Issue: Vol. IV, No. 4, February-April, 2026
অমৃত শব্দৰ সন্ধানত
অমৃত শব্দৰ সন্ধানত প্ৰতিজন মানুহ
কিন্তু কোনেও নাজানে
কি সেই শব্দ বা শব্দৰ সমদল
প্ৰেম,শান্তি নে সপোনৰ কথকতা
জীৱন নে মৰণৰ কঠিন সত্যতা
নতুবা
বুকুৰ নিভৃত কোণত থকা
মৃগনাভী যন্ত্ৰণা
প্ৰতিজন মানুহ যাযাবৰী
অন্তহীন কাৰাভানত
একোজন শব্দসন্ধানী যাত্ৰী
মাথোঁ কেতিয়াবা
মোৰ সৈতে মই
আৰু
তোমাৰ সৈতে তুমি থাকা
কেতিয়াবা তোমাৰ সৈতে মই
আৰু
মোৰ সৈতে তুমি
পাৰ্থক্য সিমানেই
বাৰে বাৰে
আমি পৰিচয় বিনিময় কৰোঁ
হয়তোবা তাতেই আছিল
সেই জ্যোতিৰ্ময় শব্দবোৰ নজনাকৈ
মুহূৰ্ততে পাহৰি যাওঁ
ডিমেনচিয়া!
ডিমেনচিয়াত ভুক্তভোগী প্ৰতিজন
সকলো চিনাকি
সকলো অচিনাকি