চন্দ্ৰকুমাৰ আগৰৱালা
তেজগোৰা বেলি জিলিঙনি মেলি
সাবটিব আহি ধৰা।
পুৱাতে মলয়া উঠি ছঁয়াময়া
বোলে উঁঠা তেজীমলা!
মেঘ-মলা ৰঙা পিন্ধি দিগঙ্গনা
সিঁচিছে আশাৰ ধাৰি
উত্ৰাৱল পানী, ৰঙা হাঁহি সানি
খলকিছে ছুই ভৰি।
ৰূপতে ৰূপ তুলি পাৰিজাত ফুলি
–তেজীমলা জকমকায়!
চৌপাশে বেৰি মৰমে সাদৰে
পানীৰ লতা বগায়।
মানুহ কুটুমে দলিয়াই পেলালে
কাক নো কুটুম পালি?
মৰম বেথাৰে আজলী কুঁৱৰী
এটাইকে নিজা কৰিলি।
তোৰে পানীৰ চৰাই সাঁতুৰি ফুৰিছে
কতো বা উৰিছে বনাই।
মলয়া বায়ুৰে মিতিৰ পাতিলে
–ঘৰৰ হে বাতৰি নাই।
দুপৰীয়া বেলি পানীয়ে উছালি
সিঁচিছে মুকুতা তৰা।
ফটিক পানীৰ মাজে মাজে ধীৰ
চৰিছে পোৱাল দৰা।
সোণ-ৰূপ মাছ আহিছে গইছে,
ঘৰ-পোহনীয়া তোৰে।
মনত পৰে নে পাৰজুৰি তোৰ
মাতিলে হাততে পৰে?
ফুলনি শুৱনি পৰিয়েহে আছে
চৰে নে হৰিণাজনী?
কোনে ভুলাইছে মৰমৰ তোৰ
শাৱঁলী পোৱালিকণি
সখীৰ বাতৰি কোনে ক'ব পাৰে
–তোৰ জীৱনৰ লগ।
মৰমৰ সখী অঁতৰালে কোনে
আকৌ নে মিলিব সঙ্গ?
কুমাৰী ছোৱালী কুটুমে পেলালে
দলিয়াই মৰম ফেৰি।
মানুহে মানুহে ইমান হে মৰম
চকুলো পৰে সুঁৱৰি।
মানুহৰ চোতালত মাধুৰী ফুটিলে
মানুহে নিচিনি হায়!
সাৰি তুলি ছিঙি মোহাৰি পেলালে,
মানুহৰ মৰমো নাই!
মৰমৰ পানী নোহোৱা ঠাইত
কেনেকৈ বিশ্বাস থয়!
সেয়ে তেজীমলা দূৰতে শিপাই
পাৰিজাত হই ৰয়।
শকত বান্ধেৰে তলীৰে সইতে
বান্ধিলে নিছিগা কৰি।
ধুমুহা বতাহে খঙ ৰাগে আৰু
কিটো নো কৰিব পাৰি?
সিদিনা সন্ধিয়া দৰে আজি কিয়
তেনেকুৱা কৰে মন?
বেজাৰত মাৰগৈ বেলিটিয়ে তোক
দিছিলে যে বিসৰ্জন।
আজি পুৱাই বেলি হাঁহি চকু মেলি
পঠালে বাতৰি কিবা,
চিকুণ নাওখনি আশাৰে উজলি
আহিছে উধাই বা।
মানুহৰ নাও মানুহৰ ভাও
দেখি যে লাগিছে ভাল
মানুহ মিতিৰ বৰ মৰমৰ--
পাতিছে কিহৰ জাল?
গহীন মুখনি মৰমেৰে সনা
মোৰেই তো দেৱতা এওঁ।
কেলেই লাগিছে মানুহৰ লগ
–আহিয়ে দেখোঁ ধৰেও।
“হাতো নেমেলিবি, ফুলো নিছিঙিবি,
ক'ৰে নাৱৰীয়া তাই?
মানুহে ফুলৰ কিজানে আদৰ?
তেজীমলাহে মই।”
Click here to read an English translation of the poem.