চকীখন
মানুহজন বাৰাণ্ডাত, চকীখনত বহি থাকে
হাতত পুৱাতে হকাৰে দি যোৱা কাকতখন
প্রাতঃভ্ৰমণত গ’লে সদায় দেখা পাওঁ।
কাচিৎহে নেথাকে, বিছনা এৰা পলম হ’লে বা গা বেয়া লাগিলে৷
প্রাতঃভ্ৰমণত গ’লে চকুহাল এবাৰ সেইপিনে যাবই
দেখি দেখি অভ্যাস হোৱাৰ কাৰণে চাগৈ!
এদিন দেখিলোঁ বাৰাণ্ডাত মানুহজন নাই
নাই খালি চকীখনো
ভালদৰে চাই দেখোঁ সেইখন দুৱাৰমুখত,
কোলাত তেওঁৰ ফটোখন লৈ!
তাৰ মানে আগৰাতি শুনা কথা সঁচা
তেওঁ হেনো ইহসংসাৰ এৰি গ'ল!
গেটৰ নামফলকত চকু পৰিল, আগতেও পৰে
সেই একেদৰে বগা ফলকত জিলিকি আছে ক’লা চিয়াঁহিৰ নামটো
লগতে জীৱন জোৰা সাধনাৰে পোৱা ডিগ্ৰী আৰু খিতাপো
বি.ই., এম.এছচি. (ইংলেণ্ড), অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা
সৌ কালিলৈকে এয়াই আছিল তেওঁৰ পৰিচয়
ফলকখনে সগৌৰৱে বুকুত লৈ আছিল
নামৰ লগতে তেওঁৰ এই পাৰ্থিৱ ভূষণবোৰো
আৰু আজি, এই ৰাতিপুৱা?
মানুহজন নাই, সদায় বহা চকীখন খালি
মাথোঁ তেওঁ থকাৰ সাক্ষ্য বহন কৰি
এতিয়াও ওলমি আছে নামফলকখন
উদ্দেশ্যবিহীনভাৱে!
আমাক দেউতাই এৰি যোৱাৰ পিছতো
সদায় বাৰাণ্ডাত বহা চকীখন তেনেকৈয়ে আছিল উদং হৈ
এবাৰ ঘৰলৈ যাওঁতে বাৰাণ্ডাত নেদেখি জানিবলৈ বিচৰাত
ভাইটীয়ে ক’লে— “পিছফালে আছে, ইয়াত থাকিলে এনে লাগে-
এই যেন ক’ব, কি কৰিছ, এতিয়াও পথাৰলৈ যোৱা নাই
হালোৱাৰ জলপানৰ বেলি হ'ল, বৰ সোৰোপা তহঁত” বুলি…
ঘৰ পাই চালোঁহি মোৰো তেনে চকী আছে নেকি
মই গুচি গ'লে ভাইটীয়ে থোৱা দি পিছফালে থ’ব লগা হ'ব নেকি!
নাই, তেনে বিশেষ চকী নাই।
“খাব জানিলে চাউলেই চিৰা, বহিব জানিলে মাটিয়েই পীৰা”ত ভৰ কৰি চলা মানুহ
গতিকে বাৰাণ্ডাত বহিবলৈ এখন চকীনো আৰু কিয়?
ডাঃ ৰবীন মজুমদাৰ গুৱাহাটী নিবাসী এগৰাকী জ্যেষ্ঠ গল্পকাৰ, ঔপন্যাসিক।