ৰত্না দত্তৰ কবিতা : এটি খৰতকীয়া টোকা

জ্যোতিষ্মান দাস

Issue: Vol. IV, No. 2, August-October, 2025

ৰত্না দত্তৰ কবিতাৰাজিত প্ৰৱহিত সুৰটি প্ৰধানতঃ ‘ৰোমাণ্টিক’; কবিৰ কবিতাত নৈসৰ্গৰ গভীৰ উপলব্ধিৰ অন্তৰ্লীন সংগীত প্ৰকৃষ্ট ৰূপত শুনা যায়৷ স্বৰাজোত্তৰ অসমীয়া কবিতাৰ নানা সম্পৰীক্ষাৰ মাজতো বৈ থকা নৈসৰ্গ আৰু মানৱ-মনৰ আন্তঃসম্পৰ্কৰ ঐতিহ্যবাহী উপলব্ধিক সাৰোগত কৰি কবিয়ে প্ৰকৃতিৰ মহত্ত্ব আৰু গুৰুত্বক অনুধাৱন কৰিছে লক্ষণীয় ৰূপত৷ কবিৰ কেইবাটাও কবিতাত ‘নদী’ ধৰা দিছে অনুপ্ৰেৰণা, প্ৰেম আৰু প্ৰাপ্তিৰ অমল উৎস হৈ :

কবিৰ বাবে নদী আন্তৰিক বন্ধু, সৰলতা-উদাৰতা আৰু সাহচৰ্যৰ প্ৰতীক৷ নদী তথা প্ৰকৃতিৰ বিপুল দানৰ সন্মুখত কবিৰ অসহায় ঋণগ্ৰস্ততাৰ বোধ নৱকান্তৰ ‘কৃপণ’ কবিতাৰে তুলনীয় : ‘‘তুমি মোক ক্ষমা কৰাহে পৃথিৱী/ মই যে কৃপণ/ তোমাৰ নদীয়ে খোজে শুনাব যি গীতি/ বিজ্ঞানে যি ক’ব পৰা নাই…’’৷ নৈসৰ্গই দিব পৰা অনাবিল সুখৰ অপূৰণীয় স্থান, অকৃত্ৰিম আৰু অকৃপণ চৰিত্ৰৰ এই উপলব্ধিক পাৰিপাশ্বিৰ্ক-কবিতাৰ (Ecopoetry) বাগ্‌ধাৰাৰেও যুকিয়াই চাব পাৰি৷ ৰোমাণ্টিকতাবাদৰ বৌদ্ধিক পটভূমিৰ অন্যতম স্তম্ভ জাঁক ৰুছোৰ প্ৰকৃতি-চিন্তনৰ বাটৰেই অনুগামী কবি ৰত্না দত্তৰ বাবে অৰণ্য-পাহাৰ-নদীৰ বুকতেই শিপাই আছে বাস্তৱ যন্ত্ৰণা উপশমৰ মন্ত্ৰ (দ্ৰষ্টব্য : ‘‘To escape from this state of sickness we must return to the mountains and meadows’’)৷ সেয়েহে কবিৰ আহ্বান আৰু অনুসন্ধান :

আধুনিকতাবাদী কবিতাৰ বুদ্ধিদীপ্ত নিৰ্মাণ আৰু প্ৰকাশভংগীৰ পৰা দূৰৱৰ্তী অৱস্থানেৰে কবি ৰত্না দত্তই সৰল ভাব-ভাষাৰে লিখি উলিওৱা কবিতাৰাজিত পৰিলক্ষিত হয় লোকজীৱন আৰু লোকভাষাৰ প্ৰতি গভীৰ আগ্ৰহ আৰু আকৰ্ষণ৷ কবিৰ চেতনা আৰু অনুভূতিৰ বাৰ্তাবাহক প্ৰতীক-উপমা হিচাপে লোকজীৱনৰ বিবিধ উপাদানৰ সঘন ব্যৱহাৰ তেওঁৰ কবিতাত বিদ্যমান৷ এই আগ্ৰহ-আকৰ্ষণৰ প্ৰকাশ হিচাপে তুলি ধৰিব পৰা দুটিমান উদাহৰণ হৈছে :

লোকজীৱনৰ বিভিন্ন প্ৰসংগ-অনুষংগ সংপৃক্ত হৈ থকা কবিৰ এনে কবিতাৰাজিৰ লোক-সাংস্কৃতিক তাৎপৰ্য বিশ্লেষণৰ সুকীয়া অৱকাশ আছে৷ প্ৰায় সকলো কবিতাতেই দেখা যায় কবিৰ লোকমনটিৰ নিভাঁজ উপস্থিতি৷

নৈসৰ্গ চেতনা, প্ৰেম চেতনা, জীৱনৰ গূঢ় উপলব্ধি আৰু গভীৰ আশাবাদ (‘‘বৰষুণ হ’ব বৰষুণ/ ধাৰাষাৰ বৰষুণ/ দোপালপিটা বৰষুণ/ চকুপানীবোৰ উটি যাব’’) সমৃদ্ধ কবিতাৰ কবিগৰাকীয়ে সাম্প্ৰতিক পৰিস্থিতিক লক্ষ্য কৰি ‘অপ্ৰেম’ৰ দৰে কবিতা লিখিবলৈও বাধ্য হৈছে৷ ‘অপ্ৰেম’ কবিতাটি সাম্প্ৰতিক প্ৰদূষিত সময়ৰ এক কৰুণ দস্তাবেজ হোৱাৰ লগতে কবিৰ সামাজিক দায়বদ্ধতা আৰু সংবেদনশীলতাৰো প্ৰতিফলক৷ ব্যক্তিবাদী-বস্তুবাদী মানসিকতা, নিচাগ্ৰস্ততা-দূৰ্নীতিগ্ৰস্ততাই কোঙা কৰা আধুনিক সমাজ মানসিকতাৰ প্ৰতি কবিৰ প্ৰতিবাদ আৰু ভ্ৰূকুটিত লক্ষ্যণীয় অন্তৰ্ভেদী এক শাণিত ভাষা:

লোক-কথা আধাৰিত কাহিনী-কথনৰ হেতু বিশেষভাৱে সমাদৃত ৰত্না দত্তৰ পুৰাকথা আধাৰিত দুটিমান কবিতায়ো বিশেষ গুৰুত্ব দাবী কৰে৷ বিশেষকৈ ‘এনেকৈয়ে’ কবিতাত তেওঁ তথাকথিত বীৰ-শক্তিশালী-সত্যনিষ্ঠ স্বামীসকলৰ দুৰ্বলতাৰ বাবেই লাঞ্চিতা হোৱা দ্ৰৌপদীৰ জীৱন-যন্ত্ৰণাক উপলব্ধি কৰাৰ প্ৰয়াস কৰিছে:

যুগে যুগে নাৰীৰ প্ৰতি হৈ অহা অবিচাৰৰ এই চিত্ৰণ ‘জোনাকী’ৰ দৰে কবিতাতো পৰিলক্ষিত হয়৷ এনে কবিতাই নাৰীবাদী বীক্ষণৰো দাবী কৰে৷

উল্লেখনীয় যে আধুনিকতাবাদী যুগ-চেতনাৰ সান্নিধ্যত থাকিও কবি ৰত্না দত্তৰ অৱস্থিতি আধুনিকতাবাদী কাব্য-পৰম্পৰাৰ পৰা কিছু নিলগত : সংক্ষিপ্ততাৰ সলনি বহু কবিতাত দেখা যায় অপ্ৰয়োজনীয় বিস্তাৰ আৰু পুনৰোক্তি, বুদ্ধিদীপ্ত কথনৰ সলনি তেওঁৰ তাঁত-বাতিত দেখা যায় ভাব-ভাষাৰ সহজ-সৰল বয়ন৷ কাব্যিকতা আৰু গীতিময়তাৰ প্ৰতি কবিৰ সহজাত আকৰ্ষণৰ দুটিমান উদাহৰণ এনেধৰণৰ:

আধুনিকতাবাদী সম্পৰীক্ষাৰ পৰা আঁতৰত থাকিও নিসৰ্গ, মানৱ-জীৱনৰ চিৰন্তন কেতবোৰ অনুভূতি আৰু সমাজ-বাস্তৱৰ উপলব্ধিৰে লিখা ৰত্না দত্তৰ কবিতাৰাজি সমকালীন তাত্ত্বিক বিচাৰ-বিশ্লেষণত ক’ৰবাত গুৰুত্বপূৰ্ণ হৈ নুঠিলেও পাঠকৰ হৃদয় আৰু মন আলোড়িত কৰিব পৰাকৈ সুখপাঠ্য আৰু মননশীল৷ নিঃসন্দেহে কবি হিচাপে ৰত্না দত্তৰ এয়াই সাৰ্থকতা – সম্ভৱতঃ কবিৰো অভিপ্সা আছিল এয়েই৷

জ্যোতিষ্মান দাস তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক৷