এটা ফোনকল
এটা ফোন কলৰ থাকে জীৱনীশক্তি এটা ফোনকল হ’ব পাৰে এক গল্পধাৰী যি দি যায় অমল সৃষ্টিৰ উৎস এটা ফোনকলে গঢ়ি তুলিব পাৰে আপোনত্ব এটা ফোনকলে পোহৰাব পাৰে বৃদ্ধালয়ৰ অন্ধকাৰ কোঠালি এটা ফোনকলে নিঃসংগতাক কৰিব পাৰে দূৰ এটা ফোনকলত অৱসান হ’ব পাৰে এখন যুদ্ধৰ ৰূপায়ন হ’ব পাৰে চুক্তি এটা ফোনকলত জী উঠিব পাৰে এখন মৃত চহৰ এটা হুমুনিয়াহ এটা মৰা সপোন জী উঠিব পাৰে মৰা নদী সজীৱ হ’ব পাৰে মৰহা পাত এটা ফোনকলতে হ’ব পাৰে শান্তিৰ চুক্তি৷
শব্দহীনতা
আজি কিছুদিনৰ পৰা মই শব্দহীনতাত ভুগিছোঁ ধূলিত পোত গৈছে মোৰ আত্মা, মোৰ চিন্তা-চেতনা নিস্তেজ সময়ক বুকুত সাবটি বহি থাকোঁ শব্দবোৰে কুণ্ডলী পকাই ধোঁৱা হৈ উৰি যায় শূন্যতা অসহনীয় অতৃপ্ত মনৰ হাহাকাৰত মই বিচলিত হৈ পৰোঁ চোকা অস্ত্ৰ এপাটেৰে মই মোক আঘাত কৰোঁ অস্ত্ৰোপচাৰ কৰি নিজকে তন্নতন্নকৈ চাওঁ ক’ত আছে সেই ৰ’দপুৱাই থকা শব্দবোৰ নদীৰ বুকুত নে চৰাইৰ ছন্দময় ডেউকাত নে ফাগুনৰ ৰঙা ৰঙা ফুলত যিবোৰেৰে মই বুজাব পাৰোঁ মোৰ ভালপোৱা ৷
গীতাঞ্জলি বৰকটকী সাম্প্ৰতিক সময়ৰ এগৰাকী তৰুণ কবি।
বৰ মনপৰশা কবিতা কেইটা পঢ়ি ভাল লাগিল।