ৰীতা বৰুৱাৰ দুটা কবিতা

প্ৰাত্যহিকতাত ডুব যায় বেলি
                            
নোহোৱা দুৱাৰত নেদেখা তলাৰে 
আৱদ্ধ জীৱন
বতাহত বীজাণু বজাৰত জুই
মুখাৱৰণত উশাহৰ আয়ু

কেনেকৈ কওঁ 
কুশলে আছোঁ

আজি কাৰোবাৰ 
আশু আৰোগ্য কামনা কৰিছোঁ
কালিলৈ তেওঁৰেই 
বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছোঁ

উশাহৰ বাবে 
উশাহৰ হাহাকাৰ দেখিছোঁ
উশাহতে উশাহবোৰ
নোহোৱা হোৱা শুনিছোঁ

থওঁ বুলিও থ'ব পৰা নাই
হাতত হাত এখন
মাতত মাত এষাৰ

প্ৰাত্যহিকতাত ডুব যায় বেলি

কেনেকৈ কওঁ
কুশলে আছোঁ!
নুমায়ো নুনুমুৱা বেলি

কিমাননো পোহৰ পৰিছিল তেতিয়া
চাৰিকড়ীয়াৰ পানীত

ঢিমিক্ ঢামাক্কৈ 
পিতাকে জ্বলাই থোৱা
চাকিগছিৰ পোহৰতে তেওঁ
লুইত হৈ সাগৰলৈ বুলি 
বাট এটা বান্ধিছিল

সেই বাটেদিয়ে গৈ আমি লগ পাওঁ
ছক্ৰেটিছক ছমাৰছেট মমক
ফ্ৰান্সিছ বেকনক পল জন্ছনক
জাঁ পল ছাৰ্ত্ৰেৰ স'তে
অন্তৰংগ আলাপত বহোঁ
ফ্ৰষ্টৰ কবিতাত বিচাৰি পাওঁ নিজক

বাটৰ কাষৰ
এন্ধাৰ গলিটোত সোমাই পিত্পিতাই ফুৰোঁ
বাৰিষাৰ অৰণ্যৰ দৰে সেউজীয়া হওঁ
ধুমুহাৰ পৰা ৰামধেনুলৈ চাওঁ
হালধীয়া চৰাইজনী হৈ উৰা মাৰি
বাঁওধান খাওঁ

সেইবাটেদিয়ে গৈ...

কিমাননো পোহৰ পৰিছিল তেতিয়া
চাৰিকড়ীয়াৰ পানীত

অথচ
চাৰিকড়ীয়াৰ পাৰতে পাহ মেলি 
আজি তেওঁ
নুমায়ো নুনুমুৱা বেলি ।

Click here to read an English translation of the poems.

ৰীতা বৰুৱা সাম্প্ৰতিক সময়ৰ এগৰাকী কবি৷ গুৱাহাটী নিবাসী কবিৰ প্ৰকাশিত কাব্য-সংকলন ছখন৷

Leave a Reply

Your email address will not be published. Required fields are marked *