শ্বৰীফা খাতুন চৌধুৰী
প্ৰেম, বিষাদ, স্মৃতি আৰু… এই গ্ৰন্থখন ২০১৫ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ হোৱা কবি মেঘালী ফুকনৰ দ্বিতীয়খন কাব্য-সংকলন। তেওঁৰ প্ৰথমখন সংকলন হৃদয়ৰ পৰা হৃদয়লৈ প্ৰকাশ হৈছিল ২০০৬ চনত। অৱশ্যে ইয়াৰ আগতেও যুটীয়াকৈ প্ৰকাশ হৈছিল শ্বহীদ, সুহৃদ আৰু উদিত সূৰ্য আৰু জুমুঠি।কবিতাৰ সৈতে এটি দীঘলীয়া পথপৰিক্ৰমা অতিক্ৰম কৰি অহা মেঘালী ফুকন ইতিমধ্যে অসমীয়া পাঠকৰ এটি চিনাকি নাম।
প্ৰেম, বিষাদ, স্মৃতি আৰু… শীৰ্ষক সংকলনটি মুঠ পঞ্চাছটা কবিতাৰে সজ্জিত। গ্ৰন্থখনৰ নামকৰণে স্পষ্ট কৰি দিছে, ইয়াত সন্নিৱিষ্ট হোৱা কবিতাসমূহ কবিগৰাকীৰ জীৱনৰ বিচিত্ৰ অভিজ্ঞতাই সমৃদ্ধ কৰা অনুভৱৰ স্পন্দনেৰে স্পন্দিত। জীৱনে আনন্দ-বিষাদ, দুখ-যন্ত্ৰণা, প্ৰেম-অপ্ৰেম, মৃত্যু-অমৃত্যু, প্ৰাপ্তি-অপ্ৰাপ্তিয়ে দিয়া পাঠ অতিক্ৰম কৰি যাব নোৱাৰে। শিল্পী-সাহিত্যিকসকলে তেনেধৰণৰ পাঠৰপৰাই বিষয়বস্তু আহৰণ কৰি আপোন সৃষ্টিৰ অন্য এখন জগত সজাই তোলে। মেঘালী ফুকনো তাৰ ব্যতিক্ৰম নহয়। নৈ এখন হৈ কবিতাসমূহ বৈ আছে আৰম্ভণিৰেপৰা শেষলৈকে। ক’ৰবাত ইয়াৰ অৱয়ৱ আৰু গতি শীৰ্ণ আৰু শ্লথ হৈছে আৰু ক’ৰবাত বিস্তৃত আৰু দ্ৰুত গতিশীল হৈছে। সংকলনটিৰ পঞ্চাছটা কবিতাৰ ভিতৰত দহটা কবিতা কবিগৰাকীয়ে ব্যক্তি বিশেষৰ ওপৰত লিখি অৰ্পণ কৰিছে যদিও কেতিয়াবা উৎসৰ্গিত ব্যক্তিগৰাকীৰ নাম উল্লেখ কৰিছে আৰু কেতিয়াবা কৰা নাই। ঠিক একেদৰেই স্থান বিশেষো তেওঁ কবিতাৰ বিষয়বস্তুলৈ আনিছে। অৱেশ্য এই কবিতাসমূহত মেঘালী ফুকনৰ কাব্যিক প্ৰতিভাৰ জিলিঙনি এটি উপলব্ধি কৰিব পৰা যায়। এই কবিতাকেইটাৰ বাহিৰে বাকী কবিতাসমূহত কবিৰ ব্যক্তিগত দুখ, যন্ত্ৰণা, হাবিয়াসৰ সৈতে একাকাৰ হৈছে সমাজ-জীৱন, গ্ৰাম্য আৰু চহৰীয়া জীৱনৰ বিভিন্ন সংগ্ৰাম, বিষাদ আৰু চকুলো। তেনে এটি কবিতা হ’ল ‘আত্মজ’। বক্তাই বিচৰা নাই সপোনৰ মায়াজালত বন্দী হৈ অসম্পূৰ্ণ জীৱন যাপন কৰক নতুন প্ৰজন্মই। নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে তেওঁ বাছি লৈছে নিজৰ সন্তানক আৰু কঠিন বাস্তৱৰ মুখামুখি হ’বৰ বাবে সন্তানটিক তেওঁ প্ৰস্তুত কৰি তুলিবলৈ অপাৰ চেষ্টা কৰিছে—
“মই যি সন্তানক জন্ম দিলোঁ তাক মাটিৰ বুকুলৈ ঠেলি দিলোঁ সি জিভাৰে চেলেকি মাটিৰ সোৱাদ লওক … … … সি চাওক, শ্বাপদৰ নখৰ আঁচোৰে কেনেকৈ বিক্ষত কৰে বঙহৰ মঙহক”
কৃত্ৰিমতাৰে ভৰা যান্তিক সুখ-প্ৰাচুৰ্যৰ ফালে বৰ্তমান বেছিভাগ ব্যক্তি ধাৱমান হৈছে। গঢ় লৈ উঠিছে প্ৰেমহীন, মানৱতাহীন, মমতাহীন, আত্মকেন্দ্ৰিক সমাজ এখন সকলোৰে অজ্ঞাতে। মেঘৰ মাজেৰে বিচ্ছুৰিত পোহৰৰ দৰে তাৰ মাজতো কবিয়ে আস্থা ৰাখিছে গভীৰ প্ৰেম আৰু ভালপোৱাৰ ওপৰত। শান্তিময় আশ্ৰয় বিচাৰি মেঘালী ফুকনে আহ্বান কৰিছে কবিসকলক— সকলো কবিয়ে লিখা উচিত একোটাকৈ প্ৰেমৰ কবিতা—
“সকলো কবিয়ে কবিতা লিখা উচিত একোটাকৈ প্ৰেমৰ কবিতা আৰু কবিতাবোৰ পৃথিৱীৰ প্ৰতিজন মানুহৰ হৃদয়ৰ ঠিকনাত প্ৰেৰণ কৰা উচিত”
বৃত্ত ভাঙি কবিৰ আবেদনত সাৰ্বজনীন আৱেগে ঢৌৱাই গৈছে সমগ্ৰ পৃথিৱীৰ মানুহৰ হৃদয়। এটি শান্তিময় বাতাবৰণৰ বাবে কবিৰ আকাংক্ষা এই কবিতাটিত তীব্ৰ হৈ উঠিছে। ‘নালাগে কোনো চুক্তিপত্ৰত চহী কৰিবলৈ’, ‘কি বিচাৰি জীৱনে দুহাত মেলে’ আদি কবিতাত মেঘালী ফুকনে গভীৰ অনুভৱেৰে লক্ষ্য কৰিছে, সমাজত সিঁচৰতি হৈ থকা অৱক্ষয়ৰ যন্ত্ৰণাৰে গধুৰ ৰূঢ় সময়ৰ আৰ্তনাদ। তেওঁ দেখিছে শব্দৰ প্ৰাচীন নৈখন ক্ৰমে নিস্তৰংগ হৈ পৰা। নদীৰ দুৰ্বল কল্লোল ধ্বনিয়ে মানুহক উজ্জীৱিত কৰিব পৰা নাই। বহ্নিমান নদীখনে হেৰুৱাইছে নিজ বৈশিষ্ট্য। সৰ্বস্বান্ত মানুহৰ নাড়ীস্পন্দন অনুভৱ কৰিব নোৱৰা শব্দৰ প্ৰাচীন নদীখন নতুন শক্তিমন্ত্ৰেৰে, নতুন বাৰ্তাবাহক হিচাপে দুৰ্বাৰ গতিৰে বৈ যাওক —এই পৰিৱৰ্তন বিচাৰি বক্তাই পৰম হেঁপাহেৰে অপেক্ষা কৰিছে।
“শব্দৰ প্ৰাচীন নৈখন নিস্তৰংগ হৈ পৰা তেজ, ঘাম, চকুলোত লুতুৰি-পুতুৰি কবিতা এটাই সৰ্বস্বান্ত বুকুখন সাবটি লোৱা”
মাতৃ বিয়োগত দুখে বিহ্বল কৰা মেঘালী ফুকনৰ হৃদয়ৰ পৰা নিগৰি ওলোৱা দুটি কবিতা—‘পিতাইৰ এৰাবাৰীত আই কেনে আছে’ আৰু ‘তোমাক বিচাৰি’। এই কবিতা দুটিৰ লগতে ‘সময়’ নামৰ আন এটি কবিতাৰ কথাও উল্লেখ কৰিব পাৰি। ‘পিতাইৰ এৰাবাৰীত আই কেনে আছে’ কবিতাটিৰ উল্লেখনীয় দিশ হ’ল ইয়াত অংকন কৰা গ্ৰাম্যবিশ্বাস, ৰীতি-নীতি, প্ৰসৱকালত মাতৃৰ যন্ত্ৰণাৰ পৰা আৰম্ভ কৰি ছোৱালীয়ে কন্যাকাল পোৱাৰ পাছত মাকে কন্যাক দিয়া উপদেশ আদিৰ বিচিত্ৰ চিত্ৰ।‘সময়’ মেঘালী ফুকনৰ আন এটি উল্লেখযোগা কবিতা এই কাৰণেই যে অতি কম শব্দৰ মাজত মাতৃ-কন্যাৰ কথোপকথনত নাৰী জীৱনৰ শিশুৰপৰা বয়সে গৰকা কালছোৱা প্ৰকাশ কৰিছে। এই চিৰন্তন সত্যতা প্ৰতিষ্ঠা কৰিছে আইনাৰ সমুখত থিয় হৈ ফুটফুটীয়া ফ্ৰক পিন্ধা ছোৱালীজনীয়ে মাকক সোধা প্ৰশ্নত। কবিতাৰ মাজেৰে কবিয়ে একান্তই নিজৰ কথাৰে কথোপকথন আৰম্ভ কৰিছে, য’ত আছে প্ৰেম-বিচ্ছেদৰ যন্ত্ৰণা, প্ৰাপ্তি-অপ্ৰাপ্তিয়ে দিয়া নিজান সময়ৰ কণ্টকেৰে ভৰা অভিজ্ঞতা। কবিৰ ভাষাত—
“বাঁহীৰ বিয়াকুল সুৰ এটা হৈ তুমি মেৰিয়াই ধৰা চকুলোৰে তিতা গধূলিগোপাল ফুলা প্ৰতিটো সন্ধ্যা।” (‘প্ৰেম’)
যান্ত্ৰিক যুগত নিজৰ বাবে অলপ ভাবিবলৈয়ো সময়ৰ আকাল। নৈশবাছৰ চিনাকি-অচিনাকি যাত্ৰীৰ তন্দ্ৰালু সময়ত প্ৰতিজন মানুহে নিজৰ ভিতৰতে একান্তই নিজৰ একোখন পৃথিৱী ভ্ৰমণ কৰে। ‘ৰাতিৰ বাছৰ আপুনি, মই আৰু আমি’, ‘আপোনাৰ বাৰু অকণমান সময় হ’বনে?’, ‘অমিতভাষ’ আদি কবিতাত মেঘালী ফুকনে নিজৰ অনুভৱ ব্যক্ত কৰিছে সুন্দৰ কাব্যশৈলী আৰু শব্দ বিন্যাসেৰে।
লগতে পঢ়ক : সত্যজিৎ গগৈৰ ‘অগ্নিপ্ৰভা গৈ আছে’
গাঁওবোৰৰ সীমা কমি আহিছে, আনহাতে সন্তৰ্পণে বাঢ়ি আহিছে চহৰ, নগৰৰ সীমা। লাহে লাহে হেৰাই গৈছে গ্ৰাম্য নিৰ্জনতা, সন্ধিয়াৰ ডবা-কাঁহৰ ধ্বনি, গ্ৰাম্য জীৱনৰ ৰীতি-নীতি ইত্যাদি। কংক্ৰিটৰ মহাঅৰণ্যৰ বুকুত শান্তিবৰ্ষণ কৰা ক্ষণবোৰৰ মৃত্যু হৈছে। কবিয়ে বৰ্ণনা কৰা ফুলবাৰী তেনে বহু মৃত গাঁৱৰ প্ৰতীক হৈ থিয় দিছে। ‘এখন চহৰৰ জন্ম যন্ত্ৰণাত’ তেনে এটি হৃদয়স্পৰ্শ কৰা বিষয় মেঘালী ফুকনে কবিতাৰ বিষয়বস্তু হিচাপে গ্ৰহণ কৰি সুন্দৰ ব্যঞ্জনাৰ অংকন কৰাত সাৰ্থক হৈছে।
বিভিন্ন জাতি-উপজাতিৰে ভৰা অসমৰ সমাজ। বিচিত্ৰ ইয়াৰ সাংস্কৃতিক পৰিৱেশ। মেঘালী ফুকনৰ কবিতাৰ মাজত এই সংস্কৃতিৰ নিৰ্যাস বিয়পি আছে। ‘মাদলৰ ছেঁৱে ছেঁৱে বুকুৰ বিষাদবোৰ টোপাটোপে গলিব’ বুলি চাহজনজাতিৰ এজন হৈ বক্তাই অনুভৱ কৰিছে। মিচিংসকলৰ ঐনিতমৰ সুৰ আৰু আপঙৰ সুৰভিৰে ভৰা দিচাংমুখ কবিতাৰ বৰষুণত তিতি থকা তেওঁ প্ৰত্যক্ষ কৰিছে। আহোমসকলে ব্যৱহাৰ কৰা পুথাদেউ, এনাদেউ আদি শব্দবোৰ কবিতাৰ মাজত যথাস্থানত প্ৰয়োগ কৰি সেই সমাজৰ মাজলৈ পাঠকক বাট দেখুৱাই লৈ গৈছে।
শব্দবিন্যাস, বাক্যবিন্যাস নতুবা চিত্ৰকল্প অংকনৰ ক্ষেত্ৰত মেঘালী ফুকনে বহুকেইটা কবিতাত নিজেই নিজৰ ওচৰত ঋণী হৈ ধৰা দিছে। আনহাতে বহু চিত্ৰশিল্পী, কবি, সাহিত্যিকৰ কিছুমান শব্দৰ প্ৰতি, কিছুমান ৰঙৰ প্ৰতি দুৰ্বলতা থাকে। সেয়া স্বাভাৱিক। মন কৰিবলগীয়া, আলোচ্য কবিতা-সংকলনটিত কবিয়ে তেওঁৰ প্ৰিয় শব্দ আৰু ৰং বহুলভাৱে প্ৰয়োগ কৰিছে। উদাহৰণ স্বৰূপে তেওঁৰ প্ৰিয় ৰং নীলা আৰু সেউজীয়া। কবিতাৰ মাজত তেওঁ এনেধৰণে ব্যৱহাৰ কৰিছে— ‘নীলা নীলা জোন’, ‘নীলা নক্ষত্ৰ’, ‘বিষাদৰ নীলা ফুল’, ‘এজনী নীলা জিঞা’, ‘নীলা পানী’, ‘তোমাৰ বুকুৰ নীলা ঢৌ’, ‘জোনটো নীলা হৈ’, ‘নীলাভ কাচনমতী কলং’, ‘দুখৰ প্ৰাচীন নীলাভ নদী’ আদি। সেইদৰে সেউজীয়া শব্দটো ব্যৱহাৰ কৰিছে— ‘সেউজীয়া সেউজীয়া গোন্ধ’, ‘সেউজীয়া বতাহ’, ‘সেউজীয়া দেশ’, ‘সেউজীয়া শোভাযাত্ৰা’, ‘উশাহে নিশাহে সৰে সেউজীয়া’, ‘সেউজীয়া গান’, ‘জীৱনৰ সেউজ মালিতা’, ‘সেউজীয়া সাগৰ’ আদি। গ্ৰন্থ অধ্যয়নে মানুহৰ ব্যক্তিত্ব সমৃদ্ধ কৰে— মানসিক পৰিসৰ বৃদ্ধি কৰে। সাহিত্য সাধনা কৰকেই বা নকৰক বহু ব্যক্তিয়ে গ্ৰন্থৰ বিভিন্ন ক্ষেত্ৰত বিচৰণ কৰে। এনেদৰেই একোগৰাকী প্ৰিয় লেখকৰ সৃষ্টিয়ে সাহিত্যৰ সৃষ্টিৰ ক্ষেত্ৰত অনুপ্ৰেৰণা প্ৰদান কৰে। কেতিয়াবা এনেকুৱা হয় কোনো লেখকৰ ভাললগা অনুভৱ আন এজন লেখকৰ অনুভৱৰ সৈতে একাকাৰ হৈ যায়। পিছলৈ নিজৰ অনুভৱ কোনো লেখকৰ কলমেৰে নিগৰি আহোতে তেওঁৰ বুকুৰ মাজত অজ্ঞাতে সুগন্ধিময় কৰি থকা নিৰ্যাসো আপোন সত্তাত মিশ্ৰিত হৈ নিগৰি আহে। পৰাপক্ষত কোনো লেখকেই ইয়াৰপৰা পৰিত্ৰাণ পাব নোৱাৰে। কবিতাৰ ক্ষেত্ৰতো তেনে ধৰণৰ ৰহস্যময় বাতাবৰণ সৃষ্টি হোৱাটো নিতান্তই সাধাৰণ কথা। অৱশ্যে এনেধৰণৰ কথাই কবি এগৰাকীৰ সৃষ্টিশীল ব্যক্তিত্বৰ ওপৰত কোনো বিৰূপ প্ৰভাৱ পেলাব নোৱাৰিলেও কিছু ম্লান হোৱাৰ সম্ভাৱনা অস্বীকাৰ কৰিব নোৱাৰি। মেঘালী ফুকনৰ কাব্যসত্তাৰ সৈতে একাত্ম হৈ এটি সুকোমোল বাতাবৰণত তেওঁৰ অজ্ঞাতে অগ্ৰজ নতুবা সমসাময়িক দেশী অথবা বিদেশী কবিৰ দেখ-নেদখকৈ এটা প্ৰচ্ছায়া কিছু কিছু কবিতাত অনুভৱ হয়। অৱশ্যে এই ক্ষেত্ৰত তেওঁৰ কবিতাৰ সৌন্দৰ্য অকণো ম্লান হোৱা নাই।কবি মেঘালী ফুকনৰ ভাষাত—
“সকলো কবিৰে কবিতা নীলকান্ত মণি যেন কৰ্চন চৰাইজনী মৰাৰ দিনটোৰ পৰাই...” (‘উৎসৰ্গা’)
............................. প্ৰেম, বিষাদ, স্মৃতি আৰু ... মেঘালী ফুকন কথা ৰিডাৰ্ছ ফৰাম, গুৱাহাটী পকাবন্ধা, ১১২ পৃষ্ঠা, দাম ২০০ টকা ISBN 978-81-89148-28-7
সুন্দৰ বিশ্লেষণ ।দুয়োগৰাকী কবি লৈ শুভেচ্ছা থাকিল