নৱকান্ত বৰুৱা
তোমাৰ কাৰণে যাওঁ ফুল তুলিবলে’
তুমি আছা ফুলৰ সাজত,
তোমাৰ কাৰণে যাওঁ গান গাবলৈ
তুমি আছা গানৰে মাজত।
সেইবাবে ফুল মোৰ বোটলা নহয়
সেইবাবে গান মোৰ গোৱা যে নহ’ল
মই মাথোঁ বহি ৰ’লোঁ
তলমূৰকৈ
নীৰৱ লাজত।
তোমাক বিচাৰি মই সোমালোঁ মন্দিৰ
তাত মাথোঁ শুনা পালোঁ বিননি বন্দীৰ...
হিয়াৰ মাজত তুমি আছা বুলি চাওঁতেই
তুমিচোন আছাহি বাজত...
আকাশত, বতাহত, উৰণীয়া ধূলিৰ মাজত।
(নৱকান্ত বৰুৱাৰ গান আৰু কবিতা সমগ্ৰ, ২০১১, পৃ.৭৭)