Issue: Vol. IV, No. 2, August-October, 2025
শুভ জন্মদিন
আজি বোলে মোৰ জন্মদিন
জীয়াই থকাৰ জীৱন-যুঁজত
দুকুৰি সোতৰটা বছৰ পাৰ হৈ গ’ল
পৃথিৱীখন বুজিব পৰাকৈ
এটা দীঘলীয়া সময়…
শুভাকাংক্ষীসকলে শুভেচ্ছা জনালে
“শুভ জন্মদিন”
হয় জানো এইটো এটা শুভ দিন!
বহু কথা মনলৈ আহে
কিছু হয়তো অবান্তৰ
অনেকবোৰ কিন্তু যুক্তিপূৰ্ণ
আগতে নাভাবিছিলোঁ যদিও
লাহে লাহে বয়সে ভাবিবলৈ বাধ্য কৰিছে
ভাবিছোঁ,
সেই শুভ মূহূৰ্তটোত মোৰ জন্ম নহ’লে
কাৰোবাৰ জানো কিবা ক্ষতি হ’লহেঁতেন!
আছিল জানো পৃথিৱীক মোৰ কিবা প্ৰয়োজন?
জন্ম মানেই জীৱন
বুজিব পৰা হোৱাৰ পৰাই বুজিছোঁ
জীৱন মানেই যেন সংঘৰ্ষ আৰু সংঘাতেৰে পূৰ্ণ
জিকা হৰাৰ খেল
পোৱা নোপোৱাৰ হিচাপ কৰি
কেৱল জীয়াই থকাৰ দৌৰ!
জনসমুদ্ৰত এটি ক্ষুদ্ৰ প্ৰাণী মই
মইতো পৃথক নহয়
ময়ো দৌৰিছোঁ
চেৰ পেলোৱাৰ প্ৰতিযোগিতাত
ভাগৰি পৰাকৈ দৌৰিয়েই আছোঁ
পথছোৱা শেষ হ’লে থমকি ৰ’ম
অৰ্থহীন সকলোবোৰ
ভাবিছোঁ,
নিজৰ কাৰণেতো সকলোৱেই জীয়াই থাকে
মই কিয় বেলেগ হ’ব নোৱাৰিলোঁ
কেৱল নিজৰ কাৰণে জীয়াই থকাৰ বাবেই
যদি মোৰ জন্ম
এই পৃথিৱীত
সেই জন্মৰ প্ৰয়োজনেই বা কি!
হয় জানো আজি
এইটো বিশেষ দিন
উদযাপন কৰিবলগীয়া
এটা শুভ দিন?