জুলিয়ানা  বেগমৰ দুটা কবিতা

শংকা

হৃদয়ৰ গভীৰত ঠাহ খাই আছে যন্ত্ৰনা…
ঘাম, তেজ একাকাৰ কৰা মানুহে
ইখন গাঁও-সিখন গাঁও কৰিবলৈ লাগে বহু বেলি
তলৰ পানী দেখা সাঁকোৰে
খুপি খুপি  যাওঁতে
দুলি থাকে হিয়া
কোন টলকত সৰি পৰে
নাই  নিশ্চয়তা ।
এয়ে সেই সাগৰৰ পাৰ
           
এয়ে সেই সাগৰৰ পাৰ
য'ত এদিন লগ পাইছিলোঁ তোমাক
হৃদয়ৰ স'তে হৃদয় থাপি
নীৰৱতাৰ মাজত কটাই দিয়া
এয়ে সেই সাগৰৰ পাৰ

এয়ে সেই সাগৰৰ পাৰ
য'ত তোমাৰ বুকুৰ ধিপধিপনিত
উমান পাইছিলোঁ 
এক ভয়াৰ্ত নিশাৰ
অন্ধকূপৰ সেই জয়াল ৰাতিৰ
নিৰ্বাক স্পন্দনহীন অযুত কথাৰ

এয়ে সেই সাগৰৰ পাৰ
য'ত ছফ’ক্লিচেও শুনিছিল
মানুহৰ জীৱনৰ দুৰ্ভাগ্যৰ গান
আৰু কম্পিত ছন্দিত ধ্বনিৰে
কঢ়িয়াই অনা বিষাদৰ তান
এয়ে সেই সাগৰৰ পাৰ
য'ত নেলছন মেণ্ডেলাৰ
হাতৰ ইছাৰাত কঁপিছিল
বৰ্ণবাদী মানুহৰ জাক—আৰু 
উৰি ফুৰিছিল প্ৰতিবাদৰ দুৰ্ধৰ্ষ সংবাদ

এয়ে সেই সাগৰৰ পাৰ
য'ত বিশ্বাসৰ বতাহে
ভৰাই ৰাখিছিল মানুহৰ প্ৰাণ আৰু
জীয়াই তোলাৰ প্রতিশ্রুতিৰে
এক নতুন পুৱাৰ

সাগৰৰ পাৰ…
সাগৰৰ পাৰ জোৱাৰেৰে উপচিল
জোৱাৰৰ বুকুত মুকুতা আহিল
খোলাবোৰ পৰি ৰ'ল মুৰ খুন্দিয়াই  তপত  বালিত

বন্ধু মোৰ, ফুল লাহে লাহে ফুলে--
ৰাতিৰ আন্ধাৰৰ পিছতহে সূৰুয--

সূর্যটোক ঢাকিবা কোনে
ছফ’ক্লিচ, মেণ্ডেলা---
তোমালোকে হাতবোৰ প্রসাৰিত কৰা
তোমালোকৰ পৰা আমালৈ

এয়ে হওক সেই সাগৰৰ পাৰ
য'ত তুমি মই, মই তুমি হৈ
গাওঁ জীৱনৰ ন গান--
এয়ে হওক সেই সাগৰৰ পাৰ
এয়ে হওক সেই সাগৰৰ পাৰ। 

Click here to read an English translation of the poems.

জুলিয়ানা বেগম সাম্প্ৰতিক সময়ৰ এগৰাকী কবি৷ তেওঁৰ প্ৰকাশিত কাব্য-সংকলন দুখন৷

One thought on “জুলিয়ানা  বেগমৰ দুটা কবিতা

Leave a Reply

Your email address will not be published. Required fields are marked *