এতিয়ানো কি ঋতু
এতিয়ানো কি ঋতু ভয়-শংকাৰে আবৰি ধুৱলি-কুঁৱলি জলক-তবক চকু দুপিয়াই পুৱাতেই দেখোঁ এন্ধাৰেহে উজাই কাঁচিয়লি ৰ'দত চিনাকি বাটতো উজুটিৰে জুখি থয় শিলৰ কজলা বুকু সুহুৰি মাৰি অকস্মাতে ক'লা মেঘৰ মাজত বিজুলীয়ে আকাশ সজায় জাক-জাক ক'লা বৰষুণত জুৰুলি-জুপুৰিকৈ নিতৌ তিতিছোঁ তৃষাৰ কলিজাত গোটাই থৈছোঁ তপত হালধীয়া বেলিৰ নিৰ্যাস অজানিতে নিজানতো সঁজাল ধৰে মানুহৰ ভগা কলিজাতো উঠে বানত উজান গানৰ হেঁপাহত দেখোঁ জীৱন সমস্বৰত উত্তাল এটা-দুটাকৈ সহস্ৰ চকুত নাচে ৰঙা পোহৰৰ হেজাৰ বিন্যাস এতিয়ানো কি ঋতু কি ঋতু
শাওণত
শাওণৰ বোকাপানীৰ গোন্ধত ৰাতি মোৰ টোপনি ভাঙে চাল উৰুখা মন উৰুঙা দুপৰ ৰাতিৰ মেঘৰ মাতত দুঃসময়ৰ মালিতা কাৰ প্ৰসাৰিত দুহাতে দিব পাৰে প্ৰশান্তিৰ এধানি ছাঁ বৃত্ত ভঙা গানৰ তানত কাৰ দুচকুৰে ঘোঁৰা চেঁকুৰাই পোহৰাই তুলিব পাৰে দুৰ্গম বাট কাৰ ওঁঠৰ কঁপনিৰে মৌন প্ৰহৰ ভাঙি বতাহত সৰে জীৱনৰ অভিনৱ সংলাপ আমি যুঁজি যুঁজি মৰোঁ কিম্বা তৰোঁ ফুলাৰ মন্ত্ৰত উতলা প্ৰাচীনতম গছজোপা চকু মেলি চোৱাঁ হাতত হাত দিয়া শাওণৰ সঁজাল ধৰা কঠিয়াডৰা বুকুৰ মাজত সযতনে সাঁচি থোৱা সপোনৰ এবাহ মৌজোল মিঠা মাটিৰ মৰমত নামি অহা মুষলধাৰৰ বৰষুণজাকে জুৰুলি-জুপুৰিকৈ তিতি এতিয়া পৃথিৱী নৃত্যৰতা নতুনৰ উন্মেষেৰে গুণ গুণ আমাৰ জীৱন সপোন
অতুল বৰদলৈ সাম্প্ৰতিক সময়ৰ এগৰাকী বিশিষ্ট কবি।
Can I*
Can you sent my poems to publish here