Issue: Vol. IV, No. 4, February-April, 2026
হৃদয়ৰ বৰ্ণমালা
হৃদয়ৰ মাজেদি নীৰৱে বৈ থাকে
নদী এখন
নিজানত বিয়পি থাকে সুৰ এটা
গাগৰিত ভৰি আহে
অলেখ বৰ্ণমালাৰে সাজিকাচি
হৃদয়ৰ কথা
বাঁহীৰ সুৰৰ যেন মন্দাকিনী
আঙুলিকেইটাই বাঁহীৰ বিন্ধাত
নতুন সুৰ এটা বিচাৰি আছিল
হৃদয়ৰ বৰ্ণমালাই
অন্ধকাৰত বাট বিচাৰি
খেপিয়াই ফুৰিছিল
সুৰৰ সন্ধানত
ৰাতি ফুলা ফুলৰ সুগন্ধিয়ে
বাট এৰি দিছিল
বাট এৰি দিছিল
জোনাকী পৰুৱাকেইটামানে
হৃদয়ত বৈ থকা নদীখনে
নিশা এটা উদ্যাপন কৰিলে
আকাশৰ তৰাবোৰৰ সৈতে
অনুচ্চাৰিত
বাকচতুৰ মানুহজনে
কথা নোকোৱা হ’ল
তেওঁৰ মৌনতাৰ নদীখনত
নাৱৰীয়াজনে নাওখন লৈ আগবাঢ়িল
নিজকে তেওঁৰ সদাগৰ যেন অনুভৱ হ’ল
নাওখনলৈ সহজে চপাই আনিলে তেওঁ
অলেখ সম্পদ-ঐশ্বৰ্য
বেলিটোৱে বিদায় লোৱাৰ পূৰ্বে
নাওখন চপাই আনিলে উলাহেৰে
কাষৰ ঘাটলৈ
মাছৰ উজান উঠা বিলত
জাল পেলাই গধুৰ জালখন
চপাই অনাৰ দৰে এইবাৰ তেওঁ
ব্যস্ত হৈ নাওখনত বিচাৰিলে
সম্পদৰ বিবিধ ভাণ্ডাৰ
বিচৰা সম্পদৰ মাজত উদ্ধাৰ কৰিলে
অবিশ্বাস শংকা প্ৰবঞ্চনাৰ সৈতে
লেও লৈ থকা অনুচ্চাৰিত হুমুনিয়াহ
আৰু শব্দ
শব্দবোৰ বাকচতুৰ প্ৰগলভ মানুহজনৰ কলিজাৰ পৰা
নিগৰি আহি মৌন আলাপ হৈ
মজিয়াখনত বিয়পি পৰিল