ড০ সিদ্ধাৰ্থ গোস্বামী
“কবি নীলমণিয়ে যি বিশাল ভাবমূৰ্তি গঢ় দিলে তাৰ সন্মুখত তেওঁৰ বহু কবিতাই তিষ্ঠিব পৰা নাই। বহুজন তেওঁৰ কবিতাতকৈ বহু আগতেই তেওঁৰ ব্যক্তিত্বত মুগ্দ্ধ।
কবি এজন জনপ্ৰিয় হোৱাৰ লগত কেইবাটাও কাৰণ জড়িত হ’ব পাৰে, যেনে—কবি-প্ৰতিভা, কবিৰ সামগ্ৰিক ব্যক্তিত্ব, কবিয়ে লাভ কৰা বঁটা-বাহন আদি। আমাৰ বহু এনে অনুৰাগী আছে যিসকলে বঁটা-বাহন পোৱাৰ পিছত লেখক এজনক ডাঙৰ লেখক বুলি ধৰি লয়, অথচ লেখকজনৰ কোনো লেখাৰ লগতে তেওঁলোকৰ অন্তৰংগতা নাথাকে বা নথকাকৈয়ে তেওঁলোকৰ জীৱন সুচলকৈ চলি যায়। এজন দায়ৱদ্ধ কবি বা লেখকৰ প্ৰধান উদ্দেশ্য হ’ল লেখাৰ মাজেদি সমষ্টিৰ উত্তৰণত অংশীদাৰ হোৱা। কেতিয়াবা কোনো কবিৰ ক্ষেত্ৰত কবিজন আগত থাকে, কবিতা পিছত। কবিৰ সামগ্ৰিক ব্যক্তিত্বত সন্তুষ্টি লোৱাজনে কবিতালৈ চোৱাৰ প্ৰয়োজনবোধ নকৰে আৰু একেসময়তে ‘মহৎ কবি’, ‘ঋষি কবি’ আদি অভিধাৰে অভিহিত কৰিবলৈও সংকোচ নকৰে। কেতিয়াবা কবিতা আগত থাকি কবিৰ কাব্যিক সফলতাৰ জয়গান গায়। কবিৰ সামগ্ৰিক অভিপ্ৰায় আৰু অধ্যয়নৰ বিস্তৃতিৰ কথাটোও বিচাৰ্যৰ দিশ হৈ পৰে। কবিয়ে যদি কবিতাৰ সমান্তৰালকৈ গদ্য আৰু অন্যান্য লেখাতো হাত দিয়ে তেতিয়া তেওঁৰ পাঠকৰ লগত যোগাযোগ অধিক সবল হয়, কবিতা য’ত বিফল হয় গদ্য তাত সক্ৰিয় হৈ উঠে আৰু মূল সত্তাটো অৰ্থাৎ কবিজনৰ ক্ষেত্ৰত কবিসত্তাটো সক্ৰিয় হয়। কবি নীলমণিৰ ক্ষেত্ৰত এই আটাইবোৰ কথা প্ৰাসংগিক বুলি মই ভাবোঁ। নিজৰ কবিতা সম্পৰ্কে কেতিয়াও উচ্চ-বাচ্য নকৰা, অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি বিশুদ্ধ ভাল পোৱা, কবিতাৰ মাজেদি আত্মমুক্তিৰ অহৰহ সাধনা, চিত্ৰশিল্পৰ গভীৰ আলোচক, প্ৰখ্যাত কবিৰ কবিতাৰ অনুবাদক, নিজৰ কবিতাৰ ক্ষেত্ৰত প্ৰায়েই আত্মলঘিমা অথবা বিনয়ী ভাব প্ৰকাশ, সমালোচকৰ প্ৰতি গভীৰ আস্থা প্ৰদৰ্শন, ঠাইবিশেষে নিজা কিছুমান কবিতাৰ পটভূমি ব্যাখ্যা (যেনে, ‘ইয়াৰপৰাই পানী’) আদিৰে কবি নীলমণিয়ে যি বিশাল ভাবমূৰ্তি গঢ় দিলে তাৰ সন্মুখত তেওঁৰ বহু কবিতাই তিষ্ঠিব পৰা নাই। বহুজন তেওঁৰ কবিতাতকৈ বহু আগতেই তেওঁৰ ব্যক্তিত্বত মুগ্দ্ধ।
নীলমণি ফুকনৰ কবিতাৰ বিষয়ে পোনপ্ৰথম অন্তৰ্ভেদী সমালোচনা আগবঢ়াইছিল ড০ হীৰেন গোহাঁয়ে। তেওঁৰ সাহিত্যৰ সত্য গ্ৰন্থখনত ‘নীলমণি ফুকনৰ কবিতা’ শীৰ্ষক প্ৰবন্ধটো আমি পাওঁ। এই প্ৰবন্ধত গোহাঁয়ে ফুকনৰ কবিতাক তুলধুনা দিয়াৰ লগতে সিদ্ধিৰ পথো প্ৰশস্ত কৰিছিল আৰু এই সমালোচনাৰ মৰ্মাৰ্থ আৰু সমালোচনাই ইংগিত কৰা পথ উপলব্ধি কৰিব পৰাকৈ কবি নীলমণি সক্ষম আছিল আৰু অনাকাংক্ষিত এক শ্মশানমুখী যাত্ৰাৰ পৰা কবিয়ে সমাজৰ দিশে ঢাপলি মেলিছিল। অপ্ৰিয় হ’লেও সত্য যে ই আছিল প্ৰতীকবাদৰ প্ৰতাৰণাৰ পৰাও ক্ৰমাৎ ওভতনি যাত্ৰা। ১৯৮১ চনত প্ৰকাশিত কবিতা সংকলনৰ কবিতাবোৰত এই যাত্ৰা অধিক স্পষ্ট হৈছেহি। অসমীয়া কবিতাৰ বাবে সংশয়ৰ কথাটো হ’ল যে ফুকনৰ কবিতাৰ বহু অনুগামীয়ে এই ওভতনি পথটো আওকাণ কৰি শ্মশানমুখী পথেৰেই আগুৱাইছে, যি পথেৰে এই প্ৰতিভাৱান কবিসকলে এদিন গৈ কাল অন্ধকাৰে ঘোপ পৰা গাতত সমাধিস্থ হ’ব। ড০ গোহাঁয়ে সাগৰতলিৰ শংখৰ পাতনিত ফুকনৰ কবিতাৰ এই পৰিৱৰ্তনমুখী যাত্ৰাক চিহ্নিত কৰিছে। গোহাঁয়ে কৈছে—“…অনুশীলনৰ পৰ্যায়ত তেওঁৰ প্ৰতীকবাদী কবিতায়ো সদায় সফলতা লাভ কৰা নাছিল। অনুৰণনহীন, জঠৰ প্ৰতীকে জাঁজীৰ দৰে তেওঁৰ কাব্যৰ স্বচ্ছতা ব্যাহত কৰিছিল। কিন্তু মৃত্যুৰ সোপানেৰে আগবাঢ়ি থকা জীৱন আৰু জন্মৰ দুৰ্নিবাৰ বিস্ময় আৰু ৰহস্যই তেওঁক তেতিয়াও ব্যাকুল কৰিছিল। সেই সময়ৰ অলংকৃত ভাষা পাছলৈ তেওঁৰ কাব্যত বিৰল হৈ আহে। শেষ পৰ্যায়ত তেওঁৰ কবিতাৰ ভাষা নিৰাভৰণ, কথ্য ভাষাৰ দৰে সৰল, অথচ বাংময় আৰু বলিষ্ঠ।” ‘আজি মোক এটা ঈশ্বৰ লাগে’, ‘বসন্ত সন্ধ্যাৰ কেইটামান স্তৱক’, ‘সেই সোণালী কণীৰ কুহুমৰ মাজলৈ’ আদি কবিতাবোৰৰ পৰা উদ্ধৃতি দি সাহিত্যৰ সত্যৰ প্ৰবন্ধত ড০ গোহাঁয়ে কৈছিল–‘‘উদ্ধৃত কবিতাকেইফাকিৰ ইংগিত আমাৰ বাবে সম্পূৰ্ণ দুৰ্গম।”এই কথা মই বিশ্বাস কৰোঁ যে কেৱল পাৰ্থিৱ জীৱনোন্মুখ চেতনাৰে সীমাৱদ্ধ কবি যে নীলমণি ফুকন নাছিল সেই কথা প্ৰথমৰ পৰ্যায়ৰ কবিতাবোৰেই ইংগিত দিয়ে। কিন্তু অতীন্দ্ৰিয় চেতনা তেওঁৰ বেছিভাগ কবিতাত বহু পিছলৈকে সৰ্বসাধাৰণ পাঠক সমাজৰ পৰা আঁতৰত এক সম্ভ্ৰান্ত চেতনা হৈ থাকি গ’ল। এফালৰ পৰা এই সময়তেই ভাষাৰ ঐশ্বৰ্যও তেওঁৰ কবিতাত বাঙ্ময় হৈছিল, কিন্তু শব্দৰ বিলাসিতাই কবিতাৰ আত্মাও বিনষ্ট কৰিছিল। একালত প্ৰতীকীবাদী বা চিত্ৰকল্পবাদী কবিসকলে ইউৰোপীয় কবিতাৰ ইতিহাসত তোলপাৰ লগাইছিল, বাহিৰা মহাদেশতো বিদ্যায়তনিক সুঁতিৰে ইয়াৰ প্ৰভাৱ জোৰদাৰ হৈছিল। গতিকে স্বাভাৱিকভাৱেই নীলমণি ফুকনৰ দৰে সজাগ-সচেতন কবিয়ে সিবোৰৰ আৰ্হিত কবিতা লিখাৰ প্ৰয়াস কৰিছিল। তেওঁ নিৰ্বিবাদে ব্যক্তিগত প্ৰতীকৰ ভিৰ কৰি পাঠকক বিপাঙত পেলাইছিল। এই প্ৰয়াসৰ পৰিণতি যে পাঠকৰ পক্ষে একেবাৰে নঞৰ্থক আছিল তেনে নহয়। কবিয়ে নিজেও এই কথা বুজি উঠিছিল যে প্ৰাত্যহিক বাস্তৱৰ পৰা আঁতৰত থাকি কেৱল প্ৰতীক-নিৰ্ভৰতাৰে এই যাত্ৰাত বেছিদূৰ আগুৱাব পৰা নাযায়। কিন্তু এই প্ৰাত্যহিক বাস্তৱৰ ভেটি আমাৰ সাতাম পুৰুষীয়া ঐতিহ্য, আমাৰ ‘সমষ্টি অৱচেতন’। নানান সংঘৰ্ষৰ মাজেদি হলাহল পান কৰি অহা, অমীমাংসীয় সমস্যা, নিৰ্মম সত্যই জোঁকাৰি থকাজনৰ প্ৰতি আহি পৰা আন্তৰিক দায়ৱদ্ধতা, সহমৰ্মিতাই কবিতাৰ ভাষা সলনি কৰিবলৈ বাধ্য, ভাষা সলনি কৰিবলৈ বাধ্য নিজে থিয় দি থকা জাতিৰ সাংস্কৃতিক পোতনৰ গভীৰতাৰ উপলব্ধিত। প্ৰতীক-চিত্ৰকল্পৰ প্ৰয়োগ কবিতাত স্বাভাৱিকভাৱেই সদায় থাকিব, কিন্তু চেতনাৰ পূৰঠ স্তৰত এইবোৰ আহিব সাগৰ সদৃশ গম্ভীৰতাৰে সংযত আৰু সংহত ৰূপত। কবিয়ে যেতিয়া ‘ইয়াৰপৰাই পানী, ইপাৰ সিপাৰ নমনি’ বুলি কয় জ্যোতিপ্ৰসাদে ‘শিল্পীৰ পৃথিৱী’ত কোৱা এষাৰ কথালৈ মনত পৰে। বৰদোৱাৰ নামঘৰৰ খুঁটাত কটা মূৰ্তিত ইউৰোপৰ আধুনিক সময়ৰ এপষ্টেইনৰ চাঞ্চল্যকৰ ভাস্কৰ্যৰ সাদৃশ্য দেখি আচৰিত হোৱা জ্যোতিপ্ৰসাদে কৈছিল—“পশ্চিমীয়া শিক্ষা পাই অহঙ্কাৰত অন্ধলা হৈ ঘৰৰে মহাপ্ৰতিভাক চিনি নাপাই ফুৰা মোৰ মনটোৰ সকলো অহঙ্কাৰ সেইদিনা একেবাৰেই ধূলিসাৎ হৈ গ’ল। সেইদিনাৰপৰাই মই অসমীয়া হ’বলৈ আৰম্ভ কৰিলোঁ। মোৰ ভিতৰৰ চাহাবটো ওলাই লৰ মাৰিলে।” পানী নাৰীৰ প্ৰতীক, জীৱনদায়িনী শক্তি। ‘ইয়াৰ পৰাই পানী’ বাক্যাংশই নিজৰ স্থানক কেন্দ্ৰ বুলি ধৰিবলৈ উৎসাহ জগায়। য’ৰ পৰা এই পানীৰ প্ৰৱাহ তাৰপৰাই কবিতাৰো প্ৰৱাহ বুলিব লাগিব আৰু ইপাৰ-সিপাৰ নমনা অনন্তলৈ তাৰ বিস্তৃতি থাকিব লাগিব। দ-পৰ্বতীয়াৰ গংগা-যমুনাৰ ভাস্কৰ্যই কবি-চেতনাত পেলোৱা অভিঘাতত এই কবিতাৰ সৃষ্টি বুলি কবিয়ে নিজে উল্লেখ কৰিছে আৰু কবিতাটোৱে তাৰ ইংগিত দিছে। জ্যোতিপ্ৰসাদৰ শিল্পদৃষ্টিৰ প্ৰভাৱ কবি নীলমণিৰ ওপৰত যথেষ্ট গভীৰ। ‘জ্যোতিপ্ৰসাদৰ শিল্প-চিন্তা’ শীৰ্ষক তেওঁ সুদীৰ্ঘ প্ৰবন্ধও ৰচনা কৰিছে। জ্যোতিয়ে প্ৰতিজনকে শিল্পী আখ্যা দিয়াৰ সদৃশ ধৰণে নীলমণিয়ে প্ৰতিজনেই কবি হোৱাৰ আকাংক্ষা ব্যক্ত কৰিছে। কবিতাক কেৱল শব্দৰ বন্ধনৰ ধাৰণাৰ পৰা তেওঁ মহাব্যাপ্তি দিব বিচাৰিছে। ‘দেওপানীৰ বিষ্ণু’ কবিতাত জাগ্ৰত হৈ উঠা উৰন্ত পদ্মহস্তা বা দেওপৰ্বতৰ হাত ভঙা বিষ্ণুমূৰ্তিবোৰ জ্যোতিয়ে ‘শিল্পীৰ পৃথিৱী’ত কোৱা সংস্কৃতিৰ প্ৰতীকী ৰূপ ‘কৃষ্ণ’ যি দুষ্কৃতিৰ বিৰুদ্ধে জাগ্ৰত হয়—“বিজুলীয়াই বিজুলীয়াই আহে/ বিদীৰ্ণ এখন কাঁহৰ প্ৰহৰ/ হিলদল ভাঙি আহে হাতীবোৰ/ শুই থকা উজাগৰে থকা গাঁওবোৰ।” কবিতাটোত থকা ‘বিদ্যাধৰী আকাশ’ সাংস্কৃতিক উত্থানৰ পৰিণাম। জ্যোতিয়ে কৃষ্ণৰ মাজেদি আৰ্য মনীষাৰ যি পূৰ্ণতাৰ কথা কৈছে এই পূৰ্ণতাৰ প্ৰতি ইংগিত আছে কবিতাটোত হাত ভঙা বিষ্ণুমূৰ্তিবোৰৰ জাগৰণৰ মাজেদি।
নিজৰ সীমাৱদ্ধতাৰ প্ৰতি সচেতন কবিজনে প্ৰয়োজনত কাষ চাপিছে লৰকা, বহু লোককবি, জাপানী হাইকু কবি বা অন্যান্য দেশ-বিদেশৰ কবিৰ। মাহ মাহ ধৰি কবিতা নিলিখাকৈও তেওঁ আছে। যিবোৰ কাৰকে কবিক বাকসংযম ৰক্ষাত সহায় কৰিছে তাৰ ভিতৰত অনুবাদো আছিল অন্যতম। বাকসংযম বুলি কওঁতে তেওঁৰ বিখ্যাত কবিতাটোলৈ মনত পৰে—“ভুলতে তোমাক বিছনাখনত/ খেপিয়াই ফুৰিছিলোঁ–/ তুমি যে পৰ্বতটোৰ/ নামনিত/তিলফুল হৈ/হালি জালি ফুলি আছা।” বোধহয় প্ৰতীকবাদী কবিতাৰ প্ৰভাৱত তেওঁ লিখা এইটো আছিল এটা শ্ৰেষ্ঠ কবিতা। ড০ হীৰেন গোহাঁয়ে কৈছে—“স্বল্পভাষিতা ইয়াৰ বলৱান অস্ত্ৰ।…বতাহত নাচি-বাগি থকা তিলফুলজোপাৰ মাজেদি এক শ্ৰেণীৰ অমৰত্বৰ আশ্বাস, জীৱনৰ নিৰৱচ্ছিন্ন প্ৰৱাহৰ ইংগিত পৰিস্ফুট।” এই কবিতাটোৰ উদাহৰণেৰেই গোহাঁয়ে এনে সজীৱ আৰু গভীৰ অনুভূতিক বৃহত্তৰ পটভূমিলৈ নিয়াৰ আশা ব্যক্ত কৰিছিল আৰু কিছু সংখ্যক কবিতাৰ মাজেদি ই সম্ভৱ হৈছিল পৰৱৰ্তী স্তৰত। কবিতাটোৰ পাঠ বিশ্লেষণ ড০ হীৰেন গোহাঁয়ে পৰৱৰ্তী সময়ত সাগৰতলিৰ শঙ্খৰ পাতনিতো কৰিছে। আনজন প্ৰথিতযশা সমালোচক ড০ আনন্দ বৰমুদৈয়ে অসমীয়া কবিতাৰ সমালোচনা গ্ৰন্থত ‘নীলমণি ফুকনৰ কবিতাত চিত্ৰকল্প আৰু প্ৰতীকী ব্যঞ্জনা’ শীৰ্ষক প্ৰবন্ধত এইটোৰ বিষয়ে বিশেষভাৱে আলোচনা কৰিছে। মই ইয়াতে সংযোগ কৰিব বিচৰা কথাটো হ’ল যে এই কবিতাটোৱে এটা পৰিষ্কাৰ সংযোগ ৰক্ষা কৰিছে জাপানী কবি হিতোমাৰো আৰু এটা মিচিং লোককবিতাৰ লগত। হিতোমাৰোৰ ‘তেওঁ যেতিয়া আছিল’ –এই বিখ্যাত কবিতাটো তেওঁ নিজেই অনুবাদ কৰিছে। প্ৰবল স্মৃতিকাতৰতা আৰু অনুপস্থিতিৰ যন্ত্ৰণা হিতোমাৰোৰ কবিতাত বৰ্ণনাধৰ্মী ভাষাত প্ৰকাশ পাইছে। কবিতাটোৰ এক অংশত কোৱা হৈছে—“মানুহে কয় তেওঁৰ আত্মাই/ ঈগল চৰাইৰ পাখিৰ তলত/হাগয় পাহাৰত বনাই ফুৰিছে/বহু কষ্টেৰে শিলনি বগাই/ টিঙলৈ উঠিলোঁ/প্ৰতি মুহূৰ্ততে জানো, তেওঁক আৰু লগ নাপাওঁ..।” হিতোমাৰোৱে তেওঁৰ পত্নীৰ বিয়োগত কবিতাটো লিখিছিল বুলি কোৱা হয়। ঠিক একেই মানৱ-জীৱনৰ এই চিৰাচৰিত পৰিস্থিতিৰ ভিত্তিত কবি নীলমণিয়ে আশ্চৰ্যজনকভাৱে তীব্ৰ বাকসংযম, নিৰ্লিপ্তি আৰু অনন্ত জীৱনমুখী চেতনাৰে পুনৰ্নিৰ্মাণ কৰিছে কবিতাটো। এই প্ৰসংগত মই উল্লেখ কৰিব বিচৰা মিচিং কবিতাটো অনুবাদ কৰিছে নাহেন্দ্ৰ পাদুনে আৰু নীলমণি ফুকনৰ অৰণ্যৰ গানত সেইটো অন্তৰ্ভুক্ত কৰা হৈছে। এইটো কবিতাও অত্যন্ত মিতব্যয়ী—“সপোনত দেখা পাই/ মোৰ অকলশৰীয়া বিছনাখনতে/ তোমাক খেপিয়াই ফুৰিছোঁ।” শিল্পী ফুকনৰ হাতত জীৱন-মৃত্যুৰ এই চেতনা নতুন মাত্ৰা আৰু শৈলীৰে উজ্জীৱিত হৈছে। লৰকাৰ কবিসত্তাই কিদৰে তেওঁক সমৃদ্ধ কৰিছে তাৰ এটা উদাহৰণ দিব পাৰি তেওঁৰ বিখ্যাত কবিতা ‘মুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি’ কবিতাৰ প্ৰসংগৰে। বিভিন্ন সময়ত এই কবিতাটোৰ অদ্ভুত, অযৌক্তিক ব্যাখ্যা শুনা যায়। এই অদ্ভুত ব্যাখ্যাৰ পাতনি মেলা হয় আজাৰাৰ বজাৰত ঢেঁকীয়া বেচা এজনী মানুহৰ কথাৰে। কবিতাটোৱে পৰিষ্কাৰকৈ সম্পৰ্ক ৰক্ষা কৰিছে কবিজনে নিজে অনুবাদ কৰা লৰকাৰ ‘সাগৰৰ পানীৰ মালিতা’ কবিতাৰ লগত। লৰকাৰ কবিতাটো আৰম্ভ হৈছে এনেদৰে—“সাগৰখনে/ দূৰৈৰপৰা হাঁহে/ ফেনৰ দাঁত/আকাশৰ ওঁঠ/ স্তন দুটা উদঙাই,/ কিনো বেচ, অ’ জুৰুলী ছোৱালী?” ফুকনৰ কবিতাটোৰ মূল সত্তা, ট’ন, কোৱাৰ ৰীতি লৰকাটোৰ সৈতে একে। কিন্তু ইয়াক লৰকাৰ অনুকৰণ বুলি কৈ অসমীয়া কবিতাটোৰ গুৰুত্ব লাঘৱ কৰাটো অবিবেচকী হ’ব। লৰকাৰ কবিতাৰ পোহৰত আন এজন সমকক্ষই নিজৰ ভূমিত দেখা পাইছে সংগ্ৰামৰত মানুহৰ বুভুক্ষা। ইতিমধ্যেই প্ৰতীকবাদী ধাৰাত অভ্যস্ত অসমীয়া কবিজনে প্ৰতীকী ব্যঞ্জনাৰে আৰম্ভ কৰিছে কবিতাটো এনেদৰে—“মুঠি-মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি/ আজাৰৰ আন্ধাৰত তয়ে বেচ।” ঢেঁকীয়াৰ আঙুলি বুলি ক’লেই বিহু নামলৈ মনত পৰে—“পৰ্বতৰ ঢেকীয়া, লিহিৰি পতীয়া…।” যৌৱনৰ প্ৰাচুৰ্য প্ৰকাশক লিহিৰি আঙুলি ফুকনৰ কবিতাত হৈছে বিক্ৰীৰ সামগ্ৰী, কাৰোবাৰ সম্ভোগৰ বাসনাত বাসনাবিহীন হৈ পৰিছে এই ঢেঁকীয়াৰ আঙুলি, যিদৰে লৰকাৰ কবিতাত জুৰুলি ছোৱালীজনীৰ স্তন দুটা পৰিণত হৈছে কাৰোবাৰ সামগ্ৰীত। বাসনা আৰু বাসনাবিহীনতাৰ বিৰোধত বাঙ্ময় হৈছে বুভুক্ষাৰ এখন ভয়াৱহ ছবি।
লগতে পঢ়ক : অজিৎ বৰুৱাৰ ‘এযোৰ তামৰ অৰ্ঘা’ : এক পাঠ
নিজৰ কবিতাৰ দুৰ্বোধ্যতাৰ সন্দৰ্ভত তেওঁ বিভিন্ন সময়ত সন্দিহান নোহোৱাকৈ থকা নাই। কুমানুভত কবিতা পঢ়াৰ পিছত এগৰাকী ছাত্ৰী এমিলিয়াক কোৱা কথা এষাৰ কথা তেওঁ ৰচনাত উল্লেখ কৰিছে—“…মোৰ দেশত বহুতৰ কাৰণে মই এজন দুৰ্বোধ্য কবি।” এমিলিয়াৰ উত্তৰ আছিল—“কোনো ভাল কবিয়েই দুৰ্বোধ্য নহয়। আপুনি এজন ভাল কবি।” এমিলিয়াই ভাল কবি হোৱাৰ কাৰণ হিচাপে মাত্ৰ কৈছিল—“আপুনি এজন ভাল মানুহ।” ‘মোৰ কবিতা : নেপথ্যৰ কথা’ত তেওঁ কৈছে—“কবিতা ৰসবস্তু : পোনতেই অৰ্থ অৰ্থ কৰিলে নিৰুপায় হওঁ। জোনলৈ আঙুলিয়াই দিবহে পাৰি। আধা পোহৰ আধা আন্ধাৰৰ মাজেৰে উদ্যোগী ৰসিকজনে আপোন অভিজ্ঞতাত বুৰ গৈ সন্ধান কৰে সেই কবিতাৰ ভাব-সুষমাৰ মৰ্ম, তাৰ অন্তৰ্নিহিত অনাবিল সংগীতৰ লহৰ।” কিন্তু এই সংগীতৰ লহৰো যে কেৱল কবিৰ স্ব-উপলব্ধিৰ মাজত থাকিলে নহ’ব, সংগীতেও নিৰ্দিষ্ট তাল-মান-অৰ্থৰে গাণিতিক জোখেৰেহে যে শ্ৰোতাক তন্ময় কৰিব পাৰে তাৰ প্ৰতি ফুকন সমানেই সচেতন হৈ থাকিল। ব্যক্তিগত উপলব্ধিক সামাজিক উপলব্ধিলৈ পৰিণত কৰিব নোৱাৰিলে কবিতা সাৰ্থক হৈ নুঠে আৰু সামাজিক উপলব্ধি হ’বলৈ বুজাৰ পথটোও প্ৰশস্ত হ’ব লাগিব। দুৰ্বোধ্যতা আৰু অৰ্থবিমুখতাক মূলধন কৰি থোৱা হ’লে হয়তো তেওঁৰ আজি কবি-পৰিচয় গৌণ হৈ এজন চিত্ৰশিল্পৰ আলোচক, অনুবাদক অথবা উচ্চস্তৰীয় গদ্য ৰচক হিচাপে প্ৰধান পৰিচয় হ’লহেঁতেন। বিভিন্ন টীকা-টীপ্পনি, সাক্ষাৎকাৰ, স্থাপত্য-ভাস্কৰ্য-চিত্ৰশিল্প সম্পৰ্কীয় লেখাই বহুসময়ত তেওঁৰ কবিতাৰ ৰক্ষকৰ ভূমিকা বহন কৰিছে। একেসময়তে এই ৰচনাৰাজিয়ে কবিৰ সামগ্ৰিক অভিপ্ৰায় উপলব্ধি কৰাত সহায় কৰে। কবিৰ জ্ঞানৰ বিস্তৃতি, দিগন্ত প্ৰসাৰিত মানৱীয় চেতনাৰ পৰিধিয়ে যেতিয়া কবিতাৰ পাঠকক কিছু বিমোৰত পেলাই তেতিয়াই গদ্যবোৰ সহায়ৰ বাবে উন্মুখ হয়। নিজৰ কবিতাৰ প্ৰসংগত কৈছে—“সজ্ঞানে অজ্ঞানে চাৰিওফালৰপৰা সংগ্ৰহ কৰিবলৈ যত্ন কৰিছোঁ কবিতাৰ বিবিধ উপাদান। অসমীয়া জনবিশ্বাস আৰু আচাৰ-অনুষ্ঠানৰপৰাও মই সমল পাইছোঁ। চেষ্টা কৰিছোঁ সেই উপাদানসমূহ চেতনাত জীণ নিয়াই আপোন অনুভূতিৰ এটা অংশ কৰিবলৈ। এই কাৰ্যত কেতিয়াবা সফল হৈছোঁ, কেতিয়াবা বিফল হৈছোঁ। আপোন মনোভংগী এটা গঢ়ি তোলাত নিচেই সামান্য আৰু উপৰুৱা হ’লেও বিভিন্ন বিষয়ৰ অধ্যয়নৰপৰা সহায় পাইছোঁ। অনুভূতি আৰু চেতনাক অধিক সৃষ্টিক্ষম আৰু সম্প্ৰসাৰিত কৰিবলৈ হ’লে বিবিধ বিদ্যাৰ যথাসম্ভৱ অধ্যয়ন আৰু অনুশীলনৰ আৱশ্যকতা নুই কৰিব নোৱাৰি।” এটা মৌলিক প্ৰশ্ন এইখিনিতে আহিব পাৰে যে এই ‘সফলতা-বিফলতা’ৰ মাপকাঠী কি, ইয়াৰ নিৰ্ণায়ক কোন—এচাম সাহিত্যৰ অধ্যয়নশীল পাঠক-সমালোচক, তেনে বিভিন্ন ক্ষেত্ৰৰ ৰাইজ? যিবোৰ কবিতা পঢ়ি পাঠকে দুৰ্বোধ্য বুলি কয় সিবোৰ সফল নে বিফলৰ শ্ৰেণীত পৰিব? কবিপ্ৰেৰিত টোকা, কবিতা লিখাৰ পটভূমি আদিৰ সহায় নোলোৱাকৈ যিকেইটা কবিতাই পাঠকৰ মনত বিদ্যুৎসঞ্চাৰ কৰিব পাৰে, যিকেইটা কবিতাই পাঠকৰ চেতনাক পোনপটীয়াকৈ ব্যাপ্তি দিব পাৰে সেইকেইটাকে সফল বুলি ধৰিব পাৰোঁনে? প্ৰশ্নকেইটা তেনেদৰেই থাকক সদ্যহতে। সফলতা-বিফলতাৰ আৰু এক স্তৰো আছে। বজাৰমুখী আগ্ৰাসী শক্তিৰ প্ৰাবল্যত প্ৰতিজন সত্যনিষ্ঠ সাহিত্য সাধক এতিয়া বিফলতাৰ মুখামুখি হ’বলৈ বাধ্য যাৰ বাবে টিভি চেনেলত কবি ফুকনে উচুপি উঠা দেখিছিলোঁ আইৰ মুখৰ ভাষাটো হেৰাই যাব বুলি। জ্যোতিৰ ‘শিল্পীৰ পৃথিৱী’ সদৃশ কবি আকাংক্ষিত কবিতাৰ পৃথিৱীখন যেন মৰ্মস্পৰ্শীভাৱে সাম্প্ৰতিক প্ৰত্যাহবানৰ সন্মুখত সুদূৰপৰাহত—এই অসহায় পৰিস্থিতিৰ পৰাই কবিৰ উচুপনি। কবিৰ জীৱনৰ এইটো নিলিখা কবিতা যি হয়তো পৰৱৰ্তী কবিৰ বাবে হ’ব পাৰে নিৰ্ণেয় পথ। সমাজ-বাস্তৱৰ প্ৰবল ঢৌৱে তেওঁক যোগাযোগৰ ভাষাৰ বাবে পিছলৈ সচেতন হ’বলৈ বাধ্য কৰিলে, অভিজ্ঞতাৰ শব্দানুবাদতকৈ পৰিশোধিত, সংহত চিন্তাৰ প্ৰকাশত গুৰুত্ব বাঢ়িল। পিছৰ ফালৰ কিছু কবিতাত তেওঁৰ ব্যাপ্ত চেতনাৰ পৰিমণ্ডলত উদ্ভাসিত সমষ্টিৰ যন্ত্ৰণাই বহল পাঠক সমাজক সাঙুৰি লৈছিল বা ল’ব। বিশেষভাৱে অলপ আগতে আমি কি কথা পাতি আছিলোঁ কবিতাপুথিৰ কবিতাবোৰত। পুথিৰ প্ৰথম কবিতাতেই নিৰ্মাতা হিচাপে কবিৰ গতানুগতিক অস্তিত্বক নাকচ কৰিলে—কবিতা কবিয়ে নহয়, প্ৰাত্যহিকতাত পিষ্ট মনুষ্য, জীৱ-জন্তু-কীট পতঙ্গম তথা আৰু বহলভাৱে ব্ৰহ্মাণ্ডৰ গতি-প্ৰকৃতিয়ে বহন কৰি আহিছে—“…কবিতা তেওঁলোকৰ কাৰণেই/…কাঁটা তাঁৰত পাখি মেলি পৰি থকা/ হালধীয়া পখিলাবোৰৰ কাৰণে/ কীট পতংগ শামুক শেলাই শেলুকবোৰৰ কাৰণে…/মাটিৰ মানুহ আকৌ মাটি হ’ব/ সেই পুৰণি কথাটোৰ কাৰণে।” ফুকন ডাঙৰীয়াৰ কাব্যযাত্ৰাৰ সিদ্ধান্ত এনে য’ত কবিৰ অস্তিত্ব গৌণ আৰু কবিতাময় এখন সাম্ৰাজ্যৰ আকাংক্ষা প্ৰধান যিখন সাম্ৰাজ্যত প্ৰত্যেকৰে উশাহ-নিশাহৰ ভিত্তি হ’ব যৌক্তিক, দাৰ্শনিক, আধুনিক। এই আকাংক্ষাক আগুৱাই নিব পৰাতেই নিৰ্ভৰ কৰে কবিৰ প্ৰকৃত সফলতা-বিফলতা। মই ভাবোঁ তেওঁৰ যথাৰ্থ কাব্যিক সফলতাৰ বাবে আমি এতিয়াও বাট চাই ৰ’ব লাগিব অদূৰ ভৱিষ্যতলৈ।
লগতে পঢ়ক : কেইজনমান বিদেশী কবিৰ কবিতা আৰু টিউলিপৰ হত্যা ইত্যাদি
ড০ সিদ্ধাৰ্থ গোস্বামী ডিব্ৰগড় নিবাসী এগৰাকী গল্পকাৰ, সমালোচক আৰু সাংবাদিক।