Issue: Vol. IV, No. 3, November-January, 2025-26
মাত হেৰুৱা বেদনা
বোধিদ্ৰুমৰ কলিজা ফালি
নিজানত উচুপি উঠিছে
শব্দ ব্ৰহ্মৰ নৈতিক আখৰা।
মই চাই আছোঁ
মই শুনি আছোঁ
একো কৰিব নোৱাৰা অপৰাধত
মোৰ মস্তিষ্কত ৰক্তক্ষৰণ
এচলু বিবেকত সাত জেলৰ
দূৱাৰ খোলে।
নিমাতৰো দোষ থাকে
মাত ফুটিলে দোষ বাঢ়ে।
মূৰ পোলোকা মৰা গাইজনীৰ দৰে
নিজৰ স্থান বাছি লৈছে
সাধাৰণ সমাজখনে।
ঘাট একেটাই
পানী তোলা ৰচি বেলেগ বেলেগ
পানীৰো মিঠা-তিতা থাকে
পিছলি পিছলি মানুহবোৰ এতিয়া
দৰিদ্ৰতাৰ সীমাৰেখাত বহিছে।
হাতবোৰ, মাতবোৰ
নিজান বনত হেৰুৱায়
শব্দ ব্ৰহ্মই নিজৰ পুতৌলগা
অৱস্থা চাই নীৰৱে উচুপিছে।
অসীমত হেৰায় সীমা
অসীমত হেৰায় সীমা
নিৰ্দিষ্টকৈ আঁকিব নোৱাৰা তুমি
জীৱনৰ লক্ষ্মণ ৰেখা।
অনিৰ্দিষ্ট অনিৰুদ্ধ
জীৱনৰ গতিময়তাত
নিৰলে বাজে
মৰণশীল সময়ৰ ৰণশিঙা।
দেওলগা দূপৰৰ ভৰ যৌৱন
নিমিষতে নাম লয়
কোনো এক কক্ষচ্যুত
নিষ্প্ৰাণ উল্কাপিণ্ডৰ।
মোৰো এটা জীৱন আছিল
শৰীৰৰ তেজ ঢালি
শিল ভাঙি গজি উঠিছিল জীৱন
শিলে আশ্ৰয় দিছিল
দুহাত মেলি তোমাৰ বাবে সঞ্চিত কৰিছিলোঁ
সেউজীয়া বিভূতি বৈভৱৰ
অকিঞ্চণ পুঁজি।
তুমি স্বাৰ্থপৰ নে সময় স্বাৰ্থপৰ
আজিলৈকে বুজিব নোৱাৰিলোঁ
মোৰ ডিঙিৰ শিৰ কাটি
তেজৰ নদীত তুমি
যেতিয়া স্নান কৰা
মৃত তৰাবোৰে তোমাৰ বাবেও
সমাধিৰ কবৰ খান্দে
অসীমৰ সীমাৰেখা
বাৰে বাৰে তাতেই হেৰায়।