অনুবাদ: ৰশ্মি ৰেখা বৰা হাজৰিকা
Issue: Vol. IV, No. 3, November-January, 2025-26
টোকা: ৱিলিয়াম বাটলাৰ য়েটছ (জ. ১৮৬৫-মৃ. ১৯৩৯) আছিল এজন প্ৰভাৱশালী আইৰিছ কবি আৰু কুৰি শতিকাৰ সাহিত্যৰ এজন আগশাৰীৰ সাহিত্যিক। ঊনবিংশ শতিকাৰ শেষৰ ফালে আইৰিছ পৌৰাণিক কাহিনী আৰু লোককথাৰ মাজত গভীৰভাৱে শিপাই থকা ৰোমাণ্টিক, গীতিময় কবিতাৰে তেওঁ সাহিত্য-চৰ্চা আৰম্ভ কৰিছিল। ক্ৰমান্বয়ে তেওঁৰ শৈলী অধিক প্ৰতীকী, আধুনিকতাবাদী আৰু ৰাজনৈতিকভাৱে প্ৰভাৱিত হৈ কুৰি শতিকাৰ আৰম্ভণি সময়ছোৱাৰ অস্থিৰতাক প্ৰতিফলিত কৰিছিল। আইৰিছ সাহিত্যৰ পুনৰুত্থানত তেওঁ আছিল এক কেন্দ্ৰীয় শক্তি আৰু তেওঁৰ কবিতাৰ বিষয়বস্তু প্ৰায়ে আছিল আইৰিছ পৰিচয়, জাতীয়তাবাদ, প্ৰেম আৰু আধ্যাত্মিক আৰু পাৰ্থিৱ জগতৰ মাজৰ সংঘাত। তেওঁ ১৯২৩ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল। তেওঁৰ পিছৰ ৰচনাসমূহত তীক্ষ্ণ চিত্ৰকল্প, দাৰ্শনিক গভীৰতা আৰু প্ৰতীকৰ জটিল ব্যৱহাৰ দেখা যায়।
পুনৰুত্থান
ক্ৰমবৰ্ধমান ঘূৰ্ণী বলয়ত
চক্ৰাকাৰে ঘূৰি ঘূৰি
শেনে শুনা নাপায় শেনচোৱাৰ মাত;
গোটেইখন তচনচ; কেন্দ্ৰ ধৰি ৰাখিবলৈ অপাৰগ;
পৃথিৱীত অৰাজকতাৰ ৰাজত্ব,
ৰক্তাক্ত জোৱাৰ, আৰু সকলো ফালে
সলিল সমাধি ঘটে নিৰ্দোষিতাৰ উপলক্ষ;
যি ক্ষেত্ৰত শ্ৰেষ্ঠ সকল ভোগে আত্মবিশ্বাসৰ অভাৱত
নিকৃষ্ট সকল আৱেগৰ উছাহত মতলীয়া।
নিশ্চয়কৈ কিবা এটাৰ আগন্তুক যেন;
নিশ্চয়কৈ পুনৰুত্থান সন্নিকট।
পুনৰুত্থান! শব্দটো উচ্চাৰিত হ’ল কি নহ’ল
পৰম ব্ৰহ্মৰ পৰা ওলোৱা এক বিশাল প্ৰতিচ্ছবিয়ে
মোৰ চকু চাৎ মাৰি ধৰিলে: ক’ৰবাত মৰুভূমিৰ বলুকাত
সিংহৰ শৰীৰ আৰু মানুহৰ মূৰেৰে এটা অৱয়ব
সূৰ্যৰ দৰে নিস্পৃহ আৰু নিৰ্মম এক দৃষ্টিৰে
ধীৰে ধীৰে উৰুত ভৰ দি উঠি আহিছে, তাৰ চৌপাশে
পাক খাই খাই ঘূৰিছে মৰুৰ ক্ষোভিত পক্ষীৰ প্ৰচ্ছায়া।
পুনৰ এন্ধাৰ নামিছে; কিন্তু এতিয়া মই জানো
মৰটোপনিৰ কুৰি শতিকা এখন
দোলনাৰ নিচুকনিত পৰিণত হৈছিল এক দুঃস্বপ্নত,
আৰু কেনে এক স্থূলকায় শ্বাপদ, অৱশেষত তাৰ সময় ঘূৰি আহিল,
বেথেলহেমত জন্ম গ্ৰহণ কৰিবলৈ ধীৰে ধীৰে অগ্ৰসৰ?
(মূল ইংৰাজী: ‘The Second Coming’)
তুমি যেতিয়া বুঢ়ী হ’বা
যেতিয়া তুমি বুঢ়ী হ’বা চুলি পকিব তন্দ্ৰালু অৱস্থাত
জুহালৰ কাষত কলমতিয়াই থাকিবা
এই পুথিখন মেলিবা
আৰু লাহে লাহে পঢ়িবা, আৰু সপোন দেখিবা অতীজৰ
তোমাৰ চকুযুৰিৰ কোমল চাৱনি আৰু গভীৰতাৰ ছায়াৰ;
কতই ভাল পাইছিল তোমাৰ কমনীয়তাৰ মধুৰ মূহূৰ্তবোৰ
সঁচাই হওক বা মিছাই হওক
তোমাৰ ৰূপ-লাৱণ্যক প্ৰেম কৰিছিল
কিন্তু এজনে তোমাৰ অভিযাত্ৰী আত্মাক ভাল পাইছিল
তোমাৰ পৰিৱৰ্তনশীল মুখৰ উদাস উদাস ভাবক ভাল পাইছিল
জ্বলি থকা আঙঠাবোৰৰ ওচৰলৈ আৰু অকণমান হাউলি বহোতে
তুমি কিঞ্চিৎ দুখেৰে ভোৰভোৰাৱা প্ৰেম কেনেকৈ পলাই গৈ
সৌ ওখ পৰ্বতখন অতিক্ৰমি
এজাক তৰাৰ মাজত মুখ লুকুৱাইছিলগৈ।
(মূল ইংৰাজী: ‘When You are Old’)
ৰশ্মি ৰেখা বৰা হাজৰিকা এগৰাকী অনুবাদক আৰু লেখক৷ ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে সাহিত্য চৰ্চা কৰা ৰশ্মিৰেখাই ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰাৰ উপৰি বহু অসমীয়া কবিতা ইংৰাজীলৈ অনুবাদ কৰিছে। তেওঁৰ গল্প, কবিতা আৰু বিভিন্ন অনুবাদ প্ৰান্তিক, আইনা জীৱনৰ, পূৰ্বদিশ, দৈনিক জনমভূমি, The Sentinel, The Assam Tribune আদিত প্ৰকাশ পাইছে।