Issue: Vol. IV, No. 3, November-January, 2025-26
শীত
শীত হেনো দুখৰ ঋতু।
কোনে কয়
বিশ্বাস নকৰোঁ মই
বিশ্বাস কৰিম
যদিহে ই মোক কন্দুৱাই যায়
বুকুৱেদি সৰকি যোৱা
নিবিড় দুখ নিচুকাই…।।
তুমি
(কবি হীৰুদালৈ)
তুমি শাশ্বত
তুমি ভাস্বত
পৃথিৱীৰ য’ত শেষ
তাতেই তোমাৰ আৰম্ভণি।।
বান্দৰ হোৱাৰ পথত আমি
(বেলতলা কাণ্ডৰ স্মৃতিত)
আজি দেখিলোঁ প্রকৃতিৰ নতুন ৰূপ দেখিলোঁ মানুহৰ নগ্ন স্বৰূপ
বিচাৰি পালোঁ নিজৰ মাজত
আত্মাৰ অশৰীৰী খোজ।
মানুহে মানুহক জন্ম দিয়ে
মানুহে মানুহক নাশে চিৰকাল
ই অৱধাৰিত, কিন্তু মনৰ পৰা মনলৈ
প্ৰাণৰ পৰা প্ৰাণলৈ
মগজুৰ পৰা মগজুলৈ
মাজত এডাল সূতা আছে
যিয়ে বান্ধি ৰাখে পৃথিৱীৰ ভৱিষ্যৎ সূতাডাল চুব পাৰিলে
আমি ভগৱান, চুব নোৱাৰিলে চয়তান হয়তো আকৌ বান্দৰ হোৱাৰ পথত আমি…।।