সঞ্জীৱ কুমাৰ নাথ
বর্তমানৰ পশ্চিমীয়া সভ্যতাত অবিশ্বাসী, অজ্ঞেয়বাদী, সংশয়বাদী, নাস্তিক আদি সকলৰে সংখ্যা বেছি; পশ্চিমীয়া দেশসমূহৰ গীর্জাবোৰো প্রায়ে খালী হৈয়ে থাকে। আমাৰ ইয়াত খ্ৰীষ্টান মিছনাৰীসকলে ধর্মান্তৰকৰণৰ বাবে কৰা চেষ্টাৰ বিষয়ে বিভিন্ন খবৰ ওলাই থাকে, বিতর্ক, বাক-বিতণ্ডা হৈ থাকে, কিন্তু পশ্চিমত খ্ৰীষ্টান ধর্মৰ প্রতি মানুহৰ অনুৰাগ যে অভাৱনীয় ভাৱে কমিছে তাত কোনো সন্দেহ নাই। আচলতে নৱজাগৰণৰ সময়ৰ পৰাই পশ্চিমত ধর্মৰ বিপর্যয় আৰম্ভ হৈছিল, আৰু এতিয়ালৈ তাত ধর্মক লৈ মূৰ ঘমোৱা মানুহৰ সংখ্যা নগণ্য হৈছেগৈ।
কিন্তু লগতে এইটোও সঁচা যে বহু শতাব্দী ধৰি পশ্চিমীয়া সভ্যতাৰ মূল ভেটি আছিল খ্ৰীষ্টান ধর্ম। গতিকে পশ্চিমীয়া সাহিত্য-কলা-সংস্কৃতিক বুজিবলৈ হ’লে খ্ৰীষ্টান ধর্মক উলায় কৰিব নোৱাৰি। বিভিন্ন লেখক, শিল্পীয়ে বিভিন্ন ধৰণে নিজৰ কৃতিত খ্ৰীষ্টান ধর্মৰ সাধু বা উপদেশ আদিৰ কলাসুলভ ব্যৱহাৰ কৰিছে।
শৈশৱত খ্ৰীষ্টান ধর্মীয় বাতাবৰণৰ প্রভাৱত পৰা আৰু ধর্মীয় নীতি-নিয়ম পালন কৰা ইংৰাজ ঔপন্যাসিক, কবি থমাছ হার্ডিয়ে (১৮৪০-১৯২৮) যৌৱনকালৰ আৰম্ভণিতে ধর্মীয় বিশ্বাস ত্যাগ কৰিলে। কিন্তু ধর্মীয় বিশ্বাস এৰাৰ পিছতো হার্ডিয়ে তেওঁৰ বিভিন্ন লেখাত খ্ৰীষ্টান ধর্ম সম্বন্ধীয় একোটা ধাৰণাৰ অতি সুন্দৰ, শক্তিশালী ব্যৱহাৰ কৰিছে। ইয়াত হার্ডিয়ে ইউৰোপৰ ইতিহাসৰ দুটা বিশেষ মুহূর্তত বৰদিনৰ ওচৰে-পাঁজৰে ৰচনা কৰা দুটা কবিতাৰ অসমীয়া অনুবাদ আগবঢ়াইছোঁ। দুয়োটা কবিতাতে যীশুৰ জন্মৰ প্রসংগক বিশেষ গুৰুত্ব দিয়া হৈছে। ১৮৯৯ চনৰ ২৩ ডিচেম্বৰ অর্থাৎ খ্ৰীষ্টমাছৰ দুদিন আৰু খ্ৰীষ্টমাছ ইভৰ এদিন আগতে ৱেষ্টমিনষ্টাৰ গেজেট নামৰ কাকতত হার্ডিৰ ‘A Christmas Ghost Story’ নামৰ এটা কবিতা প্রকাশ হৈছিল।
১৮৯৯ চনৰ পৰা ১৯০২ চনলৈ চলা দ্বিতীয় ব’ৱেৰ যুদ্ধত সাত সাগৰ তেৰ নদী পাৰ হৈ ইংলেণ্ডৰ পৰা গৈ দক্ষিণ আফ্রিকাত মৃত্যু বৰণ কৰা এক ইংৰাজ ডেকা সৈনিকক লৈ লিখা এই কবিতাৰ শিৰোনামৰ পৰাই জনা যায় যে কবিতাটোত যীশুৰ প্রসংগ আছে। কবিয়ে পোনে পোনে ইংৰাজ পাঠকক সম্বোধন কৰা এই কবিতাত মৃত ইংৰাজ সৈনিকজনৰ আত্মাটোৱে কৰা প্রশ্নবোৰৰ উত্তৰ ধর্ম-বিশ্বাসীজনে দিব পাৰিব জানো : ২০০০ বছৰ আগতে যীশুৱে কি কাৰণে ক্রুছবিদ্ধ হৈ মৃত্যু বৰণ কৰিলে? তেওঁৰ চৰম ত্যাগ মানুহে বিফল কৰিলে নেকি? যি প্রেম আৰু শান্তিৰ বতৰা তেওঁ আনিছিল তাক মানৱ সমাজে কিদৰে গ্রহণ কৰিলে?
বৰদিনৰ ভূতৰ গল্প
বিষুৱ ৰেখাৰ দক্ষিণে, ডাৰবানৰ পৰাও বহু দূৰত,
পৰি আছে এটা গলিত সৈনিকৰ দেহ— তোমাৰ স্বদেশৰ এজন।
অবিন্যস্ত, জধলাকৈ পৰি আছে তেওঁৰ ছাই বৰণীয়া হাড়,
আৰু প্রত্যেক ৰাতি বতাহত তেওঁৰ উদ্ভ্রান্ত আত্মাই বিনাই
অগস্ত্য নক্ষত্রলৈ চাই, “মই জানিব খুজিছোঁ
কোনে, কেতিয়া সেই ক্রুছবিদ্ধজনে অনা,
সমস্ত জগতক সুখী কৰা শান্তিৰ বতৰা
অর্থহীন কৰি পেলালে, আঁতৰাই থ’লে?
আৰু এতিয়া অর্থ ক’ত, যুক্তিয়েই বা ক’ত
‘আমাৰ প্রভূৰ সময়ৰ পৰা’১ বুলি বছৰ গণি?
‘আমাৰ প্রভূৰ সময়ৰ পৰা’ৰ পোছাক পিন্ধি দুহেজাৰটা বছৰ পাৰ হৈ গ’ল,
কিন্তু যি কাৰণে তেওঁ প্রাণ দিলে সি অর্থহীন হৈ ৰ’ল”
লগতে পঢ়ক: সঞ্জীৱ কুমাৰ নাথ: এলিয়টৰ ‘The Hippopotamus’ : জলহস্তীৰে গীর্জাৰ তুলনা!
১৯১৪ চনৰ জুলাই মাহৰ পৰা ১৯১৮ চনৰ নবেম্বৰ মাহলৈ চলা প্রথম বিশ্বযুদ্ধই ইউৰোপ-আমেৰিকাৰ মানুহক মানুহৰ সর্বনাশী চৰিত্রৰ সৈতে বাৰুকৈয়ে চিনাকি কৰি দিলে। সেই দীঘলীয়া কাল-অমানিশাৰ মাজতে, ১৯১৫ চনৰ খ্ৰীষ্টমাছ ইভ অর্থাৎ ২৪ ডিচেম্বৰত লণ্ডনৰ দা টাইমছ নামৰ কাকতত থমাছ হার্ডিৰ ‘The Oxen’ কবিতাটো প্রকাশ হৈছিল। মাত্র চাৰিটা স্তৱকৰ এই সৰু কবিতাটোত হার্ডিয়ে অতীজৰ হোজা গাঁৱলীয়া মানুহৰ মাজত প্রচলিত এক বিশ্বাসৰ কথা কৈছে— যে খ্ৰীষ্টমাছৰ ইভৰ মাজৰাতি ঠিক বাৰ বজাৰ লগে লগে মানুহৰ ঘৰৰ গোহালিৰ জন্তুবোৰে ঈশ্বৰ বা ঈশ্বৰ-পুত্র যীশুৰ প্রতি সন্মান জনাই আঁঠু লয়।
হার্ডিয়ে শৈশৱত কোনো হোজা গাঁৱলীয়া মানুহৰ মুখত শুনা এই অদ্ভূৎ বিশ্বাসৰ কথা সুঁৱৰিছে যুদ্ধ-বিধ্বস্ত ইউৰোপৰ চৰম অবিশ্বাস, সংশয় আৰু ত্রাসৰ সময়ত। পঢ়ুৱৈৰ ভাব হ’ব পাৰে যে আধুনিক বৈজ্ঞানিক সভ্যতাই যদি মানুহক বিশ্বযুদ্ধৰ দৰে অসভ্য হিংস্রতাৰ পৰা ৰক্ষা কৰিব নোৱাৰে, যদি বৈজ্ঞানিক উন্নতি বা বিকাশ (বর্তমান আমাৰ দেশৰ ৰাজনৈতিক-অর্থনৈতিক আলোচনাত অনবৰতে উচ্চাৰিত এক শব্দ— বিকাশ!) বিনাশৰহে এক ছদ্মবেশ, তেন্তে সেই পুৰণি অন্ধ-বিশ্বাসী, কিন্তু সুখী সমাজেখনেই বেছি ভাল আছিল নেকি?
গোধন
খ্ৰীষ্টমাছ ইভ, আৰু নিশা বাৰটাৰ সময়।
“এতিয়া সিহঁতে সকলোৱে আঁঠু লৈছে,”
বয়সীয়াল এজনে কৈছিল, আৰু আমি এজাক আছিলোঁ বহি
সুখেৰে, জুহালিৰ উম লৈ।
ভাবিছিলোঁ আমি খেৰ ভৰা গোহালিৰ
নিৰীহ, নির্জু জন্তুবোৰৰ কথা,
আৰু কাৰোৰে মনত আমাৰ সন্দেহ নাছিল
যে সিহঁতে তেতিয়া আঁঠু লৈ আছিল।
এতিয়া আৰু এনে ধুনীয়া সাধুকথা
ক’ব কোনে? তথাপিও, মোৰ এনে লাগে
যে যদি খ্ৰীষ্টমাছ ইভৰ দিনা কোনোৱে কয়,
“ব’লা যাওঁ, আমাৰ ল’ৰালিৰ সেই
পাহাৰৰ তলৰ অকলশৰীয়া ঘৰটোত
জন্তুবোৰে আঁঠু লোৱা চাওঁগৈ”,
নিশাৰ আন্ধাৰত তেওঁৰ সৈতে মই গ’লোঁহেঁতেন,
সেই দৃশ্য চোৱাৰ হেঁপাহেৰে।
টোকা
১. ‘আমাৰ প্রভূৰ সময়ৰ পৰা’: Anno Domini (AD). জর্জিয়ান কেলেণ্ডাৰ আৰম্ভ হয় যীশুৰ জন্মৰ সময়ৰ পৰা।
লগতে পঢ়ক: সঞ্জীৱ কুমাৰ নাথ: ‘তিনি পণ্ডিতৰ যাত্রা’ৰে এলিয়টৰ কবিতাত এভুমুকি