Issue: Vol. IV, No. 2, August-October, 2025
মৰ্মান্তিক
সেউজীয়া সপোনবোৰ
উলাহেৰে উৰিছিল
আকাশলৈ চাই
স্বপ্নময় গতিৰ মাজেদি
আশাবোৰ
হেঁপাহবোৰ
উজলি উঠিছিল
সোণালী ডেউকা মেলি
হঠাতে আকাশখন উচুপি উঠিল
বিড়ম্বনাৰ বেহুত সপোনৰ ফুলবোৰ
ঠেৰুছিগা সময়ৰ সাক্ষী হৈ
নিমিষতে ছাই হোৱা দেখি
নিৰ্লিপ্ত আকাশখনে
ৰং সলালে
মৰণ-কাতৰ যন্ত্ৰণাৰ চিঞৰ শুনি
আকাশে দুখৰ মালিতা গাই
উচ্চাৰণ কৰিলে
প্ৰাৰ্থনাৰ মন্ত্ৰ
ঔম শান্তি! শান্তি! শান্তি!
পৃথিৱীৰ অশ্ৰু
দেখা নাই
কোনেও দেখা নাই
ক’ত কেনেকৈ পৃথিৱীৰ চকুলোৱে
সিক্ত কৰিছে আন এখন পৃথিৱী
বাড়ৱাগ্নিৰ দৰে গৰ্ভত
জ্বলিছে একুৰা জুই
বতাহ এজাকে গছৰ পাতবোৰ কঁপাইছে
লাহে লাহে বতাহজাক অসুস্থ হৈ
ঘুৰ্ণী বতাহৰ ৰূপ লৈছে
মহতিয়াই নিছে গছ-লতা জীৱ-জন্তু ঘৰ-দুৱাৰ
মানুহৰ কলিজাত শুই থকা সপোনৰ
পাহিবোৰ মুমূৰ্ষু হৈ সৰি পৰিছে
বতাহজাকে সকলো ধুলিস্যাৎ কৰি গৈ আছে
ধৰাৰ বুকুত পৰিব্যাপ্ত
পৃথিৱীৰ চকুলো
তাতেই নিতাল মাৰি আছে
আন এখন পৃথিৱী
দেখা নাই
কোনেও দেখা নাই
সেইখন পৃথিৱী