Issue: Vol. IV, No. 2, August-October, 2025
আৰু এখন লোণীয়া পানীৰ নদী
কোনেও নজনাকৈ নদীখনৰ বুকুৰে উজাই আহিছে
আৰু এখন লুণীয়া পানীৰ নদী
বৰষুণ হৈ সন্ধিয়া নামিছে
আকাশত মেঘ
হৃদয়তো
ঈষৎ হেঙুলীয়া আৰু গভীৰ ধোঁৱাবৰণীয়া কথোপকথন
এটি অচিনাকি দুখৰ নিৰ্যাস বিয়পি পৰিছে
দূৰণিত এখনি নাও
সিটো পাৰে কি আছে
কি আছে সিটো পাৰে
হয়তোবা মদৰুৱা গান এটি
হয়তোবা অৰণ্য এখনৰ ছবি
হয়তোবা নৈ এখনৰ আকুতি
আকাশৰ নিজানত
মাথো এটি উজ্জ্বল তৰা
আৰু একো নাই
এজোপা ছায়াঘন বৃক্ষ হৈ
শব্দবোৰ হৃদয়ৰপৰা উঠি আহিছিল
আৰু চৰিওফালে অমল স্নিগ্ধতা বিয়পি পৰিছিল
মৰুৰ বুকুখন অৰণ্যৰ সুঘ্ৰাণত তিতিছিল
শব্দবোৰৰ সৈতে গঢ়ি উঠিছিল গভীৰ আত্মীয়তা
মোৰ ঘৰৰ আচবাব কিতাপৰ আলমাৰি
পঢ়া মেজ চকী সকলোতে সিহঁতৰ অবাধ ৰাজত্ব
এনেকৈ দিনবোৰ পাৰ হৈ গৈছিল
মসৃণ সুন্দৰ পৰিৱেশ
নভবাকৈ এটাৰ পাছত এটাকৈ ঘটনাবোৰ ঘটিছিল
সেয়া আছিল অবিশ্বাস্য আৰু যন্ত্ৰণাদায়ক
অন্য এখন পৃথিৱীৰ দ্বাৰ মুকলি হৈছিল
সময়ে মোৰ হাতত তুলি দিছিল
তেজে কৰাল মৰা এখন গ্ৰন্থ
অবাক হৈ পৃষ্ঠাবোৰ লুটিয়াই গৈছিলোঁ
উন্মোচিত হৈছিল অজস্ৰ নিৰ্মম কাহিনী
সহজ সৰল হৃদয়ৰ আত্মকথা
শ্মশানৰ পৰা ভাহি অহা
কবিতাৰ হুমুনিয়াহ আৰু চকুলোৰ কথা
বিশ্বাসেৰে আতোলতুলকৈ ৰখা শব্দবোৰৰ
ৰঙ আৰু অৰ্থ সলনি হৈছিল
বাকৰূদ্ধ হৈছিলোঁ
হাতত তুলি লৈছিলোঁ এখন জয়াল ধূসৰ পতাকা
এতিয়া মোৰ কাষত এটি শব্দও নাই
সকলো মৃত
সকলো মৃত
নিৰ্জনতাত অকলশৰে ৰৈ আছোঁ
এজোপা ছায়াঘন বৃক্ষ হৈ…