যতীন্দ্ৰনাথ দুৱৰা
সকলোটি একে আছে সঁচা কিন্তু যেন কিবা এটি নাই, অতীতৰ বলিয়া বতাহে কেনিবাদি দিলে উৰুৱাই। বাজে জানো সেই সুৰ আজি অসমৰ বননি কঁপাই? লুইতৰ বহল বুকুত সেই সুৰ শুনা জানো যায়? ল'ৰালিৰ সুখৰ সপোন আজি মোৰ কোনে হৰি নিলে? চেনেহৰ বীণৰ তাঁৰত নিকৰুণ হাত কোনে দিলে? সৰাপাত উৰি আহি কয় গছৰ কোলাত ঠাই নাই, বেজাৰতে নাৱৰীয়াটিয়ে নাও মেলি যায় ভটিয়াই।