জুবিন গাৰ্গৰ গানত জাতীয়তাবাদী চিন্তা

সত্যজিৎ গগৈ

Issue: Vol. IV, No. 3, November-January, 2025-26

জুবিন গাৰ্গ

আধুনিক সমাজ-জীৱনৰ এক বিৰল গায়ক প্ৰতিভা, মহানায়ক জুবিন গাৰ্গ৷ থলুৱা বিচিত্ৰ লোকসংগীতেৰে ঐশ্বৰ্যশালী অসমৰ লোকসংস্কৃতিৰ পোহৰ বিশ্বৰ বিভিন্ন প্ৰান্তত সিঁচি দি দেশৰ মাটিক তেওঁ ধন্য কৰি গ’ল। গীতৰ ছন্দক, সংগীতৰ ছন্দক তেওঁ শক্তিশালী মাধ্যম হিচাপে লৈ অজস্ৰ জনতাৰ হদয়ক প্ৰভাৱিত কৰি গ’ল। গীতৰ সাৰ্বজনীন ভাষাৰে তেওঁ দিয়া-লোৱা আৰু সহযোগিতাৰ মহান সংস্কৃতিত নিজকে উৎসৰ্গা কৰিলে।

গীতৰ শব্দই প্ৰকাশ কৰা কাহিনী বা ৰচনাই শ্ৰোতা-দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰে, আৱেগিক বন্ধন সৃষ্টি কৰে, কাহিনী কয় আৰু সাংস্কৃতিক মূল্যবোধক প্ৰতিফলিত কৰে। সেই বিষয়ত অন্বেষণে  আমাৰ জীৱনতো গভীৰভাৱে ৰেখাপাত কৰিব পাৰে। গীতৰ শব্দবোৰ শ্ৰোতা জনতাৰ জীৱনৰো শব্দ হৈ পৰে।সমাজৰ বিষয়ত মন্তব্য কৰিবলৈ গীতৰ কথা সুৰ আৰু সংগীতক ব্যৱহাৰ কৰা হয়। যাৰ বাবে সেই গীতবোৰ আকৰ্ষণীয় আৰু স্মৰণীয় হৈ পৰে। গীতৰ কথাবোৰে গীতবোৰ লিখা ঠাইৰ সংস্কৃতি আৰু সময়ৰ মূল্যবোধৰ লগতে সংগ্ৰামৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰে।

১৯৯২ চনত জুবিন গাৰ্গৰ প্ৰথমটো এলবাম অনামিকা মুক্তিৰ পিছৰেপৰাই যোৱা তিনিটা দশকত অসমীয়া, হিন্দী, বাঙালী, ইংৰাজী ভাষাকে ধৰি চল্লিছটা বিভিন্ন ভাষাত ৩৮০০০-ৰো অধিক গীত বাণীবদ্ধ কৰিছিল৷ এবাৰ তেওঁ এটা নিশাতে ৩৬টা গীত বাণীবদ্ধ কৰিছিল৷ এয়া নিশ্চিত ভাৱে এক বিৰল কৃতিত্ব৷

জুবিন গাৰ্গেই এনে এজন কণ্ঠশিল্পী যিজনে মুখ্যতঃ অসমীয়া আধুনিক গীত, চলচ্চিত্ৰৰ গীত, থিয়েটাৰৰ গীত, বিহুগীত, বনগীত, বৰগীত, লোকগীত, টোকাৰী গীত, দেহ বিচাৰৰ গীতকে আদি কৰি অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়বোৰ জনগোষ্ঠীৰে লোকসংগীতত কণ্ঠদান কৰি জনতাৰ হৃদয়ক আপ্লুত কৰিছে।

জুবিন গাৰ্গ এজন মিঠা কণ্ঠৰ অধিকাৰী গায়ক হোৱাৰ লগতে কবি আৰু গীতিকাৰ। শিল্পীগৰাকীয়ে কণ্ঠদান কৰা বহু গীত নিজে ৰচনা কৰা। জুবিন গাৰ্গৰ ৰচিত বহু গীতৰ মাজৰ পৰা জাতীয়তাবাদী চিন্তা প্ৰকাশ পোৱা দুটামান গীতৰ কথাৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ৷ জুবিন গাৰ্গ ৰচিত গীতৰ মাজত দেশ বা জাতিৰ প্ৰতি গভীৰ প্ৰেম আৰু আনুগত্য দেখা পাওঁ।’মুখা মুখা’ শীৰ্ষক গীতত পাওঁ— “মুখা মুখা/ কিয় পিন্ধা এই মুখা/ ঘনে ঘনে/ তুমি ৰূপ সলোৱা/… মুখাৰে আঁৰত কোনোবা ক’লা/ মুখাৰে আঁৰত কোনোবা বগা/ মুখাৰে আঁৰত কত ছলনা/ মুখাৰে আঁৰত জীয়াবা কিমান/… কোনোৱে গিলিছে গো গ্ৰাসে/ কোনোৱে আঁজোৰিছে দহ হাতে/ কোনোৱে বধিছে দশো দিশে/ দেৱতা হোৱাৰ হাবিয়াসে৷” ‘মুখা’ক প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰি আমাৰ সমাজত সহজতে দেখা পোৱা প্ৰতাৰণা, ছলনা কৰি নিজকে লুকুৱাই ৰখাৰ ছবিখন সুন্দৰ৷ সাম্প্ৰতিক কালৰ আমাৰ সমাজ-জীৱনত অহৰহ ঘটি থকা হত্যা-হিংসা, শাসক-শ্ৰেণীৰ অনিয়ম-দুৰ্নীতিৰ বিৰুদ্ধে লিখা ‘অন্ধ আকাশ’ গীতটোৰ কথাখিনি অতি সুন্দৰ, আৰু ই এক শক্তিশালী প্ৰতিবাদ। গীতটোত ব্যৱহাৰ কৰা শব্দ চয়ন, প্ৰতীকী অৰ্থ আৰু ব্যঞ্জনাই শ্ৰোতা সমাজক এটা কবিতাৰ দৰেই মুগ্ধ কৰে৷ “অন্ধ আকাশ ৰুদ্ধ বতাহ/ ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক/ অন্ধ মনৰ বন্ধ কোঠাত/ হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ/ মুকুতি আজি দেখোঁ দিকহাৰা হৈ ৰয়/ দিশে দিশে চলে মাথোঁ মৃত্যুৰ ৰথ/ মৃত্যু এতিয়া সহজ,/ মৃত্যু এতিয়া উছৱ”৷

আকৌ শাসনৰ নামত অনিয়ম, ভণ্ড শাসকে কোঙা কৰা সমাজৰ ছবিখন আমি সকলোৱে দেখা বাস্তৱ ছবি— “অন্ধ শাসন, ভণ্ড শাসক/ অৰ্থ লোভৰ নগ্ন যুঁজত/ জীৱন মৰণৰ স্বপ্নবাহক/ মগ্ন বিভোৰ অন্ধ সুখত/ ক্লান্ত জীৱন আজি ক্লান্ত দিঠক আজি/ দুচকুত ভাহে মাথোঁ/ শান্তিৰ শুভ্ৰ ৰথ/ মুকুতিৰ শুদ্ধ পথ।” গীতৰ শেষত গীতিকাৰে প্ৰকাশ কৰিছে, এই মুকুতিৰ চাবিকাঠি যে আমাৰ হাততেই আছে—“শুদ্ধ মনৰ মুক্ত কোঠাত/ মানৱ প্ৰেমৰ মূৰ্ত প্ৰকাশ/ মুকুতি আজি আহি দুচকুত আহ সাৰে ৰয়/ বুকুৱে বুকুৱে বয় শান্তিৰ ঢল/ মুকুতি এতিয়া হাতত”৷ জুবিন গাৰ্গৰ গীতে  ক্ষমতালোভী, দুৰ্নীতগ্ৰস্ত, ভণ্ড এচাম ৰাজনৈতিক নেতাৰ মুখা আঁজুৰি খুলি দেখুৱাই— “পলিটিক্স নকৰিবা বন্ধু/ দুবেলা দুসাজ ভাত খুজি খুজি খাওঁ/ পলিটিক্স নকৰিবা বন্ধু/ জাতিৰ মাটিৰ গান গুণগুণাওঁ… জাতি মাটি ভেটি আৰু প্ৰগতি/ জাতি জনগোষ্ঠীক আছ লুটি-পুতি/ মন্দিৰ মছজিদ সেৱা কৰি লাভ নাই/ সৌজন সমুখত হাঁহি মাৰি সাৰি যায়/ জানি ল’বি সৱে তহঁতৰো আহি আছে কাল/ আমি মহাকাল/ পলিটিক্স নকৰিবা বন্ধু”৷ গীতৰ এই প্ৰতিবাদ অভিনৱ। জুবিন গাৰ্গৰ গীতৰ মাজত দেখা পাওঁ গভীৰ আশাবাদ। তেওঁ ৰাজহুৱা মঞ্চত কোৱা কথাবোৰতো প্ৰকাশ পায় আশাবাদ। আশাই আমাক আন্ধাৰ সহ্য কৰাৰ শক্তি প্ৰদান কৰে। সপোনক অনুপ্ৰাণিত কৰি কৃতিত্বক আগুৱাই নিয়াৰ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আশা অবিহনে আমি একো কৰিব নোৱাৰোঁ।‘আশা মোৰ আশা’ শীৰ্ষক গীতত আছে— “মোৰ গানে দিব নতুন ভাষা/ নতুনৰ জোনাক নতুন নিশা/ ক্লান্ত বুকু জুৰি ব’ব/ সৃষ্টিৰ অমল বতাহ/ আশা মোৰ আশা”৷ আকৌ ‘কাৰ পৰশত’ শীৰ্ষক গীতত আছে— “সপোনৰে ৰং দুচকুতে লৈ/ কত যে শিশু আছে আশালৈ/ নতুন আঁকিব জোৱাৰ আনিব/ শান্ত সুন্দৰ ফুলনি হৈ”৷ জুবিন গাৰ্গে ইউক্লিপটাছ গছৰ দৰে ওখ হ’ব খুজিছিল—“ইউক্লিপটাছ গছৰ দৰে ওখ হব খোজোঁ মই”, সেই আশা তেওঁ পূৰ্ণ কৰি দেখুৱালে। ইউক্লিপটাছ গছতকৈও ওখ আকাশচুম্বী হৈ দেখুৱালে তেওঁ নিজৰ অক্লান্ত পৰিশ্ৰম আৰু দক্ষতাৰে। সকলো কলাৰ ভিতৰত কোন বিধ কলা শ্ৰেষ্ঠ আৰু প্ৰভাৱশালী সেয়া নিশ্চিত ভাৱে নিৰ্ভৰ কৰে সেই কলাৰ কলাকাৰজনৰ পাৰদৰ্শিতাৰ ওপৰত। কিন্তু বিশ্বৰ প্ৰেক্ষাপটত, নিজ নিজ সময়ৰ ছন্দত, মাইকেল জেকছন, পল ৰবছন, জন লেনন, বা আমাৰ অসমৰ শংকৰদেৱ, মাধৱদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকাৰ পাছত গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী জুবিন গাৰ্গৰ গীতৰ যাদুৱে দেখুৱালে আমাক গীতৰ বিশাল প্ৰভাৱ আৰু মহত্ত্বক। শিশুৰ পৰা বৃদ্ধলৈ আমাৰ অসমৰ এনে কোনো লোক নাই যিজনৰ হৃদয়ত জুবিন গাৰ্গৰ কণ্ঠই ঠাই অধিকাৰ কৰি থকা নাই। জুবিন গাৰ্গৰ মৃত্যুৱে দেখুৱালে এজন প্ৰকৃত শিল্পীৰ প্ৰতি জনতাৰ মৰম কিমান গভীৰ হ’ব পাৰে৷ লক্ষ লক্ষ জনে মৰমৰ শিল্পীজনক অন্তিম বাৰৰ বাবে এপলক চাবলৈ, শ্ৰদ্ধাঞ্জলি জনাবলৈ সমবেত হোৱা জনসমুদ্ৰৰ দৃশ্যই প্ৰমাণ কৰিলে শিল্পীগৰাকীৰ প্ৰতি জনতাৰ অকৃত্ৰিম মৰম আৰু শ্ৰদ্ধাক৷ এই লেখাৰেই মহৎ শিল্পী জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ৷

সত্যজিৎ গগৈ এগৰাকী কবি, লেখক আৰু তথ্যচিত্ৰনিৰ্মাতা৷ দুলীয়াজান নিবাসী গগৈৰ প্ৰকাশিত কাব্য-সংকলন তিনিখন৷