কবিতা মই কিয় লিখোঁ?

ৰাজীৱ বৰুৱা

Issue: Vol. IV, No. 2, August-October, 2025

মই কিয় লিখোঁ? ই একপ্রকাৰ চোবা বাক্য(cliché)ৰ দৰে। যুগৱধি লেখকসকল এই প্ৰশ্নৰ মুখামুখি হৈ আহিছে। ইয়াৰ উত্তৰ অনেক দেশী-বিদেশী লেখকৰ লেখাত কৌতূহলেৰে পঢ়িছোঁ। সেই সকলোৰে ভিতৰত সৌৰভ কুমাৰ চলিহাৰ উত্তৰটো মোৰ বেছি মনঃপুত। তেওঁ ওলোটাই প্ৰশ্নকৰ্তাক সুধিছিল : ঘড়ীটোৱে কিয় টিক্ টিক্ কৰে? আমি সুধিছোঁ জানো?

ৰাজীৱ বৰুৱা

মোৰ ব্যক্তিগত কথা এনেকৈ ক’ম : মোৰ এটা আত্ম-পৰিচয় আছে। এই পৰিচয় জ্ঞাপন কৰিব খোজোঁ মোৰ লেখা-মেলাৰ জৰিয়তে। কাৰণ কিছু পৰিমাণে এই কামৰ বাহিৰে অন্য কাম কৰিবলৈ মই অক্ষম। দ্বিতীয়তে, লিখাৰ বাবে এক প্ৰকাৰ তাড়ণা অনুভৱ কৰোঁ। বহুতে ইয়াক দিব্য উপস্থিতি বুলি কয়।

শেহতীয়াভাবে, দীৰ্ঘ  অনুশীলনৰ পিছত লিখাটো মোৰ প্ৰবৃত্তিগত হৈ পৰা যেন লাগে। লেখাৰ সময়ত মোৰ দৃষ্টিত সদায় এগৰাকী বা একাধিক ৰসবেত্তা পঢ়ুৱৈ থাকে।

কবিতা কেনেকৈ লিখোঁ, যিমান পাৰি সহজকৈ ক’ম৷ তাৰ আগতে কৈ লওঁ: কবিতা দীক্ষিত পাঠকে (এজন হ’লেও) পঢ়িব বুলি লিখোঁ৷ লিখাৰ উদ্দেশ্য মোৰ আত্মপ্ৰচাৰ? মানুহে মোক চিনি পাওক? এওঁ লিখে —এই কল্পনা-কৰ্ম মই আজি প্ৰায় ৪৫ বছৰ ধৰি কৰি আহিছোঁ৷ মই বন্ধৰ দিনা লিখোঁ (Holiday writer)৷ কবিতা লিখোঁ বুলি যেতিয়া পাহৰি যাওঁ, তেতিয়াই পিছৰ কবিতাটো লিখিবলৈ বহোঁ৷ কবিতা এটা লিখিবলৈ বহিলে প্ৰথমে মোক জোঁকাৰি যোৱা বা মনত গভীৰ অভিঘাত সৃষ্টি কৰা ঘটনা, দৃশ্য বা মুহূৰ্তবোৰৰ কথা যথাসাধ্যে মনঃসংযোগেৰে ভাবোঁ৷ কবিতা কোনো কোনো মুহূৰ্তৰ উপাৰ্জন৷ এইবোৰৰ বেছিভাগ যেতিয়াই দেখোঁ তেতিয়াই বহীত টুকিও থওঁ৷ এইবাবে প্ৰায়বোৰ কবিতাৰে প্ৰথম খচৰা মনৰ ভিতৰতে চলে৷

ঘাইকৈ মানুহৰ জীৱন-জিজ্ঞাসা, জন্ম-মৃত্যু, মানুহৰ সম্ভাৱনা, বিপৰ্যয়, তথাকথিত আধুনিকতাৰ চাপত মানৱীয় প্ৰমূল্যৰ ক্ষীয়মাণ ৰূপ, তাত দেখা বৈপৰীত্য আৰু স্ববিৰোধিতা —এই কথাবোৰ মই কৌতূহলেৰে চাওঁ৷ তেনে ঘটনা-দৃশ্যই মোৰ মন টানি নিয়ে৷ এইবোৰ দেখিলে লগে লগে টুকি থওঁ৷ নহ’লে পাছত পাহৰোঁ৷ টুকি নোথোৱা দোষত বহুত সমল হেৰুৱালোঁ৷ অৱশ্যে হাতৰপৰা পলাই যোৱা মাছটো সদায় ডাঙৰ৷ কিন্তু পৰ্যটকৰ দৰে কোনো দৃশ্য বা ঘটনা বৰ্ণনা কৰা মোৰ কাম নহয়৷ কবিতা সন্নিকট বাস্তৱৰ হুবহু বৰ্ণনা নহয়৷ তেনে লেখা প্ৰপাগাণ্ডাহে হ’ব৷ এই কাম সংবাদসেৱীৰ৷ তাক কবিতা কৰিবলৈ মই কল্পনা কৰ্ম কৰিব লাগিব৷ অৰ্থাৎ তাত কবিতাৰ অলংকাৰ আদি প্ৰয়োগ কৰি আঁৰ কাপোৰ এখন তৰিব লাগে৷ কিন্তু মই কবিতাক এগালমান অলংকাৰ পিন্ধাব নিবিচাৰোঁ৷ এজোপা গোলাপফুলত কিমান পানী লাগে এই অনুপাতটো অভিজ্ঞতাৰপৰা শিকিছোঁ৷ কবিতাক মই ৱৰ্ডছৱৰ্থ, স্পেণ্ডাৰ বা নেৰুড়াই কোৱাৰ দৰে কথিত ভাষাৰ ওচৰ চপাই আনিব বিচাৰোঁ৷

এজন ফৰাচী ঔপন্যাসিক আছিল৷ জৰ্জ চিমেনো৷ কিবা লেখাৰ আগতে তেওঁ সদায় ব্লাডপ্ৰেছাৰ পৰীক্ষা কৰাই লৈছিল৷ তাৰ পাছত ঘৰৰ দুৱাৰ বন্ধ কৰি টেলিফোনটো নমাই থৈ লিখিবলৈ বহিছিল৷ ময়ো অকলে নিৰলাত বহি লিখোঁ৷ লিখি থাকোঁতে কোনোবাই দেখিলে লাজ লাজ লাগে৷ কাৰণ তেতিয়া মই ‘মই’ হৈ নাথাকোঁ৷ নিজকেই অচিনাকি যেন লাগে৷ প্ৰথমে মনলে’ আহে সজীৱ স্মৃতিবোৰ৷ কল্পনা-কৰ্ম আমাৰ স্মৃতিৰে কচৰৎ মাত্ৰ৷ দ্বিতীয় খচৰাটো কৰোঁ৷ মোৰ ভিতৰৰ সমালোচকজনক দেখুৱাই লওঁ৷ তেওঁ নামঞ্জুৰ কৰিলে ফালি পেলাই দিওঁ৷ আকৌ লিখিবলৈ লওঁ নতুনকৈ৷ কবিতাটোত নিজকে উন্মুক্ত কৰি দিওঁ৷ তাৰপাছত কিছু দূৰৰপৰা চাই থাকোঁ৷ পৰিমাৰ্জন কৰোঁ৷ কেতিয়াবা একাধিকবাৰ, তাৰ পাছত ‘কবিতা’টো উচ্চাৰণ কৰি পঢ়ি চাওঁ৷ এইদৰে পঢ়িলে অন্য পাঠকৰ দৃষ্টিৰে পঢ়া যেন লাগে৷ অনুভূতি, সংবেদন আৰু অভিজ্ঞতা — মোৰ মূলধন৷ মোৰ অনুভূতিয়ে অকলে একো কৰিব নোৱাৰে যদিহে মোৰ অভিজ্ঞতা নাথাকে৷ এই কাৰণে ৰিল্কেই কৈছিল— verses are experiences৷ কবি অভিজ্ঞতাৰ উপভোক্তা৷ অভিজ্ঞতা কবিক লাগিবই৷ ৰিল্কেই কবিক নানান দেশ-গাঁও-চহৰ ফুৰি অভিজ্ঞতা গোটাবলৈ কৈছিল৷ নেৰুডাই কৈছিল— পথেই কবিৰ ধৰ্ম৷ মই সেয়ে অভিজ্ঞতা গোটাবলৈ ভ্ৰমণ কৰোঁ৷ কিতাপত যিহেতু মানুহৰ অভিজ্ঞতাবোৰ থূপ খাই থাকে, সেয়ে কিতাপ পঢ়োঁ৷ কাৰণ সকলো অভিজ্ঞতা নিজে অৰ্জা সম্ভৱ নহয়৷ কিছুমান কবিয়ে একেটা কবিতাকে লিখি থাকে৷ এই দিশত মই সাৱধান, যাতে পুনৰাবৃত্তি নহয়৷ ৰবাৰ্ট ফ্ৰষ্টে কোৱাৰ দৰে মই ভাবোঁ কবিসকলে কিবা এটা ধুনীয়াকৈ কৰিবলৈ শিকি তাৰপৰা আঁতৰি অহা উচিত৷ ইয়াকে আমি পৰ্বান্তৰ বুলি কওঁ নেকি? কবি ফেইজ আহমেদ ফেইজৰ এই কথাষাৰ ইয়াত প্ৰাসংগিক হ’ব বুলি তুলি দিছোঁ: “I don’t really know how one writes. Sometimes while reading a book, a phrase or sentence or an image or a rhyme slicks in mind, and ultimately, ends up in a poem.”

এবাৰ ন’বেল বঁটা-বিজয়ী ফৰাচী কবি ছেণ্ট জন পেচ আমেৰিকালৈ যোৱাত তেওঁক মহান বিজ্ঞানী আইনষ্টাইনে নিমন্ত্ৰণ কৰিলে৷ কথাপ্ৰসংগত বিজ্ঞানীগৰাকীয়ে কবিক সুধিলে: আপুনি কবিতা কেনেকৈ লিখে? কবিয়ে উত্তৰ দিলে: স্বজ্ঞাৰে (by intuition)৷ আইনষ্টাইনে মুগ্ধচিত্তে কলে: আমি বিজ্ঞানীসকলেও একেধৰণৰ কামকে কৰোঁ৷ আৰম্ভণিতে সকলোবিলাক কল্পনা৷ উল্লেখযোগ্য যে পেচ প্ৰসংগত কবি অজিৎ বৰুৱাই কৈছিল: কবিতা যদি শব্দৰ সম্ভাৱনাৰ সন্ধান, তেন্তে পেচ শব্দৰ শ্ৰেষ্ঠ সন্ধানকাৰীসকলৰ এজন৷ উচ্চ কল্পচিত্ৰমালাৰ ৰচোঁতা হিচাপে তেওঁ বৰ ওখ কবি৷ বৰুৱাই পেচৰ কবিতা মূল ফৰাচীৰপৰা অসমীয়ালৈও ভাঙিছিল৷ মানৱ মনস্তত্ত্ব মূলতঃ নিৰ্মাণ হৈছে দুই প্ৰধান আধাৰেৰে : স্মৃতি আৰু কল্পনা৷ কল্পনা প্ৰসংগত মনলে’ আহে শ্বেইক্সপীয়েৰ ৰ A Midsummer Night’s Dream নাটকখনৰ এটা সংলাপ, “উন্মাদ, প্ৰেমিক আৰু কবি কল্পনাৰ ধনী৷” কল্পনা আৰু কবিতা যেন মাতৃ আৰু তেওঁৰ দুহিতা৷ মই মোৰ ইন্দ্ৰিয়ই ঢুকি পোৱা সকলো জড় আৰু জঙ্গম বস্তুকে কবিতাৰ ৰূপ দিব বিচাৰোঁ৷ দিছোঁও, যেনে— কাঠৰ টুল, পিয়াঁজ, জোতাযোৰ, পুখুৰী আদি৷ শুভ-অশুভ, সুন্দৰ-অসুন্দৰ সকলোতে মই বিচৰণ কৰি অৰ্থ-অনৰ্থ(আপাত দৃষ্টিত)ৰ বিনিৰ্মাণ কৰিব বিচাৰোঁ৷ শংকৰ গুৰুজনাই তেতিয়াই কৈছিল, “নীচত সাধুত যাৰ ভৈল এক জ্ঞান৷” সময় অনুভূতিক ঘনীভূত ৰূপ দিয়াৰ লগতে শৈল্পিক প্ৰাবল্য দিয়াৰ চেষ্টা কৰোঁ৷

কবিতা এটা লিখি থাকোঁতে গভীৰ মনোনিৱেশ কৰাৰ চেষ্টা কৰোঁ৷ শাৰী পাতি অহা স্মৃতি (অভিজ্ঞতা) আৰু গভীৰ ভাব-অনুভূতিৰ ৰসায়নত মনোজগত তন্ময় হৈ পৰে৷ মনে প্ৰসৱ কৰে বোধ৷ মনৰ এই অৱস্থাক প্ৰকাশ কৰিবলৈ বাহক কৰি লওঁ শব্দক৷ বোধ বা বিষয়ে নিজে বাছি লয় আংগিক৷ কেতিয়াবা কিছুমান শাৰী ক’ব নোৱৰাকৈয়ে আহি যায়৷ পাছত নিজৰে আচৰিত লাগে৷ মই কেনেকৈ লিখিলোঁ? লিখি থাকোঁতে এমিলি ডিকিনছনৰ এইষাৰ কথাই মোক বৰ সহায় কৰে— “Tell all the truth but tell it slant.” ঠিক ঘৰ এটা সজাৰ দৰে৷ ঘৰটো সজাৰ পাছতহে ক’ব পাৰি কেনে হ’ল৷ কবিতাটো লিখি শেষ কৰোঁ— কিন্তু একো নহয়গৈ, অতৃপ্তি জাগে সদায়৷ সদায়ে ভাবোঁ এইটো এটা ভাল কবিতা হ’বগৈ— পাছত কিন্তু সদা অতৃপ্তিৰ ভাবে পীড়া কৰে৷

ৰাজীৱ বৰুৱা অসমীয়া ভাষাৰ এগৰাকী জ্যেষ্ঠ কবি আৰু আকাশবাণীৰ অৱসৰপ্ৰাপ্ত বিষয়া৷ অসমীয়া ভাষাত তেওঁৰ এতিয়ালৈকে আঠটা কবিতা-সংকলন প্ৰকাশ পাইছে৷ ১৯৯৯ চনত তেওঁ পানীৰ ঘৰ সংকলনৰ বাবে মুনীন বৰকটকী বঁটা লাভ কৰিছিল৷