ড০ অনুৰাধা শৰ্মা
Issue: Vol. IV, No. 2, August-October, 2025

मुझे बचाना है
एक-एक कर
अपनी प्यारी दुनिया को
बुरे लोगों की नजर है
इसे खत्म कर देने को। (मुझे बचाना है)
নিজৰ মৰমৰ পৃথিৱীখন ৰক্ষা কৰিব লাগিব, বেয়া মানুহৰ কু-দৃষ্টিৰ পৰা সুৰক্ষা দিব লাগিব। বৰ্তমান পৃথিৱীৰ পৰিৱেশৰ প্ৰতি যি ভাবুকি আৰু নিঠুৰতা তাৰ প্ৰতিৰোধৰ বাবে সাহিত্য বা কবিতাৰ ভূমিকাক বিচাৰৰ ক্ষেত্ৰত বিনোদ কুমাৰ শুক্লৰ কবিতা এক প্ৰয়োজনীয় প্ৰসংগ। খুব চিনাকি শব্দ— এক কথাত সহজ কিন্তু সেই সহজ মাম্যমেৰেই তেওঁ পাঠকক লৈ গৈছে জটিল পৰিৱেশ এটাৰ মাজলৈ। কবিতাটোৰ শেষৰ ফালে আনকি সেই বাস্তৱতাও উন্মোচিত কৰিছে যে কোনো পৰলোকৰ বাবে নহয়, মৃত্যুৰ পাছত বা জীয়াই থাকোঁতেও এই পৃথিৱীখনেই সত্য৷
২০২৪ চনৰ জ্ঞানপীঠ বঁটা বিজয়ী কবি বিনোদ কুমাৰ শুক্লই লগভগ জয়হিন্দ; ৱহ আদমি নয়া গৰম কোট পহনকৰ চলা গয়া বিচাৰ কী তৰহ; সব কুছ হোনা বচা ৰহেগা; অতিৰিক্ত নহী; কবিতা সে লম্বী কবিতা; কভী কে বাদ অভী; প্ৰতিনিধি কবিতাএঁ; আকাশ ধৰতী কী খটখটাটা হ্যেয় আদি কবিতা-সংকলন তথা পেড় পৰা কম্বা; মহাবিদ্যালয় আদি গল্প-সংগ্ৰহ আৰু নৌকৰ কী কমীজ; দীৱাৰ মে এক খিড়কী ৰহতী থী; খিলেগা তো দেখেংগে; হৰী ঘাস কী চপ্পৰৱালী ঝোপড়ী ঔৰ বৌনা পাহাড় আদি উপন্যাসৰ মাজেৰে সৃষ্টিশীল সাহিত্যত নিজৰ অধিকাৰ সাব্যস্ত কৰিছে আৰু পাঠকৰ মাজত প্ৰতিষ্ঠা লাভ কৰিছে। আমাৰ এই আলোচনাৰ বাবে তেওঁৰ প্ৰতিনিধি কবিতাএঁৰ কবিতা লোৱা হৈছে। সাধাৰণ মানুহৰ শোক-দুখ-যন্ত্ৰণা, সমকালীন জীৱন অনুভৱ, পৰিৱৰ্তিত পৰিৱেশতন্ত্ৰই ইয়াৰ আৱহত থকা মানুহৰ জীৱনচৰ্যাৰ ওপৰত পেলোৱা প্ৰভাৱ আৰু মানুহৰ অসহায়তাৰ চিত্ৰ শুক্লৰ কাব্যচেতনাৰ মাজত উন্মোচিত হৈছে।
অৱশ্যে শুক্লৰ কবিতাৰ শৈলী আৰু বিষয় ইমান বহুমাত্ৰিক যে তাক এক নিৰ্দিষ্ট সাঁচত থৈ নিৰ্ণয় কৰা সহজ নহয়। কবিতাৰ শৈলী, বিষয়, ভাবনা, অভিব্যক্তি আৰু প্ৰকাশৰ স্বতন্ত্ৰতা ব্যাপক, বহুমাত্ৰিক আৰু ইমান গভীৰ যে এইবোৰ চিহ্নিত কৰি মূল্যায়ন কৰা জটিল। চিনাকি চৰিত্ৰ— বাটে-ঘাটে যাক লগ পাইছোঁ, বজাৰত আৰু কেতিয়াবা মোৰ নিজৰ ঘৰতেই অথচ এক যাদুকৰী উপস্থাপন কবিতাত পৰিলক্ষিত হয়। সহজ শব্দ, মিতবাক ৰীতি, পুনৰাবৃত্তি, কবিতাৰ মাজত ট্ৰমেটিক পৰিৱেশ উপস্থাপনৰ বাবে ন্যেৰেটিভ ষ্টাইলৰ ব্যৱহাৰ আদিয়ে পাঠকক কবিতাৰ গভীৰতাৰ মাজলৈ লৈ যায় আৰু সদা পৰিচিত ৰূপবোৰৰ মৰ্মাৰ্থই ‘অপৰিচিত’ৰ সন্ধান দিয়ে। কবিতাৰ শিৰোনামটোৰেই সাধাৰণতে তেওঁ প্ৰথম শাৰীটো আৰম্ভ কৰে। এয়াও এক উদ্ভাসন কৌশল। তাৎপৰ্যপূৰ্ণ যে বিনোদ কুমাৰ শুক্লৰ কবিতাৰ স’তে পৰিচয় থকা পাঠকে কবিৰ নাম নথকা আগেয়ে নপঢ়া কবিতা এটা পঢ়ি কৈ দিব পাৰিব কবিৰ নাম। ‘মুক্তিবোধ’ৰ দ্বাৰা অনুপ্ৰাণিত শুক্লৰ প্ৰথমৰ কবিতাত অনুপ্ৰেৰণাৰ অনুৰণন থাকিলেও পৰৱৰ্তী সময়ত সমকালৰ হিন্দী সাহিত্যত তেওঁ সম্পূৰ্ণ নিজা শৈলীৰে আগবাঢ়িছে। অশোক বাজপেয়ীয়ে হিন্দী সাহিত্যৰ কবি ঔপন্যাসিকৰ ‘বিৰল ধাৰা’টো শুক্লই অনুসৰণ কৰা বুলি উল্লেখ কৰিছে: ‘‘Shukla continues the tradition of a rare stream of poet-novelists in Hindi, including figures such as Prasad, Agyeya, Naresh Mehta and Shrikant Verma. He stands out as a master craftsman within the broader movement that emerged in the twentieth century, which celebrates and honoures the common man and everyday life.’’ সৰু চহৰত বাস কৰা সাধাৰণ মানুহৰ সংঘৰ্ষশীল জীৱন, কণ্ঠহীন আৰ্তি, আকাংক্ষা আৰু আত্মকেন্দ্ৰিকতাৰ সংঘাত— অতি শান্ত-পৰিশীলিত ৰূপত তেওঁ ব্যক্ত কৰিছে। প্ৰতিনিধি কবিতাএঁৰ সম্পাদক অৰবিন্দ ত্ৰিপাঠীয়ে ‘বিনোদ কুমাৰ শুক্ল কা আশ্চৰ্যলোক’ শীৰ্ষক পাতনিত কবি হিচাপে শুক্লৰ বিশিষ্টতা উল্লেখ কৰিছে এইদৰে : ‘‘তেওঁৰ কবিতা, কবিতাৰ তুমুল কোলাহলৰ মাজত চুপচাপ নিজৰ সৃজনত ব্যস্ত থকা দেখা পোৱা যায়। কোনো ধৰণৰ প্ৰদৰ্শন, ছল-কৌশল, ভ্ৰমৰ পৰা দূৰত থাকি তেওঁ নিজৰ পথ নিজে নিৰ্মাণ কৰে আৰু সেই পথত নিৰ্ভয়ে অকলে যাত্ৰা কৰাৰ সাহস দেখুৱায়। তেওঁৰ নিজৰ লক্ষ্য থিৰ কৰাত নিমগ্ন।’’ কবি-কৰ্মৰ মাজত এনে পৰীক্ষাৰ্থী বিৰল আৰু ব্যতিক্ৰম।
ত্ৰিপাঠীয়ে কোৱা এই ‘চুপচাপ’ জনগণৰপৰা বিচ্ছিন্ন হৈ আত্মমগনৰ প্ৰয়াস নহয়— নীৰৱে তেওঁ সাধাৰণ মানুহৰ দুখ-যন্ত্ৰণা, প্ৰাত্যহিক সংগ্ৰাম প্ৰত্যক্ষ কৰিছে আৰু তেওঁলোকৰ জীৱন-যাত্ৰা তেওঁৰ কাব্যানুভূতিৰ বিষয় হৈ ধৰা দিছে। সমাজ আৰু সভ্যতাৰ পৰিৱৰ্তনত ক্ষমতাসীন শ্ৰেণীটোৰ ছল-কৌশলত সাধাৰণ মানুহে কি হেৰুৱাইছে, কি বিচাৰিছিল আৰু কি পাইছে, তেওঁলোকৰ জীৱনৰ সংঘৰ্ষ, আশা-নিৰাশাবোৰ ‘মোৰ’পৰা ‘আমাৰ’ অনুভূতিলৈ বিস্তাৰিত হৈ ধৰা দিছে। অৰ্থাৎ শুক্লৰ আত্মমগ্নতাই সাধাৰণ মানুহৰ ‘অসহায়’ ৰূপটোকহে তুলি ধৰিছে, যি নৈৰ্ব্যক্তিক। এক দুখবোধ তেওঁৰ অধিক কবিতাতে প্ৰচ্ছন্ন ৰূপত আছে, কিন্তু সেই দুখবোধৰ পৰা মানৱ-জীৱনৰ চিৰন্তন বিশ্বাস প্ৰকটিত হৈছে। উদাহৰণস্বৰূপে, ‘হতাশ সে এক ব্যক্তি বৈঠ গয়া থা’ — এই কবিতাটোৰ শেষলৈ যদি চোৱা যায় — এই হতাশা কেৱল এজনেৰে নহয়, এনে হতাশা সাধাৰণজনৰ, বহুজনৰ — এই বিশ্বাসেই বাট বুলিবৰ এক ডাঙৰ শক্তি। এই সৰু কবিতাটো এনেধৰণৰ—
हताशा से एक व्यक्ति बैठ गया था
व्यक्ति को मैं नहीं जानता था
हताशा को जानता था
इसलिए मैं उस व्यक्ति के पास गया
मैंने हाथ बढ़ाया
मेरा हाथ पकड़कर वह खड़ा हुआ
मुझे वह नहीं जानता था
हम दोनों साथ चले
मेरे हाथ बढ़ने को जानता था
दोनों एक-दुसरे को नही जानते थे
साथ चलने को जानते थे।
‘হতাশা’ই দুগৰাকী ব্যক্তিক সংযোগ কৰিছে। নিম্নবিত্ত বা নিম্ন মধ্যবিত্তৰ পৰিহাস এয়ে যে এনে হতাশাই দুজনকে নহয় বহুজনকে স্পৰ্শ কৰে অনায়াসে। হতাশাও যে এক সমবেত শক্তিলৈ ৰূপান্তৰিত হ’ব পাৰে, তাৰ ইংগিত কবিতাটোত স্পষ্ট।
ঔপনিৱেশিক ভাৰতবৰ্ষৰ অবিভাজ্য মধ্যপ্ৰদেশৰ ছত্তীসগঢ়ৰ ৰাজনান্দগাঁৱত জন্ম লাভ কৰা বিনোদ কুমাৰ শুক্লৰ প্ৰথম কাব্য-সংকলন লগভগ জয়হিন্দ প্ৰকাশ পাইছিল ১৯৭১ চনত। আমি তেওঁৰ জন্মস্থানৰ কথা এইবাবেই উল্লেখ কৰিছোঁ — কাৰণ তেওঁ কবিতাত বাৰে বাৰে উভতি চাইছে নিজৰ ঠাইলৈ, গাঁৱলৈ। এতিয়া তেওঁৰ ‘লগভগ জয়হিন্দ’ কবিতালৈ আহিছোঁ — ১৯৪৭ চনত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগেয়ে এক জনপ্ৰিয় শ্লোগান আছিল— ‘জয়হিন্দ’, যাৰ অন্তৰ্নিহিত অৰ্থ হ’ল ‘ভাৰতৰ জয় হওক’। ইয়াৰ আগত কবিয়ে সংযোগ কৰা ‘লগভগ’ (প্ৰায়) এক আয়ৰনি — বিশেষভাৱে ভাৰতবৰ্ষই যেতিয়া স্বাধীনতা লাভ কৰিছে। ‘লগভগ জয়হিন্দ’ এই কবিতাটো তেওঁ লিখিছিল ১৯৬৫ চনত। দেশীয় ৰাজৰ স্বপ্নৰপৰা বাস্তৱলৈ থকা সুৰুঙাবোৰ তেওঁ ইতিমধ্যে প্ৰত্যক্ষ কৰিছে। জয় উল্লাসৰ কবি শুক্ল নহয়, সেয়ে সৰলৰৈখিক দৃষ্টিৰে নাচাই নীৰৱে চুক এটাৰ পৰা ‘জয়হিন্দ’ পৰ্যবেক্ষণ কৰিছে। তেওঁৰ কাব্যৰ সংবেদনাত এক নিৰন্তৰ দুখবোধ অনুভূত হয় — আচলতে যিবোৰ ঘটনা-পৰিঘটনাত মানুহ উল্লাসিত হয় সেই উল্লাসৰ বৈপৰীত্যত তেওঁ আন এখন ছবিও দেখে। ‘মংগল গ্ৰহ ইস সময় পৃথৱী কে বহুত পাস আ গয়া হ্যয়’ কবিতাত ‘মগলু! তুমহাৰা মংগল হো’ শাৰীটোৱে উন্মুক্ত কৰিছে বিজ্ঞানৰ আলোকে পোহৰাব নোৱাৰা ‘মগলু’ৰ জীৱনৰ ছবি।
বিনোদ কুমাৰ শুক্লৰ কবিতাৰ বহিৰ্দৃষ্টিৰ পৰা পাঠকে যেতিয়া অন্তৰ্ভাগত প্ৰৱেশ কৰে এজন উদ্বিগ্ন কবি পৰিলক্ষিত হয়। কবিৰ এই উদ্বিগ্নতা কিহৰ? এই উদ্বিগ্নতাৰ হাত ধৰি ওলাই আহে এজন সাধাৰণ মানুহ। প্ৰতিদিন মৰি মৰি জীয়াই থকা সাধাৰণ মানুহ — কেতিয়াবা দেখোঁ লেতেৰা মোনা এখন লৈ বজাৰ কৰিবলৈ গৈ বস্তুৰ দাম শুনি ওলাই অহা হুমুনিয়াহ, দাঢ়ি কাটি চাফ-চিকুণ হৈ চাকৰিলৈ যাবলৈ ওলোৱা লোকৰ খৰ-খেদা, ৰেলৰ সাধাৰণ ডবাত উঠি কৰা যাত্ৰা, স্থানান্তৰিত হৈ এৰি অহা ঠাইৰ প্ৰতি থকা মানুহৰ স্মৃতিকাতৰতা, সংকটত ধাৰ কৰিবলৈ যোৱা মানুহৰ ইতঃস্ততা, বৈষম্যৰ হেঁচাত পূৰ্ণ কৰা কঠিন হৈ পৰা সাধাৰণ ছোৱালীৰ হেঁপাহ ইত্যাদি। অকল এয়াই নহয় নিজৰ মাটিৰ পৰা বেদখল হোৱা গৰীৱ খতিয়ক, মহুৱা বিক্ৰী কৰিবলৈ বজাৰলৈ যাবলৈ ভয় কৰা জংঘলৰ আদিবাসী ছোৱালীজনী, সকলোতকৈ কম মাচুল লোৱা ডাক্তৰজনো বহুত দামী হৈ উঠা আটাইতকৈ গৰীৱ বেমাৰীজন, যৌতুকৰ বাবে জ্বলাই দিয়া ছোৱালীজনীৰ পিতৃ, চৰকাৰ আৰু ন্যায়পালিকাই হত্যাকাৰী হিচাপে বিচাৰ কৰা গৰীৱ ভাল মানুহজন —এই সকলো অসহায়তা আৰু মুক্ত হব নোৱৰা যন্ত্ৰণাৰ উদ্বিগ্নতাৰে শুক্লৰ কবিতা সিক্ত হৈ উঠিছে। সংঘৰ্ষশীল প্ৰতিজন গৰীৱ আৰু সাধাৰণ মানুহৰ জীৱনতে এই উদ্বিগ্নতা সুলভ। অথচ শুক্লৰ কবিতা বাহিৰৰ পৰা খুব শান্ত, শীতল কিন্তু পাঠকে যেতিয়া অন্তৰ্ভাগত প্ৰৱেশ কৰে আমাৰ সমাজ আৰু জীৱনৰ ভয়াৱহ ছবিবোৰ এখন-এখনকৈ উন্মোচিত হয়। কবিৰ কাব্যসত্তাই সেই মানুহজনক স্পৰ্শ কৰিব বিচাৰে যিদৰে নদীয়ে কেতিয়াও মানুহৰ ওচৰলৈ নাহে, নদীক লগ পাবলৈ মানুহ নদীৰ পাৰলৈ যায়। ‘জো মেৰে ঘৰ কভী নহী আএঁগে’ কবিতাটোত কবিয়ে লিখিছে—
जो लगातार काम में लगे हैं
मैं फुरसत से नहीं
उनसे एक जरुरी काम की तरह
मिलता रहूँगा—
इसे मैं अकेली आखिरी इच्छा की तरह
सबसे पहली इच्छा रखना चाहूँगा।
‘ফুৰসত সে নহী’ —জৰুৰী কামৰ দৰে এনে মানুহৰ প্ৰতি সূক্ষ্ম অনুভৱেৰে শুক্লৰ কবিতা ভৰি থকা বাবেই এক ঘন বিষাদবোধ প্ৰচ্ছন্ন হৈ আছে।
সূক্ষ্মতা শুক্লৰ কবিতাৰ এক সাধাৰণ বিশিষ্টতা। আমি দৈনন্দিন লগ পোৱা চৰিত্ৰ আৰু ছবি — যিবোৰ আমি সদায় দেখা পাওঁ অথচ সাধাৰণভাৱে পাৰ হৈ যাওঁ — তেনে সৰু আৰু সাধাৰণ বস্তুক কবিয়ে এক আণুবীক্ষণিক দৃষ্টিৰে কলমত ধৰি ৰাখিছে। অৰবিন্দ কৃষ্ণ মেহৰোট্ৰাই এই বিষয়টো উল্লেখ কৰিছে এইদৰে: Smallness is the dominant feature of Shukla’s work, and in his small bare pictureless rooms live modest people with vivid interior lives. In ‘‘There was a window that lived in a wall’’, there’s more than a window that lives in the wall. Concealed from the world there’s also a man, someone like Shukla himself, living in it. He is ‘‘so absolutely the average man’’, as Alfred Jarry says of Marcueil in The Supermale, that his very ordinariness makes him ‘‘extraordinary’’. The busy shopper of ‘‘A street in the bazaar’’, his frayed bag filled with potatoes, leafy vegetables, and spices, is observed by another who wishes he were a ten-rupee note and could find shelter in that bag, away from his own anxieties.’’(‘Grass lives next grass’: Arvind Krishna Mehrotra on Jnanpith winner Vinod Kumar Shukla’s Poetry, Scroll.in. March 25, 2025)
শুক্লৰ কবিতাৰ বিভিন্ন উপাদান, যেনে, ৰূপক, প্ৰতীক, চিত্ৰকল্প আমাৰ দৈনিন্দন জীৱন তথা প্ৰকৃতিৰ বিভিন্ন অনুষংগ আৰু ছত্তীসগঢ়ৰ ভূ-সাংস্কৃতিক পৰিৱেশৰ পৰা অনা হৈছে। বহিৰ্স্তৰত চালে তেওঁ ব্যৱহাৰ কৰা উপাদানবোৰ খুব সাধাৰণভাৱে অনা যেন লাগিলেও কবিয়ে এইবোৰ সন্তৰ্পণে ব্যৱহাৰ কৰিছে। সেয়ে তেওঁৰ কবিতাৰ লগত অন্তৰংগতা যিমান সহজ ব্যাখ্যা সিমানেই জটিল। একাধিক ব্যাখ্যাই একেলগে ভিৰ কৰেহি। পাৰিপাৰ্শ্ব অভিমুখী কেতবোৰ উপাদান তেওঁৰ কবিতাত সুলভ। এনেও নহয় — মানৱ সভ্যতাৰ সুৰক্ষাৰ বাবে ‘পৃথিৱী’ সুৰক্ষিত কৰাৰ বিষয়টো প্ৰবলভাৱে উত্থাপন কৰি এই উদ্দেশ্যক এক আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ তীব্ৰ প্ৰয়াস আছে। ঘূৰি ঘূৰি আহে সেই সাধাৰণ মানুহ। লেখক হিচাপে সচেতন সৃষ্টিশীল পাঠ এটা নিৰ্মাণ কৰাত ভূমিকা থাকিলেও ধন আৰু ক্ষমতাৰ অংশীদাৰ হৈ নথকা মানুহ সাধাৰণৰো সাধাৰণ। জীৱন-যাত্ৰাৰ এনে বিভিন্ন প্ৰশ্ন আৰু প্ৰসংগবোৰ কবিয়ে সূক্ষ্মভাৱে তুলি ধৰিছে:
कि मैं क्या हूँ आखिर
मेरी ताक़त भी क्या है
बाढ़ को रोकने वाली दीवाल
छोटे-से गाँव के तालाब का छोटा-सा विचार है
बिखर गए एक-एक कमज़ोर को
इकटठा करता हुआ
ताक़त का परिचय दूँ
कि मैं क्या हूँ
मेरी ताक़त भी क्या है
इकटठी ताक़त तो एक एक कमज़ोर का विचार है (रायपुर बिलासपुर सम्भाग)
চৌপাশৰ জগতখন কবিয়ে দেখে, বুজে, অথচ বিড়ম্বনা এয়ে যে নিজৰ অংশতহে মানুহে আকাশ দেখে (অপনে হিসসে মে লোগ আকাশ দেখতে হ্যেয়)— ‘‘তণ্ডুৰত বনোৱা ৰুটি/সকলোৰে ভাগৰ বাবে বনোৱা ৰুটি নহয়/ যি সকলোৰে ঘড়ীত বাজি আছে/ সেয়া সকলোৰে ভাগৰ সময় নহয়’’ এনে বিড়ম্বনাবোৰতে মানুহৰ দুখবোধ বাজি থাকে, বাজি থাকে অসহায়তা। কিন্তু তাৰ পাছতো ‘মানুষ ম্যেয় হী হু’ — কবিয়ে সন্ধিয়াৰ প্ৰথমটো খোজ দেখে, চৌপাশৰ প্ৰকৃতিৰ ধ্বনি শুনে। ‘‘মই নদীৰ পাৰে পাৰে গৈ গৈ ইতিহাস মনত পেলাই ভূগোলৰ এক গমনপথ পাওঁ’’ — ভূগোল, ইতিহাস, প্ৰকৃতি —পৃথিৱীৰ এই অবিচ্ছিন্ন প্ৰৱাহৰ মাজত কবিয়ে ক’ব বিচাৰিছে— উচ্চাৰণ কৰিছে মনুষ্য ধ্বনি।
মানুহৰ জীৱনৰ অতীত থাকে, থাকে বৰ্তমান আৰু প্ৰাত্যহিক সংঘৰ্ষ। স্থানান্তৰণৰ পিছত বিচ্ছিন্ন হৈ পৰা মানুহে বাৰে বাৰে ঘৰলৈ উভতি আহে ঠিক যেন উৰি ফুৰা চৰাই এটা সন্ধিয়া বাহলৈ ঘূৰি আহে। কিন্তু বিচ্ছিন্ন হৈ পৰা মানুহৰ বাবে উভতি অহা ঘৰ এক নষ্টালজিয়া। সেই ঠাইতো মাত্ৰ এক ভূগোলেই নহয়— তাৰ কোঁহে কোঁহে অতীত সোমাই আছে— আছে এক নিজা আকাশ। তাৰ ৰূপ-ৰস-গোন্ধ-স্বাদ সকলো সেই আকাশৰ পৰা অবিচ্ছিন্ন।
रायपुर बिलासपुर सम्भाग
हाय! महाकोशल, छत्तीसगढ़ या भारतवर्ष
इसी में नांदगाँवमेरा घर
कितना कम पहुँचता हूँ जहाँ
इतना ज़िदा हूँ
सोचकर खुश हो गया कि
पहुँचूँगा बार बार…
(रायपुर बिलासपुर सम्भाग)
এই স্থানীয়তা বোধৰ শিপা ইমান গভীৰভাৱে বিস্তাৰিত যে ই সেই ঠাইৰ মাটি, পানী বায়ুতে সীমাৱদ্ধ হৈ থকা নাই, সেই ঠাইৰ পৰা ক্ৰমশঃ নষ্ট হ’ব ধৰা পৃথিৱীৰ খোলাটোৰ ভিতৰ আৰু বাহিৰ চিহ্নিত কৰিবৰ প্ৰয়াস কৰিছে। এই দীঘল কবিতাটো এটা বহুমুখী কবিতা যাৰ নাভিমণ্ডলত আছে কবিৰ পুৰণি সম্বন্ধৰ ‘নান্দগাঁও’ আৰু তাৰ পৰাই ছত্তিসগঢ়ৰ ইতিহাস, ইয়াৰ ৰং আৰু ৰূপ, মজদুৰ-কিষাণ-গৰীৱ সকলোৰে জীৱনলৈ বিস্তাৰিত হৈছে। আনকি নিজৰ ঠাই এৰি অসমৰ চাহবাগিচা, আজমগঢ়, কলিকতা, কৰ্ণাল, চণ্ডীগড়ত জীৱনৰ ৰূপ ৰং কেনে হ’ব —এই অবিমিশ্ৰ অনুভূতিত গৃহ অভিমুখী চেতনাক অধিক স্পষ্ট হৈ উঠিছে। ‘ৰেলগাড়ী’ শব্দই ইয়াত এক গতিশীল ভূমিকা পালন কৰিছে।
‘ছত্তীসগঢ়ী মে ৱহ ঝুঠ বোল ৰহা হ্যেয়’, ‘ম্যেয় ছত্তীসগঢ়িয়া’, ‘ছত্তিসগঢ় কা জাদু’, ‘ম্যেয় ৰাজনান্দগাঁৱ উতৰুঁগা’, ‘য়হ জো ছত্তীসগঢ় হ্যেয়’, ‘ছত্তীসগঢ় বননে কে বাদ’ আদিৰ শীৰ্ষকতে বাৰে বাৰে আহিছে কবিৰ আপোন ঠাই। অৱশ্যেই স্থানাবদ্ধ এক গণ্ডীৰ পৰা শুক্লৰ কবিতা বিচাৰ কৰিলেও ভুল হ’ব — ভূগোলৰ পৰীক্ষণত পাঠক কিছুমান কবিতাত আশ্চৰ্যজনক পৰিস্থিতিৰ মুখামুখিও হ’ব পাৰে — কোন ভূমিভাগৰ তেওঁ। ধৌলগিৰি দেখাৰ পিছত তেওঁ অকল পূৰ্বজৰ চিত্ৰই নহয়, পূৰ্বজক মনত পেলাইছে। ‘পঞ্জাব কে কিসী ভী গাঁৱ মে’, ‘গোলী কী আৱাজ সুনকৰ’ কবিতাত সময়বিদ্ধ ৰূপ সন্মুখলৈ আহিছে। সকলো ঠাই হওক সকলো ঠাইৰ ওচৰতে আৰু দুৰ্ভিক্ষ, আতংক বা খৰাঙত কোনোৱে স্থানচ্যুত নহওক — ‘ইস মৈদানী ইলাকে মে’ কবিতাত এই আকুতি প্ৰকাশ পাইছে :
भोपाल हो अब की साल
बाँकल, पनियाजोब के पास
गंगा के किनारे से हटकर
काशी महानदी के पास
गरियाबन्द गंगा से,
चंडीगढ़ साँची से
नांदगाँव से फरीदकोट,
और मद्रास से जुड़ा हो मुरादाबाद
सब जगह इस तरह विस्थापित हो
सब जगह के पास
की सब जगह हो सब जगह के पास
और अकाल, आतंक, दुकाल में अबकी साल
गाँव से एक भी विस्थापित न हो
ইতিহাসত এক জটিল সময় ইমান ‘চুপচাপ’ আৰু কেতিয়াবা ইংগিতেৰে ধৰি ৰাখিছে যে ইতিহাসৰ ঘটনা অনুক্ৰমক অনুসৰণ নকৰিলে তাৰ নেৰেটিভ বুজা জটিল। সাধাৰণতে মানুহৰ কাতৰতা, চিঞৰ আৰু বুকুৰ ধপধপনিৰে কবি উদ্বিগ্ন। ‘গুজাৰিশ’ (অনুৰোধ) নামৰ সৰু কবিতা এটা উল্লেখ কৰা হ’ল :
गुजराती मुझे नहीं आती
परन्तु जानता हूँ
की गुजराती मुझे आती है
वह हत्या कर के भाग रहा है –
यह एक गुजराती वाक्य है
दया करो, मुझे मत मारो
मेरे छोटे-छोटे बच्चे हैं ,
अभी लड़की का ब्याह कराना है,
और ब्याह के लिए बची लड़की
बलत्कार से मर गई –
ये गुजराती के बाक्य हैं
गुज़ारिश यह एक गुजराती शब्द है।
কবিয়ে মনুষ্যসত্তাৰ দৃষ্টিৰে চৌপাশৰ জগতখন চাব বিচাৰে — ইয়াৰ বাবে এটা পৰম্পৰাৰ পৰা অন্য এক পৰম্পৰা অন্বেষণৰ অভিযাত্ৰী হৈ উঠে। কবিয়ে স্ৰষ্টাৰ ভূমিকাৰে কবিতাৰ মাজত ভ্ৰমজাল সৃষ্টি কৰি পৰম্পৰাৰ মায়াময় আৱেশত পাঠকক বিভ্ৰান্ত কৰাৰ পক্ষপাতী নহয়। কাৰণ তেওঁ নিজেই স্পষ্ট কৰিছে –‘‘ম্যেয় ধৰ্মবিহীন ঔৰ জাতিবিহীন হোকৰ ইতিহাস ঔৰ পৰম্পৰা কে আংগন মো চীখ ৰহা হুঁ’’। বৰ্তমানৰ ধৰ্মান্ধ আৰু সাম্প্ৰদায়িক পৰিস্থিতিত এগৰাকী লেখকে মাত্ৰ এই দৃষ্টিৰেহে পৰম্পৰাৰ পৰা সঠিক বাৰ্তা প্ৰেৰণ কৰিব পাৰে।
মনুষ্যত্বৰ এনে দৃষ্টিভংগীৰ বাবেই শুক্লৰ কবিতাত ভৌগোলিক পৰিৱেশেই অকল ঠাই পোৱা নাই; স্থানীয় জনজীৱন, অসমতা, দুৰ্দশা, ভোক আৰু দৰিদ্ৰতাৰ এন্ধাৰ ছবিবোৰো সাংস্কৃতিক পাৰিপাৰ্শ্বৰ অংশ ৰূপে উদ্ভাসিত হৈছে। সভ্যতাৰ তথাকথিত পোহৰে ছত্তিসগঢ়ৰ আদিবাসীৰ জীৱন পোহৰাব পাৰিছে নে? নে ক্ষমতাৰ মেঁৰ-পেচত সাংবিধানিক অধিকাৰবোৰ জৰাজীৰ্ণ বেৰৰ মাটি খহি পৰাদি সুলকি পৰিছে। পৰিৱেশতন্ত্ৰ সলনি হোৱাৰ প্ৰভাৱ পৰিছে জংঘলৰ লগত প্ৰাণৰ সম্পৰ্ক থকা আদিবাসীৰ জীৱন। ‘জংগল কে উজাড় মে’ কবিতাটো আৰম্ভ কৰা হৈছে এইদৰে— ‘‘জংঘলৰ ধ্বংসত/ পিঁয়াজ খান্দি খান্দি/ ভোকতে অজ্ঞান হৈ পৰা আদিবাসীৰ বাবে/ কোনে ডাক্তৰক মাতিব?/ তেওঁক হস্পিতাললৈ নিব লাগে।’’ ছত্তিসগঢ়ৰ সংঘৰ্ষশীল মাটি ফেনেকি ফেনেকি নিৰ্মাণ কৰা কবিতাত স্থানীয় বোধৰ সাৰ্বকালিক আৰু সাৰ্বভৌমিক অভিব্যক্তিক কবিয়ে এক প্ৰাচীন কাহিনীৰ গাঁথনিৰ শৈলীত বান্ধি পেলাইছে এইদৰে— ‘‘দূৰ কোনোবা গছৰ তলত অথবা জুপুৰীত/ তেওঁৰ পত্নী আৰু তিনি সন্তান/ ভোকত মৰিবলৈ ওলোৱা সেই মানুহজনৰ/ অপেক্ষা কৰিছে চাগে’/ তেওঁ যে পিঁয়াজ খান্দি লৈ আহিব ধৰিছে/ তাৰ পাছত তেওঁলোকো ভোকত মৰি যাব/ কিছুদিন ধৰি চলিব আদিবাসীৰ কিংবদন্তী কথা/ যে বহু বছৰ ধৰি জংঘলত বহু আদিবাসী লোকৰ ভোকত মৃত্যু হয়।’’ আদিবাসীৰ জীৱনৰ কঠোৰ বাস্তৱ ব্যঞ্জিত হৈ থকা কবিতাৰ আন এক নিদৰ্শন হিচাপে ‘কোসাফল কে তৈয়াৰ হোতে হী’ কবিতাটোৰ কথাও উল্লেখ কৰিব পাৰি। ‘কোসাফল’ (cocoon) ইয়াত এক ৰূপক হিচাপে ব্যৱহাৰ হৈছে। কবিয়ে দুখীয়া, খেতিয়ক, আদিবাসীৰ যন্ত্ৰণা, শ্ৰম আৰু শোষণৰ বলি হোৱা স্ত্ৰী আৰু শিশু, নিবনুৱা যুৱকৰ হতাশা কেৱল সূক্ষ্মভাৱে নিৰীক্ষণ কৰাই নহয় সেই জীৱনৰ শাৰীত নিজক থিয় কৰাই আত্মপৰীক্ষাও কৰিছে। কেতিয়াও দুখবোধ আৰু চিৎকাৰ কৰিব নোৱাৰা অসহায় দশা এটাৰ শীতলতা কবিতাৰ মাজেৰে অভিব্যক্ত হৈছে। আমাৰ ৰাজনৈতিক ব্যৱস্থাই তেওঁলোকৰ কণ্ঠ বিবিধ ধৰণে দমন কৰি আহিছে। শুক্লৰ কবিতাই এই ছবিবোৰো তেওঁৰ কাব্যবোধৰ অন্তৰ্গত কৰি তুলিবলৈ সক্ষম হৈছে—
जो हमेशा इश तरह होता है चुपचाप
कि अब जोर से बोलेगा अचानक किसी वक्त
पहले भी यही बात थी
अभी भी यही बात है
जबकि पिछले दिनों
कुछ गुंडों ने उसकी जबान कट दी
ইয়াৰ পিছতো কিন্তু সকলো শেষ হৈ নাযায়— স্মৃতিকাতৰতা, দুখবোধ, অসহায়তা, দৰিদ্ৰতা, উদ্বিগ্নতা —এই সকলো ভাৰতবৰ্ষৰ সাধাৰণ মানুহৰ বেলেগ বেলেগ স্তৰ আৰু মাত্ৰাৰ অভিজ্ঞতা; এই জীৱনবোধক লৈয়েই সাধাৰণ মানুহে প্ৰকৃতি, পাৰিপাৰ্শ্বিকতা আৰু পৃথিৱীক ৰক্ষা কৰাৰ কথাও ভাবে। হতাশাত এজন মানুহ বহি গৈছিল/ মই মানুহজনক নাজানিছিলোঁ। হতাশাক জানিছিলোঁ। সেয়ে আমাৰ উদ্বিগ্নতা আৰু হতাশাৰে আঘাতপ্ৰাপ্ত সময়ত শুক্লৰ কবিতাই লগ দিয়ে, পুনৰ যুঁজি যোৱাৰ সাহস দিয়ে আৰু দায়িত্বও সোঁৱৰাই দিয়ে—
मैं यहीं रहूँगा
लड़ता-भिड़ता
मैं जानता हूँ
कोई दूसरा लोक नहीं
नहीं परलोक
मरकर या
बचकर मैं अपनी ही दुनिया में जाऊँगा
जो करती होगी इन्तजार मेरे बचने का
কাৰণ এই পৃথিৱীখনক মই ৰক্ষা কৰিব লাগিব। সকলো কু-দৃষ্টিক নিঃশেষ কৰি মৰমৰ পৃথিৱী ৰক্ষা কৰিব লাগিব। অন্যলোক, পৰলোক একো নাই, মৰিলেও বাচিলেও এই পৃথিৱীয়েই মোৰ ঠাই।
ড০ অনুৰাধা শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধ্যাপক আৰু লগতে এগৰাকী চিন্তাশীল লেখক, ঔপন্যাসিক আৰু কবি।