Issue: Vol. IV, No. 2, August-October, 2025
অন্তৰ্ধানৰ বেদনা
সেই যে দেওবৰীয়া বজাৰত
নিয়মীয়াকৈ লগ পাই থকা মানুহজন,
লগ নোপোৱা হ’লোঁ এদিন।
সেই যে বেংকৰ কাউণ্টাৰত শাৰী পাতি থাকোঁতে লগ পোৱাজন
তেওঁকো নোপোৱা হ’লোঁ।
কবিতাৰ সভাত পিছৰ আসনত বহি কবিতা শুনি
ভাল লাগিল বুলি প্ৰশংসা কৰা মানুহজন
তেওঁকো নেদেখাৰ দৰেই হ’লোঁ ।
খবৰ নোপোৱা হ’লোঁ বহুদিনৰ অন্তত হ’লেও
ফোন এটা কৰি “কেনে আছে” বুলি সোধাজনৰ।
তেওঁলোকৰ বাৰু আজি কেনেকৈ লওঁ খবৰ
যিসকল তেজৰ নহৈও খুবেই আছিল আপোন
খুবেই আছিল ওচৰ-সম্পৰ্কৰ;
যিসকল একেবাৰেই গুচি গ’ল!
হয়! গম নোপোৱাকৈয়ে চিৰকালৰ বাবে
কোন কেতিয়া গুচি যাবলগীয়া হয়
কিয় যাবলগীয়া হয় এটা প্ৰশ্নবোধক চিহ্নৰ মাজতেই
আৱদ্ধ হৈ ৰয়। আৱদ্ধ হৈ ৰয় হৃদয়ৰ এটোপাল সুষুপ্ত চকুলোৰ মাজত।
আমি আটায়েই চাগে’ এনেকৈয়ে এদিন
তেনে একোজন আপোন মানুহৰ পৰা হেৰাই যাম
কোনোবা বজাৰত, কোনোবা কাউণ্টাৰ এটাৰ অচল শাৰীত,
হাঁহি বিৰিঙি নুঠা এখন কবিৰ সভাত,
এটা বন্ধ মোবাইলৰ নিমাত নিস্তব্ধতাত!
গুচি যোৱাৰ পাছত কোনোবাই জানো কাৰোবাক
বিচৰাৰ কিবা কাৰণ থাকিব?
যুদ্ধৰ মুখ
ধ্বংসৰ পাছত শোকৰ মালিতাৰ কি মৰ্ম
মৃত্যুৰ পাছত শ্বহীদ উপাধিৰ কি কৰ্ম?
বাৰুদ-মিছাইলৰ খাণ্ডৱদাহ,
বোমা বিস্ফোৰণ, যুদ্ধ-জাহাজৰ গৰ্জন-নিনাদ,
ৰাসায়নিক অস্ত্ৰৰ প্ৰয়োগৰ ভীতি-দৰ্শন!
কাক মাৰে কাক তৰে
শত্ৰু কোন মিত্ৰ কোন;
জয় কি পৰাজয় কি?
নিছেই পুৱাতে পাৰচৰাই এটাই
কথাবোৰ বাৰম্বাৰ সুধিলত
উপায়হীন হৈ ক’লোঁ—
এয়া এক দৈত্যৰ মুখ!
আইৰ মাত নুশুনি ভাইৰ মাতো নুশুনি
এয়া যে এখন যুদ্ধৰ মুখ
মানুহৰ এইখনেই আটাইতকৈ বীভৎস আৰু
ঘৃণনীয় মুখ!