অনুবাদ: হিতেন শর্মা
Issue: Vol. IV, No. 3, November-January, 2025-26
টোকা: ‘বাইজেণ্টিয়ামলৈ সামুদ্রিক যাত্রা’ আৰু ‘বাইজেণ্টিয়াম’ —এই কবিতা দুটা ডব্লিউ বি য়েটছ(জ. ১৮৬৫-মৃ. ১৯৩৯)ৰ কেৱল ব্যক্তিগতভাৱে দুটা শ্রেষ্ঠ ৰসোত্তীর্ণ কবিতা বুলি ক’লে অবিচাৰ কৰা হ’ব; কিয়নো এই কবিতা দুটাৰ কাব্য-সিদ্ধিৰ অতুলনীয় মহত্ত্ব আৰু আবেদনৰ গভীৰতাই যোৱা নটা দশকৰো অধিক কাল সমগ্র পৃথিৱীৰে কাব্য-ৰসিক পাঠক-সমাজক আনন্দ ৰস ঘন প্রভাৱেৰে অবিস্মৰণীয়ভাবে স্পৃষ্ট কৰি আহিছে। য়েটছৰ কাব্যিক মহাযাত্রা-পথৰ এই দুটা গৌৰৱশালী মাইলৰ খুঁটাই অনবহিত পাঠককো মুগ্ধ কৰি আহিছে পৰিকল্পনা আৰু তাৰ যথার্থ কাৰ্যকৰীকৰণৰ সংবদ্ধতাৰে। প্রথম স্তৰত আশা-ঘন ‘যাত্রা’ আৰু পৰৱৰ্তী স্তৰত ‘পৰিপূর্ণতা’ৰ অপৰিমেয় ব্যঞ্জনা। যেটছৰ এই কাব্যিক মহাযাত্রা ৩৩০ খ্ৰীঃত ৰোম সাম্রাজ্যৰ মহামতি সম্রাট কনষ্টেণ্টাইনে তেওঁৰ ৰাজধানী ৰোমৰ পৰা উঠাই আনি বাইজেণ্টিয়ামত প্রতিষ্ঠা কৰাৰ অনুষংগৰে যেন দুঢ়ভাৱে সংলগ্ন। বাইজেণ্টাইন সাম্রাজ্য অকল শৌৰ্যৰ মহত্ত্বৰেই বিখ্যাত নাছিল, বৰং মনোজগতৰ দার্শনিক, নান্দনিক আৰু আধ্যাত্মিক উৎকর্ষৰ কীর্তিসমূহহে আটাইতকৈ বেছি গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছিল। এই উৎকর্ষসমূহ এনেকুৱা এটা উত্তুংগ অৱস্থাপ্রাপ্ত হৈছিল যে বাইজেণ্টিয়াম সাম্রাজ্যখন অনন্ত ধামৰ প্রতীক স্বৰূপে ব্যঞ্জিত হ’ব ধৰিছিল। এই কবিতা দুটাই এই ব্যঞ্জনাটোৰ এটা সার্বিক ৰূপ দান কৰি অমৰ আয়ুস লাভ কৰিছে। ‘বাইজেণ্টিয়াম’ কবিতাটো য়েটছৰ The Winding Stair And Other Poems নামৰ সংকলনখনিত প্রথম প্রকাশিত।
বাইজেণ্টিয়াম
দিনৰ অপৱিত্ৰ চিত্ৰবোৰ আঁতৰি যাব লাগিছে;
সম্রাটৰ সুৰাসক্ত সৈন্যবলে বিছনা লৈছে;
ৰাতিৰ শব্দ-তৰংগমালা নৈশ-পথচাৰীসকলৰ গীতবোৰো নৈশব্দত হৈছে লীন
মহান গীর্জাঘৰৰ ঘণ্টাধ্বনিবোৰ যিদৰে গৈছে জীন;
নক্ষত্র খচিত অথবা জোনে জিলিকিওৱা স্তূপবোৰে অৱজ্ঞা কৰে
মানুহিক অস্তিত্বটোকে,
অযথা সকলোবোৰ জঞ্জালকে,
পাপিষ্ঠ ক্রোধ আৰু ক্লেদ প্রৱাহিত হৈ থকা সিৰে-সিৰে।
মোৰ সম্মুখত ভাহি আছে এখন জীয়া মানুহৰ ছবি অথবা ছায়াৰ প্রতিকৃতি,
জীয়া মানুহতকৈ বেছি সজীৱ ছায়া, ছায়াতকৈ বেছি জীৱন্ত প্রতিমূর্তি;
শ-ঢকা বস্ত্ৰেৰে পৰিবৃত নৰকৰ মহুৰাৰ আঁত
সেয়েইহে মোকোলাব পাৰে এই আউল লগা পথৰ জঁট;
ভাপকণো নথকাকৈ তেনেই শুকান আৰু শ্বাস বিহীন বদন যিখন
সেই খনেই মাতি আনিব পাৰে আয়ু অতিক্রমী অনন্ত জীবন;
মই অতি মানৱক সাদৰে জনাওঁ সম্ভাষণ;
মই ইয়াকে কওঁ জীৱন-মৃত আৰু মৃত্যু-জীনা জীৱন।
অলৌকিক, চৰাই নতুবা হাতে-গঢ়া সোণৰ নির্মিতি
তুলনা ক্রমে অধিকতৰ অলৌকিক চৰাই নতুবা হাতে-গঢ়া নির্মিতি,
সূৰ্যৰ ৰশ্মিৰে উদ্ভাসিত ডালত থাপনা কৰা,
নৰকৰ কুকুৰাৰ দৰে ডাক দিব পৰা,
অথবা সৰৱে শপনি পৰা জোনটিৰে হৈ বিৰক্ত,
শাশ্বত ধাতুৰ মহিমাৰে সাদৰৰ
সাধাৰণ চৰাই নতুবা পাপৰি ফুলৰ
আৰু মেদ অথবা তেজৰ সকলোবোৰ জটলা অস্তিত্ব।
মাজৰাতি সম্ৰাটৰ প্ৰস্তৰেৰে বন্ধোৱা পদ-পথত এই জ্বলে,এই নুমায়কৈ
অগ্নিশিখা কোনো ইন্ধন বিহনে অথবা ভাটি লোহা গলাবলৈ,
নাই কোনো ধুমুহা ঢেৰেকনি, অগ্নি শিখাৰ পৰাই বাজ ওলোৱা অগ্নি শিখা লেলিহান,
য’লৈ ৰক্তোৎপন্ন আত্মাবোৰ হয় আগুৱান
আৰু উত্তেজনাৰ জটিলতাবোৰে কৰে প্রয়াণ,
মৰি মৰি গৈ থাকে এটা নৃত্যৰ মাজলৈ
সমাধিৰ যন্ত্রণা বুকুৰ ভিতৰত থাকে ৰৈ,
জীয়া জুইৰ এনেহে যন্ত্রণা যে দগ্ধ কৰিব নোৱাৰে হাতৰ পাতলিৰ বন্ধন।
বহিছে আয়মেৰে শিহুৰ তেজ মঙহৰ পিঠিত দুই ভৰি বহলাই মেলি
আত্মাৰ পিছত আত্মাৰ লানি! কমাৰ-শালে বিভংগ কৰিছে প্লাৱনৰ কেলি
সম্রাটৰ সোণালী শাল।
নৃত্যৰতা চোতালৰ মাৰ্বলবোৰে
বিচূর্ণ কৰিছে তিক্ত আৱেগৰ জটিল অস্তিত্ববোৰ,
সেই প্রতিমূৰ্তিবোৰ এতিয়াও যিবোৰে
ন-ন প্রতিমূর্তি গঢ়ে,
সেই শিহুৱে দুফাল কৰা, সেই ঘণ্ট-ধ্বনিৰে পীড়িত কৰা সংসাৰ সাগৰ।
(১৯৩০)
(মূল ইংৰাজী: ‘Byzantium’)
…………………………
প্রাজ্ঞ কাব্য-ৰসিক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীৰ কৰ-কমলত শ্ৰদ্ধাৰে—
হিতেন শৰ্মা এগৰাকী কবি, অনুবাদক আৰু লেখক। মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ শৰ্মাৰ শেহতীয়া গ্ৰন্থ হল টি এছ এলিয়টৰ ফ’ৰ কোৱাৰ্টেটছৰ অসমীয়া অনুবাদ কবিতা চতুষ্টয়।