চুফী কবি ৰুমিৰ কবিতা

শ্বৰীফা খাতুন চৌধুৰী

“You are not a drop in the ocean
You are the entire ocean in a drop.”

অতিৰিক্ত এটি শব্দও প্ৰয়োগ নকৰাকৈ অথচ পাৰাপাৰহীন জীৱন মহাসাগৰ এই দুশাৰী কবিতাতে প্ৰবলভাৱে আন্দোলিত হৈ আছে৷ সাগৰৰ উত্তাল তৰংগমালাই বিস্তীৰ্ণ উপকুল ঢৌৱাই আছে৷ জীৱনৰ সুখ-দুখ, আনন্দ-বিষাদৰ ক্ষণবোৰ থূপ খাই যেন গৰ্জন কৰি আছে৷ আনহাতে একেজন কবিয়ে সৰগীয় প্ৰেমে পোহৰাই ৰখা সীমাৰপৰা অসীমলৈ যোৱা এটি চিৰন্তন সত্য পথৰো সন্ধান দিছে৷ পৃথিৱীৰ কোনো মায়া-মোহ, ধৰ্মীয় সামাজিক নীতি-নিয়মৰ বৃত্তৰ মাজত কবিজনাৰ সত্তাই বন্দীত্ব স্বীকাৰ কৰা নাই:

“I do not belong to any established religion
Or any cultural system
I am neither the body or the soul
for belong to divine soul of my beloved.”

এই চেতনাৰ বাবেই ত্ৰয়োদশ শতিকাৰ পাৰ্চী কবি চুফীবাদী জালালুদ্দিন মহম্মদ বালকিৰ সৃষ্টিৰাজিয়ে কাব্যেপ্ৰেমীসকলক দুৰ্বাৰ আকৰ্ষণ কৰি আহিছে৷ কিন্তু এইজন চুফি কবি ‘ৰুমি’ বুলিহে প্ৰখ্যাত৷ ৰুমি শব্দটো আৰবী শব্দ৷ ইয়াৰ অৰ্থ হ’ল ৰোমান৷ ৰুমিয়ে জীৱনৰ বহু বছৰ পাৰ কৰিছিল আনাতোলা নামৰ ঠাইত, চেলজুক চুলতানৰ ৰোম সাম্ৰাজ্যত৷ ৰোম সাম্ৰাজ্যৰপৰা তেওঁ ‘ৰুমি’ হিচাপে প্ৰখ্যাত হৈ পৰিল৷ আঠশ বছৰ অতিক্ৰম কৰাৰ পাছতো তেওঁৰ কবিতা আজিও প্ৰাসংগিক৷

চুফী কবি ৰুমিৰ জন্ম হৈছিল ১২੦৭ চনৰ ছেপ্টেম্বৰত প্ৰাচ্য সাম্ৰাজ্যৰ বালখত, বৰ্তমান আফগানিস্তানৰ অন্তৰ্গত৷ আজিও ৰুমিৰ কবিতা চিৰসেউজ অৰণ্যৰ দৰে— যি প্ৰাচীন হৈয়ো নতুন৷ এইক্ষেত্ৰত ৰুমিৰ জীৱনীকাৰ আৰু Rumi’s Secret : The Life of the Sufi Poet of Loveৰ লেখক ব্ৰেড গুচৰ বক্তব্য মন কৰিবলগীয়া— “ৰুমিৰ ব্যক্তিত্ব শত বছৰ ধৰি একেদৰেই জনপ্ৰিয় আৰু আকৰ্ষণীয়৷” ৰুমিৰ অভূতপূৰ্ব আৰু গভীৰ অনুভূতিৰপৰা সৃষ্টি হোৱা কাব্যসমূহৰ অন্তৰালত বিশেষ কিছুমান কাৰণ নিবিড়ভাৱে সন্নিৱিষ্ট হৈ আছিল বুলি ক’ব পাৰি৷ ৰুমিৰ পিতৃ মহম্মদ চুলতান বাহাউদ্দিন ওলাদ আছিল প্ৰখ্যাত ৰহস্যবাদী কবি, ইছলামী ধৰ্মতত্ত্বৰ বিশেষজ্ঞ, আইনজ্ঞ, গ্ৰন্থকাৰ আৰু শিক্ষক৷ আনহাতে ৰুমিৰ মাতৃ সুখিনা খাতুন আছিল এটি আঢ্যৱন্ত আৰু শিক্ষিত পৰিয়ালৰ দুহিতা৷ পিতৃ-মাতৃ দুয়োজনৰ তত্ত্বাৱধানত তেওঁৰ ব্যক্তিত্ব গঢ় লৈ উঠিছিল৷ ধৰ্মীয় তত্ত্ব আৰু দৰ্শনৰ প্ৰতি ৰুমিক আকৰ্ষিত কৰিছিল পিতৃ বাহাউদ্দিন ওলাদে৷ তেওঁৰ অনুভূতি আছিল অতি তীক্ষ্ণ আৰু সূক্ষ্ম৷ সৰ্বসাধাৰণ মানুহতকৈ ঈশ্বৰৰ অস্তিত্ব, জীৱন-মৃত্যু, প্ৰেম-ঘৃণা, সৌন্দৰ্য, প্ৰকৃতি আদিৰ প্ৰতি দৃষ্টিভংগী আছিল বেলেগ৷ এনেবোৰ ধাৰণাই কবিগৰাকীক তিলতিলকৈ গঢ়ি তুলিছিল এগৰাকী চুফী হিচাপে৷ পাছলৈ তেওঁৰ কবিতাৰ মাজত চুফীৰ বিশেষ বৈশিষ্ট্য প্ৰস্ফুটিত হৈছিল:

“In your light I learn how to love.
In your beauty, how to make poems.
You dance inside my chest,
Where no one sees you,
But sometimes I do
And that sight becomes this art.”

তেওঁৰ অন্তৰাত্মা জুৰি এক অদৃশ্য সত্তাৰ প্ৰেমে অহৰহ ঢৌৱাই আছিল৷ সেই প্ৰেমে মৃত্যুপৰ্যন্ত জীৱনক ভাল পাবলৈ তেওঁক অনুপ্ৰাণীত কৰিছিল৷ ৰুমিৰ পিতৃ বাহাউদ্দিন ওলাদৰ মংগোলছ শাসকৰ সৈতে মত-বিৰোধ হোৱাৰ বাবে ১২১২ চনত বালস ত্যাগ কৰি পৰিয়ালৰ সৈতে অন্য স্থানলৈ যাত্ৰা আৰম্ভ কৰিছিল৷ এই যাত্ৰাৰ অভিজ্ঞতাই বাহাউদ্দিন ওলাদৰ উপৰি শিশু জালালুদ্দিনৰ জীৱনতো গভীৰ প্ৰভাৱ পেলাইছিল৷ জালালুদ্দিনৰ জীৱনীকাৰ ব্ৰেড গুচৰ মতে ৰুমিৰ জীৱনচিত্ৰ আঢ়ৈ হাজাৰ মাইল পৰ্যন্ত বিস্তৃত৷ পিতৃৰ সৈতে ৰুমিয়ে আফগানিস্তানৰ জন্মস্থান বালখৰ পৰা যাত্ৰা আৰম্ভ কৰি উজবেকিস্তানৰ সমৰকন্দ, ইৰান আৰু শ্যামত প্ৰৱেশ কৰি কিছুদিন তাতে অতিবাহিত কৰিছিল৷ ৰুমিয়ে জীৱনৰ গুৰুত্বপূৰ্ণ কিছুকাল পাৰ কৰিছিল বৰ্তমানৰ চিৰিয়াৰ দামেস্ক আৰু হালৰ চহৰত৷ সেই সময়তে ৰুমিয়ে গভীৰভাৱে অধ্যয়ন কৰিছিল ইছলাম ধৰ্মৰ তত্ত্ব আৰু দৰ্শন৷ তেওঁৰ জ্ঞানগভীৰ বক্তৃতা আৰু শিক্ষাই সকলো শ্ৰেণীৰ মানুহক মোহিত কৰিছিল৷ ইছলাম ধৰ্মৰ মানুহৰ উপৰি খ্ৰীষ্টান আৰু ইহুদী ধৰ্মৰ মানুহ আৰু সন্ত, পণ্ডিতসকলৰ ওচৰত ক্ৰমে তেওঁৰ গুৰুত্ব বাঢ়ি গৈছিল৷ ইছলাম ধৰ্মৰ মূল গ্ৰন্থ কোৰান তেওঁ অতি নিষ্ঠাৰে অধ্যয়ন কৰিছিল আৰু গ্ৰন্থখনৰ মূল ৰহস্য ভেদ কৰিবলৈ কঠোৰ সাধনা কৰিছিল৷ তেওঁ আছিল হাফিজ৷ উল্লেখনীয় কথা যে বালখ ত্যাগ কৰি যাত্ৰা আৰম্ভ কৰাৰ সময়তে ৰুমিৰ পিতৃ বাহাউদ্দিনৰ সৈতে সাক্ষাৎ হয় পাৰ্চীয়ান কবি অতীন্দ্ৰিয়বাদী ফৰিদ-উদ্দিন আটাৰৰ৷ তেওঁলোক একেলগে মক্কালৈ ৰাওনা হয়৷ সেই সময়তে ৰুমিয়ে ফৰিদ-উদ্দিনৰ পৰা এখন চুফী কাব্যগ্ৰন্থ উপহাৰ পায়৷ বয়স কম কাৰণে ৰুমিয়ে গ্ৰন্থখনৰ গুৰুত্ব পিছলৈহে বুজি উঠিছিল আৰু চুফী কাব্যৰ প্ৰতি ৰুমি আকৃষ্ট হৈছিল৷ তীৰ্থস্থান মক্কাৰপৰা অহাৰ পিছত তেওঁলোক কিছুকাল আনাতোলাত থাকিবলৈ লয়৷ আনাতোলা আছিল চেলজুক চুলতানৰ ৰোম ৰাজ্যত৷ আনাতোলাৰপৰা তেওঁলোক বৰ্তমান তুৰ্কীস্তানৰ কোনীয়াত নিগাজিকৈ থাকিবলৈ লয়৷ ১২৩১ চনত ৰুমিৰ পিতৃ বিয়োগ হয়৷ পিতৃয়ে গঢ়ি থৈ যোৱা ধৰ্মীয় শিক্ষানুষ্ঠানৰপৰা আৰম্ভ কৰি অতি দক্ষতাৰে জালালুদ্দিন ৰুমিয়ে ধৰ্মতত্ত্ব আলোচনা, ধৰ্মপ্ৰচাৰ কৰিছিল, আনহাতে তেওঁৰ জনপ্ৰিয়তাও বাঢ়ি গৈছিল৷

১২৪৪ চনৰ নৱেম্বৰ মাহত জালালুদ্দিন ৰুমিৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আহিল৷ কোনিয়াৰ পথত তেওঁৰ সাক্ষাৎ হ’ল এক আশ্চৰ্যময় চৰিত্ৰৰ ব্যক্তি আৰু সাধক শ্বামস তবৰিজৰ সৈতে৷ শ্বামস তবৰিজ আছিল স্বাধীন চিন্তাৰ অধিকাৰী আধ্যাত্মিক চুফী গুৰু৷ সাতত্ৰিছ বছৰীয়া ৰুমি তেতিয়ালৈকে কেৱল বিখ্যাত ধৰ্মতাত্ত্বিক গুৰু, ধৰ্মপ্ৰচাৰক আৰু আইনজ্ঞ৷ তবৰিজৰ নাম সকলোৱে ‘শ্বাম-অল-দিন’ অৰ্থাৎ ‘ধৰ্মৰ সূৰ্য’ হিচাপে অতি শ্ৰদ্ধাৰে উচ্চাৰণ কৰিছিল৷ তেওঁ সহজতে কোনো মানুহৰ লগত মিলামিছা নকৰিছিল৷ কিন্তু জালালুদ্দিন ৰুমিৰ ব্যক্তিত্ব আৰু জ্ঞানপিপাসু মনটোৰ প্ৰতি তবৰিজ গভীৰভাৱে আকৰ্ষিত হৈ পৰিল৷ ফলস্বৰূপে দুয়োৰে মাজত গঢ়ি উঠিল এক ঐশ্বৰিক আত্মিক সম্পৰ্ক৷ দিনে-নিশাই তেওঁলোক ব্যস্ত হৈ থাকিল বিভিন্ন ধৰণৰ তত্ত্ব, দৰ্শনৰ ওপৰত আলোচনা কৰি৷ বাকী সকলো কাম ৰুমিৰ বাবে লাহে লাহে গৌণ হৈ আহিল৷ কিন্তু দুৰ্ভাগ্যবশতঃ ১২৪৫ চনৰ ফেব্ৰুৱাৰী মাহত হঠাতে তবৰিজ নিৰুদ্দেশ হ’ল৷ তবৰিজৰ সৈতে জালালুদ্দিনৰ বিচ্ছেদে জালালুদ্দিনৰ জীৱনলৈ দুখ-যন্ত্ৰণাৰে পৰিৱৰ্তনৰ ধল নমাই আনিছিল৷ সেই সময়ত তেওঁ লিখিছিল:

“My entire life has come down to the three words
I was raw
I was cooked
I was burned.”

বন্ধু-বিচ্ছেদৰ যন্ত্ৰণাত অবিশ্বাস্যভাৱে জালালুদ্দিনৰ মাজত সুপ্ত কাব্য প্ৰতিভাই যেন মুক্ত হোৱাৰ পথ বিচাৰি পালে৷ বিষাদৰ আৱৰ্তত থাকি তেওঁ এজন প্ৰখ্যাত চুফী কবিলৈ ৰূপান্তৰ হৈছিল৷

“Would you become a pilgrim
On the road of love?
The first condition is that
You make yourself humble as dust and ashes.”

তেওঁ অনুভৱ কৰিছিল পৃথিৱীখন সলনি কৰাৰ, সেই সিদ্ধান্ত তেওঁৰ ভুল আছিল—

“Yesterday I was clever
So I wanted to change the world
Today I am wise
So I am changing myself.”

মন কৰিবলগীয়া, ৰুমি জীৱনৰ শেষৰ ফালে প্ৰায় পঞ্চাছটা বছৰ পাৰ কৰিছিল কোনিয়াত৷ কোনিয়াতে তেওঁ নিজক এজন শিক্ষক হিচাপে, এজন সন্ত গুৰু হিচাপে, এজন ন্যায়াধীশ হিচাপে অৱশেষত এজন সফল প্ৰখ্যাত চুফী কবি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল৷ তেওঁৰ বন্ধু শ্বামস তবৰিজৰ দৰে ৰুমিও মংগোলছ হত্যাকাৰীৰ লক্ষ্য হৈ পৰিছিল৷ মৃত্যুপৰ্যন্ত তেওঁ তুৰ্কী চুফীসকলৰ নিৰাপত্তাৰ অধীনত থাকিবলগীয়া হৈছিল৷ তাৰপিছতো তেওঁৰ কবিতাত প্ৰকাশ হৈছিল বৰষুণৰ দৰে কোমল শব্দৰ আকাংক্ষা, যাৰ স্পৰ্শত ফুলি উঠিব ফুলবোৰ:

“Raise your words, not voice
It is rain that grows flower, not thunder.”

চুফী কবিজনাৰ জীৱনদৰ্শন হ’ল পৰম সত্তাৰ সৈতে মিলনৰ দুৰ্বাৰ বাসনা৷ সত্য অন্বেষণৰ বাবে কৰা এক অমল জীৱনযাত্ৰা৷ সেই জীৱন হ’ব লাগিব অলেখ সংঘাত বঞ্চনাৰ পাছতো প্ৰেমময় আৰু স্বাধীন৷ তেহে এই যাত্ৰা হ’ব আনন্দময় আৰু সুখময়৷ কেৱল অন্তৰাত্মাৰেহে সেই কথা অনুভৱ কৰিব পাৰি৷ তাৰ বাবে নিজেই নিজক প্ৰস্তুত কৰিব লাগিব৷

"Every moment I shape my destiny with a chisel. 
I am the carpenter of my soul."

ৰুমিৰ কবিতাৰ বিষয়বস্তু হ’ল প্ৰধানকৈ প্ৰেম, জীৱন, মৃত্যু, আত্মা আৰু ঈশ্বৰ, ধৰ্ম আৰু বিশ্বাস, মানুহ আৰু আকাংক্ষা ইত্যাদি৷ তেওঁ বিশ্বাস কৰে প্ৰকৃততে কোনো মানুহ একেবাৰে নিৰ্দোষ হ’ব নোৱাৰে৷ শান্তি আৰু প্ৰেমেৰে পৰিপূৰ্ণ এটি জীৱনৰ বাবে প্ৰতিনিয়ত কৰিব লাগিব সাধনা, স্বীকাৰ কৰিব লাগিব যন্ত্ৰণা৷ বিচ্ছেদৰ মাজত আনন্দৰ জিলিঙনি অন্বেষণ কৰিব লাগিব৷ কোনো মানুহ প্ৰকৃতাৰ্থত নিঃসংগ নহয়৷ অনুভৱ কৰিব লাগিব কেৱল চিৰন্তন সংগীক—

"Do not feel lonely,
The entire universe is inside you."

প্ৰেমিক বা প্ৰেমিকাৰ মাজত কেতিয়াও বিচ্ছেদ হ’ব নোৱাৰে৷ বাহ্যিক দৃষ্টিত হোৱা বিচ্ছেদক তেওঁ সত্য বুলি বিশ্বাস নকৰে৷ জীৱনত বহু হেৰুৱাৰ আশংকা থাকিলেও ৰুমিৰ কবিতাই জীৱনক ভাল পাবলৈ শিকায়৷ প্ৰকৃততে সেয়াই চিৰ শাশ্বত— সেয়াই সুষমাময় জীৱন৷

“Lovers don’t finally meet somewhere
They are in each other all along.”

ৰুমিৰ প্ৰিয়তম বন্ধু আৰু তেওঁৰ জীৱনৰ পথপ্ৰদৰ্শক শ্বামস তবৰিজ নিৰুদ্দেশ হোৱাৰ পিছত ৰুমিৰ জীৱন সম্পৰ্কে যিবোৰ কথা জানিবলৈ পোৱা গৈছে নতুবা যিবিলাক কবিতা পঢ়িবলৈ পোৱা গৈছে— তাৰপৰাই অনুভৱ কৰিব পাৰি সেই বিচ্ছেদৰ যন্ত্ৰণাত তেওঁ কেনেকৈ কাতৰ হৈ পৰিছিল৷ সেই যন্ত্ৰণাই তেওঁক কবিতাৰ মাজত বিলীন হ’বলৈ বাধ্য কৰিছিল৷ হৃদয় জুৰি বহমান হৈছিল যদিও আশাৰ প্ৰদীপেৰে পোহৰাই তেওঁ লিখিছিল—

“There is a field somewhere
Beyond all doing and wrong doing
I will meet you there.”

সাতত্ৰিছ বছৰ বয়সৰপৰা সাতষষ্টি বছৰ বয়সলৈকে এই সময়ছোৱাত তেওঁ লিখিছিল শ্বামস তবৰিজ, নবী হজৰত মহম্মদ (দ.) আৰু কৰুণাময় সৃষ্টিকৰ্তাৰ প্ৰতি উছৰ্গিত তিনি হাজাৰ প্ৰেম সংগীত আৰু ৰুবায়ত লিখিছিল দুহাজাৰ৷ ৰুমিৰ সৃষ্টিশীল প্ৰতিভা তাতেই ক্ষান্ত হৈ নাথাকিল৷ তেওঁৰ কবিতাত উজ্বলি উঠিল সেই দৃঢ়তা৷

“Work, keep digging your well.
Water is there somewhere.”

বৰগছৰ শিপাই মাটি খান্দি খান্দি সোমাই যোৱাৰ দৰে তেওঁ গভীৰৰ পৰা আৰু গভীৰতালৈ সোমাই কোৰানৰ মাজলৈ গ’ল৷ কোৰানৰ মাজত নিহিত হৈ থকা গভীৰ ৰহস্য ভেদ কৰিবলৈ হৃদয়ত এক প্ৰকাৰ তাড়না অনুভৱ কৰিছিল৷ ফল স্বৰূপে তেওঁ লিখিছিল ছটা খণ্ডৰ মছনবি—এখন আধ্যাত্মিক মহাকাব্য৷ এই মহাকাব্যখনত তেওঁ সন্নিৱিষ্ট কৰিছিল ছাব্বিছ হাজাৰ দ্বিপদী (spiritual couplets)৷ জীৱনৰ শেষ সময়লৈকে মছনবিৰ বাবে দ্বিপদী কাব্য লিখিয়েই আছিল৷ মছনবিৰ ক্ষেত্ৰত চুফী কবিজনাই নিজেই এইদৰে মন্তব্য দিছিল—

“The roots of the roots of the roots of religion.”

জালালুদ্দিন ৰুমিৰ কবিতাসমূহ ইংৰাজী ভাষালৈ অনুদিত হোৱাৰা আগতে মধ্য এছিয়াৰ দেশকেইখনমানৰ বুকুতে তেওঁৰ কাব্য নিৰ্যাস বিয়পি আছিল৷ প্ৰধানকৈ তেওঁ পাৰ্চী ভাষাত কাব্য চৰ্চা কৰিছিল যদিও প্ৰয়োজনসাপেক্ষে আৰবী, তুৰ্কী আৰু গ্ৰীক ভাষাও ব্যৱহাৰ কৰিছিল৷ পৱিত্ৰ কোৰানৰ পাছতে মছনবি সুদীৰ্ঘ ইছলাম ধৰ্মীয় মহাকাব্য বুলি ইছলাম ধর্মৰ বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে৷ যিখন গ্ৰন্থত অতি গভীৰ আৰু বিস্তৰ ভাৱে ইছলাম ধৰ্মৰ তত্ত্ব, অতীন্দ্ৰিয় দৰ্শন আৰু সাহিত্যৰ সংমিশ্ৰণ পৰিলক্ষিত হয়৷

১৯৭৬ চনত কবি ৰবাৰ্ট ব্লায়ে কেমব্ৰিজৰ শিক্ষাবিদ এ. জে. আৰবেৰীৰ দ্বাৰা অনূদিত ৰুমিৰ কবিতাৰ সংগ্ৰহ এটি ক’লমেন বাৰ্কছৰ হাতত তুলি দি কৈছিল— “এই কবিতাসমূহ তাৰ সঁজাৰপৰা মুক্ত কৰাৰ প্ৰয়োজন আছে৷” (These poems need to be released from their cages.) ক’লমেন বাৰ্কছে অতি নিষ্ঠা সহকাৰে ৰুমিৰ কবিতাসমগ্ৰ মুক্তক ছন্দত অনুবাদ আৰম্ভ কৰিলে৷ “নতুন পাত্ৰত পুৰণি ফটিকা”—প্ৰচলিত এই কথাষাৰ ক’লমেন বাৰ্কছৰ কামৰ সৈতে ৰজিতা খাই পৰিল৷ অক্লান্ত শ্ৰম আৰু ধৈৰ্যৰ বিনিময়ত সৰ্বমুঠ বাইছটা খণ্ডত এই অনুবাদসমূহ সম্পন্ন কৰিলে৷ সময় লাগিল সুদীৰ্ঘ তেত্ৰিছ বছৰ৷ এই বাইছটা খণ্ডৰ উপৰি আছে— The Essential Rumi; A Year with Rumi; The Spiritual Diary of Rumi’s Father; Rumi: the Great Redbook; The Drowned Book শীৰ্ষক এই গ্ৰন্থকেইখন৷ যদিও মুখ্য অনুবাদক হিচাপে আছিল ক’লমেন বাৰ্কছ, কিন্তু এই ক্ষেত্ৰত তেওঁক সহযোগী হিচাপে সহায় কৰিছিল জন মইনে’ই৷ ৰুমিৰ অনুবাদ সমগ্ৰৰ প্ৰকাশকৰ দায়িত্ব বহন কৰিছিল হাৰ্পাৰ ওৱান নামৰ প্ৰতিষ্ঠানটোৱে৷ মধ্য এছিয়াত আৱদ্ধ হৈ থকা ৰুমিৰ কবিতা ইংৰাজী ভাষালৈ অনুবাদ হোৱাৰ লগে লগেই বিশ্বৰ কাব্যপ্ৰেমীৰ মাজত একপ্ৰকাৰ আলোড়নৰ সৃষ্টি হ’ল৷

“Beauty surrounds us, but usually,
We need to be walking in a garden to know it.”

সঁচাকৈ ৰুমিৰ কবিতাসমূহ গভীৰভাৱে অধ্যয়ন নকৰাকৈ তেওঁৰ কবিতাৰ বক্তব্য আৰু সৌন্দৰ্য উপলব্ধি কৰিব নোৱাৰি৷ অবিশ্বাস্যভাৱে ক’লমেন বাৰ্কছৰ দ্বাৰা অনূদিত ৰুমিৰ গ্ৰন্থ আমেৰিকাত সৰ্বাধিক বিক্ৰীত (Best Seller) গ্ৰন্থ হিচাপে পৰিগণিত হ’ল৷ ৰুমিৰ কবিতাগ্ৰন্থ বিছ লাখৰো অধিক বিক্ৰী হৈ এক অভিলেখ সৃষ্টি কৰিলে৷ আনহাতে বৰ্তমানলৈকে তেইছটা ভাষাত অনুবাদ হৈছে যদিও বিশ্বৰ বিভিন্ন প্ৰান্তত ৰুমিৰ কবিতাৰ অনুবাদ হৈ আছে৷

ৰুমিৰ অন্যতম শ্ৰেষ্ঠ গ্ৰন্থ হ’ল আধ্যাত্মিক মহাকাব্য মছনবি৷ আমেৰিকাৰ ৰুটজাৰ্ছ বিশ্ববিদ্যালয়ৰ প্ৰাচ্য সাহিত্য আৰু সংস্কৃতি বিষয়ৰ অধ্যাপক জাৱিদ মোজাদেদিয়ে মছনবি অনুবাদ কৰিবলৈ মন স্থিৰ কৰিলে৷ মছনবিৰ সৰ্বমুঠ ছটা খণ্ড অধ্যাপকজনে ইংৰাজী ভাষালৈ অনুবাদ কৰি এটি মহÈ কাম সম্পন্ন কৰিলে৷ এই অনুবাদে চুফী কবি ৰুমিৰ প্ৰতিভাৰ অন্য এক গুৰুত্বপূৰ্ণ দিশ বিশ্বৰ আগত দাঙি ধৰিলে৷

চুফী কবি ৰুমিৰ অভূতপূৰ্ব জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ অনুবাদক ক’লমেন বাৰ্কছে এইদৰে মন্তব্য আগবঢ়াইছে—“ৰুমিৰ চিন্তাত থকা আশ্বৰ্যকৰ সজীৱতাই যি অৰ্থ লৈ উপস্থিত হয় তেওঁৰ জনপ্ৰিয়তাৰ ডাঙৰ কাৰণ সেইটোৱেই৷ কৌতুক আৰু খেলাৰ চলেৰে কোৱা কথাতো লুকাই থাকে গভীৰ চিন্তা আৰু বুদ্ধিৰ জিলিঙনি৷

“You are searching the world for treasure.
But the real treasure is yourself.”

আধ্যাত্মিক মহাকাব্য মছনবিৰ অনুবাদক জাৱিদ মোজাদেদিয়ে ৰুমি সম্পৰ্কে এইদৰে মত প্ৰকাশ কৰিছে— “ৰুমি আছিল পাৰ্চী কবিসকলৰ মাজত সূক্ষ্ম নিৰীক্ষণকাৰী আৰু প্ৰভাৱ বিস্তাৰ কৰা এজন চুফী সাধক৷ চুফী দৰ্শনক কবিতাৰ ভাষাত অতি সুন্দৰকৈ উপস্থাপন কৰা ক্ষমতাই হ’ল তেওঁৰ জনপ্ৰিয়তাৰ মূল ৰহস্য৷”

“The angel of death arrives,
And I spring joyfully up.”

ৰুমিৰ মৃত্যু ঘটে ১২৭৩ চনৰ ১৭ ডিচেম্বৰ তাৰিখে৷ তেওঁৰ মৃত্যুৰ লগে লগে স্তব্ধ হৈ যায় মছনবিৰ বাবে সৃষ্টি কৰা দ্বিপদী কাব্যৰ যাত্ৰা৷ তেওঁৰ কবিতাই পৃথিৱী আৰু পৃথিৱীৰ মানুহক কেৱল দিছিল অমল প্ৰেম, দিছিল তেওঁৰ কবিতাৰে জীয়াই থকাৰ অনুপ্ৰেৰণা, সংঘাত আৰু ধৈৰ্যৰ মাজেৰে, যন্ত্ৰণা আৰু বিষাদৰ মাজেৰে জীৱনক সজাই তোলাৰ বাবে অপৰিসীম সাহস৷ তেওঁৰ মৃত্যুৱে দিছিল সম্প্ৰীতিৰ এটি সোণসেৰীয়া পাঠ৷ সমবেত হৈছিল ইছলাম ধৰ্মীয় মানুহৰ লগতে ইহুদী আৰু খ্ৰীষ্টানসকল, আন ধৰ্মৰ সাধুসন্তসকল৷ ৰুমিৰ শেষযাত্ৰাত ভাগ লোৱা বিভিন্ন ধৰ্মৰ লোকসকলে কৈছিল যে— ৰুমিৰ সান্নিধ্য আৰু ৰুমিৰ কবিতাই তেওঁলোকক নিজ নিজ ধৰ্মৰ প্ৰতি অতি গভীৰভাৱে বিশ্বাসী কৰি তুলিছিল৷ ৰুমিৰ কবিতাৰ এয়েই আছিল পৰম শক্তি৷ কবিতাৰ মহÈ শক্তিয়ে ধৰ্ম-বৰ্ণৰ যি বিৰোধ আৰু সংঘাত সকলো নিঃশেষ কৰি মানুহক মানুহৰ হৃদয়ৰ ভাষাৰ সম্ভেদ দিয়ে৷ মৃত্যু সম্পৰ্কে ৰুমিৰ অনুভৱ—

“Goodbyes are only for those
Who love with their eyes.
Because for those who love with
Heart and soul
There is no such thing as separation.”

ৰুমিক কবৰ দিয়া হ’ল গোলাপফুলৰ বাগিচাত নিজ পিতৃৰ কবৰৰ কাষত৷ তেওঁৰ এপিটাফত তেওঁৰে কবিতা লিপিবদ্ধ কৰা হ’ল—

“When we are dead,
Seek not our tomb in the earth,
But find it in hearts of men.”

শ্বৰীফা খাতুন চৌধুৰী এগৰাকী কবি আৰু ঔপন্যাসিক৷ ডুমডুমা-নিবাসী চৌধুৰীৰ শেহতীয়া গ্ৰন্থসপোনৰ সোণালী ঈগল