাজ্ঞসেনী কাল ভূজংগৰ দৰে বিয়পি পৰক তোমাৰ কেশৰ মেঘালী তাৰেই ছায়াত ঢাক খাই যাওক জোন তৰা আৰু বেলি চুলি নাবান্ধিবা, যাজ্ঞসেনী। অগ্নিসম্ভৱা নয়নত লোৱা প্ৰলয় শিখাৰ তীৰ অগ্নি কণিকা বৰষি সৰক দুটি নয়নৰ নীৰ মুক্ত কেশেৰে পাছত বান্ধিবা কালসাপ যেন বেণী এতিয়া চুলি নাবান্ধিবা, যাজ্ঞসেনী। ৰুক্ষ কেশত তেজ সানি ল'বা এয়েতো তোমাৰ পণ পাঞ্চজন্যৰ মাত শুনা নাই। দেৱদত্তও বাজি উঠা নাই হয়তো হ'বও পাৰে কৌৰৱ সেনাৰ নিধনৰ বাবে মিলা নাই মহাক্ষণ। পঞ্চপতিৰ অনাথিনী প্ৰিয়া চুলিৰ ছায়াত মুখ লুকুৱাই ভীৰু পাণ্ডৱক ঢাকিবলৈ দিয়া লাজ ধৰ্মপুত্ৰ নীতিৰ অধীন পাৰ্থৰো আজি বৃহন্নলা বেশ বীৰ বৃকোদৰ ভোগত মগ্ন মাদ্ৰী তনয়· নামেই নল'বা কুমলীয়া দেহি তেজৰ কথাত হয়তো খাইছে ভয়। যাজ্ঞসেনী, সহায় নালাগে কাৰো চুলিৰ মেঘত ধুমুহা নামক মেঘগৰ্জনত বিদ্যুৎ জ্বলি হস্তীনাপুৰৰ সোণৰ কাৰেং ধূলি হৈ মিলি যাওক। আমাৰ বুকুৰে বগাই আহিছে তোমাৰ প্ৰাণৰ তৃষ্ণা দুঃশাসনৰ তেজ বহুতো সহিলোঁ দুখ অপমান বহুতো দেখিলোঁ নীতিৰ কামত অত্যাচাৰৰ নীতি এতিয়া লভিছে আমাৰ নদীয়ে উভতি বোৱাৰ গতি। কৌৰৱ সেনাৰ কিৰিলিৰ মাত এতিয়াও শুনি আছোঁ অন্ধ ৰজাৰ ৰাজহাউলীত মৰণ পাশা খেল ভীৰু পুৰুষৰ পণ লৈ আমি বহুতো সহিলোঁ ক্লেশ এতিয়া তাকেই ঘূৰাই দিয়াৰ ক্ষণ মুকলি চুলিত শোণিত সনাৰ ৰক্তিম আয়োজন। একেলগে আমি তেজেৰে বোলাম কাল সাপ যেন বেণী এতিয়া চুলি নাবান্ধিবা, যাজ্ঞসেনী।
[লেখক অসমৰ এগৰাকী আগশাৰীৰ কবি আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বেজবৰুৱা আসনৰ প্ৰাক্তন অধ্যাপক।]
প্ৰিয় কবিৰ প্ৰিয় কবিতা, কথাখিনি জানি ভাল লাগিল।
কবিতাটোৰ জন্মৰ আঁৰৰ কাহিনী জানি ভাল লাগিল ৷ দুটামান নতুন কথাও শিকিলোঁ ৷
অগ্নিৰ পৰা উদ্ভৱ হোৱা নাৰী ‘অগ্নিসম্ভূতা’হে হ’ব নেকি!’অগ্নিসম্ভৱা’ৰ অৰ্থটো ‘অগ্নি জন্ম দিয়াৰ সম্ভাৱনা’ হয় নেকি!যেনেকে ‘সন্তানসম্ভৱা’।
‘চুলি নাবান্ধিবা দ্ৰৌপদী’ বুলি কবিতাটো অকলে, আনে নুশুনাকৈ ফুটাই পঢ়ি চাইছো । একেই তৃপ্তি, একেই আনন্দ, একেই অনুভূতি…আমাৰ দৰে পঢ়ুৱৈক কবিতা এটাৰ নামটোৱেও আকৰ্ষিত কৰে পঢ়িবলৈ ।
অন্যতম প্ৰিয় কবিতাৰ আঁৰৰ কথা জানিব পাৰি ভাল লাগিল। ধন্যবাদ প্ৰিয় কবি।
বাইদেউৰ কথাখিনি বৰ ভাল পালো।