‘সোঁৱৰাই দিলেই জগৰ’ লগাৰ ভয় : ড° ভূপেন হাজৰিকাৰ এটি গীতৰ প্ৰসংগ

ড° গোপাল চন্দ্ৰ হাজৰিকা

ড° ভূপেন হাজৰিকা

বিশ্ববিশ্ৰুত শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই ১৯৬৭-৭২ কালছোৱাত নাওবৈচা বিধানসভা সমষ্টিৰ প্ৰতিনিধি হৈ থাকোতে কেইবাটাও গুৰুত্বপূৰ্ণ গীত ৰচনা কৰি বিধানসভাতো গাই শুনাইছিল। তেতিয়া ১৯৬৭-১৯৭০ৰ কালছোৱাত মুখ্যমন্ত্ৰী বিমলাপ্ৰসাদ চলিহায়ো বৰ আগ্ৰহ আৰু সন্মানেৰে ভূপেন হাজৰিকাৰ বক্তৃতা আৰু গীত শুনি কাৰ্যকৰি কৰিছিল বহুত কাম। তাৰ ভিতৰত চাৰিটা গীত মই উল্লেখ কৰিছোঁ, চাৰিওটা গীতেই বিধানসভাৰ মজিয়াতো তেওঁ ভাষণৰ মাজতে গাইছিল— ১) ‘গঙ্গা মোৰ মা পদ্মাও মোৰ মা’ (অসমীয়া-বাঙালী দুয়োটা ভাষাতে বিধানসভাত গাইছিল, বাংলাদেশ  গঠনৰ দুৰ্যোগৰ সময়ত), ২) ‘আহ আহ ওলাই আহ সজাগ জনতা’ (দুৰ্নীতিৰ বিৰুদ্ধে), ৩) ‘বৰদৈচিলা নে সৰুদৈচিলা’, ৪) ‘আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ’ম’। ইয়াৰে ‘বৰদৈচিলা নে সৰুদৈচিলা’ গীতটিৰ সন্দৰ্ভতহে  অকণমান ইয়াত ক’বলৈ বিচাৰিছোঁ।

বৰদৈচিলানে সৰুদৈচিলা’ গীতটো ১৯৬৮ চনৰ ৪ এপ্ৰিলত লিখা আৰু ‘আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ’ম’ গীতটো ১৯৬৮ চনৰ ৮ এপ্ৰিলত লিখা— চাৰি দিন অগা-পিছাকৈ। দুটা বিখ্যাত গীত ৰচনা কৰি গাই ফুৰিলে, অসমৰ এক জটিল পৰিস্থিতিত— তেলৰ কাৰণে কৰা আন্দোলন আৰু ১৯৭২ চনৰ অসমীয়া ভাষা চৰকাৰী ভাষা হোৱাৰ মাধ্যম আন্দোলনৰ সময়ত। তেতিয়া আমি স্কুলীয়া ছাত্ৰ। সত্যাগ্ৰহ কৰিবলৈ ফুলবাৰীৰ পৰা উত্তৰ লখিমপুৰৰ সদৰলৈ স্কুলৰ পৰা নিৰ্দিষ্ট কৰি দিয়া কিছু সংখ্যক ছাত্ৰ গৈছিলোঁ। এছ-ডি-অ’ৰ কাৰ্যালয়ৰ সন্মুখৰ চোতালত কোন দিনা কোন কোন স্কুলৰ সত্যাগ্ৰহ হ’ব স্কুলসমুহৰ নাম জমা দিয়ে আন্দোলনৰ বিষয়ববীয়াই। আচৰিত ধৰণে আমাৰ ফুলবাৰী হাইস্কুলৰ সত্যাগ্ৰহৰ কাৰণে নিৰ্দষ্ট কৰা দিনটোত ভূপেন হাজৰিকায়ো অংশ লৈছিল। মানে আন্দোলনৰ কাৰণেই গান গাই গাই ক’ৰবাৰ পৰা আহি তাত আছিলহি আৰু আমাক লগ দিছিল। গতিকে সেইদিনাৰ সেই সময়ৰ পৰিস্থিতি বেলেগ হৈ পৰিছিল। আমি সৰু সৰু ছাত্ৰহঁতে “তেজ দিলেও তেল নিদিওঁ” শ্ল’গানেৰে ঘুৰণীয়াকৈ হুচৰি গোৱাৰ দৰে ঘূৰি ঘূৰি সত্যাগ্ৰহ কৰি ওলাই গৈছিলোঁ। আমাৰ পিছতে নাম থকা আন স্কুলৰ ছাত্ৰহঁত আহে। এনেকৈ সত্যাগ্ৰহ কৰিবলৈ দিছিল।

অসমৰ আকাশত বৰদৈচিলা নে আন চিলা উৰি থকাৰ কথাৰে গীতটি আৰম্ভ কৰিছে। সেয়া চ’তৰ বিহুৰ বৰদৈচিলাই দুখীয়াৰ পঁজা উৰুৱাই নিয়া প্ৰচণ্ড ধুমুহা নে ব’হাগৰ আকাশত সেয়া কাগজৰ সৰুদৈচিলা। অলপ আগলৈ গৈ ভালকৈ মন কৰিলেই গম পোৱা যায় সেইবোৰ বৰ বৰ চিলা। চিলা মানে মতা চিলনী চৰাই। শেন চৰাই বুজাবলৈও চিলা ব্যৱহাৰ কৰা হয়। অসমৰ আকাশত সেইবোৰ আচলতে কি উৰিছে অসমীয়াই ভাবি চাবৰ হ’ল। কাগজৰ ৰঙা নীলা চিলা নে শেন? ধোদৰ পচলা অসমীয়াই নিচিনিলেও ভূপেন হাজৰিকাই ঠিক ধৰিব পাৰিছে, চকুৰে মনিব নোৱাৰা দুৰত্বত ঠোঁট তেজেৰে বোলোৱা সেইবোৰ শেনচৰাইহে। প্ৰকৃততেনো সেইবোৰ কি অসমীয়াই এই ব’হাগৰ বতৰতে ভাবি চাবৰ হ’ল। অসম আৰু অসমীয়ালৈ এটা যে ঘোৰ বিপদ আহিছে তাৰেই আগজাননী দি গীতটি আৰম্ভ কৰিছে। চৰকাৰৰ ফাইলত আবদ্ধ হৈ থকা অৰ্থহীন ফাইলবোৰো এই তেজপিয়া শেনচৰাইৰ বাহিৰে একোৱেই নহয়। ধোদ অসমীয়া বহাগতে এইবোৰ কথা ভাবিবৰ হল।

অসমীয়াৰ বাৰীত ফুলি গোন্ধে আমোলমোলাই থকা কেতেকী ফুলবোৰো শেনে গিলি পেলালেহি গপাগপ। নিজে কৰা তিল কুঁহিয়াৰৰ খেতি চপাবলৈও অসমীয়াৰ এলাহ। বৰঘৰৰ খুঁটা এলাহৰ ঘুণে খাইছে। মুৰৰ ফুলাম গামোচা শেনে থপিয়াই লৈ গৈছে, তথাপি অসমীয়াৰ কাণসাৰ নাই। কেৱল গ’ল গ’ল বুলি হাহাকাৰ কৰি মৰিছে। সেয়েহে তেওঁ ব’হাগত অহা বৰদৈচিলাজনীকে যেন থপিয়াই মাটিলৈ নমাই আনিব অসমীয়াৰ মনটোত এই কথাবোৰ সুমুৱাই দিবলৈ। এই কথাবোৰ গীতৰ ভাষাৰে ভূপেন হাজৰিকাই সোঁৱৰাই দি থাকে মাজে মাজে। কিন্তু সোঁৱৰাই দিলে জগৰহে লাগে, সমালোচনাৰে থকা-সৰকা কৰে। সোঁৱৰোৱা মানে সাৱধান কৰি দিয়া, ইংৰাজীত warning দিয়া বুলি যে কয় সেয়া। এইবাৰ আশা কৰিছে অসমৰ নতুন চামে ডেকা-গাভৰুসকলে হাতে-কামে অসমক বচাবলৈ সংকল্প লোৱাৰ সময় এই ব’হাগেই। অসমীয়াৰ সাহস-শক্তি ঘুৰাই আনক বৰদৈচিলাই৷ বৰদৈচিলাই অনা বৰষুণ সাহসৰ বৰষুণ হওক আৰু সেই সাহসেই ধুমুহা হৈ অসমীয়াৰ শত্ৰুক ওফৰাব লাগে বুলি তেওঁ আশা কৰিছে।

আচলতে এই গীতটিৰ জড়িয়তে ভূপেন হাজৰিকাই অসমীয়াৰ এলাহ, কাপুৰুষালি, দুৰ্বলতা আৰু হক কথাত মাতিব নোৱাৰা আদি দোষবোৰ দেখুৱাই দিছে। নিজ মাতৃভূমি অসমৰ প্ৰতি থকা ভূপেন হাজৰিকাৰ ভালপোৱা, প্ৰেম ভালকৈ ফুটি উঠিছে। অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি তেওঁ কিমান সচেতন আৰু সেয়া আনে ধ্বংস যাতে নকৰে তাকে অসমীয়াক সাৱধান কৰি দিলেই তেওঁৰ জগৰ ধৰে।

ভূপেন হাজৰিকাৰ নিজৰ ভাষাতেই চাওক— “ব’হাগ বিহুৰ সময়ত সমগ্র অসম আৰু অৰুণাচলৰ বিহুতলীবোৰত গীত গাই গাই বিহুৱা ৰাইজৰ মৰম আৰু আশিস বুটলি ফুৰিলোঁ। প্রায় এমাহজোৰা এই সাংস্কৃতিক ভ্রমণে মোক দিছিলে জীৱনৰ এক নতুন অভিজ্ঞতা আৰু নিত্য-নতুন প্ৰেৰণা। এটা কথা মই ক’বই লাগিব যে অসমৰ চুকে-কোণে ঘূৰি ফুৰোঁতে বাৰে বাৰে অনুভৱ কৰিছোঁ, অসমীয়া জাতিটো যেন দিনে দিনে নিশকতীয়া হৈ আহিবলৈ ধৰিছে—নানান ধৰণৰ ষড়যন্ত্ৰৰ বলি হৈ মূৰৰ ফুলাম গামোচাখনো হেৰুৱাই কেৱল ‘গ’ল গ’ল’  বুলি হাহাকাৰ কৰিবলৈ ধৰিছে। জাতীয় পৰিচয় ৰক্ষা কৰিবৰ কাৰণে যে আটায়ে মিলি নিজ শৌর্য-বীৰ্যৰ পৰিচয় দিব লাগে সেই কথা পাহৰি গৈছে। জাতিটোৰ এনে আলাই-আথানি দেখি মই ব’হাগ বিহুৰ বতৰতে লিখিলোঁ—

যেতিয়াই অসম বা অসমীয়াৰ কিবা সমস্যা হৈছে ভূপেন হাজৰিকা থিৰেৰে থাকিব নোৱাৰে। কিবা এটা কৰিবলৈ অন্তৰত তাগিদা আহে। সেই তাগিদাক গীতেৰে প্ৰকাশ কৰে। গীততো থাকে বছা বছা শব্দ। সেইমতে সুৰ আৰু কণ্ঠৰ যাদু। গীতেৰেই ভূপেন হাজৰিকা নামৰ এই অসাধাৰণ মানুহজনে সকলো কৰিব পাৰে। এই গীতটিতো অসমীয়া সংস্কৃতিৰ দুৰ্দশা দেখি ভূপেন হাজৰিকাৰ অন্তৰ হাহাকাৰ কৰি উঠাৰ চিত্ৰ জলজল-পটপটকৈ দেখিবলৈ পোৱা যায়। কিন্তু সাৱধান কৰিবলৈ গৈও শংকা হৈছে। “সোৱঁৰাই দিলেই লাগে জগৰ, দাং খাই উঠে দেখোন বিহুৱা নগৰ” বুলি সন্দেহ কৰি আগৰবোৰৰ দৰেই তেওঁ সমালোচনাৰ সন্মুখীন হ’ব বুলিহে ভাবিছে। তথাপি কিন্তু হক কথাটো, উচিত বুলি ভবা কথাটো কৈহে এৰিলে। এই সাহস আৰু ইতিবাচক চিন্তা-চেতনা ভূপেন হাজৰিকাৰ লেখনিসমুহ আৰু গীতত বিদ্যমান। এনেকুৱা ধৰণৰ বহু কথা আৰু কামে ড° ভূপেন হাজৰিকাক অসাধাৰণত্ব প্ৰদান কৰিলে৷