ৰমেন শইকীয়া
Issue: Vol. IV, No. 4, February-April, 2026

যুদ্ধোত্তৰ কবিতা যুদ্ধৰ সংস্কৃতিৰ পৰা বহু দূৰৈত আৰু বেছি ভাগ কবিতাই যুদ্ধ-বিৰোধী কবিতা। সকলো যুদ্ধই মানৱ জাতিৰ বাবে এক ভয়ংকৰ অভিজ্ঞতা। দ্বিতীয় বিশ্বযুদ্ধ পৃথিৱীৰ সমগ্ৰ মানুহৰ জীৱনৰ বাবে এটা ডাঙৰ অভিশাপ আছিল। প্রথম বিশ্বযুদ্ধৰ তুলনাত দ্বিতীয় বিশ্বযুদ্ধৰ ব্যাপকতা আছিল অনেক বেছি আৰু ভয়াৱহ। দুয়োখন বিশ্বযুদ্ধতেই অন্যৰ লগতে অনেক শিল্পী-সাহিত্যিকেও অংশ গ্ৰহণ কৰিছিল। সাম্রাজ্যবাদী ইংৰাজৰ দেশত সেই সময়ত সামৰিক বাহিনীত যোগ দিয়াতো গৌৰৱৰ বিষয় হিচাপে প্রচাৰ কৰি ডেকাসকলক যুদ্ধত অংশ গ্ৰহণ কৰিবলৈ অনুপ্রাণিত কৰা হৈছিল। যুদ্ধত অংশ গ্ৰহণ কৰা়টোক দেশ-প্ৰেমৰ সৈতে তুলনা কৰা হৈছিল। ইংৰাজ কবি, গল্পকাৰ ৰাডয়াৰ্ড কিপলিঙে ব্ৰিটিছৰ অধীনৰ ঔপনিৱেশিক দেশবোৰত বিস্তৃতভাৱে ভ্ৰমণ কৰি ডেকাসকলক সামৰিক বাহিনীত যোগ দিবলৈ অনুপ্রাণিত কৰি ফুৰিছিল। যেতিয়া যুদ্ধত অংশ গ্ৰহণ কৰা কিপলিঙৰ একমাত্র পুত্রক অনেক চেষ্টা কৰিও জীৱিত বা মৃত অৱস্থাত উদ্ধাৰৰ সকলো আশা পৰিত্যাগ কৰিবলগীয়া হ’ল আৰু পুত্রৰ মৃতদেহৰ প্রতি শ্রদ্ধা জনোৱাৰ সুযোগৰ পৰা বঞ্চিত হʼবলগীয়া হʼল, তেতিয়া যুদ্ধৰ এপিটাফত তেওঁ লিখিছিল: “If any question why we died/tell them, because our fathers lied.”। যুদ্ধত অংশ গ্ৰহণ কৰা বহু শিল্পী, কবি, সাহিত্যিকে যুদ্ধক্ষেত্রত প্ৰাণো হেৰুৱাইছিল। তেনে এজন কবি আছিল উইলফ্ৰেড এডয়ার্ড ছাল্টাৰ অʼৱেন (Wilfred Edward Salter Owen)। যুদ্ধৰ নিষ্ঠুৰ বাস্তৱতা আছিল তেওঁৰ বাবে এক দুঃস্বপ্ন আৰু যুদ্ধৰ বীৰত্বৰ ৰোমাণ্টিক ধাৰণাক তেওঁ প্ৰত্যাহ্বান জনাইছিল। যুদ্ধক্ষেত্রৰ পৰা উদ্ধাৰ হোৱা তেওঁৰ পকেটবুকখনত পোৱা গৈছিল খুব যত্নসহকাৰে লিখি ৰখা ৰবীন্দ্ৰনাথৰ কবিতা। তেওঁ যুদ্ধলৈ যোৱাৰ সময়ত পৰিয়ালক বিদায় জনাই লিখা কবিতাটো আছিল: “মই যেতিয়া ইয়াৰ পৰা গুচি যাম, এই শব্দকেইটাই বিদায়ৰ কথা হৈ থাকিব” (when I gone from hence, let this be parting words.)। য়ুদ্ধ সমাপ্তিৰ ঘোষণাৰ কেই মুহূৰ্তৰ পূৰ্বে যুদ্ধক্ষেত্রত তেওঁ মৃত্যু বৰণ কৰিছিল। তেওঁৰ ‘Anthem for Doomed Youthʼ নামৰ বিখ্যাত কবিতাটোৰ দুটা স্তৱক হʼল:
“যিসকলৰ পশুৰ দৰে মৃত্যু হʼল তেওঁলোকৰ বাবে
কিহৰ শোকৰ ঘন্টা বাজিব?
বাজিব মাথোন বন্দুকৰ ক্ৰোধৰ ঘণ্টা
তোমালোকৰ কোনো উপহাস নহয়, কোনো প্ৰাৰ্থনা বা ঘণ্টাধ্বনি নহয়।
কোৰাছৰ বাহিৰে শোকৰ কোনো কণ্ঠস্বৰ নহয়
সেই ভীষণ উন্মত্ত কোৰাছ, আৰ্তনাদ কৰা গুলিৰ শব্দ
আৰু কোনো উদাসী অঞ্চলৰ পৰা বাজিব বিউগল।” ( অনুবাদ লেখকৰ)
যুদ্ধোত্তৰ কালৰ প্ৰধান আমেৰিকান কবিৰ ভিতৰত এলেন গিন্সবাৰ্গ আছিল বিংশ শতাব্দীৰ অন্যতম বিতর্কিত আৰু প্রভাৱশালী কবি। অৱশ্যে তেওঁ কোনো যুদ্ধবিৰোধী কবিতা লিখা নাছিল। যুদ্ধোত্তৰ কালত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ হতাশাজনক সামাজিক পৰিৱেশ দ্বিতীয় মহাসমৰৰ দ্বাৰা যে প্ৰভাৱিত, এই কথা অনস্বীকাৰ্য। যদিও যুদ্ধত যুক্তৰাষ্ট্ৰৰ ক্ষতিৰ পৰিমাণ আনতকৈ কম আছিল, কিন্তু দেশখন মহামন্দাৰ (great depression) বলি হৈছিল। মার্কিন যুক্তৰাষ্ট্রই দ্বিতীয় বিশ্বযুদ্ধত অংশগ্রহণৰ ফলত আমেৰিকান জীৱনৰ প্রায় প্রতিটো ক্ষেত্রতে ব্যাপক পৰিৱর্তন আহি পৰিছিল।বৰ্ণ-বৈষম্যৰ বিৰুদ্ধে আফ্ৰিকান-আমেৰিকানসকলে সাম্য, মৈত্রী আৰু স্বাধীনতাৰ দাবীত কৰা নাগৰিক অধিকাৰ আন্দোলনে আমেৰিকাৰ আকাশ কঁপাই তুলিছিল। এই সমস্যাবোৰৰ বাবে এলেন গিন্সবাৰ্গে মাৰ্কিন পুঁজিবাদী ব্যৱস্থাক জগৰীয়া কৰি পুঁজিবাদৰ ধ্বংসাত্মক শক্তিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল আৰু ভিয়েটনামৰ যুদ্ধৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল। গিন্সবার্গৰ আটাইতকৈ বিখ্যাত আৰু বিতৰ্কিত কবিতাটো হʼল “Howl!”, যাক বিট প্রজন্মৰ (Beat Generation) অন্যতম প্রধান ৰচনা বুলি বিবেচনা কৰা হয়। কবিতাটোৰ প্ৰথম শাৰীকইটা হʼল:
“মই মোৰ প্ৰজন্মৰ শ্ৰেষ্ঠ মনবোৰক উন্মাদনাৰ দ্বাৰা ধ্বংস হোৱা দেখিছোঁ,
ক্ষুধার্ত, মনসিক বিকাৰগ্ৰস্তভাৱে নগ্ন অৱস্থাত,
পুৱাৰ আলোকত নিগ্ৰোসকলৰ পথেদি নিজকে টানি লৈ যোৱা দেখিছোঁ
তীব্র মাদক দ্ৰব্যৰ সন্ধানত ।”
(I saw the best minds of my generation/ destroyed by madness, starving hysterically naked,/ dragging themselves through negro streets/ at dawn looking for an angry Fix)
গিন্সবাৰ্গৰ মতে ‘শ্ৰেষ্ঠ মনʼ মানে কবি, বুদ্ধিজীৱী, নন-কনফৰ্মিষ্ট আৰু প্ৰান্তীয় লোকসকল, যি ক্ষুধাৰ্ত আৰু যাক আমেৰিকান সমাজৰ শ্বাসৰুদ্ধকৰ পৰিৱেশে মানসিক উম্মাদনা আৰু ভাঙোনৰ পথলৈ ঠেলি পঠাইছিল, যাৰ বাবে সেই পৰিৱেশৰ পৰা ড্ৰাগছ আসক্তি যেন একমাত্র পৰিত্রাণৰ পথ।
সমগ্ৰ মানৱসমাজত গভীৰ মানসিক ক্ষত চিহ্ন এৰি থৈ যোৱা বিশ্বযুদ্ধ দুখনে শিল্পী, সাহিত্যিক আৰু চলচ্চিত্র নিৰ্মাতাসকলকো গভীৰভাৱে প্ৰভাৱিত কৰিছিল আৰু তেওঁলোকৰ সৃষ্টিকৰ্মত প্ৰতিফলিত হৈছিল যুদ্ধৰ ভয়াবহতা আৰু বীৰত্বও। যুদ্ধোত্তৰ কবিতাবোৰত যুদ্ধৰ বীভিষিকাই মানুহৰ অন্তৰত সৃষ্টি কৰা নৈৰাশ্য, মোহভংগ, মানসিক আঘাত তথা ব্যক্তি আৰু সমাজে অনুভৱ কৰা মোহভংগক ধৰি ৰাখিছে। যুদ্ধোত্তৰ কবিতাৰ সাংস্কৃতিক আৰু ঐতিহাসিক মূল্যৰ উল্লেখযোগ্য তাৎপৰ্য হʼল: আঘাতৰ প্ৰতিফলন, মানুহৰ পৰিচয়ৰ সংকট, আনহাতে সৃষ্টিশীল কৰ্মত অভিনৱ ৰূপ আৰু শৈলীৰ উদ্ভাৱন। কাব্যিক ৰূপ আৰু ভাষাৰ পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে আধুনিকতাবাদী কবিসকলে পৰম্পৰাগত গাঁথনিৰ পৰা বিচ্ছিন্ন হৈ কবিতাৰ নতুন শৈলীৰ বাট মুকলি কৰি দিলে। য়ুৰোপত যুদ্ধৰ ফলত সমস্ত নৈতিক নিশ্চিতি ধ্বংস হৈ যোৱাত অস্তিত্ববাদ আৰু অযৌক্তিকতাবাদী, বিমূৰ্ত (abstract) সাহিত্যৰ দৰে দৰ্শনৰ জন্ম হৈছিল।
প্ৰথম মহাসমৰৰ পটভূমিত ৰচিত ৰৰ্বাট গ্ৰেভছৰ কবিতাসমূহ সৰল দেশপ্ৰেমৰ অভিব্যক্তিক অতিক্ৰম কৰি মহাযুদ্ধই এৰি থৈ যোৱা গভীৰ ক্ষতচিহ্নবোৰ উন্মোচিত কৰা যুদ্ধ-বিৰোধী কবিতাৰ ৰূপ লয়। প্রথম বিশ্বযুদ্ধৰ ভয়াৱহতা, মোহভঙ্গ আৰু তিক্ত বিদ্রূপক তুলি ধৰা কবিতাৰে যুদ্ধ-বিৰোধী কবিসকলৰ মাজত তেওঁ এক উল্লেখযোগ্য কণ্ঠস্বৰ হিচাপে পৰিচিত। গভীৰ অৰণ্যত শত্ৰু পক্ষৰ এজন জাপানী সৈন্যৰ ৰক্তাক্ত মৃতদেহ দেখি লিখা ‘A Dead Boche’ নামৰ কবিতাটোত কবিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰছে এইদৰে:
“তোমালোকৰ যিসকলে মোৰ যুদ্ধৰ গান শুনিছা
কেৱল ৰক্ত আৰু খ্যাতিৰ কথাই শুনিছা,
তেওঁলোকক মই ক’ম (তোমালোকে আগেয়েও এই কথা শুনিছা)
“যুদ্ধ হʼল নৰক !” আৰু তোমালোকে যদি সন্দেহ কৰা
তেন্তে আজি মামেৎজ অৰণ্যত মই বিচাৰি পাইছোঁ
ৰক্তপিপাসাৰ এক অব্যর্থ নিৰাময়”
অৱশ্যে ৰৰ্বাট গ্ৰেভছৰ প্ৰথম মহাযুদ্ধৰ কালছোৱাত লিখা কবিতাবোৰত যুদ্ধৰ নৈতিকতা আৰু সৈন্যসকলৰ কৰ্তব্য, আত্মত্যাগ, মহত্ত্ব, গৌৰৱ আৰু সম্মান আদি কথাবোৰহে প্ৰকাশ পাইছিল। আনহাতে চিগফ্ৰাইড ছাচোন আৰু উইলফ্ৰেড ওৱেন আদি যুদ্ধ-বিৰোধী কবিয়ে অজ্ঞান, উদাসীন জনসাধাৰণক আলোকিত কৰিবলৈ যুদ্ধৰ বিৰুদ্ধে তিক্ততা, ক্ষোভ আৰু জ্বলন্ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কবিতা ৰচনা কৰাৰ দৰেই গ্ৰেভছৰ পিছৰ কবিতাবোৰতো প্ৰকাশ পাইছিল সেই ধৰণৰ অনুভূতি।গ্ৰেভছ নিজেও এজন সৈনিক আছিল, যুদ্ধত কেইবাবোৰ আহত হৈছিল আৰু মৃত বুলিও ঘোষিত হৈছিল। কোনো কোনো সমালোচকৰ মতে গ্রেভছে কিছু যুদ্ধৰ কবিতাত তেওঁ যি আলঙ্কাৰিক পদ্ধতি অৱলম্বন কৰিছিল, সেয়া তেওঁ যুদ্ধকালীন আঘাতৰ ছাপ অনুভৱ কৰাৰ পূৰ্বেই, তেওঁৰ মাজত বিকশিত হোৱা পোষ্ট-ট্রমাটিক ষ্ট্ৰেছৰ লক্ষণৰ দ্বাৰা প্রভাৱিত। পিছত আৰ্নেষ্ট হেমিংৱে আৰু জৰ্জ অৰৱেল আদি যুদ্ধৰ ক্লাছিক লেখকসকলৰ দৰে পৰিষ্কাৰ শৈলীত গ্ৰেভছে তেওঁৰ যুদ্ধ কবিতা লিখিছিল। তেওঁৰ ‘১৯১৫ʼ এটা সুন্দৰ যুদ্ধ কবিতা:
“মই লা-বাছে আৰু বেথুনৰ মধ্যৱর্তী পথাৰবোৰৰ ওপৰেৰে
ঋতুবোৰ ধীৰে ধীৰে পাৰ হৈ যোৱা চাই আছোঁ,
বসন্তৰ প্রথম গৰমৰ দিনত প্রিমৰোজ ফুলবোৰ ফুলে,
জুন মাহত ৰঙা পপী ফুলৰ বন্যা নামে,
হালধীয়া হৈ পৰে আগষ্ট আৰু হেমন্তত,
তাৰ পিছত শীতৰ ৰাতি আঁঠুলৈকে বোকা আৰু বৰফ,
আৰু তোমাৰ সকলো আছিল।
প্রিয়তম, তোমাৰ সকলো আছিল যিবোৰৰ অভাৱ
মই আটাইতকৈ বেছিকৈ অনুভৱ কৰিছিলোঁ
এই আত্মাক মাৰি পেলোৱা খাদবোৰত (trenches)—
ছবিবোৰ, কিতাপবোৰ, সংগীত আৰু এক ইংলিছ অৰণ্যৰ নীৰৱতা,
সুন্দৰ-দৃষ্টি কমৰেডসকল,
সংকীর্ণ, শিলাময় পাহাৰীয়া পথ
বিস্তৃৰ্ণ, পৰিপূৰ্ণ সমুদ্র, সেউজীয়া আৰু কʼলা,
আৰু প্ৰশান্তি, আৰু সেই সকলো ভালবোৰ।”
এই কবিতাটো যুদ্ধকালীন অনুপস্থিতি আৰু মানসিক ভাবনাক কেন্দ্ৰ কৰি ৰচনা কৰা, যʼত ব্যক্তিগত আৰু সমষ্টিগত ক্ষতিক তুলি ধৰাৰ বাবে ব্যৱহাৰ কৰিছে প্ৰকৃতিৰ ঋতুচক্ৰক। কবিয়ে প্ৰকৃতিৰ চিত্রকল্পক আনন্দদায়ক হিচাপে নহয়, মানুহৰ দুখ-কষ্টৰ প্ৰতি উদসীন হিচাপে উপস্থাপন কৰিছে। ইয়াত প্ৰিয়তম কোনো নিৰ্দিষ্ট ব্যক্তি নহয়, অসামৰিক জীৱন আৰু আৱেগিক ভাবনাৰ সংমিশ্ৰণৰ এক বিমূৰ্ত ৰূপ। ভালপোৱা ৰোমাণ্টিক সংগী হিচাপে নহয়, বৰঞ্চ প্ৰতীকাত্মক আশ্ৰয়ৰ ৰূপত স্থাপিত কৰা হৈছে। তেওঁৰ ‘November 11th’ নামৰ কবিতাটোত যুদ্ধ-বিৰতি দিৱসত উল্লাসকাৰীসকলৰ প্ৰতি অত্যন্ত ক্ষুদ্ধ হৈ ‘চিন্তাহীন, অজ্ঞ আৰু নিকৃষ্ট লোকʼ বুলি সমালোচনা কৰিছে। কবিতাটোৰ শেষ স্তৱকটো হʼল:
“কিন্তু যুদ্ধত নিহত হোৱা ল’ৰাবোৰ
অকণো ক্ৰোধ আৰু উচ্চ-বাচ্য নকৰাকৈ যুঁজ দিছিল,
সিহঁত বোকাৰ দলিচাত শান্তিৰে শুই আছে
কৃমি আৰু পিপৰাৰ সৈতে মাটিৰ তলত।”
যুদ্ধোত্তৰ কালৰ কবিসকলৰ মাজত এক মূল কণ্ঠস্বৰ হিচাপে পৰিগণিত আন এজন ইংৰাজ কবি হʼল ছিয়েগফ্ৰাইড ছেছোন (Siegfried Sassoon)। তেওঁৰ যুদ্ধৰ কবিতাসমূহৰ বৈশিষ্ট্য হৈছে অদম্য সততা। এই কবিতাবোৰ সংঘাতক দীর্ঘস্থায়ী কৰা ৰাজনৈতিক ভুল আৰু দেশপ্রেমমূলক বাগাড়ম্বৰৰ প্ৰতি তীব্র নিন্দাৰ বাবে সুপৰিচিত। তেওঁৰ ‘Hero’ নামৰ কবিতাটো হʼল—
“মাকে ক’লে, “জেকে যিদৰে বিচাৰিছিল সেই দৰেই পৰিল”
আৰু তেওঁ পঢ়া চিঠিখন ভাঁজ কৰি ল’লে।
“কৰ্ণেলে ইমান ধুনীয়াকৈ লিখে।” ক্লান্ত কণ্ঠস্বৰত কিবা এটা ভাগি গ’ল
কঁপি কঁপি কণ্ঠ ৰুদ্ধ হৈ গʼল।
তেওঁ অৰ্ধেক মূৰ তুলি চালে।“আমাৰ মৃত সৈনিকসকলৰ
আমি মাতৃসকল ইমান গৌৰৱান্বিত৷”
তাৰ পিছত তেওঁ তলমূৰ কৰিলে।”
ইয়াত জেকৰ পৰি যোৱা (fell down) কথাষাৰে ইংৰাজী জনপ্ৰিয় “Jack and Jill went upto the hill to fetch a pail of water/ Jack fell down and broke his crown/ And Jill came tumbling after” নাৰ্ছাৰী ৰাইমটোলৈ মনত পেলাই দিয়ে, যি একে সময়তে শিশুৰ বাবে সতৰ্কতামূলক, আনহাতে পাহাৰ বগাবলৈ গৈ মৃত্যু বৰণ কৰিবলগীয়া হোৱা অৰ্থাৎ জীৱনৰ এক বেদনাদায়ক পৰিণতি- পতনৰ সূচক। নাৰ্ছাৰী ৰাইমটোত ভাগি পৰা মুকুটৰ উল্লেখে কোনো ৰাজকীয় চৰিত্রৰ পতনৰ ইংগিতো বহন কৰিছে। যথাৰ্থতে এটা ‘ডাৰ্ক কবিতাʼক যুদ্ধত নিহত সৈনিকৰ বিষয়ে ৰচনা কৰা কবিতাত তাৎপৰ্যপূৰ্ণ হিচাপে ব্যৱহাৰ কৰা হৈছে।
ছিয়েগফ্ৰাইডৰ আন এটা কবিতা ‘Does it Matter?’-ৰ প্ৰথম শাৰী দুটা হʼল:
“তোমাৰ ভৰি দুখন হেৰুৱালা, তাতে কিনো হʼল?
তোমাৰ কাৰণে মানুহ সদায় দয়ালু হৈ থাকিব।”
কবিতাটোত ব্যৱহাৰ কৰা হৈছে তিক্ত বিদ্ৰূপ আৰু যুদ্ধৰ আঘাতৰ ভয়াৱহ বাস্তৱতাৰ সৈতে বাহ্যিক আশ্বাসৰ বিপৰীতে দয়াই অপ্ৰত্যাৱৰ্তনীয় ক্ষতিৰ ক্ষতিপূৰণ দিয়া ধাৰণাটোক ভেঙুচালি কৰিছে।
টি. এছ. এলিয়ট যুদ্ধোত্তৰ কালৰ এজন অতি প্ৰভৱশালী আৰু গুৰুত্বপূৰ্ণ আধুনিক কবি। তেওঁৰ ‘Gerontionʼ, ‘The Waste Land’ আৰু “The Love Song of J. Alfred Prufrock” নামৰ কবিতাকেইটা যুদ্ধোত্তৰ দৃষ্টিভঙ্গীৰে প্ৰত্যক্ষ কৰা সমাজ বাস্তৱতাৰ পটভূমিত ৰচনা কৰা। ‘The Waste Land’ কবিতাটোত এনে এখন পৃথিৱীক চিত্রিত কৰিছে যি ‘শুকানʼ, ‘শিলাময়ʼ আৰু আধ্যাত্মিকভাৱে শূন্য আৱৰ্জনা (waste) ভূমি। তেওঁ যেতিয়া কৈছে, লণ্ডন ব্ৰীজত কুঁৱলীৰ মাজেৰে অহা-যোৱা কৰা মানুহৰ মাজত মানুহ দেখা পোৱা নাই আৰু ইমান মানুহক মৃত্যুৱে অপসাৰিত কৰিছে বুলিও বিশ্বাস কৰা নাই, (..death had undone so many), তাৰ দ্বাৰা তেওঁ নৈতিক আৰু আধ্যাত্মিক অৱক্ষয়ৰ পৰিণতিত আত্মিক পৰিচয় হেৰুৱাই পেলোৱা মানুহ আৰু সভ্যতাৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰিছে। এলিয়টৰ ‘Gerontionʼ কবিতাটো প্ৰথম বিশ্বযুদ্ধৰ পিছৰ য়ুৰোপক ব্যক্তিগত দৃষ্টিকোণেৰে প্ৰত্যক্ষ কৰা এজন বুঢ়া মানুহৰ একক নাটকীয় সংলাপ। কবিতাটোত প্ৰতিধ্বনিত হৈছে সেই প্ৰতিনিধিত্বমূলক মানুহৰ কণ্ঠস্বৰ, যিসকল ‘ক্ষয়প্ৰাপ্তʼ (decayed) ঘৰৰ বাসিন্দা আৰু এই নিৰ্মম সত্যটো উপলব্ধি কৰা বুঢ়া মানুহজন সভ্যতা তথা মানৱজাতিৰ কৰুণ খণ্ডিত ৰূপটোত চিন্তিত। কবিতাটোত এজন এনে মানুহ আৰু এক সভ্যতাৰ হতাশাব্যঞ্জক চিত্র অংকন কৰিছে যি বিশ্বাসৰ অবিহনে জীৱন অতিবাহিত কৰিছে আৰু আশাৰ অবিহনেই পৰিণতিৰ সন্মুখীন হৈছে। এলিয়টৰ ‘The Love Song of J. Alfred Prufrock’ নামৰ কবিতাটোৰ প্ৰথম স্তৱকটো সন্ধিয়াৰ ৰোমাণ্টিক পৰিৱেশটোক ইথেৰাইজড ৰোগীৰ সৈতে তুলনা কৰি যি ধৰণৰ বিচ্ছিন্ন চেতনাৰ উদ্ভট সংযোগ তৈয়াৰ কৰি প্ৰকাশ কৰিছে, সি কেৱল বাস্তৱৰ কৰ্কশ ৰূপটোকেই প্ৰতিনিধিত্ব কৰা নাই, সভ্যতাৰ প্ৰতি প্ৰত্যাহ্বানবোৰৰো সংকেত বহন কৰিছে। এলিয়টে অংকিত কৰা এই চিত্রকল্পবোৰ মানুহৰ মনত মহাযুদ্ধই জন্ম দিয়া চৰম আশাহত আৰু উদ্ভট মানসিকতাৰ বহিঃপ্ৰকাশ।
আমাৰ আজিৰ নৱপ্ৰজন্মৰ বাবে মহাসমৰ দুখন সুদূৰ অতীতৰ ঘটনা। জাপানীসকলৰ বাহিৰে বিশ্বৰ বহুতেই যুদ্ধৰ বীভিষিকাক বিশেষভাৱে স্মৰণ নকৰে৷ কিন্তু ভয়ংকৰ অতীতক কোনেও স্মৰণ কৰিবলৈ নিবিচাৰিলেও অতীতৰ ঐতিহাসিক মূল্য নোহোৱা হৈ নায়ায়।কহিমাৰ যুদ্ধৰ স্মাৰকত খুদিত মৰ্মস্পৰ্শী কবিতা ফাকিয়ে আমাক সোঁৱৰাই থাকে: “When you go home/ Tell them of us/ For their tomorrow/ We gave our today.”। আনহাতে আজিৰ আধুনিক পৃথিৱীত দেখা দিয়া মূল্যবোধৰ সমস্যাবোৰ যুদ্ধ-বিধ্বস্ত দুঃস্বপ্নময় ভয়ংকৰ অতীতৰ পৰাই আধুনিক মানুহে উত্তৰাধিকাৰ সূত্রে আহৰণ কৰা। প্ৰথম মহাযুদ্ধৰ সময়ত নিজৰ জীৱন বিপন্ন কৰি যুদ্ধৰ বিৰুদ্ধে থিয় দিয়া একমাত্র ব্যক্তি আছিল দাৰ্শনিক বাৰ্ট্ৰাণ্ড ৰাছেল। যুদ্ধৰ পৰৱৰ্তী কালত ৰাছেলৰ যুদ্ধ বিৰোধী স্থিতিৰ যুক্তিযুক্ততা অনেকেই বুজিব পাৰিছিল। ৰাছেলে মানুহৰ নিয়ন্ত্ৰণহীন আকাংক্ষা আৰু সমাজত বিজ্ঞানৰ প্ৰভাৱ সম্পৰ্কতো কিছু গুৰুত্বপূৰ্ণ কথা কৈ থৈ গৈছে। বিশ্বযুদ্ধ অতীতৰ ঘটনা হʼলেও বাৰ্ট্ৰাণ্ড ৰাছেলৰ কথাবোৰৰ প্ৰাসংগিকতা আজিও আছে। আনহাতে মহাযুদ্ধৰ আশংকা যে অন্ত পৰিছে এই কথা কʼব নোৱাৰি। কিছু মানুহৰ ভযংকৰ অসহিষ্ণুতা আৰু ক্ষমতাকেন্দ্ৰিক বিবাদ আছিল বিশ্বযুদ্ধৰ অন্যতম কাৰণ। দেখা গৈছে ইতিহাস পুনৰাবৃত্তিৰ পথত অগ্ৰসৰ হৈছে। কিবা কাৰণত তৃতীয় মহাযুদ্ধ যদি আৰম্ভ হৈ যায়, তাৰ পৰিণতি কি হʼব আমাৰ জ্ঞানমূলক ক্ষমতাৰ বাহিৰৰ এক অচিন্তনীয় বিষয়। যুদ্ধোত্তৰ কালৰ এই কবিসকলৰ বেছিভাগেই মহাযুদ্ধত অংশগ্ৰহণকাৰী। তেওঁলোকে প্ৰত্যক্ষ অভিজ্ঞতাৰ ভিত্তিতে যুদ্ধ-বিৰোধী কবিতাবোৰ ৰচনা কৰিছিল। তৃতীয় যুদ্ধ আৰম্ভ হʼলে আমাৰ কোনোবা আধুনিক কবি যুদ্ধৰ কাব্য ৰচনাত ব্ৰতী হʼব পাৰিব নে নোৱাৰে সন্দেহৰ বিষয়। সেই পৰিস্থিতিটো কবি ৰৰ্বাট গ্ৰেভছে “An Occasion” নামৰ কবিতাটোত কোৱাৰ দৰেও হʼব পাৰেঃ
“ বাহিৰত ধুমুহা…
কাঁচৰ দুৱাৰবোৰৰ দুটা খিলি খট্ কৰি পৰি গʼল,
উদ্দাম ধুমুহা এজাক চিৎকাৰ কৰি ভিতৰলৈ সোমাই আহিল,
তোমাৰ কবিতাবোৰ বতাহত ডেউকা কোবাই উৰি ফুৰিল.
আৰু দীপশিখাটো নুমাই গʼল।”
ৰমেন শইকীয়া গুৱাহাটী নিবাসী এগৰাকী অধ্যয়নপুষ্ট লেখক।