ড° নন্দ সিং বৰকলাৰ দুটা কবিতা

ৰ’দৰ বসুন্ধৰা

বহু দিনৰ মূৰত গাঁৱলৈ গৈ পথাৰখন বিচাৰিলোঁ
চিনাকি গছ, সৰু জুৰিটো, আকাশ কোবাই উৰি ফুৰা চৰাইবোৰ
কাকো বিচাৰি নাপালোঁ, ওখ ধোৱাঁ ওলোৱা ঘৰৰ ওপৰত
আকাশখন ক’লা আৰু ক’লা, পথাৰৰ শেলুৱৈ মাটিত চিমেণ্ট পীৰিতি

চিনাকি মানুহৰ আহ-যাহ নোহোৱা হোৱাৰে পৰা
পথাৰখনৰ অস্তিত্বত উদ্যোগৰ বিদ্যুৎ গতি

বুকুৰ যাতনা এটাৰে নিজকে খান্দিছোঁ পথাৰ কৰাৰ তাগিদাত
ভঁৰালৰ গাধৰিত দেউতাৰ নাঙলটো, যুঁৱলিখন পৰি আছে
ভঁৰালঘৰটো মলঙি মূধচটো ক্ৰমশঃ খহি আহিছে
চকুত পথাৰৰ ডাঁৰিকী এডাল দৌৰি সোমাইছে
তাৰেই ভাঙিব পাৰি নেকি চিমেণ্ট জীৱন
পথাৰখনত মৃতদেহ দেখি লাঙিজালত লাগি মৰি থকা
ভেদেঙী মাছৰ ধেলা চকুৰ দৰে
তেজবোৰ ৰঙা হৈ ফুলি মৰিব খুজিছে

পথাৰ হেৰুৱা পথাৰৰ বাটত
অনেক কথা পৰি আছে... মুকুতা... পোহৰ... ভৰিৰ খোজ

কথাবোৰ আদিতে সেউজীয়া আছিল
এতিয়া হালধীয়া হৈ হৈ তামবৰণীয়া
গোলকীজগতে পোৱা বাটেৰে-- পথাৰৰ আত্মা পোৰা গোন্ধত
ছটফটাই আছোঁ নিৰলে, ঋতুবোৰক খেপিয়াই খেপিয়াই

পথবোৰত বেলিফুল ফুলিছে
বেলিফুল ফুলিছে মানুহৰ মুখত
বেলিফুল হৈ ৰ’দ ভালপোৱা মানুহবোৰে
দুভৰিক মাটি কৰি মেঘবোৰক টানি আনিছে
তেজবোৰ ঘাম হৈ উঠিছে
নাঙলৰ সীৰলুত শইচ সংগীৰ ফুলৰ আনন্দত
চকুৰ নৈয়ে পানী ভাঙি ব’ব খুজিছে

চকুৰ পানীত, ৰ’দৰ বসুন্ধৰা... বসুন্ধৰা
পথাৰৰ আত্মিক উশাহৰ তাড়নাত বেলিফুলৰ মানুহৰ চকুত
ৰ’দ নাচি গছপাতবোৰৰ প্ৰেম সৰিছে

পথাৰ শইচ দেশ... অগণন মানুহৰ
নাও খেলা চকুৰ পানীত... গৰখীয়াৰ গীত এটি
বুজা-নুবুজা, শুনা-নুশুনাকৈ বাজিব ধৰিছে

মানুহবোৰ পৰ্বততকৈ গম্ভীৰ, ওখ আৰু দৃঢ় হৈ উঠিছে
মানুহবোৰে জমিদাৰৰ বৰ ঘৰৰ পৰা বুটলি আনিছে
পথাৰৰ নিটোল শব্দ- যিবোৰ জমিদাৰৰ পেৰাত বন্দী আছিল
অন্তহীন অপেক্ষাৰ অন্তত-- বেলিফুলৰ মানুহৰ হাতে হাতে
পথাৰৰ নতুন শব্দ ফুলিছে

পৰিচয় বিচাৰি

মাথোঁ এটা পৰিচয়ৰ বাবে ঢপলিয়াই ফুৰে মানুহে দিহিঙে-দিপাঙে,
নদীয়ে পৰ্বত-পাহাৰৰ বুকুৰে ভৈয়ামলৈ ধিয়াই সমুদ্ৰৰ সন্ধান কৰে
গছে প্ৰথমে মাটিত তললৈ গৈ গৈ সেউজীয়াক নিৰ্দেশ কৰে
সেউজীয়াই ভ্ৰমে আকাশ ব্যাপি ৰ’দ বৰষুণ জোনাকক সাবটি
কৈ থাকে পৃথিৱীৰ মানুহ মাটি অৰণ্যৰ শিল্পকথা

এটা মাথোঁ পৰিচয়ৰ বাবে মৃত্যু মাতৰ গুঞ্জন শুনিও কৰ্ণ থিয় হৈ ৰয় দুৰ্যোধনৰ কাঁড়ত

হস্তীনাপুৰৰ পৰিচয় এটাই শুকুলা পতাকা উৰুৱাব বুলিয়ে
অসংখ্য কাঁড়ৰ খোঁচত তেজ-পূজ সমষ্টিৰে পৰি থাকে পিতামহ ভীষ্ম

মাথোঁ এক পৰিচয়ৰ বাবে
পঞ্চ পাণ্ডৱে ভ্ৰমে বনে বনে
সহ্য কৰে দ্ৰৌপদীৰ অপমান
জতুগৃহ ষড়যন্ত্ৰ... আৰু
কুৰুক্ষেত্ৰক ৰক্তাক্ত কৰে মাথোঁ এক নিভাঁজ হস্তীনাপুৰৰ পৰিচয়ৰ বাবে

প্ৰতিদিনেই মানুহ ভ্ৰমি ফুৰে-- কাৰণে-অকাৰণে, জ্ঞাতে-অজ্ঞাতে
প্ৰত্যেকৰ চকুত জিলিকি থাকে পৰিচয়ৰ নিটোল বাসনা

মথুৰাৰ স্বাভিমানৰ পৰিচয়ত--বসুদেৱ-দৈৱকীয়ে সহ্য কৰে সপ্ত সন্তানৰ হত্যা,
লোৰ কাৰাগাৰৰ নিদাৰুণ যাতনা
বাৰিষাৰ যমুনাৰ বুকুৰে বসুদেৱৰ সমকালৰ পদব্ৰজ মাতত
বসুদেৱৰ চকুত গকুল নামে--
মাথোঁ মথুৰাৰ নিভাঁজ স্বাভিমানৰ আত্মপৰিচয়ৰ বাবে আৰু
যমুনাই মেলি দিছিল আত্মপৰিচয়ৰ নিটোল বাট বসুদেৱক

শৰাইঘাটৰ পানীযুঁজত আহোম-মোগলৰ যুঁজ,
পথৰুৱাঘাটৰ কৃষ্ণক হত্যা
আলাবৈ ৰণত মৃত্যু সাবটি লোৱা দহ হাজাৰ আহোম সেনা
প্ৰত্যেকৰে চকুত কেৱল মাটিৰ পৰিচয় 
জিলিকি আছিল অসম, অসমীয়াৰ স্বাভিমানৰ পতাকা

ব'হাগৰ বৰদৈচিলা ঘূৰে,
বাৰিষাৰ বান আহে,
নদীত মাছৰ উজান,
নামঘৰত দবা বাজে
এই সকলোবোৰে সকলোৰে পৰিচয় জীয়াই ৰাখিব খোজে

শৰতত কঁহুৱা ফুলে,
চোতালত পদূলিত শেৱালি সৰে,
আহিনত ধানে গৰ্ভৱতী ৰূপ ধৰে,
কুঁৱলীয়ে শীতত বিছনা পাতে,
বৰফ পৰি পাহাৰটো শুভ্ৰ হয়
এই সকলোৱে মাথোঁ ভ্ৰমে নিজৰ পৰিচয় উদযাপনৰ বাবে
প্ৰকৃতিৰ উৎসৱত নিজকে এৰি দিয়ে

বৰষুণে গান গালে
পথাৰে আলিংগন কৰে শইচক

মানুহ মৰিলে জ্বলে শ্মশান
শ্মশানেই মানুহৰ পৰিচয় হৈ অনেকক পুৰি থাকে
সকলো পৰিচয়ৰে শেষ পৰিচয় মৰিশালি হৈ ৰয়...
[ড° নন্দ সিং বৰকলা এগৰাকী বিশিষ্ট কবি, লেখক।]

Click here to read an English translation of the poems