শিলৰ মুখৰ হাঁহি এদিন অকল গছ-বনৰ নিজৰ অধীনত আছিল পৰ্বত-পাহাৰৰ উজ্জ্বল সেউজীয়া শিলৰ মুখত আছিল হাঁহি শিলৰ চকুত আছিল ছবি আমি চিঞৰিছিলোঁ আমি শুনিছিলোঁ আকাশ-বতাহৰ ধুমুহা নৈ-নিজৰাৰ বান গছ-বনৰ গান শিলৰ মুখৰ হাঁহি দেহাৰ নাৱৰ দেহাৰ লগৰী কোনোবাই জানো এৰি থাকিব পাৰে মাটি আৰু পানী বুকুত শত যুগৰ সুখ-দুখ সাবটি শিলৰ মুখৰ হাঁহি
ফুলে জানে ফুলাৰ সময় ফুলে জানে ফুলাৰ সময় শিশুৱে জানে সুখত হাঁহিব দুখত কান্দিব মুখ আৰু হাত দি চিনে আইৰ বুকুৰ উম ফুল ফুলা সৰা সময় খুঁচৰি মুচৰি দিন-ৰাতি পাত পাত কৰা আমি মাথোঁ অক্ষম কবি ফুলে যে জানে ফুলাৰ সময় বহুতে নাজানে বহুতে আৰু নাজানে কি শোকত ৰাতি ফুলি ৰাতিতে সৰে শেৱালি
বীৰেন গগৈ অসমৰ এগৰাকী জ্যেষ্ঠ কবি। তেওঁৰ প্ৰকাশিত কাব্য-সংকলন পাঁচখন।