অৰণ্যবোৰ আগৰ দৰে নাই সঁচা
অৰণ্যবোৰ আগৰ দৰে নাই সঁচা
জঁপিয়াবলৈ কিন্তু বৰ সহজ হ'ল;
হিচাপ-কিতাপৰ বল সিদ্ধি কৰিলেই হ'ল।
বান্দৰৰ জাকটোৰ বাবেহে
টান হৈ আহিছে দিনবোৰ
সেৰেঙা হ'ল গছ-বিৰিখ
ঘৰৰ টিনপাতত জঁপিয়াওঁতেই
বয়স ওকলিছে।
তাকে ভাবি এদিন এখন মেল পাতিলে
হাবিয়ে-হচঙে থকাবোৰো ওলাই আহিল
আৰু আলচ কৰিবলৈ লৈ
ইটোৱে সিটোৰ মুখৰ ফালে চাই সুধিলে—
মানুহবোৰ কেনেকৈ ইমান জঁপিয়াব পৰা হ'ল,
কালি তাত আজি ইয়াত কাইলৈ হয়তো আকৌ কৰবাত নহয় কৰবাত!
সবেই মিলি উপায় চিন্তাৰ প্ৰস্তাৱ ল’লে,
ক'ত, কেনেকৈ জঁপিয়ালে বগাব পাৰি
মানুহৰ ডাললৈ!
ধ্বংসৰ বিৰুদ্ধে যুদ্ধৰ বিৰুদ্ধে
মই তোমাক ৰাইফল আৰু মেচিনগান দিম
মই টেংক, এণ্টি টেংক মিছাইল
মই এয়াৰ টু এয়াৰ, গ্ৰাউণ্ড টু গ্ৰাউণ্ড, গ্ৰাউণ্ড টু এয়াৰ, এয়াৰ টু গ্ৰাউণ্ড এট্যেক্
আধুনিকতম মাল্টিপ'ল আক্ৰমণৰ ৰ’কেট লঞ্চাৰ দিম
মই জল-দৈত্য হেন জাহাজ আৰু ছাবমেৰিন দিম
মই ৰাডাৰেও ধৰা পেলাব নোৱৰা যুঁজাৰু বিমান আৰু বোমাৰুবৰ্ষক
প্ৰয়োজন হ'লে জৈৱিক অস্ত্ৰৰ যোগানো ধৰিম
মই পাৰমাণৱিক সামগ্ৰী দিম
মই,
উপগ্ৰহৰ পৰা অহৰহ খবৰ দিম
প্ৰতিটো আপাতকালীন পৰিস্থিতি সম্মুখীন
হ’ব পৰাকৈ দিহা দিম।
কয় তেওঁলোকে—
কি ঘটিছিল কুৰুক্ষেত্ৰত
কি ঘটিছিল প্ৰথম আৰু দ্বিতীয় মহাসমৰত
আটাইবোৰ পাহৰি
প্ৰীতিৰ বিপৰীতে অহিত লানি নিছিগা
এক অমানৱিক এই প্ৰস্তুতিৰ পৰিৱেশ
গঢ়ি তুলিম৷
আপুনি বাৰু অঘটনসূচক চাইৰেনৰ মাত শুনিছেনে কেতিয়াবা
আপুনি বাৰু বিপদত পৰা অসহায়জনৰ চিঞৰ-চিৎকাৰ শুনিছেনে
আপুনি বাৰু তেজ আৰু চকুলো
একাকাৰ হোৱা ছবি দেখিছেনে
দেখিছেনে বাৰু বাটে-ঘাটে শিৰকটা মুণ্ডহীন অভাৱনীয় দৃশ্য
দেখিছেনে বগাফুলৰ দৰে শৱদেহবোৰ
দেখিছেনে হাত-ভৰি হেৰুৱাই পংগু হোৱা মানুহৰ কৰুণ স্বৰূপ
দেখিছেনে বোমা-বৰ্ষণত বিধ্বস্ত হোৱা একো একোখন চহৰ
ঘৰ -দুৱাৰ, সম্পত্তি, দেশ হেৰুৱাই পলায়ন কৰি বিদেশত ভগনীয়া হোৱাজনৰ বিলৈ-বিপত্তি
দেখিছেনে ৰুগীয়া আৰু আহতজনক চিকিৎসালয়ৰপৰা টানি নি গুলিৰে থকা-সৰকা কৰা;
আৰু উফৰি গৈ সিফালৰ দেৱাল-স্তম্ভত
তপত তেজৰ ছিটিকনিৰে ফাকুৱা খেলা
শুনিছেনে বেলিষ্টিক মিছাইলৰ গগনফলা গৰ্জন
দেখিছেনে বেলিৰ পোহৰ সোমাব নোৱৰা আকাশচুম্বী ক’লা ধোঁৱাৰ তোৰণ
দেখিছেনে অগণিতজনক হেঁচি-ঠেলি একেটা নলাতেই কবৰ দিয়া
আপুনি বাৰু মুখামুখি হৈছেনে কেতিয়াবা শত্ৰুসেনাৰ আক্ৰমণ আৰু আতংকত নিগৰি ওলোৱা চকুলো
দেখিছেনে কেতিয়াবা পাৰমাণৱিক তাপত একো একোটা জীৱন্ত দেহ
নিমিষতে নিথৰ হৈ ঠাইতে ছাই হোৱা?
আপুনি কয়— তেজ আটাইৰে ৰঙা
আপুনি কয়— ঈশ্বৰ এজনেই
আপুনি কয়— আমাৰ এখনেই গাঁও
আপুনি কয়— আমি ভাই-ককাই
আপুনি কয়— অজ্ঞানতাই সকলো পতনমুখী কৰ্মৰ মূল
আপুনি কয়— বৰ্তমান আটাইয়েই সুশিক্ষিত আৰু সভ্য
আপুনি কয়— যুদ্ধ বৰ্বৰৰহে কাম !
কিমান পাকলগা আপোনালোকৰ কথা
কিমান পাকলগা আপোনালোকৰ কৰ্ম
দিওঁতে ধৰ্মপুথিয়েই দিয়ে উপহাৰ
পৃষ্ঠা খুলিলেই নাচে ফণা মেলি সাপ!
ধুনীয়া জাহাজবোৰত দেখাকৈ যাত্ৰীয়েই কৰে অহা-যোৱা
কোনে দেখিছে তলৰ খাপত লুকুৱাই অনা বিধ্বংসী মিছাইল আৰু পৰমাণু বোমা!
হয়, ইজনে সিজনে দেখাকৈ হস্তমৰ্দনো কৰোঁ
ভিতৰি ভিতৰি বিয়পাই শীতল বিষ-মন্ত্ৰণা!
ইমানবোৰ মন্ত্ৰণাৰ মাজত কিয় তেনে
গোলকীয় উষ্ণতা বঢ়াৰ কথা
ইদেশে সিদেশে প্ৰদূষণ ৰোধ কৰাৰ কথা
পৰমাণুৰ আসুৰিক ভয়াবহতাৰ কথা
কিয় তেনে আলোচনা-বিলোচনা
হে' যুদ্ধপ্ৰিয় মানুহ, হে' ধ্বংসপ্ৰিয় মানুহ
অস্ত্ৰ নহয়!
এডাল কলম দিয়ক
এমুঠি চাউল দিয়ক
এটা সংস্থাপন দিয়ক
এটা শুদ্ধ বাতাবৰণ দিয়ক
যুদ্ধজ্বৰত ভোগাসকলৰ সৈতে
কথা পাতিবলৈ
এখন হৃদয় আৰু এটা কণ্ঠ দিয়ক
মাটি-পানী আৰু বায়ুভাগক
নিৰোগীকৈ ৰাখিবলৈ এবিধ
ঔষধ দিয়ক।
An English translation of the poems.