অভিজিৎ গগৈৰ দুটি কবিতা

হাতৰ সাধু

নীলা ৰাতিৰ 
আবুৰ  খুলি গৈ থাকোঁতে
হঠাতে 
হাড়-ছালৰ
হাত এখনে আগচি ধৰিলে
হাত জোঁকাৰি জোঁকাৰি 
মোৰফালে চোঁচা ল'লে

অৱশ্যে হাতখনে 
মোক আকৰ্ষিত কৰিলে যদিও 
মই হাতখনৰ কাষ চাপিবলৈ 
সাহ কৰা নাই

হাতৰ ৰেখাত 
ছিঙিল কেণা
মনৰ পঁজাত
উশাহ ডিঙা

খুঁটি খাই
উৰি যোৱা চৰাইহাললৈ চাই
উশাহৰ ডিঙা বাই বাই   
হাতখনে ক'লে--
"এয়া এক হাতৰ সাধুহে"

অপেক্ষাৰো এটা মজা থাকে

মাটিৰ টান 
ফুলৰ গান

এয়া চোৱা 
বিষাদৰ ভাগৰ আঁতৰি 
খিলখিল হাঁহি

অনুগত
অনাগত 
মাটি ফুল হাঁহি 

হয়তো
মাটি ফুল হাঁহিৰ বাবেই
অপেক্ষাৰো এটা মজা থাকে...

(অভিজিৎ গগৈ এগৰাকী তৰুণ কবি।)

Click here to read translation of the poems.

Leave a Reply

Your email address will not be published. Required fields are marked *