ড০ অনুৰাধা শৰ্মা
প্ৰেমচান্দৰ গল্পৰ শীৰ্ষকৰ সৈতে একে ‘ঠাকুৰ কা কুআঁ’ শীৰ্ষক কবিতাটি ৰচনা কৰে ওমপ্ৰকাশ বাল্মীকিয়ে (১৯৫০-২০১৩) ১৯৮১ চনত৷ বাল্মীকি বিশেষভাৱে কবি আৰু দলিতকৰ্মী হিচাপে পৰিচিত; ১৯৯৭ চনত প্ৰকাশিত আত্মজীৱনী জুঠন(Joothan)-ক দলিত সাহিত্যৰ মাইলৰ খুঁটি হিচাপে বিবেচনা কৰা হয়৷ সদিয়ো কা সন্তাপ (১৯৮৯); বচ্ বহুত হো চুকা (২০০৭); অৱ নূৰ নহী (২০০৯) নামৰ কবিতাপুথিৰ উপৰি দলিত সাহিত্য কী সৌন্দৰ্য শাস্ত্ৰ, বাল্মীকি সম্প্ৰদায়ৰ ইতিহাস, গল্প, নাটক আদিও বাল্মীকিয়ে ৰচনা কৰিছিল৷ ১৯৮৯ চনত প্ৰকাশিত প্ৰথম কবিতাপুথিতে আমাৰ আলোচ্য কবিতা ‘ঠাকুৰ কা কুআঁ’ অন্তৰ্ভুক্ত হৈছিল৷ বাল্মীকিৰ ৰচনাৰ ভিতৰত এই কবিতাটো বিশেষভাৱে প্ৰসিদ্ধ৷ যোৱা বছৰ (২০২৩ চনৰ ছেপ্টেম্বৰ) মহিলা আৰক্ষণ বিধেয়কৰ ওপৰত চৰ্চা হোৱাৰ সময়ত ৰাজ্যসভাৰ সাংসদ মনোজ ঝাই এই কবিতাটো পঢ়িছিল আৰু ইয়াৰ ফলত বিহাৰত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল৷ কবিতাটোৰ বিষয়ে চলা বিতৰ্কৰ আলোচনা আমাৰ উদ্দেশ্য নহয় বা ‘কবিতাৰ প্ৰতিক্ৰিয়া’ সম্পৰ্কেও আমি আলোচনা নকৰোঁ, প্ৰসংগক্ৰমেহে মাত্ৰ উল্লেখ কৰিছোঁ৷ কবিতাটোৰ মাজেৰে প্ৰতি-সাংস্কৃতিক (counter-culture) বাগধাৰাৰ সৃষ্টিৰ বাবে বাল্মীকিয়ে কৰা প্ৰচেষ্টা অৰ্থাৎ আধিপত্যবাদী শ্ৰেণীটোৰ দ্বাৰা নিৰ্মিত মূল সংস্কৃতিৰ বিপৰীতে দমিত শ্ৰেণীটোৰ জীৱনচৰ্যাক কিদৰে তেওঁ উন্মোচন কৰিছে, সেইটোহে আমাৰ বিচাৰৰ লক্ষ্য৷
ভাৰতবৰ্ষৰ বৰ্ণভিত্তিক নিষ্পেষণেই দলিত সাহিত্য সৃষ্টিৰ মূল কাৰক৷ যন্ত্ৰণাদায়ক দলিত জীৱনৰ প্ৰকাশকে সেয়ে দলিত সাহিত্যত গুৰুত্ব দিয়া হৈছে, ভাষাৰ মসৃণতা বা নন্দনতাত্ত্বিক বিশেষত্ব ইয়াত গৌণ৷ আচলতে বাস্তৱতাৰ নিৰ্মম ৰূপ উদঙাই দিয়াটোৱেই দলিত সাহিত্যৰ সৌন্দৰ্য৷ আন এক তাৎপৰ্যপূৰ্ণ কথা হ’ল— ভাৰতীয় পৰম্পৰা বুলি যিবোৰ দিশ উদ্ভাসন কৰা হয় সেয়া একচেটিয়াভাৱে বৈদিক যুগৰ পৰাই হিন্দু সাহিত্য, পুৰাকথা আদিৰ পৰাই বিধৃত৷ আৰু ইয়াত প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছে সমাজৰ উচ্চবৰ্ণ আৰু ক্ষমতাশীলসকলে৷ নিশ্চিতভাৱেই সাংস্কৃতিক প্ৰতিনিধিত্ব এটা ৰাজনৈতিক বিষয়, যিহেতু ই ক্ষমতাৰ সৈতে অবিচ্ছেদ্যভাৱে জড়িত৷ এনে আধিপত্যৰ ক্ষেত্ৰখনত এটা শ্ৰেণী সদায় প্ৰান্তীয় অথবা উপেক্ষিত স্থানতে থাকি যায়৷ ব্যক্তিৰ পৰিচিতিও বহু সময়ত পৰম্পৰাৰ পৰা আহৰিত হয়, কিন্তু পৰম্পৰাই যাক অচ্যুত কৰি ৰাখে পৰিচিতিৰ দ্বন্দ্বই সেই পৰম্পৰাক আঘাত নকৰিবনে? বাল্মীকিয়ে তেওঁৰ আত্মজীৱনীত লিখিছে—“Neither am I Hindu, if I were really a Hindu would the Hindus hate me so much? Or discriminate against me? Or try to fill me up with caste inferiority over the smallest things? I also wondered why one has to be a Hindu in order to be a good human being… I have seen him suffered the cruelty of Hindus since childhood. Why does caste superiority and caste pride attack only the weak? Why are Hindus so cruel, so heartless against Dalit? (Joothan, Page 41, Translated by Arun Prabha Mukharjee, ২০১৭)
Counter-culture-ৰ পৰিভাষা হিচাপে আমি ‘প্ৰতি সংস্কৃতি’ শব্দটো আমি ব্যৱহাৰ কৰিছোঁ৷ এই ধাৰণাৰ প্ৰয়োগ বহুলাংশে পশ্চিমীয়া পৰিঘটনা; যিয়ে মূলতঃ সমাজৰ ব্যৱস্থা সলনি কৰিবলৈ মূলসূঁতিৰ সাংস্কৃতিক আচৰণৰ বিৰোধ বুজায়৷ এটা জাতিৰ সংস্কৃতি বুলিলে সাধাৰণতে ক্ষমতা আৰু স্থান দখল কৰা প্ৰভাৱশালী শ্ৰেণীটোৱে নিৰ্মাণ কৰা আৰু তেওঁলোকৰ দ্বাৰা অনুমোদিত বা স্বীকৃত সংস্কৃতিকে বুজায়৷ বিদ্যায়তনিক আলোচনাসমূহেও সংস্কৃতি সম্পৰ্কীয় আলোচনাত তেনে বিষয়বোৰকে সামৰি লয়৷ ইয়াৰ ঠিক বিপৰীত কথাটোৱেই হ’ল প্ৰতি-সংস্কৃতি৷ প্ৰতি সংস্কৃতিয়ে এই প্ৰভাৱশালী শ্ৰেণীৰ দ্বাৰা নিৰ্মিত মান বা ধাৰণাবোৰৰ বিপৰীতে কেতবোৰ নিজা মান বা ধাৰণা গঢ়ি তোলে৷ বিদ্যায়তনিক ক্ষেত্ৰত এনেধৰণৰ চৰ্চাক প্ৰতি-সংস্কৃতি অভিধাৰে সামৰিবৰ যত্ন কৰা হৈছে৷ এতেকে প্ৰতি-সংস্কৃতিক চলি থকা সামাজিক অনুক্ৰম (hierarchy) এটাৰ অৰ্থৱহ বিকল্প হিচাপে উপস্থাপন কৰিব পাৰি৷
ভাৰতৰ স্বাধীনতাৰ পৰৱৰ্তীকালত এনে অভিজ্ঞতাৰ আধাৰত দৃঢ় হৈ পৰা ‘পৰিচিতি’ এক তাৎপৰ্যপূৰ্ণ অভিব্যক্তি হৈ উঠিছে৷ তাৰ আগতে এয়াই নিয়তি, এয়াই ভাগ্য বুলি মূলসূঁতিৰ ধাৰাক প্ৰশ্ন কৰাৰ চেতনাৰ উন্মেষেই হোৱা নাছিল৷ অৱশ্যে, ভাৰতীয় সমাজৰ বৰ্ণ-বৈষম্যৰ ঘৃণিত প্ৰথা আৰু সাহিত্যত এনে বাস্তৱ ৰূপৰ প্ৰকাশভংগীৰ সৌন্দৰ্যসন্ধানেৰে প্ৰচলিত নন্দনতাত্ত্বিক ধাৰাক প্ৰত্যাহ্বান জনোৱাৰ পৰম্পৰা স্বাধীনতাৰ মুক্তিৰ চেতনাৰ সমান্তৰালভাৱে গঢ় লোৱা প্ৰগতিশীল লেখক সংঘৰ লগত জড়িত ব্যক্তিসকলৰ সৃষ্টিত আছিল৷ ওমপ্ৰকাশ বাল্মীকি নিজেই প্ৰেমচান্দৰ সাহিত্যৰ দ্বাৰা অনুপ্ৰেৰিত হৈছিল৷ সেয়ে ‘ঠাকুৰ কা কুআঁ’ এই গল্পটোৰ ঠাকুৰেই হওক বা আমাৰ আলোচ্য কবিতাটোৰ ঠাকুৰেই হওক—এই ঠাকুৰে কোনো এক নিৰ্দিষ্ট উপাধিধাৰী ব্যক্তিক সূচোৱা নাই; এই ‘ঠাকুৰ’ জমীদাৰ হ’ব পাৰে, পুঁজিপতি হ’ব পাৰে, ব্ৰাহ্মণ বা ক্ষত্ৰিয় হ’ব পাৰে, ৰজা বা শাসনতন্ত্ৰৰ অংশীদাৰো হ’ব পাৰে, অৰ্থাৎ এটা ‘শ্ৰেণী’ বা ‘বৰ্ণ’ৰ প্ৰতিনিধিত্বমূলকভাৱেহে ‘ঠাকুৰ’ক অনা হৈছে৷ কুঁৱাৰ লগত সহসম্বন্ধ আছে ‘পানী’ৰ; পানীক আমি জীৱনৰ প্ৰাণ বুলি অভিহিত কৰোঁ—মানৱ শৰীৰৰ মৌলিক প্ৰয়োজনৰ আধাৰ ‘কুঁৱা’ৰ অধিকাৰী হৈ আছে ঠাকুৰ৷ ‘ঠাকুৰ’, ‘পানী’ –এই উভয়েই প্ৰেমচান্দৰ গল্প আৰু বাল্মীকিৰ কবিতাত আভিধানিক অৰ্থ অতিক্ৰম কৰি ব্যঞ্জিত হৈ উঠিছে; ‘ঠাকুৰ’ৰ লগত স্বামীত্ব আৰু ‘পানী’ৰ লগত প্ৰাণ সমাৰ্থক হৈ উঠিছে৷
ভাৰতৰ সংবিধান প্ৰণেতা ড੦ ভীমৰাও আম্বেদকাৰ আছিল নিজেই দলিত শ্ৰেণীৰ পৰা অহা; সংবিধান ৰচনা কৰাৰ সময়ত তেওঁ সকলো শ্ৰেণীৰেই সমঅধিকাৰ, মৰ্যাদা আৰু সন্মানৰ দিশটোত গুৰুত্ব আৰোপ কৰিছিল৷ কিন্তু ভাৰতীয় সমাজব্যৱস্থা আৰু দেশৰ শাসনতন্ত্ৰত অদ্যাৱধি মূলসূঁতিৰ সংস্কৃতিয়ে প্ৰভাৱশালী হৈ আছে৷ সংস্কৃতি মানে আমি ব্যাপক অৰ্থত এচাম মানুহৰ বিশিষ্টতা আৰু জ্ঞানৰ প্ৰসংগকে তুলি ধৰিব বিচাৰিছোঁ–য’ত আদৰ্শগত মূল্য, লিংগ ভূমিকা, সামাজিক প্ৰথা, ধৰ্ম, খাদ্য, সাজ-পোছাক, শৈল্পিক প্ৰকাশ ইত্যাদি সন্নিৱিষ্ট হৈ থাকে৷ ‘Indian Knowledge System’ বুলি ক’লেও আমি বেদ সংহিতাৰ পৰা চলিত সেই প্ৰথাবোৰকেই তুলি ধৰিব বিচাৰোঁ; যিবোৰ ৰাজন্যবৰ্গ তথা উচ্চবৰ্ণৰ লোকসকলৰ দ্বাৰা নিৰ্মিত আৰু স্বীকৃত৷ তেন্তে প্ৰান্তীয় স্থানত থকাসকলৰ পৰিচিতি ক’ত? অৱস্থান ক’ত?
প্ৰেমচান্দৰ গল্পটোৰ মাধ্যমেৰে আমাৰ সমাজব্যৱস্থাত বৰ্ণপ্ৰথাৰ ঘৃণিত পৰম্পৰা আৰু এই পৰম্পৰাৰ ফলশ্ৰুতিত মানৱীয় অধিকাৰৰ পৰা বঞ্চিত অচ্যুত বৰ্ণৰ সামাজিক আৰু আৰ্থিক স্থিতিৰ বাস্তৱ ছবি এখন প্ৰকট হৈ উঠিছে৷ স্বচ্ছ পানী এটুপিৰ বাবে আতুৰ তথাকথিত নিম্নবৰ্ণৰ কাহিনীয়ে মুখামুখি কৰি দিয়ে আমাৰ সমাজব্যৱস্থাৰ অমানৱীয় ‘নিঠুৰ সত্য’৷ সময়ৰ লগে লগে ইয়াৰ যে ব্যাপক পৰিৱৰ্তন হৈছে এনেও নহয়৷ ২০১৬ চনৰ ১৭ জানুৱাৰীত ৰোহিত ভেমুলাৰ আত্মহত্যাই উদঙাই দিছে আমাৰ সমাজব্যৱস্থাৰ লজ্জাজনক কাৰ্য আৰু¸ চিন্তাৰ দীনতা৷
লগতে পঢ়ক: ওম প্ৰকাশ বাল্মিকীৰ কবিতা
‘ঠাকুৰ কা কুআঁ’ কবিতাটোত ‘ঠাকুৰ’ক যিটো বৰ্গৰ প্ৰতিনিধি হিচাপে লোৱা হৈছে, তাৰ বিপৰীতে কোনো শব্দৰ ব্যৱহাৰ কৰা নাই; প্ৰতাপশালী ‘ঠাকুৰ’ বহিঃস্তৰত (surface) আছে; কবিতাৰ ভৌতিক উপাদানবোৰ, যিবোৰ সেই শ্ৰেণীটোৰ অধিকাৰত নাই তাৰ উল্লেখেই কিন্তু শ্ৰেণীটোক স্পষ্টভাৱে চিহ্নিত কৰিছে৷ গ্ৰাম্য জীৱনত কৃষক আৰু শ্ৰমিকে কাম কৰে কিন্তু সেই কৰ্মৰ অধিকাৰ ন্যস্ত থাকে ঠাকুৰৰ ওপৰত৷ কবিতাৰ দ্বিতীয় স্তৱকটোত কৃষকৰ কৰ্ম আৰু জমীদাৰৰ অধিকাৰ স্পষ্ট :
ভুখ ৰোটী কী
ৰোটী বাজৰে কী
বাজৰা খেত কা
খেত ঠাকুৰ কা
অধিকাৰৰ বিষয়টো স্পষ্ট কৰিবলৈ কবিয়ে ভাষাৰ কেতবোৰ ৰূপ বিশেষ বাহন (vehicle) হিচাপে ব্যৱহাৰ কৰিছে৷ কবিতাটোৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্তৱকৰ চাৰিটা শাৰী ‘কা’, ‘কী’, ‘কে’ –এই সম্বন্ধ পদেৰে শেষ কৰা হৈছে৷
চুল্হা মিট্টী কা
মিট্টী তালাব কী
তালাব ঠাকুৰ কা
ভুখ ৰোটী কী
ৰোটী বাজৰে কী
বাজৰা খেত কা
খেত ঠাকুৰ কা
কুআঁ ঠাকুৰ কা
পানী ঠাকুৰ কা
খেত খলিহান ঠাকুৰ কে
গলী-মুহল্লে ঠাকুৰ কে...
সম্বন্ধবাচক ৰূপ (কা, কী, কে) যোগ হোৱাৰ পিছত যিটো পদৰ লগত সম্বন্ধ স্থাপন হৈছে তাৰ লগত অধিকাৰজনিত বোধ জন্মে৷ যেনে—অসমীয়াত ৰামৰ ঘৰ, সীতাৰ কলম; ঘৰৰ সৈতে ৰামৰ আৰু কলমৰ সৈতে সীতাৰ অধিকাৰজনিত বোধ জন্মে (ইয়াত -ৰ, সম্বন্ধবাচক ৰূপ)৷ চুল্হা (পাগ) মাটিৰে সাজে, সেয়ে মাটিৰ লগত পাগৰ সম্বন্ধ আছে৷ যিহেতু ইয়াতে দুয়োটা বিশেষ্যই বস্তুবাচক, সেয়ে অধিকাৰজনিত ধাৰণা প্ৰযোজ্য নহয়৷ কিন্তু যেতিয়া ‘তালাব ঠাকুৰ কা’ তেতিয়া ব্যক্তিবাচক বিশেষ্যৰ লগত বস্তুবাচক বিশেষ্যৰ সম্বন্ধ স্থাপিত হয় আৰু অধিকাৰজনিত সম্বন্ধ দৃঢ় হৈ উঠে৷ পিছৰ স্তৱকটোত ‘খেত ঠাকুৰ কা’ ইয়াত খেতিপথাৰখনৰ অধিকাৰ ঠাকুৰৰ—এই কথাই দৃঢ় হৈ পৰিছে৷ কুঁৱা, পানী, খেত-খলিহান, গলি-মুহল্লে সকলোতে ঠাকুৰৰ অধিকাৰক ব্যাপ্ত কৰি তোলা হৈছে৷ এই বোধ আৰু ব্যাপ্তি উপস্থাপনৰ বাবেই কবিয়ে সম্বন্ধ পদটো শাৰীৰ শেষত সমান্তৰালভাৱে ব্যৱহাৰ কৰিছে৷
লগতে পঢ়ক একেজন লেখকৰ : নিৰ্মলপ্ৰভাৰ কবিতাঃ নাৰী অভিজ্ঞতাৰ অনুনাদ
প্ৰথম দুটা স্তৱকত আগৰ শাৰীৰ শব্দটো পিছৰ শাৰীত পুনৰাৱৰ্তন হৈছে; যেনে—প্ৰথম শাৰীত থকা ‘মিট্টী’ দ্বিতীয় শাৰীৰ প্ৰথমতে আকৌ ব্যৱহাৰ কৰিছে৷ মধ্যস্থানত থকা ‘তালাব’ শব্দ তৃতীয় শাৰীৰ প্ৰথমতে ব্যৱহাৰ কৰিছে৷ দ্বিতীয় স্তৱকটোতো একেই নিয়মত অনা হৈছে৷ একোটা শব্দ যেতিয়া পিছৰ শাৰীলৈ অনা হৈছে তাক প্ৰমুখন ঘটোৱাৰ বাবে আদিতেই স্থান দিছে৷ অৰ্থাৎ, আগৰ শাৰীতকৈ পিছৰ শাৰীত আদিতেই বহি শব্দটোৱে বিশেষ গুৰুত্ব লাভ কৰিছে৷ আন এক মনকৰিবলগীয়া কথা শাৰী একোটাত শব্দৰ স্থানেও গূঢ় গাঁথনিত (deep structure level) গুৰুত্বৰ সালসলনি কৰে৷ যেনে—
তালাব ঠাকুৰ কা
ঠাকুৰ কা তালাব
–এই দুয়োটা বাক্যত অন্তৰ্নিহিত অৰ্থৰ পাৰ্থক্য আছে৷ ‘তালাব ঠাকুৰ কা’ বুলি ক’লে সেই ‘তালাব’ৰ প্ৰসংগ বিচাৰ অনিবাৰ্য হৈ উঠে, কাৰণ ইয়াত অধিকাৰবোধক ভাব এটা বা সিদ্ধান্ত এটা নিশ্চিত হৈ আছে, কিন্তু দ্বিতীয়টোৱে বৰ্ণনাত্মক ভাবহে প্ৰকাশ কৰিছে, সেই নিৰ্দিষ্ট তালাবটো বুজাবলৈ৷
লগতে পঢ়ক একেজন লেখকৰ : ৰঘুনাথ চৌধাৰীৰ এটি কবিতা আৰু সেই সময় এই সময়
প্ৰথম আৰু দ্বিতীয় স্তৱকৰ আগৰ শাৰীৰ মাজৰ বিশেষ্যটো পিছৰ শাৰীৰ আদিতেই ব্যৱহাৰ কৰাৰ যি নিয়ম (norms), সেই নিয়মৰ বিচ্যুতি (deviation) ঘটিছে তৃতীয় স্তৱকটোত৷ তৃতীয় স্তৱকটোত ‘ঠাকুৰ’ শব্দ চাৰিবাৰ ব্যৱহাৰ কৰি প্ৰমুখন ঘটোৱা হৈছে৷ ইয়াৰ দ্বাৰা পাঠকৰ চেতনাত ঠাকুৰৰ কতৃৰ্ত্বময় ৰূপৰ ব্যাপ্তি সন্মুখলৈ আহিছে৷ কিন্তু তৃতীয় স্তৱকৰ পঞ্চম বাক্যটো আকৌ ব্যতিক্ৰম হৈ উঠিছে৷ ইতিমধ্যে ৰক্ষা কৰা ক্ৰম বা নিয়মক ই সম্পূৰ্ণৰূপে ভাঙি দিছে৷ কঠিন অথবা অপৰিচিত শব্দ কবিতাটোত ব্যৱহাৰ কৰা নাই, সাধাৰণ শব্দৰ ব্যঞ্জনাময় ব্যৱহাৰেই কবিতাটোক শক্তিশালী কৰি তুলিছে৷ আন এক মন কৰিবলগীয়া কথা, কবিতাটোত কোনো ক্ৰিয়া পদৰ ব্যৱহাৰ নাই; এই দিশটো James Edwards-এ ‘A poem without verbs: The beauty of Dalit poet Omprakash Valmiki’s poem ‘Thakur ka Kuan’’ শীৰ্ষক লেখাত উল্লেখ কৰিছে এইদৰে: “This unique use of grammar could also be read as adding another layer of meaning to the poem. Nouns are passive objects while verbs represent actions. Hence by excluding the use of verbs, Valmiki could be saying that the Thakur may own the physical objects in the village – the nouns – but not the actions – the verbs. In this way his deliberate withholding of the verbs could be seen as another act of resistance and assertion of Dalit agency, in line with the many forms of resistance Valmiki practised throughout his life.” (Scroll.in, Apr 01, 2023, 10.30 am) ঠাকুৰ কৰ্মৰ অংশীদাৰী বা যুক্ত নহয়, অথচ কাৰ্যৰ ফলপ্ৰাপ্তিত ঠাকুৰৰহে অধিকাৰ৷ সাধাৰণ ভাষাৰ মাজেৰে শক্তিশালী ভংগী প্ৰকাশ কৰাটোৱে কবিতাটোৰ অনন্য সৌন্দৰ্য৷
বঞ্চিতৰ সমস্ত ক্ষোভ কবিতাটোৰ শেষৰ স্তৱকত প্ৰকাশ পাইছে—
কুআঁ ঠাকুৰ কা
পানী ঠাকুৰ কা
খেত খলিহান ঠাকুৰ কে
গলী মুহল্লে ঠাকুৰ কে
ফিৰ অপনা ক্যা?
গাঁৱ?
শহৰ?
দেশ?
ইয়াত কুআঁ, পানী, খেত খলিহান, গলী মুহল্লে সকলোতে ঠাকুৰৰ অধিকাৰৰ পিছত কবিয়ে ব্যৱহাৰ কৰিছে তিনিটা শব্দ—‘ফিৰ অপনা ক্যা?’ সকলো নিৰ্দ্ধাৰিত হৈ থকাৰ পিছত নিজলৈ কি থাকিল? এই নিৰ্দ্ধাৰিত ৰূপবোৰেই আমাৰ সংস্কৃতি; প্ৰণালী এই ধৰণেই চলি আছে৷ একেবাৰে শেষৰ এক শব্দীয় শাৰী তিনিটাত ব্যংগাত্মক ব্যঞ্জনা স্পষ্ট হৈ জিলিকিছে৷ নাগৰিক হিচাপে সৰু গোট এটাৰ (গাঁও) পৰা ব্যৱস্থাৰ বৃহৎ গোটলৈকে (দেশ) পৰিচিতিৰ প্ৰশ্নক সন্মুখলৈ আনিছে৷ চুল্হাৰ ওপৰতে যাৰ অধিকাৰ নাই, তাত স্থিতি প্ৰকাশৰ বাবে নিজৰ বুলি কি বাকী থাকিল? প্ৰতি মুহূৰ্ততে সমাজৰ, দেশৰ বৈষম্যৰ বলি হোৱা দলিত জীৱনৰ অভিজ্ঞতাৰে বাল্মীকিয়ে এই কবিতাত সকলো ধৰণৰ উৎপীড়িত, নিষ্পেষিত মানুহৰ বাবে সেই প্ৰশ্ন লৈ আহিছে—আমাৰ অধিকাৰ ক’ত?
ড০অনুৰাধা শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধ্যাপক আৰু লগতে এগৰাকী চিন্তাশীল লেখক, ঔপন্যাসিক আৰু কবি।
আমাৰ বহুতেই দলিত সাহিত্যৰ বিষয়ে নাজানে।দলিত সাহিত্যৰ আলোচনাও কম হয় । হয়তোবা বহুতৰে অৱজ্ঞাৰ ভাব, অথবা অৱহেলা। ডঃ শৰ্মাই শ্ৰীবাল্মীকিৰ কবিতাটোৰ আলোচনা সুন্দৰভাৱে উপস্থাপন কৰিছে। নিবন্ধকাৰে সঠিকভাৱেই কৈছে যে এই ‘ঠাকুৰ’ কোনো বিশেষ শ্ৰেণীৰ প্ৰতিনিধি নহয় , ই সামাজিক আধিপত্য আৰু ক্ষমতাৰ প্ৰতীক। সাম্প্ৰতীক সামাজিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত, মোৰ বিচাৰত ই এখন গুৰুত্বপূৰ্ণ ৰচনা।