নৰাবোৰ ফুটিছে
নৰাবোৰ ফুটিছে
পথাৰখনত জুয়ে
ক’লা এখন মানচিত্ৰ আঁকিছে
জুইৰ কুঁহি আগবোৰ
বতাহত হালিছে
ধোঁৱাবোৰ ঢাপলি মেলিছে
ঘৰবোৰৰ ফালে
আকাশত শিমলুৰ জুই
পথাৰত এজাক শিশুৰ কিৰীলিত
জুয়ে পোৰা পতংগ, ভেকুলীৰ মাতবোৰ ডুব গৈছে
কালি ৰ’দৰ স’তে গৈছিলোঁ, অৰণ্য চাবলৈ
কালি ৰ’দৰ স’তে গৈছিলোঁ, অৰণ্য চাবলৈ।
পুৱাতেই ৰ’দ আহি ৰৈ আছিল চোতালত
মই সাজু হোৱালৈ ৰৈ ৰৈ, চোতালৰ দুবৰিত
খোজ দি আছিল সোণালী জোতাৰে
নিঃশব্দে।
আমি খোজ দিলোঁ পথত আৰু আগলৈ গৈ
সোমালোঁগৈ অৰণ্যত। ৰ’দে একো কথা পতা
নাছিল। মাথোঁ চাইছিল প্রতিজোপা গছ,
লতা, ঘাঁহ, বন, অৰণ্যৰ শিৰৰ পৰা সৰা পাতৰ তললৈকে
পখীৰ পাখিৰ পৰা জিলীৰ
মাতটোলৈ, গছৰ খোৰোঙৰ পৰা শুকান
নিজৰাটোলৈ আৰু সানি দিছিল ৰং। চোৰাং
বেপাৰীৰ খঁকে আধা মৃত কৰা অৰণ্যৰ
বিবৰ্ণ ঘাবোৰতো বুলাই দিছিল ৰঙৰ
বুৰুজ৷ মই মাথোঁ চাই থাকিলোঁ সেই আধা
মৃত অৰণ্যৰ ঘাবোৰলৈ, যাক লৈ এদিন
জীয়াই থাকিব উত্তৰ পুৰুষ।
ৰ’দৰ মুখলৈ চাই বুজিলোঁ, নিঃশব্দে কৈছে—
“তোমালোকে ৰ’দ বৰণ কৰা হৃদয়ত”