খোজ
খোজত খোজ মিলাই
খোজবোৰ আগবাঢ়ি যায়
সৌ সিদিনালৈকে খোজৰ
এইটোৱেই নিচা বা হাবিয়াস আছিল
সময়ৰ চাবুক খাই
খোজবোৰ দীঘল হ'বলৈ শিকিলে
দীঘল খোজবোৰ ধৰিবলৈ
পিছৰ খোজবোৰ খৰতকীয়া হ'ল
এটা সময়ত খোজৰ প্ৰতিদ্বন্দ্বিতা চলিল
খোজবোৰ দৌৰলৈ পৰিৱৰ্তিত হ'ল
খোজবোৰ লাহে লাহে গপচ আৰু দামী হৈ উঠিল
দৌৰি দৌৰি ভাগৰি পৰা খোজবোৰ
কুঁজা হৈ চুঁচৰি যাবলৈ ধৰিলে
উভতি অহা পথটো
প্ৰতিদ্বন্দ্বিতাই নস্যাৎ কৰিলে।
খোজৰ চিন হেৰুৱায়
খোজবোৰে নিজৰ মাজতে কন্দল তৰিলে।
এনেকৈয়ে এদিন বলিষ্ঠ খোজবোৰৰ মৃত্যু হয়।
ধূলি ধূসৰিত জীৱনত
আমি খোজৰ চিন থওঁ
খোজ দিবলৈ সময় নিৰ্ধাৰণ কৰোঁ
আমাৰ অজ্ঞাতসাৰে খোজবোৰ
খোজৰ পৰা দৌৰ হয়।
খোজেই আমাৰ জীৱন
খোজেই আমাৰ পূৰ্ণতা।
পূৰ্ণতাতে খোজৰ মৃত্যু হয়,
জী উঠে আকৌ মৰে
খোজ থাকি যায়।
স্থিৰচিত্ৰ
প্ৰতিদিন ৰাতি পুৱাই
প্ৰতিদিন ৰাতি হয়
তুমি মই
থাকোঁ বা নাথাকোঁ।
গছৰ পাতত প্ৰতিদিনে
সময়ে সৌন্দৰ্য সিঁচে
নদীয়ে প্ৰতিদিনে
নতুন অৱবাহিকা গঢ়ে
জোন বেলি তৰা সিহঁতৰো
প্ৰতিদিনে সলনি হয়
নামৰ সময় সূচী
স্থায়িত্ব থাকিল বা ক'ত!
ৰ'দ চাই ফুলি উঠা
ফুলপাহে নাজানে তাৰ গন্তব্যৰ ঠিকনা
কোনে জানে
সেই ফুলৰ ঠিকনা
হ'ব পাৰে মন্দিৰৰ পূজাৰ থালি
নতুবা কোনো স্বৰ্গৰথৰ আভূষণৰ
ফুলাম মালাৰ গাঁথি।
তুমি মই থাকোঁ বা নাথাকোঁ
প্ৰতিদিনে—
কৰ্মই টঙালি বান্ধে কমৰত
গোপনে পাঠ কৰে গোপন মন্ত্ৰ
গম নিদিয়াকৈ নদীয়ে
যেনেকৈ এৰাসুঁতি এৰে।
পল অনুপলে
জীৱন সলনি কৰে
শিল ভাঙি শিলে খোদিত কৰে
কৰ্মৰ চিনাকি চিহ্ন।
English translation of the poems.