সময় আজি মানুহক মানুহ বুলি কোৱাৰ
(বিশ্বৰ প্ৰতিগৰাকী প্ৰতিবন্ধী ব্যক্তিৰ হাতত)
মই যেতিয়া তেওঁৰ বুকুৰ মাজলৈ জুমি চাওঁ
মই যেতিয়া তেওঁৰ হাতত এখন্তেকৰ বাবে নিজৰ হাতখন থৈ চাওঁ
বুকুখনে কোৱা শুনো— তোমাৰ দৰেই
মোৰো সপোন আছে, আকাংক্ষা আছে;
হাতখনে কোৱা শুনো— মোৰো তাপ আছে
উত্তাপ আছে, অনুভৱৰ উম আছে।
মই যেতিয়া ৰেলগাড়ীৰে ভ্ৰমণ কৰোঁ
হঠাতে লগ পাওঁতে তেওঁলোকে কোৱা শুনো—
আমাৰো এটা ধুনীয়া কণ্ঠ আছে, মাত আছে
কোৱা শুনো, চকু নাথাকিলেও
আপোনালোকক দেখা পোৱাৰ আমাৰ চকু আছে
কাণেৰে নুশুনিলেও ৰেলৰ উকি
সময়ৰ উকি শুনাৰ আমাৰ কাণ আছে।
"দিয়ক বাবু, ভৰি দুটা নাথাকিলে কি হ'ব
আপোনাৰ জোতাযোৰ পলিছ কৰিবৰ বাবে
দুখন হাত আছে।"
আকৌ কেতিয়াবা শুনো কোৱা একোজনে—
"বাবু, হাত দুখন ৰেলে কাটিলে বুলিয়েই
জীয়াই নাথাকিম নেকি বাৰু,
চাব নেকি স্নান কৰাকে ধৰি
দুভৰিৰে কি কি কৰিব পাৰোঁ?"
মই যেতিয়া তেওঁলোকৰ বুকুৰ মাজলৈ চাবলৈ যত্ন কৰোঁ
দেখা পাওঁ তেওঁলোকেওচোন আমাৰ দৰেই হাঁহে,
আমাৰ দৰেই কান্দে, আমাৰ দৰেই পাতে কথা।
মই যেতিয়া তেওঁলোকৰ হাতত হাত থওঁ
অনুভৱ কৰোঁ তেওঁলোকৰো চোন আমাৰ দৰেই স্পৰ্শানুভূতি;
আমাৰ দৰেই শিহৰণ-উত্তাপ।
মোৰ মালৈ মোৰ যিমান মৰম
তেওঁলোকৰ মালৈও তেওঁলোকৰ সিমানেই মৰম
তেওঁলোকেও জানে জন্ম আৰু মৃত্যুৰ কথা
তেওঁলোকেও জানে জীৱন সংগ্ৰামৰ কথা।
পাৰ্থক্য তেনে ক'ত,
প্ৰভেদ তেনে কোনখিনিত?
তেওঁলোকৰ হৈ আজি কোনে ক'ব—
সময় এয়া নেতিবাচক ধাৰণাবোৰ এৰি চলাৰ
সময় এয়া তেওঁলোকক স্বাৱলম্বী কৰি তোলাৰ
সময়— বৈষম্য দূৰ কৰাৰ
সময়— সম মৰ্যাদা, সম অধিকাৰ তেওঁলোককো দিয়াৰ
সময়— মানুহক মানুহ বুলি কোৱাৰ৷
স্পৰ্শ
তুমি কি কোমল আছিলানে জোনৰ পোহৰৰ দৰে
তুমি কি তপত আছিলানে বুকুৰ উমৰ দৰে
তুমি কি শুদ্ধ আছিলানে শিৱগংগাৰ ধাৰাৰ দৰে
চকুৰ মণিত ঢৌ তুলিব পৰাকৈ
আছিলানে উত্তাল
দুই নদী এক হ'ব পৰাকৈ আছিলানে প্ৰবল
আছিলানে এছাটি নতুন পোহৰৰ তৃষ্ণাত
উজলি উঠিব পৰাকৈ তীব্র
দুটি আঙুলি
দুখন হাত
মাজত এপাহ জোনাকৰ ফুল
আৰু
সেই ক্ষণৰ সুৰভি
তুমি বাৰু জীয়াই থাকিবানে বুকুত
এটি চিৰকলীয়া অনুভৱ হৈ!
An English translation of the poems.