চেনীৰাম গগৈ
১৯৯৬ বর্ষত বোকাখাতত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বার্ষিক অধিবেশনৰ কবি সন্মিলনৰ সভাপতি আছিল সাহিত্যিক ববীন্দ্ৰ বৰা। তেওঁ কবি হিচাপ জনাজাত হ’লেও এজন সাহিত্যিক এই কাৰণেই যে তেওঁ কবিতাৰ উপৰি গল্প, ঔপন্যাস আৰু সমালোচনা সাহিত্যতো সমানেই পৰিচিতি লাভ কৰিছিল। বোকাখাত অধিবেশনৰ কবি সন্মিলনৰ সভাপতি হোৱাৰ উৎসাহ-আনন্দ আৰু সেই ঠাইৰ বিখ্যাত কবি ৰফিকুল হোছেইন, পুতুল হাজৰিকা, পুলিন শৰ্মা, দিলীপ ফুকন, নিজৰা বৰঠাকুৰ, অজিৎ গগৈ, মৃদুল বৰুৱাক লগ পোৱাৰ আশাৰে তেওঁ দুদিনমান আগতেই তালৈ আহিছিল। কবি সন্মিলনৰ আগদিনা তেওঁ এগৰাকী দুহিতা সহিতে আমাৰ কাজিৰঙাৰ ‘ভঙা পঁজা’লৈও আহিছিল আৰু অন্য অতিথিগণৰ সৈতে শাকে-পাতে ৰাতিৰ আহাৰ গ্রহণ কৰি আমাক ধন্য কৰিছিল৷ সেইদিনা তেওঁ আমাৰ সৈতে চুৰ্চুৰীয়াকৈ কবিতাৰ কথা পাতিছিল, ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাৰ পংক্তি আওৰাইছিল৷ কাজিৰঙাৰ এগৰাকী সমাজকৰ্মী, কবি দেৱপ্ৰদীপ বৰাৰ ঘৰত ৰাতিটো কটাই পিছদিনা তেওঁ সভাৰ অধিৱেশন থলিলৈ যাত্ৰা কৰিছিল৷ অধিবেশনৰ কবি সন্মিলন সঞ্চালনা কৰাৰ আৰম্ভণিৰ মূহূৰ্তত নিমন্ত্ৰিত কবিৰ তালিকা পঢ়িা তেওঁ ক্ষোভ উজাৰিছিল যে তালিকাত থকা সৰহ সংখ্যক কবিয়েই মন্দ কবি-যশপ্ৰাৰ্থী, সভাৰ মজিয়াত এইসকল কবিৰ উপস্থিতিয়ে অসমীয়া কবিতাৰ প্রতিনিধিত্ব নকৰে, বৰং এনে কবি সম্মিলনে নিষ্ঠাৱান কবিসকলক হতাশহে কৰিব৷ সকলো কবিয়েই সাহিত্য সভাৰ নিমন্ত্রণ আশা কৰা অনুচিত। সেই সময়ত ৰবীন্দ্ৰ বৰাৰ ভাষণ শুনি অধিবেশনৰ সভাপতি, সাহিত্যিক লক্ষ্মীনন্দন বৰাও মঞ্চতে বহি আছিল৷
অসমীয়া ভাষাত কবিতা, গল্প, উপন্যাস আ সমালোচনা লিখি সেইখন জগতৰ সমাগমৰ আঁৰে আঁৰে থাকি গৈছিল এইজন ৰবীন্দ্ৰ বৰা৷ নবীন আৰু তৰুণ লেখকৰ সাহিত্যৰ প্রতি সদাযেই অনুসন্ধিৎসু হৈ প্রশংসা, বিষোধ আৰু সহমৰ্মিতাৰে তেওঁলোকক ওপৰলৈ তুলি অনাৰ যত্নৰ বাবেই আশীৰ দশকত এখিনি কবিৰ মাজত তেওঁ এজন জনপ্রিয় সমলোচক হৈ পৰিছিল। মমকালিন আলোচনীবোৰ, প্রবন্ধ-সংকলনবোৰ আৰু বিভিন্নজনৰ কবিতা-সংকলনৰ পাতনিবোৰত লিখা তেওঁৰ সমালোচনাই ব্যতিক্রমী, সম্ভাবনাময় প্রতিভাবোৰক চিনাক্ত কৰি পাঠকৰ সমুখলৈ উলিযাই অনাত সহায় কৰিছিল৷ তেওঁ মাজে-সময়ে কোনো কোনো তৰুণৰ কবিতা ইংৰাজীলৈ তৰ্জমাও কৰিছিল।
কবি হিচাপে ৰবীন্দ্ৰ বৰাই ৰামধেনু যুগৰপৰাই কবিতা লিখি প্রতিষ্ঠা লাভ কৰে আৰু প্ৰায় চৈধ্যখন কবিতা-সকংলন, চাৰিখন গল্প-সংকলনৰ উপৰি এখন উপন্যাস প্রকাশ কৰি অসমীয়া সাহিত্যক সমৃদ্ধ কৰে৷ সত্তৰ দশকৰ প্ৰগতিশীল কবিতাৰ জোৱাৰ আৰু আশীৰ দশকত কবিতাক সহজ কৰা তৰুণ কবি দলটোৰ মাজতো তেওঁ জিলিকি আছিল পৰিৱৰ্তিত ধাৰাৰ কবিতা ৰচনাৰে৷ মানৱীয় চেতনা, উদ্বাস্তু জনপদৰ প্রতি দৰদ, প্রেম আৰু প্রতিবাদৰ ভাষাৰে উজ্জীৱিত তেওঁৰ কবিতাবোৰ সহজ, পৰিষ্কাৰ আৰু পাঠক সন্ধানী৷ এছোৱা সময়জুৰি অসমীয় সাহিত্যৰ বিভিন্ন শাখা-প্রশাখাত হাত বুলাই তেওঁ আগবঢ়োৱা সাহিত্যৰাজিৰ যথাৰ্থ মূল্যায়ন নহ’ল যদিও নীৰিহ স্বভাৱৰ মৃদুভাষী ভদ্ৰলোক ৰবীন্দ্ৰ বৰাই কাহানিও অসন্তুষ্টি প্রকাশ কৰা নাছিল। সাহিত্য অকাডেমিৰ নিচিনা বঁটা তেওঁ নাপালে, কোনো পাঠ্যক্ৰমতো তেওঁৰ কবিতা অন্তভুৰ্ক্ত নহ’ল আৰু সেয়ে হয়তো আধুনিক কালৰ বিদ্বৎ সমালোচকসকলৰ দৃষ্টিৰ আঁৰতে থাকি গ’ল তেওঁৰ সাহিত্যকৰ্ম৷ জীৱন কালতে নিজৰ গাঁঠিৰ ধন ভাঙি এটা প্রতিমূর্তি সজা, নিজৰ নামেৰে কবিতাৰ এটা বঁটা সৃষ্টি কৰা ধৰণৰ উচ্চাভিলাসী অস্তিত্বপ্রয়াসী কাম কৰাৰ সামর্থ্য আৰু ইচ্ছাও হয়তো তেওঁৰ নাছিল৷
বিগত চাৰিটা দশকত সাহিত্যিক ৰবীন্দ্ৰ বৰাক অ’ত ত’ত কেইবাবাৰো লগ পাইছিলোঁ৷ কেতিয়াবা কবি-গীতিকাৰ কেশৱ মহন্তৰ সৈতে কমাৰগাঁৱত, কেতিয়াবা গুৱাহাটীৰ ধনঞ্জয় শৰ্মাৰ প্ৰতিষ্ঠানত আৰু কেতিয়াবা গুৱাহাটীৰ জীৱন বীমা নিগমত কাম কৰা কবি ৰবীন্দ্ৰ সৰকাৰৰ টেবুলৰ সমুখত৷ লগ পালেই কাষ চাপি আহি সদভাব দেখুৱাইছিল, কেতিয়াবা ক’ৰবাত পঢ়া কবিতা একোটাৰ কথা কৈছিল৷ আজীৱন প্রচাৰ-বিমুখ, বিনয়ী ব্যক্তিত্বৰ সাহিত্যিক ৰবীন্দ্ৰ বৰাই ১১ আগষ্ট, ২੦২৪ৰ দিনা ইহ সংসাৰ সামৰি’ তেওঁৰ গুনমুগ্ধসকলক শোকাহত কৰে আৰু আমিও তাৰে এজন হিচাপে এই চমু টোকাৰে তেওঁৰ প্রতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ৷
ৰবীন্দ্ৰ বৰাৰ জন্ম ১৯৩৯ চনত শিৱসাগৰৰ ঢুলীয়াপাৰা, দিখৌ নৈৰ পাৰত৷ গাঁৱতে শৈশৱ কাল, পাছলৈ গুৱাহাটীৰ বাসিন্দা৷ পত্নী আৰু দুগৰাকী কন্যাৰ সৈতে চাৰিজনীয়া পৰিয়াল৷ বিশিষ্ট সাংবাদিক প্রশান্ত ৰাজগুৰু তেওঁৰ এগষাকী জোঁৱায়েক৷
অসম চৰকাৰৰ জনসংযোগ বিভাগৰ বিষয়া আছিল।
ৰামধেনু যুগৰপৰা কবিতা-চর্চা। ১৪ খন কবিতাৰ কিতাপ, 8খন গল্প-সংকলন, এখন উপন্যাসভ প্রকাশ।
কবিতা: দীৰ্ঘ দিনৰ প্রস্তুতিৰে (১৯৮০); নির্বাসিত সময় (১৯৮৬); শইচৰ মানুহ (১৯৯০); উত্তৰ প্রজন্ম (১৯৯৩); ৰাতি ভাঙি আহে (১৯৯৬); সাহচৰ্য (২੦੦੦); ক’ৰবাত ৰ’দৰ গান (২০০১); সতীৰ্থ দিন (২০০৬); ৰ’দৰ চৰাই (২০০৯); সপোনৰ একান্ত অনুগত (২০১৩); ৰবীন্দ্ৰ বৰাৰ স্বনিৰ্বাচিত কবিতা (২০১৬); ৰবীন্দ্ৰ বৰাৰ কবিতা সমগ্ৰ (১৯৬০-২০১৬); কমাৰশালৰ বৃদ্ধজন (২০১৭); মই পর্যটক (আদ্যশ্ৰাদ্ধৰ দিনা প্রকাশিত)৷
গল্প: আলি দোমোজাত; পূর্বাপৰ; অকলশৰীয়া ভয়; আকাশ য’ত হেৰাল৷
উপন্যাস: দ্রৌপদী৷
সম্পাদনা:সাম্প্ৰতিক তৰুণৰ কবিতা (অসম সাহিত্য সভা, ২০০১)৷
বঁটা: অসম কবি সমাজৰ ‘কবি কেশৱ মহন্ত বঁটা’; অসম সাহিত্য সভাৰ ‘ছগনলাল জৈন বঁটা’৷
তেওঁ অসম কবি সমাজৰ প্রতিষ্ঠাপক সভাপতি আছিল।