নীলম গগৈ
Issue: Vol. IV, No. 4, February-April, 2026

নব্য সমালোচনা (New Criticism) হৈছে বিংশ শতিকাৰ প্ৰথম ভাগত আমেৰিকা আৰু ইংলেণ্ডত গঢ় লৈ উঠা সমালোচনাৰ এক ধাৰা। এই ধাৰা অনুসৰি সাহিত্যক এক স্বতন্ত্ৰ পাঠ বুলি গণ্য কৰা হয় অৰ্থাৎ সাহিত্যিকৰ জীৱন, লেখাটোৰ ঐতিহাসিক পটভূমি বা সমাজব্যৱস্থা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা নহয়। কোনো এক সাহিত্যৰ অৰ্থ ইয়াৰ শব্দ, গাঁথনি, আৰু ভাষাৰ মাজতে নিহিত হৈ থাকে বুলি এই ধাৰাৰ সমালোচকসকলে বিশ্বাস কৰে। সাহিত্যক কেৱল পাঠটোত উপস্থিত থকা উপকৰণেৰে বিশ্লেষণ কৰা প্ৰক্ৰিয়াটোক ক্ল’জ্ ৰিডিং অৰ্থাৎ ‘নিবিড় পঠন’ বুলি কোৱা হয়। ক্ল’জ্ ৰিডিঙৰ লগত সাধাৰণতে দুটা বিশেষ ধাৰণা জড়িত হৈ থকে৷ এক, লেখকৰ ‘অভিপ্ৰায়মূলক ভ্ৰান্তি’ আৰু দুই, পঢ়ুৱৈৰ মনত ‘প্ৰভাৱজনিত ভ্ৰান্তি’ – যি সাহিত্যৰ মান নিৰূপণ কৰিব নোৱাৰে।
নব্য সমালোচনাৰ পিতৃ হিচাপে গণ্য কৰা আই. এ. ৰিচাৰ্ডছ্ৰ তত্ত্ব ‘ব্যৱহাৰিক সমালোচনা’ (Practical Criticism) অনুসৰি তেওঁ প্ৰমাণ কৰিছিল যে সাহিত্যৰ অৰ্থ কেৱল শব্দ আৰু পাঠ(text)ৰ মাজতে নিহিত হৈ থাকে, লেখকৰ নাম বা ঐতিহাসিক পটভূমিৰ ওপৰত নহয়। অৱশ্যে এই ধাৰণাৰ ভেটি টি. এছ. এলিয়টৰ নৈৰ্ব্যক্তিকতা (Impersonality) তত্ত্বই গঢ়িছিল বুলি ক’ব পাৰি। এলিয়টৰ মতে কবি এক ৰাসায়নিক বিক্ৰিয়াত উপস্থিত থকা অনুঘটকৰ দৰে, যি নিজে সলনি নোহোৱাকৈ দুটা গেছৰ মাজত বিক্ৰিয়া ঘটাই এক নতুন পদাৰ্থ সৃষ্টি কৰে৷ ঠিক তেনেদৰে কবিয়ে মনৰ আৱেগ আৰু অভিজ্ঞতাৰ মিশ্ৰণ ঘটাই কবিতাৰ সৃষ্টি কৰে আৰু এই প্ৰক্ৰিয়াত কবিৰ নিজা কোনো চিহ্ন থাকিব নালাগে।
বিংশ শতিকাৰ মাজভাগত, ১৯৪৯ চনত জন্ ক্ৰ’ ৰেন্চাম্ৰ দ্য নিউ ক্ৰিটিচিজিম্ গ্ৰন্থখন প্ৰকাশ পোৱাৰ পিছতে এই ধাৰণাটোৱে ‘নব্য সমালোচনা’ ৰূপে আনুষ্ঠানিক নাম এটা লাভ কৰে। পৰৱৰ্তী সময়ত ক্লিন্থ ব্ৰুকছ্, ৰবাৰ্ট পেন্ ৱাৰেন্, এলেন ট্যেট্ আদি সমালোচকসকলে এই ধাৰাক অধিক প্ৰসাৰিত কৰে। প্ৰসাৰৰ লগে-লগে নব্য সমালোচনাৰ বিৰুদ্ধে অভিযোগো উত্থাপন হ’ল। প্ৰায় ১৯৫০-৭০-ৰ সময়ছোৱাত এই অভিযোগসমূহ অধিক স্পষ্ট হৈ পৰিল। ৰেনে ৱেলেক্(René Wellek)ৰ মতে নব্য সমালোচনাৰ ওপৰত কৰা আক্ৰমণবোৰ আছিল পৰিকল্পিত। তেওঁৰ ‘The New Criticism: Pro and Contra’(১৯৭৮) শীৰ্ষক প্ৰবন্ধত নব্য সমালোচনাৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগসমূহৰ যথাযথ উত্তৰ পোৱাৰ লগতে আঁসোৱাহবিলাকো অনুধাৱন কৰিব পাৰি। এই আলোচনাত ৱেলেকৰ প্ৰবন্ধটিৰ সাৰ উল্লেখ কৰাৰ চেষ্টা কৰা হৈছে।
ঊনৈছ শতিকাৰ সাহিত্যচৰ্চাত লেখকৰ জীৱন আৰু ইতিহাসৰ যি অতিৰিক্ত তথ্য সন্নিৱিষ্ট কৰাৰ পয়োভৰ ঘটিছিল, তাক সংশোধন কৰিবলৈ ‘নব্য সমালোচনা’ৰ প্ৰয়োজন আছিল বুলি ৱেলেকে যক্তি দিছে। প্ৰবন্ধটিৰ প্ৰথমেই তেওঁ উল্লেখ কৰিছে যে নব্য সমালোচনাৰ বিৰুদ্ধে মূলতঃ চাৰিটা গুৰুতৰ অভিযোগ তোলা হৈছিল৷ তাৰে প্ৰথমটো তুলিছিল, ১৯২০ৰ দশকত মাৰ্ক্সবাদীসকলে ৰাছিয়ান পণ্ডিতসকলৰ বিৰুদ্ধে। মাৰ্ক্সবাদীসকলে সেই সময়ৰ নতুন সমালোচকসকলক ‘ফৰ্মেলিষ্ট’ অৰ্থাৎ ‘ৰূপতাত্ত্বিক’ বুলি অপমানসূচক শব্দ ব্যৱহাৰ কৰিছিল। তেওঁলোকৰ মতে নব্য সমালোচকসকলে সাহিত্যক ‘কলাৰ বাবে কলা’ (Art for art shake) ধাৰণাক পুনৰুজ্জীৱিত কৰি মানৱীয় অৰ্থ, সামাজিক কাৰ্য আৰু প্ৰভাৱৰ পৰা আতঁৰাই আনিছে। তেওঁলোকে নব্য সমালোচনাক ‘esoteric aestheticism’ অৰ্থাৎ গূঢ় নান্দনিক আখ্যা দিব খোজে। দ্বিতীয়তে, নব্য সমালোচনাক ইতিহাসবিহীন বুলি কোৱা হৈছে, কিয়নো, ই কোনো সাহিত্যকৰ্মক তাৰ অতীত আৰু পৰিপ্ৰেক্ষিতৰ পৰা পৃথক কৰে। তৃতীয়তে, নব্য সমালোচনাৰ লক্ষ্য হৈছে সমালোচনাক বিজ্ঞানসন্মত ৰূপ দিয়া। আৰ. এছ. ক্ৰেনে Critics and Criticism-ত উল্লেখ কৰিছে যে নব্য সমালোচনাই সাহিত্য অধ্যয়নক বিজ্ঞানৰ দৰে এক অৱস্থালৈ যায়। অৱশেষত, নব্য সমালোচনাক কেৱল এটা শিক্ষণমূলক পদ্ধতি (pedagogical device) বুলি অভিহিত কৰা হয়৷ কাৰণ সমালোচনাক ফ্ৰান্সৰ explication de texte নামৰ পদ্ধতিৰ এটা ৰূপ বুলি গণ্য কৰা হয়, যিটো আমেৰিকান মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ বাবে উপযোগী, যিসকলে বিশেষকৈ কবিতা পঢ়িব বিচাৰে।
ৱেলেকে নব্য সমালোচনাৰ বিৰু্দ্ধে উত্থাপিত অভিযোগসমূহক ভিত্তিহীন বুলি স্পষ্টকৈ প্ৰকাশ কৰি কৈছে যে, অভিযোগকাৰীসকলে প্ৰকৃততে নব্য সমালোচকসকলৰ লেখা পঢ়িছে নে নাই তেওঁৰ সন্দেহ আছে৷ কিয়নো নব্য সমালোচকসকলে কবিতাৰ স্বভাৱ আৰু কাৰ্য সম্পৰ্কে যি স্পষ্টতা প্ৰকাশ কৰিছে সেয়া মানুহে চিন্তা কৰি থাকিব পৰা পৰ্যায়লৈকে বৈধ হৈ থাকিব। ৱেলেকে কয় যে ১৯২৭ চনতেই ট্যেটে কৈছিল যে ঐতিহাসিক পদ্ধতিয়ে আমাৰ সৰ্বোৎকৃষ্ট চিন্তন সক্ষমতাৰে সমালোচনা কৰাত বাধা আৰোপ কৰে। এই পদ্ধতিয়ে মূল অৰ্থ উপেক্ষা কৰি অৰ্থ কেনেকৈ খনন কৰিব লাগে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে তেওঁ কয় যে সমালোচনাত ঐতিহাসিক প্ৰত্যাখ্যানৰ অৰ্থ ঐতিহাসিক চৰিত্ৰৰ প্ৰত্যাখ্যান নহয়। সমালোচকসকলে কবিতাত ব্যৱহৃত শব্দৰ অৰ্থ বুজিব লাগিব আৰু ইতিহাসে সেই শব্দৰ অৰ্থ বুজাত সহায় কৰিব। এণ্ড্ৰিউ্ মাৰ্ভেল্ৰ ‘হোৰেছীয় অ’ড্’ বুজিবলৈ ১৬৫০ চনৰ গ্ৰীষ্মকালীন সময়ৰ এক নিৰ্দিষ্ট ঐতিহাসিক পৰিস্থিতিত ক্ৰমৱেল্ আৰু চাৰ্লছ প্ৰথমৰ বিষয়ে নিশ্চয়কৈ আমি জানিব লাগিব, কিন্তু ই কেৱল কবিতাৰ অৰ্থৰ লগত প্ৰমাণ হিচাপেহে ব্যৱহাৰ হ’ব, স্বতন্ত্ৰ অৰ্থ বহন কৰি নহয়। ৱেলেকে সেয়ে কৈছে যে নব্য সমালোচনাই ইতিহাসক পৰিহাৰ নকৰে, ই ইতিহাসৰ দৰ্শনত বিশ্বাস ৰাখি এনে এক ঐতিহাসিক কাঠামোক গ্ৰহণ কৰে যাক সাহিত্য বিচাৰৰ এক মানদণ্ড হিচাপে ব্যৱহাৰ কৰিব পাৰি।
নব্য সমালোচনা মুষ্টিমেয় লোকৰ বাবেই নান্দনিক বুলি উত্থাপিত অভিযোগৰ বিৰুদ্ধে ৱেলেকে কয় যে, নান্দনিক অভিজ্ঞতা তাৎক্ষণিক ব্যৱহাৰিক চিন্তা, প্ৰভাৱ, বা সৰল মনৰ উচ্ছ্বাসৰ পৰা পৃথক। নান্দনিক মানসিক অৱস্থা কেৱল কলাৰ সঙ্গতি আৰু ঐক্যৰ দ্বাৰাই উদ্দীপ্ত হ’ব পাৰে আৰু এই ধাৰণা এৰিষ্টটলৰ যুগৰপৰাই চলি আহিছে। নব্য সমালোচকসকলে মাত্ৰ কলাৰ সঙ্গতি আৰু ঐক্যক ‘পেৰাফেজ্ বিভ্ৰান্তি’লৈ সংকুচিত নকৰিবলৈ বাধা দিয়ে অৰ্থাৎ জোৰ কৰি কোনো এক বাস্তৱ চিত্ৰৰ লগত চিত্ৰণ কৰা, বা নৈতিক বাৰ্তালৈ ৰূপান্তৰ কৰা, বা যিকোনো পৰিৱৰ্তনশীল সত্যলৈ পৰিণত কৰাত আপত্তি কৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে নব্য সমালোচনা কেৱল ভাষাৰ মাজতেই আৱদ্ধ হৈ থাকিব, বা বাস্তৱৰ সৈতে কোনো সম্পৰ্ক নাথাকিব। নব্য সমালোচকসকলে ভাষাক ‘কাৰাগাৰ’ বুলি বিশ্বাস নকৰে। তেওঁলোকে বিশ্বাস কৰে যে ভাষাই কবিতাৰ সত্য অৰ্থ বৰ্তাই ৰাখে।
নব্য সমালোচকসকলে কবিতাৰ ৰূপ বা সঙ্গতি, যিটোক সাধাৰণতে ‘ফৰ্মেলিজম্’ বুলি কোৱা হয়, সেই ধাৰণাটো অধ্যয়ন নকৰে। তেওঁলোকে প্ৰকৃততে কবিতাৰ ‘ঠাঁচ’ বুলি কোৱা বিষয়টোক কম গুৰুত্ব দিয়ে। তেওঁলোকে কবিতাৰ স্বকীয় স্বভাৱক বিশ্বাস কৰে আৰু ব্যৱহাৰিক মনোভাব (attitude), টান (tension), ব্যংগ (irony), আৰু পেৰাডক্স (paradox) পৰীক্ষা কৰে। ব্ৰুকছে পেৰাডক্স আৰু ব্যংগক অধিক গুৰুত্ব দি কৈছে যে ই কবিতাৰ ভাষাক বহুস্তৰীয় অৰ্থ প্ৰদান কৰে।
নব্য সমালোচকসকলে সমালোচনাক বিজ্ঞান কৰি তুলিছে বুলি উত্থাপন কৰা অভিযোগ ৱেলেকৰ মতে এক অবাস্তৱ আৰু হাস্যকৰ অভিযোগ। এনে অভিযোগ কেৱল আক্ৰমণ কৰি আত্মতৃপ্তি লাভ কৰা লোকৰপৰা আহে বুলি ৱেলেকে উল্লেখ কৰিছে। ৱেলেকেৰ মতে, আচলতে নব্য সমালোচকসকল হৈছে বিজ্ঞানৰ শত্ৰু। তেওঁলোকে সমালোচনাত ভাষাবিজ্ঞান, ধ্বনিমূলক বিশ্লেষণ সম্পূৰ্ণ ৰূপে পৰিহাৰ কৰে। যদিওবা সমালোচনাক এক পদ্ধতিগত আৰু যুক্তিনিষ্ঠ বুলি কোৱা হৈছে তাৰ অৰ্থ এইটো নহয় যে ই মূল্য-নিৰপেক্ষ সামাজিক বিজ্ঞান। নব্য সমালোচকে সমালোচনা কৰোতে কবিতাৰ গুণগত অভিজ্ঞতাক গুৰুত্ব দি আহিছে। ৱেলেকে মত পোষণ কৰিছে যে সমালোচনা কেতিয়াও নিৰপেক্ষ বৈজ্ঞানিকতাবাদ হ’ব নোৱাৰে। কোনো সমালোচকে নিবিড় পঠন পদ্ধতিক বৈজ্ঞানিক বুলি কোৱা নাছিল, আনকি সমালোচনাৰ অৰ্থ কেৱল নিবিড় পাঠ বুলিও কোৱা নাই। নিঃসন্দেহে জীৱনীমূলক আৰু পৰম্পৰাগত সাহিত্য ইতিহাসৰপৰা আঁতৰি এটা কবিতাৰ পৰীক্ষা-নিৰীক্ষাই আমেৰিকাৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহত সাহিত্য শিক্ষণত এক গুৰুত্বপূৰ্ণ নতুনত্ব আনিছিল; কিন্তু, নিবিড় পঠনক explication de texte-ৰ নতুন ৰূপ বুলি ধৰি ল’লে ভূল কৰা হ’ব।
প্ৰবন্ধটোৰ শেষত ৱেলেকে কৈছে যে নব্য সমালোচনাই কলাৰ যি স্বতন্ত্ৰ সত্যক উন্মোচন কৰিছে ভৱিষ্যৎ প্ৰজন্ময়ো সেই ধাৰা বাহাল ৰাখিব লাগিব। তেওঁৰ দৃষ্টিত নব্য সমালোচনাৰ এক গুৰুতৰ সীমাবব্ধতা হৈছে যে ই অত্যন্ত প্ৰাদেশিক। তেওঁলোকে খুব কম বিদেশী সাহিত্য সমালোচনা কৰে। তেওঁলোকৰ পাঠৰ নিৰ্বাচন কেইটামান পৰিচিত পাঠৰ মাজতে সীমাবব্ধ আছিল।
নব্য সমালোচনাৰ গুৰুত্ব ৱেলেকে উল্লেখ কৰাৰ দৰে বৰ্তমান সময়তো সমালোচনাৰ এক অপৰিহাৰ্য কৌশল হৈ আছে। অসমীয়া সাহিত্য সমালোচনাৰ ক্ষেত্ৰতো ই সমানে গুৰুত্বপূৰ্ণ৷ সাহিত্যপাঠ এটিৰ সমালোচনাৰ ক্ষেত্ৰত লেখকৰ জীৱনী নিলিখি, ৱেলেকৰ ‘অন্তৰ্নিহিত সমালোচনা’ (Intrinsic Criticism) বা ‘নিবিড় পঠন’ (Close reading) পদ্ধতি গুৰুত্ব দিব লাগে। সমালোচকসকলে সাহিত্যক ‘তথ্যৰ দস্তাবেজ’ হিচাপে নাচাই, এক স্বতন্ত্ৰ শিল্পকৰ্ম বুলি গণ্য কৰা উচিত।