অনুবাদ: হৰেকৃষ্ণ ডেকা
কি দুঃখ৷ আমি আছিলোঁ ইমান ভাল এক আৱিষ্কাৰ
সিহঁতে কাটি পেলালে
মোৰ কটিদেশৰ পৰা তোমাৰ কৰঙন৷
মোৰ কাৰণে সিহঁত সকলোৱেই
একোজন শৈলবিষাৰদ৷ সিঁহত সকলোৱেই৷
সিহঁতে আমাক ভাঙি পেলালে
এজনৰ পৰা আনজনক খুলি-মেলি৷
মোৰ কাৰণে সিহঁত সকলোৱেই
একোজন যন্ত্র-বিষাৰদ৷ সিহঁত সকলোৱেই৷
কি দুঃখ৷ আমি যে আছিলোঁ কি ভাল
এক মৰমলগা আৱিষ্কাৰ৷
পতি-পত্নীৰে সজা এখন উৰাজাহাজ৷
দুখন ডেউকা আৰু সকলোখিনিৰে
আমি মাটিৰ ওপৰত ক্ষন্তেক ভাহি আছিলোঁ৷
আমি আনকি অলপ উৰাও মাৰিছিলোঁ৷
য়েহুদা আমিখাই (১৯২৪-২੦੦੦) ইজৰায়েলৰ কবি। মূল কবিতা লিখা হৈছিল হিব্রু ভাষাত৷ অসমীয়ালৈ কেইবাটাও ইংৰাজী অনুবাদৰ সহায় লৈ কৰা হৈছে৷ এই কবিতটোৱে উত্তৰ ভাৰতৰ খাপ পঞ্চায়তবোৰৰ নিষ্ঠুৰতালৈ মনত পেলায়। প্রথাৰ বাহিৰত বিবাহপাশত আৱদ্ধ হোৱা ডেকা-গাভৰুক মধ্যযুগীয় নিষ্ঠুৰতাৰে শাস্তি দিয়া হয় এই পঞ্চায়তবোৰৰ একপক্ষীয় আদালতত৷ কিন্তু য়েহুদা আমখাই ইজৰাইলৰ কবি আৰু কবিতাটোৰ ক্ষেত্রত তাৰ ৰাজনৈতিক আৰু ধর্মীয় পৰিৱেশহে প্রাসঙ্গিক৷ হিব্রু ভাষাৰ মূল কবিতাটোত মাত্র ৩৫টা শব্দ আছে আৰু এইখিনি তিনিটা স্তৱকত এঘাৰটা শাৰীত প্রকাশিত৷ হিব্রু ভাষাৰ কালিকাত সেয়ে অনুভূতি বেছি ঘনীভূত অৱস্থাত পোৱা যায়৷ কবিতাটোত নিভৃত সহবাসত আত্মমগ্ন এহাল নৰ-নাৰীৰ জীৱনত আন কিছুমান মানুহে (ৰাজনৈতিক বা ধর্মীয়) নিষ্ঠুৰতাৰে হস্তক্ষেপ কৰিছে আৰু মিলনত বাধা দিছে৷ প্রথম আৰু দ্বিতীয় স্তবকৰ চিত্রকল্পত এই নির্যাতনৰ দুই ধৰণৰ উৎপ্রেক্ষা পোৱা যায়৷ যি ধৰণৰ নির্যাতন হৈছে সি মধ্যযুগীয় শাস্তিৰ তুলনীয়৷ সঁচাসঁচিকৈ হোৱা হ’লে পুৰুষজন নাৰীগৰাকীক সম্বোধন কৰিবলৈ জীয়াই নাথাকিলহেঁতেন৷ দুয়োটা চিত্রকল্পতে গভীৰ পৰিহাস প্রকাশ পাইছে৷ শৈলবিষাৰদে অস্ত্রোপচাৰ কৰে ৰোগৰ আৰোগ্যৰ বাবে আৰু যন্ত্রবিষাৰদে যন্ত্র তৈয়াৰ কৰে নির্মাণৰ বাবে৷ ইয়াত তাৰ ওলোটা হৈছে৷ যিসকল হ’ব লাগিছিল প্রতিপালক, সেইসকলে ভূমিকা লৈছে বর্বৰৰ৷ ক্ষোভ ইয়াত উদ্গীৰিত হৈ পৰা নাই, গভীৰ বেদনাৰে সিক্ত আৰু তাৰ মর্মন্তুদ কাৰুণ্য গোটেই কবিতাটোতে ব্যাপ্ত হৈ পৰিছে৷