জুবিন গাৰ্গৰ কাব্য বলয়: ৰূপান্তৰৰ চেতনা আৰু ভাবৰ আৱেশ

জ্যোতিষ্মান দাস

Issue: Vol. IV, No. 3, November-January, 2025-26

জুবিন গাৰ্গ

ৰূপান্তৰৰ চেতনাই অনবৰতে আলোড়িত কৰি ৰখা জুবিন গাৰ্গৰ শৈল্পিক শোভাযাত্ৰাত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ উত্তৰাধিকাৰ তৎকালীন প্ৰেক্ষাপটত ভিন্ন সুৰত অনুভূত হ’লেও চেতনাৰ সংযোগ আৰু প্ৰৱাহ সুস্পষ্ট৷ জগতৰ উত্তৰণৰ হেতু ৰূপান্তৰৰ প্ৰয়োজনীয়তাক পক্ষপাতিত্ব কৰা জ্যোতিপ্ৰসাদৰ ‘গায়ত্ৰী মন্ত্ৰ’ জুবিন গাৰ্গৰ গীতত উচ্চাৰিত হৈছে অভিনৱ ৰূপত, নতুন সুৰত: ‘‘ধুমুহাক আগচি আমি হ’ম Sensation/ সঁচাৰে গঢ়ি দিম New Generation/ নাথাকে আৰু কাৰো মনত Frustation/ অতীতক ভাঙি আনিম নতুনৰ Revolution৷ (গীত: ‘পোহৰৰে চাকিগচি আমি’)৷ আশী-নব্বৈৰ অগ্নিগৰ্ভা সামাজিক প্ৰেক্ষাপটে দি যোৱা নৈৰাশ্যৰ পৰা একপ্ৰকাৰৰ ‘মুক্তি’ প্ৰদানেৰে জুবিনৰ গীত-কথা-সুৰে দিছিল নতুন প্ৰজন্মক মানসিক প্ৰশান্তিৰ চাবিকাঠি৷ ৰূপান্তৰৰ খনিকৰ জুবিন গাৰ্গে তেওঁৰ সীমিত সংখ্যক কবিতাৰ মাধ্যমেৰে ‘শব্দ-অনুভূতি’ৰ যি সৌধ বান্ধি থৈ গৈছে সিও পাঠকৰ বিশেষ বীক্ষণ দাবী কৰে৷ জুবিন-প্ৰতিভাৰ এয়াও এক অভিন্ন

কবিৰ কাব্য-সংকলন শব্দ-অনুভূতি(২০০৮)ৰ ‘জোৰণিতে একাষাৰ’ত ‘‘কবিতা লিখাৰ যোগ্যতা মোৰ নাই’’ বুলি ঘোষণা কৰিলেও স্থানান্তৰত জুবিন গাৰ্গে পূৰ্বসুৰী জ্যোতিপ্ৰসাদ-হীৰুদাৰ ভাষাৰেই নিজৰ কবিসত্তাৰ স্বৰূপ দাঙি ধৰি লিখিছে: ‘‘কবি মই চিৰন্তন/ অবাক অৱধাৰিত গুঞ্জন/ অন্তহীন স্ফুৰণ,/ অস্থিৰ, উন্মাদ/ পাৰ কৰি চেতন, অৱচেতন…’’

জুবিন গাৰ্গৰ ছেগা-চোৰোকা কাব্য-যাত্ৰাৰ প্ৰধান সুৰ প্ৰেম৷ কবিৰ প্ৰেমৰ কবিতাসমূহৰ স্নিগ্ধ আৱেগ, গীতিময়তা, ছন্দোৱদ্ধ বিন্যাস আৰু অনুপ্ৰাসত ৰোমাণ্টিক উত্তৰাধিকাৰ স্পষ্ট৷ এনে কবিতাৰ ভাৱাবেশত পৰিলক্ষিত হয় স্নেহৰ আন্তৰিক আৱেদন, বিষাদৰ কৰুণ সুৰ আৰু প্ৰেয়সীৰ সৌন্দৰ্যত প্ৰকৃতি দৰ্শনৰ তন্ময়তা:

‘‘মেঘালী চুলিটাৰিত ঢৌ খেলে ৰ’দালি
হাঁহিতে মিচিকনি সোণাৰুৰে পাহি
সজল সজল চাৱনিত তৰাৰে জিলিকনি
সেন্দুৰীয়া ওঁঠতে কথাৰে নিচুকনি…’’ (‘তুমি’)

‘‘মোৰ নিজৰ/ মোৰ মাজৰ/ নিথৰ/ এক অৱশেষ/ তুমি…
মোৰ অশ্লীল/ ৰাতিবোৰে/ নিৰ্লজ্জ দিনবোৰে/ বাগৰ সলায়
কাণ পাতি শুনে/ তোমাৰ পদধ্বনি৷৷’’ (‘অনুভৱ’)

‘‘যেতিয়া শৰৎ আহে/ মই কথা কওঁ…
গান গাওঁ, কবিতা হওঁ
কেৱল তোমাৰ দুচকুৰ বাবে…৷৷’’ (‘শৰৎ: তোমাৰ বাবে’)

জীৱন সম্পৰ্কীয় দাৰ্শনিক উপলব্ধিৰ প্ৰগাঢ় প্ৰতিফলন পৰিলক্ষিত হোৱা কবিৰ কেইবাটাও কবিতাত মানুহৰ অস্তিত্বগত অনিশ্চতা আৰু পাৰ্থিৱ পংকিলতা উন্মোচিত হৈছে৷ ‘ভংগুৰ কাব্য’ শীৰ্ষক কবিতাত কবিয়ে জীৱন-যাত্ৰাৰ অনিৰ্দিষ্ট-অনিশ্চিত স্বৰূপ প্ৰকাশ কৰিছে এনেদৰে–

‘‘প্ৰতিপল আমি এক
অনিৰ্দিষ্ট যাত্ৰাৰ অক্লান্ত পথিক
আমাৰ সিৰে সিৰে শিপাই আহে
অদৃষ্টৰ ক’লা হাতোৰা
আমাৰ ৰন্ধ্ৰে-ৰন্ধ্ৰে ধোঁৱা
ধূলিৰ দূষিত বাষ্প’’ (‘ভংগুৰ কাব্য’)

“অদৃষ্টৰ ক’লা হাতোৰা” আৰু “ধূলিৰ দূষিত বাষ্প”ৰ চিত্ৰকল্পই জীৱনৰ দমনমূলক বাস্তৱতাক নিৰ্দেশ কৰিছে– অনিবাৰ্য দুখ-যাতনাৰে ক্ষণভংগুৰ জীৱনৰ এয়া স্পষ্ট ৰূপায়ণ৷ কিন্তু, নৈৰাশ্য-প্ৰসূত এই চিন্তন সম্পূৰ্ণ নেতিবাদী (Nihilism) নহয়৷ বৰঞ্চ সৌন্দৰ্যৰ সন্ধান আৰু স্বপ্নৰ গতিপথেৰে কৰা এই যাত্ৰাক লৈ কবি আশাবাদী৷ যদিও জীৱন সম্পৰ্কে গাৰ্গৰ দাৰ্শনিক দৃষ্টিভংগী এক দ্বান্দ্বিক-সন্দেহত নিৱিষ্ট, কিন্তু সমান্তৰালকৈ এক নান্দনিক বিশ্বাসেৰেও ই প্ৰদীপ্ত৷ জীৱন সম্পৰ্কীয় অনিশ্চয়তা আৰু নৈৰাশ্যৰ মাজতো তেওঁৰ কবিতাত সৌন্দৰ্য আৰু আশাৰ ওপৰত পৰিলক্ষিত হয় এক দৃঢ় প্ৰত্যয়:

‘‘তথাপিতো আমি আগুৱাই যাওঁ
কিজানিবা ক’ৰবাত পাওঁ
সপোনৰ সুন্দৰ পৰশ
স্বপ্নাতুৰ আমি জন্মগত
সৌন্দৰ্য আমাৰ লগৰী…’’ (‘ভংগুৰ কাব্য’)

‘‘সৃষ্টি-স্থিতি-প্ৰলয়ৰ নাৱিক আমি
মাতৃৰ তেজ, শৰীৰ পাৰ হৈ–
পৃথিৱী ভেদি সাবটিছোঁ জীৱনক
জীৱন এক নিমিত্ত
জন্ম দিম এক চিৰনতুন ভ্ৰূণ–
যাৰ মাজত খিলখিলাই হাঁহিব–
সুন্দৰৰ ভাস্বত পোহৰ’’ (‘অহিৰ ভৈৰৱ’)

‘ৰোমন্থন’ শীৰ্ষক কবিতাটিত মানৱ মনোবৃত্তিৰ বৈপৰীত্যপূৰ্ণ সংযুতিৰ প্ৰতি কবিয়ে দৃষ্টি নিক্ষেপ কৰিছে: “জীয়াই থকা মানুহেও মৃত্যু বিচাৰে/ মৰণমুখী মানুহেও জীয়াই থাকিবলৈ বিচাৰে৷” –জীৱনৰ প্ৰতি দুৰ্বাৰ আকাংক্ষা আৰু মুক্তিৰ বাসনাৰ এই সহাৱস্থানেৰেই গঢ় লয় মানৱ অস্তিত্ব৷ মানুহৰ সন্তুষ্টিৰ মৌলিক অনিশ্চয়তাকো কবিয়ে তুলি ধৰিছে৷ এনে বক্তব্যৰে দাৰ্শনিক জ্যাঁ পল ছাত্ৰেৰ্ আৰু আলব্যেৰ ক্যামুৰ অস্তিত্ববাদী চিন্তনৰ সংযোগ-ৰেখা টানিব পাৰি৷ অস্তিত্বৰ তুলাচনীৰ এফালে আকৰ্ষণ-আগ্ৰহৰ গভীৰতা আৰু আনফালে দুখ-অৱসাদত ভাৰাক্ৰান্ত ‘জীৱন’ কবিৰ ভাষাত ‘নিষ্ঠুৰ নষ্টালজিয়া’ৰ নামান্তৰ:

‘‘আচলতে গোটেই জীৱনটো এক
নিষ্ঠুৰ নষ্টালজিয়া…
কেতিয়াবা জীৱিত, কেতিয়াবা বিচলিত
কেতিয়াবা মৃত…
জীৱন এক অবৈধ অশৰীৰী প্ৰেম…৷৷’’ (‘ৰোমন্থন’)

এগৰাকী সমাজ-সচেতন সংগীত-শিল্পী হিচাপে জুবিন গাৰ্গৰ পৰিচিতি তেওঁৰ কবি-পৰিচিতিৰো অভিন্ন অংগ৷ সমসাময়িক সামাজিক-অস্থিৰতাক লৈ উদ্বিগ্ন জুবিন গাৰ্গৰ কবিতাৰ এটি প্ৰধান স্বৰ: প্ৰখৰ সমাজ চেতনা আৰু সেই চেতনাৰ পৰা উদ্ভূত প্ৰতিবাদী কণ্ঠ৷ বেলতলা-কাণ্ডৰ প্ৰতিবাদত লিখিত কবিতা “বান্দৰ হোৱা পথত আমি”ত ৰূপায়ণ হৈছে মানৱতাৰ অৱক্ষয়ৰ প্ৰতিৰূপ:

‘‘…প্ৰাণৰ পৰা প্ৰাণলৈ
মগজুৰ পৰা মগজুলৈ
মাজত এডাল সূতা আছে
যিয়ে বান্ধি ৰাখে পৃথিৱীৰ ভৱিষ্যৎ
সূতাডাল চুব পাৰিলে
আমি ভগৱান, চুব নোৱাৰিলে চয়তান
হয়তো আকৌ বান্দৰ হোৱাৰ পথত আমি…৷৷’’

জুবিন-কথিত এই ‘সূতাডাল’ বিশ্বজুৰি মানৱতাক সুৰক্ষিত কৰি ৰখা অদৃশ্য বন্ধনৰ প্ৰতীক৷ কবিয়ে মানৱ-অস্তিত্বক এক নৈতিকতা আৰু প্ৰমূল্য আধাৰিত আন্তঃজালৰ ৰূপত কল্পনা কৰিছে, য’ত বিশ্বৰ প্ৰতিগৰাকী মানুহৰ চিন্তা আৰু আত্মা সম্পৰ্কিত হৈ আছে, নিৰ্ভৰশীল হৈ আছে মানৱতাৰ ভৱিষ্যৎ৷ যি নৈতিক বান্ধোনৰ ৰক্ষণাবেক্ষণৰ ওপৰত মানৱীয় অগ্ৰগতিও নিৰ্ভৰশীল৷ কিন্তু নৈতিকতাৰ অধিগমনৰ তৎকালীন পৰিস্থিতিত কবি উৎকণ্ঠিত৷ গুৱাহাটীৰ নৃশংস বোমা বিস্ফোৰণৰ স্মৃতিত লিখিত ‘হুংকাৰ’ কবিতাত কবিৰ প্ৰতিবাদী ভাষা সেয়ে তীৰ্যক আৰু সোচ্চাৰ:

‘‘পাৰ যদি প্ৰেম কৰ
জাগৰিত কৰ হৃদয়ক
মুখৰিত কৰ আকাশ-বতাহ
সুন্দৰৰ জয়গানেৰে…
আৰু যদি নোৱাৰ
তেন্তে তই নুপুংসক…’’ (‘হুংকাৰ’)

উগ্ৰ জাতীয়তাবাদ আৰু বিপ্লৱৰ নামত বিংশ শতিকাৰ শেষাংশত অসমত বিৰাজ কৰা অশান্তিজৰ্জৰ পৰিস্থিতি আৰু ভাতৃঘাতী সংঘৰ্ষৰ স্বৰূপ সন্দৰ্ভত কবিৰ স্পষ্ট অভিমত: ‘‘তোমাৰ বিপ্লৱৰ মাদকতাত শত শত প্ৰেতাত্মাৰ অভিশাপ বিৰাজমান…’’ (‘বিপ্লৱ আজি অভিশাপ’)৷

কবি জুবিন গাৰ্গৰ প্ৰতিবাদী কবিতাৰ বিষয়-বিন্যাসত প্ৰগতিশীল চিন্তাৰ সূঁতি এটিও বৈ আছে৷ চাৰ্লি চেপলিন্‌, চে গুৱেভাৰা, বিষ্ণুপ্ৰসাদক জীৱনৰ আদৰ্শ হিচাপে ঘোষণা কৰা কবিৰ কাব্যিক অভিব্যক্তিত পৰিলক্ষিত হয় সমাজ-ৰূপান্তৰৰ দুৰ্বাৰ আকাংক্ষা– শোষিত-পীড়িতজনৰ প্ৰতি সহজাত আন্তৰিকতা৷ গাৰ্গৰ বিপ্লৱী কবিতা “মেটামৰফ’ছিছ”ক এই ৰূপান্তৰকামী চেতনাৰ কাব্যিক ইস্তাহাৰ বুলিব পাৰি৷ কবিতাটিৰ শিৰোনাম প্ৰসংগত জাৰ্মান দাৰ্শনিক ফ্ৰেড্‌ৰিখ্‌ নীৎসেৰ ‘Three Metamorphoses’ৰ বৈপ্লৱিক দৃষ্টিভংগীৰ কথাও স্মৰ্তব্য৷ এক বিদ্ৰুপাত্মক আৰু ব্যঙ্গাত্মক প্ৰকাশভংগীৰ জৰিয়তে মানৱ-প্ৰজাতিৰ নৱনিৰ্মাণৰ পোষকতা কৰা কবিতাটিত প্ৰচলিত পৰম্পৰা আৰু ব্যৱস্থাৰ প্ৰতি প্ৰৱল প্ৰত্যাহ্বান লক্ষণীয়৷ কবিতাটিৰ মাধ্যমেৰে কবিয়ে মানৱীয় প্ৰমূল্যৰে সমুজ্জ্বল এক সৃষ্টিশীল মানৱজাতিৰ স্বপ্ন প্ৰকট কৰিছে– য’ত ভণ্ডামি আৰু স্বাৰ্থপৰতাৰ উপস্থিতি শূন্য৷ মধ্যবিত্তীয় ফোপোলা নৈতিকতা, ভোগবাদী মানসিকতা, আত্মকেন্দ্ৰিক আধুনিকতাৰ বিৰুদ্ধে কবিৰ এই প্ৰতিবাদ পাঠকৰ আত্মবিশ্লেষণ আৰু আত্মমূল্যায়নৰো এক পাঠ:

‘‘মই যদি ইশ্বৰ হ’লোঁহেঁতেন


দিলোঁহেঁতেন দুখন Extra কাণ
শুনিবলৈ সকলো
অস্ফুট শব্দ, উশাহ-নিশাহ
হুমুনিয়াহ, হতাশা আৰু সময়ৰ পদধ্বনি…


দিলোঁহেঁতেন এটা পেট, যি কেৱল
খাবলৈ নিশিকি এৰিবলৈও শিকিব
আনৰ বাবে৷


দিলোঁহেঁতেন এটা যৌনাংগ য’ত
কিলবিলাই ফুৰিব সহস্ৰ বুদ্ধৰ বীৰ্য৷’’ (‘মেটামৰফ’ছিছ’)

‘‘শীত হেনো দুখৰ ঋতু৷/ কোনে কয়/ …বিশ্বাস কৰিম/ যদিহে ই মোক কন্দুৱাই যায় /বুকুৱেদি সৰকি যোৱা /নিবিড় দুখ নিচুকাই…৷৷’’– জুবিন গাৰ্গৰ ‘শীত’ কবিতাৰ এই আৰম্ভণিত ইলিয়টৰ ‘The Waste Land’ৰ ঋতুৰ বৈপৰীত্যমূলক ৰূপায়ণৰ অনুৰণন স্পষ্ট৷ এই প্ৰসংগতেই হীৰেন ভট্টাচাৰ্যৰ ‘‘হেমন্ত বৰ বিষাদৰ ঋতু’’ৰ কথাও মনলৈ আহে৷ প্ৰিয় কবি হীৰেন ভট্টাচা্ৰ্যৰ স্বতঃস্ফূৰ্ত অনুভূতিঘন কাব্যিক সংৰচনা বহু সময়ত হৈ উঠিছে আমাৰ কবিৰ অনুপ্ৰেৰণাৰ উৎস৷ জুবিন গাৰ্গৰ কবিপ্ৰাণক সূক্ষ্ম অনুভূতিৰ স্বাক্ষৰ বহনকাৰী এনে কেতবোৰ সংৰচনাই ধৰি ৰাখিছে নিবিড়ভাৱে:

‘‘অশ্ৰু এক সাঁথৰ/ অন্তহীন বুৰঞ্জী
কথাৰ আকৰ/ হাঁহিত উশাহ প্ৰাণৰ
প্ৰাপ্তিৰ আদিম অমল পোহৰ৷’’ (‘শব্দ-অনুভূতি’)

অন্তৰীক্ষৰ ৰাতি…
এজোলোকা তেজ
এটা বাতি
সীমাহীন আক্ষেপ
সীমাহীন ভ্ৰূকুটি
সমুখত দুচকু তোমাৰ
হৃদয় মোৰ
এসাগৰ মমবাতি’’ (‘দেৱালী’)

(নিবন্ধটিত উদ্ধৃত কবিতাৰ পংক্তিসমূহ শব্দ-অনুভূতি শীৰ্ষক কাব্য-সংকলনৰ পৰা দিয়া হৈছে৷)

 জ্যোতিষ্মান দাস এগৰাকী লেখক, সমালোচক আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক৷