জনসমাগমৰ মাজতো
জনসমাগমৰ মাজতো
কেনেকৈ লুকাই থাকে নিৰ্জনতা
ৰাতি দিন সকলো একাকাৰ
সৰু সৰু ঘটনা পৰিঘটনাই
প্ৰমাণ কৰে বাৰে বাৰে
যন্ত্ৰণাই কেনেকৈ
জীয়াই ৰাখে মানুহক
ধূসৰতাই সোঁৱৰাই দিয়ে
ইয়াতে এসময়ত এখন অৰণ্য আছিল
এখন নদী আছিল
ধাৰাসাৰ বৰষুণত তিতি বুৰি
সপোন শস্য শ্যামলা হৈছিল
প্ৰসাৰিত হাতবোৰ শিল হ'ল
ভৰিবোৰ শিল হ'ল
হৃদয়ত খোদিত অমল শব্দবোৰে
তাৰ মাজতে গুণগুণাই থাকিল
লাহে লাহে ডুবি আছোঁ
মূৰৰ ওপৰেৰে বাগৰি গৈছে পোছাকী শব্দবোৰ
সেই শব্দবোৰ ধৰি ৰখাৰ কোনো হাবিয়াস নাই
সাগৰৰ পানী পিবলৈ নহয়
সেই কথা জনাৰ পাছতো
সাগৰলৈ নামিছোঁ
লুণীয়া পানীৰ সৈতে ধেমালি কৰিছোঁ
পাহৰিছোঁ
মোলৈ হাত মেলিছিল নে
মই মেলিছিলোঁ হাত
স্পৰ্শ কৰিও
স্পৰ্শ কৰা নাই
ঐশ্বৰ্যময় সেই জোনাকী দুহাত
লাহে লাহে ডুবি আছোঁ
ভৰিৰ তলত পানী
মূৰৰ ওপৰত পানী
An English translation of the poems.