পোহাৰী
ওখোৰা-মোখোৰা পাহাৰৰ বুকুৱেদি বৈ অহা
জুৰিটিৰ কাষেৰে, থিয় গৰাইদি
নিতৌ নামি আহে কাদম-বাছাপীহঁতে
পিঠিত এখাং সপোন লৈ ৷
পোহাৰ মেলি অপেক্ষা কৰে গ্ৰাহকলৈ
চকুত অলেখ জল্পনা-কল্পনা
প্ৰতি মুঠা পাচলিতেই
তেওঁলোকৰ সাংসাৰিক বাজেট ৷
দহটকীয়া, বিছটকীয়া
পাচলিৰ মুঠাবোৰৰ দৰ-দাম চলে,
ভঙনীয়া পইচাৰ নাটনিত
নিব খুজিও কিনোতাই এৰি যায়
পাচলিভৰ্তি পলিথিনৰ বেগ,
উঠি অহা খং ঢাকি
ভাগে ভাগে থানথিত লগাই
পুনৰায় বাট চাই ৰয়
পৰৱৰ্তী গ্ৰাহকৰ বাবে৷
থুনথুনাই থকা কোলাৰ কেঁচুৱাটিলৈ
অকণমান মৰম যচাৰ সলনি
দুই-এটা জলকীয়া, ভেণ্ডি
খুজি নিয়ে গ্ৰাহকে উপৰুৱাকৈহে৷
খাঙৰ পাচলি ঘূৰাই নিব লগা হ’লেই যে
তেওঁলোকৰ অংকত আউল লাগে
সেয়ে পাগুলিয়াই সামৰি থয়
পোনাটিৰ লাগতিয়াল বয়-বস্তুৰ তালিকাখন৷
জীৱন জীয়াৰ হেঁপাহেৰে
নিতৌ নতুন সপোন লৈ
নামি আহে তেওঁলোক
প্ৰতিদিনে কাহিলি পুৱাতে
জুৰিটিৰ সেই থিয় গৰাইদি৷
চাৰ্হেপী
তেওঁ চাৰ্হেপী
এই নামেৰেই পৰিচিত তেওঁ
তেওঁৰ আৱেগ, তেওঁৰ অনুভূতি
মৃতকৰ নামতেই উছৰ্গিত৷
কাচাৰ্হে আলুন গাই
একাত্ম হৈ পৰে মৃতকৰ আত্মাৰ স'তে
মৃতকৰ জীৱিত কালৰ দোষ-গুণ বৰ্ণাই
অতৰ্কিতে তেওঁ দুখ নিগৰায় ,
ত’ৱাৰ কেথান গীতেৰে মৃতকৰ আত্মাক
স্বৰ্গলৈ যোৱাৰ পথৰো সম্ভেদ দিয়ে,
এয়া যে তেওঁৰ দায়িত্ব-ভাৰ
আজি পিছে হেৰোৱাৰ বেদনাত বাকৰুদ্ধ তেওঁ
গীতৰ সুৰত আজি ছন্দ হেৰায়৷
কিয়নো
মৃতকৰ স'তে চিনাকি তেওঁৰ বহুদিনীয়া
ৰাইজৰ আগত আঁঠু লৈ
আশিস লোৱাৰে পৰাই একাত্মা দুয়ো
জীৱনে-মৰণে একেলগে বাট বুলিবলৈ
ইজনে সিজনৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ৷
স্বৰ্গলৈ যোৱা পথৰ সন্ধান দি
আজিনো কোন সতেৰে গীত জুৰি কয়
তেওঁক এৰি অচিন দেশলৈ গৈ
নতুনকৈ জীৱনৰ পাতনি মেলি
সুখেৰে থাকাগৈ বুলি৷
_____________
কাৰবি শব্দৰ অৰ্থ
চাৰ্হেপী : মৃতকৰ বিননি গীত গোৱা মহিলা
কাচাৰ্হে আলুন : বিননি গীত
ত’ৱাৰ কেথান : বাট-পথৰ সন্ধান দিয়া
Click here for an English translation of the poems.
পোহাৰী— গ্ৰাম্য জনজীৱনৰ পৰিবৰ্তিত প্ৰতিচ্ছবিখনে হৃদয়ত বেথাৰ সৃষ্টি কৰিলে ৷ ভাল পালোঁ ৷