Issue: Vol. IV, No. 4, February-April, 2026
আৰু ঠিক এইখিনিৰ পৰাই
আৰু ঠিক এইখিনিৰ পৰাই আৰম্ভ কৰিম
অতদিনে অপেক্ষা কৰি থকা
আবেলিৰ বাগিচাখনৰ ফালে
তাত আকাশৰ তলত বহিম
ফুল, পখী, পখিলা আৰু বতাহৰ গান শুনিম
ঘড়ীৰ ৰঙা চকুৰ ঠাৰত আৰু নানাচোঁ
পৰিচিত কোনোবা সুহৃদৰো চিনাত
কেতিয়াবা অসুবিধা হ’ব পাৰে
সেউজীয়া বা গোলপীয়া সাজ এযোৰ
অহৰহ থাকিব গাত
মৌনতাৰে আহা
মৌনতাৰে আহা
এৰি অহা বাটৰ
সকলো মিঠা স্মৃতি
দুৱাৰখন খুলি থৈছোঁ
ভিতৰলৈ সোমাই আহা
উভতি নোযোৱাৰ প্ৰতিশ্ৰুতি দিয়া
প্ৰেম আৰু মিঠা শব্দৰ আড্ডাৰে
পোহৰ হৈ থাকক
মৌনতাৰ সূক্ষ্ম খোলাবোৰ
সংগীতময় হৈ উঠক
ধমনী আৰু উশাহৰ
অনন্ত ছন্দ