নগেন শইকীয়া
ঋক শব্দৰ অৰ্থ হ’ল স্তোত্ৰ বা মন্ত্ৰ। স্তোত্ৰ শব্দৰ অৰ্থ হ’ল স্তুতি। মন্ত্ৰ শব্দৰ অৰ্থ হ’ল মনঃ শক্তিৰে দেখা কোনো বাণী। এই স্তোত্ৰ বা মন্ত্ৰ দৰাচলতে অন্তৰ্দৃষ্টিৰে দেখা কোনো সত্য। ঋক ৰচনা কৰিব পৰাকৈ যি অন্তৰ্দৃষ্টিৰে এনে সত্য দেখা পায় তেৱেঁই ঋষিত্ব লাভ কৰে। সেইবাবে কোৱা হয় ‘না ঋষি কুৰুতে স্তোত্ৰম’ অৰ্থাৎ ঋষিত্ব প্ৰাপ্তি নহ’লে অৰ্থাৎ অন্তৰ্দৃষ্টিৰে কোনো সত্য নেদেখিলে ঋষি হ’ব নোৱাৰে। এতেকে উচ্চস্তৰৰ কবিসকলে অন্তৰ্দৃষ্টিৰে দেখা বা অনুভৱ কৰা সত্য যেতিয়া শব্দৰ মাজত ধৰি ৰাখে তেতিয়াই সেই শব্দই কবিতাৰ শক্তি লাভ কৰে। বেদস্ৰষ্টাসকল সেইবাবে একো একোগৰাকী ঋষি। উচ্চস্তৰৰ কবিসকলকো ঠিক তেনেভাবে আধুনিক কালৰ ঋষি বুলি আমি ক’ব পাৰোঁ। ঋষিসকলক যিদৰে ‘সত্যদ্ৰষ্টা মন্ত্ৰস্ৰষ্টা’ বুলি কোৱা হয় যথাৰ্থ কবিসকলো সেই অৰ্থত সত্যদ্ৰষ্টা মন্ত্ৰস্ৰষ্টা ঋষিৰ তুল্য। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে বেদত কেৱল পুৰুষ ঋষিৰ স্তোত্ৰই নাই, নাৰী ঋষিৰো স্তোত্ৰ আছে।
মনৰ চিন্তা বা ভাব ছন্দোবদ্ধ বা ছন্দহীনভাৱে ধৰি ৰাখিলেই প্ৰকৃত কবিতা বুলি কোৱা টান যেতিয়ালৈকে কোনো লেখাই চিন্তা আৰু ভাবে অন্তদৃৰ্ষ্টিৰে দেখা অৰ্থাৎ শব্দৰে প্ৰকাশ কৰিব নোৱৰাকৈ অনুভৱ কৰা সত্য প্ৰয়োজন হ’লে উপমাদি অলংকাৰে নাইবা সুৰ বা শব্দধ্বনিৰ মাজেদিয়ে প্ৰকাশ কৰিব নোৱাৰে। ঋষি হোৱা যেনেকৈ টান যথাৰ্থ কবি হোৱাও তেনেকৈয়ে টান।
বুজিলোঁ ৷