Issue: Vol. IV, No. 2, August-October, 2025
দুখৰ অনন্য অনুবাদ
ইয়াতে এদিন তুলনা কৰিছিলা
সাতোটি নক্ষত্ৰৰ এন্ধাৰেৰে
দুখৰ গভীৰতা
সেইদিনা শান্ত বতাহজাক হঠাৎ
উন্মাদ হৈছিল
আৰু যুদ্ধৰ বিভীষিকা দেখি
বুদ্ধৰ চকুত উচুপি উঠিছিল
উদিত সূৰ্য
আনকি সাতোটি পাহাৰৰ শোভায়ো
ৰঙীয়াল কৰিব পৰা নাছিল
চিয়াঙৰ গাভৰুবোৰৰ মন
তুমি মোক সুধিছিলা সিহঁতৰ হেলনীয়া কপালত জিলিকি উঠা
উদ্বিগ্নতাৰ ৰেখাবোৰ ক’ৰ
মই কৈছিলোঁ সেইবোৰ দুখৰ অনন্য অনুবাদ
তুমি হয়তো নেজানিছিলা সাতোখন অৰণ্যৰ
ঘূৰণীয়া সপোনবোৰৰ মাজত
ময়ো যে নিজকে বিচাৰি আছিলোঁ৷
কিন্তু কি আশ্বৰ্য
কথা আছিল তোমাৰ সোঁৱৰণীৰ
আচ্ছাদিত আকাশত
এটি অৱয়ব হোৱাৰ
সমুদ্ৰত অৱগাহন কৰা
তৰাৰ দৰ
সমাহিত
শীতল
নিৰ্জন
চিৰন্তন৷
এটা শিলৰ আত্মকথা
স্বগতোক্তিৰ বাদে অন্তৰাত্মাক শান্ত কৰিবলৈ
আপাততঃ একাকী গছজোপাৰ আছেনো কি?
শিপাত মেৰখাই থকা শিলটোকো
কোৱা নাই তাৰ জন্ম ৰহস্য
বাঢ়ি অহা এখন বৃশৃঙ্খল চহৰতে এতিয়া
তাৰ স্থূল প্ৰাত্যহিকতা
শূন্যত অনৰ্গল ওলমি থকা এটা
প্ৰশ্ন : এয়া সৃজনৰ আৱেগ নে
খহি পৰা চেতনাৰ চুড়ান্ত অৱনমন
চকুৰ শীতলতাত তাৰ মৰীচিকাই
গিলি থোৱা এখন সতেজ অৰণ্য
সেই অৰণ্যৰ গৰ্ভজাত দুখেই এদিন তাক
প্ৰসৱ কৰিছিল শিল কৰি
যিদিনা আকাশে কান্দিছিল
হেৰুৱাই ছন্দোময় আবেদন
স্তব্ধ হৈছিল ঘাতক সময়ে ভীত কৰা
গধূলিটোৰ মৌন আলাপ শিলটোৰ স’তে
অথচ সি কামনা কৰিছিল তাক শিল কৰি গঢ়ি তোলা
আৰণ্যক দুখবোৰ হওক পোহৰৰ নিছিগা ধাৰ
সমাগত সময়ৰ বুকুত গজি উঠক
জীৱনমুখী এখন নতুন অৰণ্য
যাৰ ধ্ৰুপদী ঠিকনা হ’ব মাটি পানী
আৰু চিৰন্তন আাকাশৰ সংবেদী হৃদয়